ফটাঢোল

অসমীয়া লোকসাহিত্যত হাস্যৰসৰ ফল্গুধাৰা: এক অৱলোকন – জীমণি গগৈ

লোকসাহিত্য লোকমনৰ প্ৰকাশ। লোকসাহিত্যত প্ৰতিফলিত হয় লোকমনৰ হাঁহি-কান্দোন, প্ৰেম-বিৰহ, জ্ঞান-অভিজ্ঞতা। সামূহিক আৱেগৰ সাহিত্যিক ৰূপেই হৈছে লোকসাহিত্য। আদিম কালৰ লোকসাহিত্যৰ স্রষ্টাসকল আক্ষৰিকভাবে শিক্ষিত নাছিল বাবেই লোকসাহিত্যৰ অন্যতম বাহন আছিল মুখ। যুগ যুগ ধৰি মানুহৰ মুখে মুখে চলি অহাৰ বাবেই লোকসাহিত্যই স্থান-কাল সমাজভেদে ৰূপ সলায়। সেয়ে হ’লেও আদিম জঁকাটো কিন্তু একে থাকে। লোকসাহিত্য কোনো ব্যক্তিবিশেষৰ সৃষ্টি নহয়। ই যুগৰ সীমা অতিক্ৰমি লোকমনত সৃষ্ট আৱেগ-অনুভূতি, প্ৰচলিত জীৱনচৰ্য্য, জাতিৰ মনস্তত্বৰ বৰ্ণময় প্ৰকাশ। লোকসাহিত্যৰ বিষয়বস্তু, ৰূপবস্তু আৰু ভাৱবস্তুলৈ লক্ষ্য কৰিলে দেখা যায় সকলো প্ৰকাৰৰ লোকগীতৰ ভাৱবস্তু একে। মাথো ৰূপবস্তুৰ ক্ষেত্ৰতহে পাৰ্থক্য পৰিলক্ষিত হয়। সেই ফালৰপৰা ধৰ্মীয় ধ্যান-ধাৰণা, সৃষ্টিশীলতা সাৰ্বজনীনতা আৰু গীতিময়তা আদি সাধাৰণ বৈশিষ্ট্যসমূহ সকলো লোকগীততে লক্ষ্য কৰা যায়।

লোকসাহিত্যৰ এটি প্ৰধান লক্ষণ হৈছে সৰলতা। ভাবৰ প্ৰাঞ্জলতা, সহজ সৰল ভাব আৰু কোমল শব্দৰ সংযোজনত লোকসাহিত্যৰসমূহ সৃষ্ট। নিৰক্ষৰ চহা লোকৰ অজটিল মনৰ ভাৱবোৰ লোক সাহিত্যত সকলোৱে চুব পৰাকৈ, গাব পৰাকৈ উজ্জ্বলি উঠে। লোকসাহিত্যত সঞ্চিত হৈ আছে এটা জাতিৰ সামাজিক জীৱনৰ অন্ধবিশ্বাস, লোকবিশ্বাস, ৰীতি-নীতি, ধৰ্মীয় জীৱন তথা সভ্যতা।

লোকসাহিত্যৰ সৰ্বজনগ্ৰাহ্য বিভাজন এটা কৰাটো যদিও সম্ভৱ নহয় তথাপি সামগ্ৰিক ভাৱে লোকসাহিত্যক প্ৰধানকৈ এইকেইটা ভাগত ভাগ কৰি দেখুৱাব পাৰি- (১) লোকগীত,(২)সাঁথৰ, ফকৰা-যোজনা, পটন্তৰ(৩)সাধুকথা।

অসমীয়া লোকসাহিত্যত প্ৰকাশিত হাস্যৰসৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে প্ৰথমেই মন কৰিবলগীয়া কথাটো হ’ল লোকসাহিত্য যিহেতু চহা কবিৰ সৃষ্টি সেয়ে এই সৃষ্টিৰাজিৰ মাজেৰে ফল্গুৰ দৰে প্ৰবাহিত হৈ থকা হাস্যৰসো বিমল হাস্যৰস। আধুনিক অসমীয়া সাহিত্যত প্ৰকাশ লাভ কৰা উচ্ছল, উদাত্ত তথা প্ৰসাৰিত ৰূপৰ হাস্যৰস লোকসাহিত্যৰ বুকুত সততে পোৱা নাযায়। আধুনিক অসমীয়া সাহিত্যৰাজিত প্ৰকাশ পোৱা বুধিনিষ্ঠ হাস্যৰস, বিদ্রোপাত্মক হাস্যৰস, বক্র হাস্যৰস আদিৰ বিপৰীতে লোকসাহিত্যৰ বাৰেবৰণীয়া পথাৰখনত বিয়পি আছে মাথোঁ সৰল হাস্যৰসৰ হেঙুলীয়া হাঁহি। সেই হাঁহিৰ অন্তৰালত ছেগা-চোৰোকাকৈ ব্যংগৰ উমান পোৱা যায় যদিও সেই ব্যংগৰ তীব্রতাও বৰ বেছি বুলিব নোৱাৰি।

অসমীয়া লোকগীতৰ বিশাল ক্ষেত্ৰখন আইনাম, বিয়ানাম, নিচুকনি গীত, গৰখীয়া গীত, নাওখেলুৱা গীতকে আদিকৰি মণিকোঁৱৰৰ গীত, শান্তি বাৰমাহীৰ গীতৰ লগতে বৰফুকনৰ গীত আদি ৰচনাকাল নিৰ্ণয় কৰিব পৰা গীতেৰে উপচি আছে। সকলোবোৰ লোকগীততেই সমাজজীৱনৰ ইতিহাস অনুভূত হয় যদিও সকলোবোৰ গীতত হাস্যৰসৰ প্ৰকাশ দেখা নাযায়। সেয়েহে এই আলোচনাত হাস্যৰসৰ প্ৰকাশ ঘটা লোকগীত সমূহকহে যথাসাধ্য আলোচনালৈ অনা হ’ব।

হাস্যৰসৰ পৰিস্ফুৰণ থকা অসমীয়া লোকগীতৰ এটি প্ৰধান ভাগ হৈছে “জুনা”। জুনা শব্দৰ অৰ্থ “হেমকোষ”ৰ মতে ” হুঁচৰি গোৱাই নাচিবৰ আগেয়ে গোৱা চুটি পদ।” লীলা গগৈয়ে তেওঁৰ “অসমীয়া সাহিত্যৰ ৰূপৰেখা” গ্ৰন্থত ইয়াক “এবিধ কাল্পনিক গীত” বুলি উল্লেখ কৰিছে। প্ৰফুল্ল দত্তগোস্বামীয়ে জুনাক ধেমেলীয়া গীত-পদৰ ভিতৰত ধৰিছে। নৱকান্ত বৰুৱাই “অসমীয়া লোককবিতাৰ সৌন্দৰ্য বিচাৰ” গ্ৰন্থত কৈছে- ” হাস্যৰস সৃষ্টি কৰিবলৈ চুটি চুটি পংক্তিৰে ৰচা ধেমেলীয়া নিৰৰ্থক আখ্যানযুক্ত এই গীত বোৰকে ছন্দটোৰ বাবেই জুনা বোলা হৈছিল অৱশেষত জুনাৰ বিষয়বস্তুৱে প্ৰাধান্য পায় অৰ্থান্তৰ ঘটি ব্যংগ কাহিনীযুক্ত গীতকে জুনা বোলা হ’বলৈ ধৰিলে। লীলা গগৈ আৰু নকুলচন্দ্ৰ ভূঞাই যথাক্ৰমে “বিহুগীত আৰু বনঘোষা” আৰু “বহাগী” নামৰ পুথিত জুনাক বিহুগীতৰ লগতে সাঙুৰি লৈছে।

জুনাবোৰৰ বাহিৰে-ভিতৰে লোকজীৱনৰ হাস্যমধুৰ ভাবানুভূতিৰ ৰহণ বিয়পি আছে। জুনাসমূহৰ ৰচনা-ৰীতি, বিষয়বস্তু আদিলৈ চাই ইয়াৰ বৈশিষ্ট্যসমূহ এনেদৰে দেখুৱাব পাৰি-(১) প্ৰায়বিলাক গীতৰ লগতে লোকৰঞ্জনৰ উদ্দেশ্য জড়িত,(২)প্ৰায়বিলাক গীতেই লঘু হাস্যৰসাত্মক(৩)প্ৰায়বোৰতে কেতবোৰ বিষম কথাৰ অৱতাৰণা কৰি লোকমনক আকৰ্ষণ কৰাৰ প্ৰৱণতা আছে। লোকগীতৰ ৰচনাকাল নিৰ্ণয় সহজ নহয় যদিও মহাপুৰুষ শংকৰদেৱে “ৰুক্মিণী হৰণ” কাব্যত ৰচনা কৰা জুনাটোকে(যিটো কোনোবা ওজাপালি আদি অনুষ্ঠানৰ পৰা গ্ৰহণ কৰিছিল বুলি ভাবিবৰ থল আছে) প্ৰাচীনতম জুনা বুলিব পাৰি। “শিৱৰ জুনা” বুলি আখ্যা দিয়া জুনাটোত কৃষ্ণৰ বিবাহত সকলোকে উপহাৰ দিয়া দেখি মহাদেৱৰ মনত যি অৱস্থা হৈছে তাক বৰ্ণোৱা হৈছে-

“কি দিবো আবে কৰো কোন কৰ্ম।

গাৱৰ বস্ত্ৰ সিয়ো বাঘ চৰ্ম।।

হাতে লৈয়া উহলাই শূল ডম্বৰু।

ঘৰ বাহিৰে এক গুটি গৰু।।”

এনে অৱস্থাত পৰি শিৱই সেই স্থান পৰিত্যাগ কৰিছে। জুনাটোত শিৱৰ অৱস্থাই লঘু হাস্যৰসৰ সৃষ্টি কৰিছে।

ব্যাসসংগীতৰ লগত জড়িত শিৱ প্ৰসংগৰ গীতকেইটাও প্ৰায় লঘু হাস্যৰসেৰে ভৰা। বিয়া কৰাবলৈ যোৱা শিৱৰ বৰ্ণনা দিয়া হৈছে এটা জুনাত এইদৰে-

“সাজনে সাজিল শিৱ বিহাৰ কাৰণ।

আগে পাছে চলি যায় যত দেৱগণ

বৰ নহয় বৰ নহয় বৰ ধিডিং দিঙা।

কোন দেশত শুনি আছা বৰে বাৱে শিঙা।।

বৰ নহয় বৰ নহয় বদিয়াৰ সচ্

চাৰিওফালে সর্পগণে কৰে ফচ্ ফচ্।।”

অসমীয়া ভাষাত উপলব্ধ পৰুৱাৰ জুনা, নাঙলৰ জুনা আৰু কপাহৰ জুনা কেইটিৰ বিষয়বস্তু হাস্যৰসাত্মক। পচলাৰ জুনাত কাম-কাজ নজনা অকাজী মহিলাক ব্যংগ কৰিবলৈ গৈ জীৱনৰ কেতবোৰ দিশত থাকিবলগীয়া প্ৰয়োজনীয় অৰ্হতা সম্পৰ্কত বাখ্যা কৰা হৈছে-

“কাটি আনি পচলা মজিয়াত থলে।

পচলাৰ পানী গৈ ঘৰবুৰি গলে।।”

কপাহৰ জুনাত কোনোবা এলাইবাদু অকাজী তিৰোতাই শিপিনীৰ ভূমিকাত অৱতীৰ্ণ হ’বলৈ গৈ সন্মুখীন হোৱা পৰিস্থিতিৰ এটি হাস্যৰসাত্মক বৰ্ণনা পোৱা যায়। পৰোক্ষ বিদ্ৰুপৰ যোগেদি কবিয়ে কপাহৰ জুনাটি হাস্যৰসৰ সঁফুৰাত পৰিণত কৰিছে। পিজলী কপাহ সোণাপুৰ হাতৰ পৰা আনি অকাজীয়ে কৰিলে কি?

“কপাহ আনি ধোঁৱাচাঙত তুলি থ’লে।

গাল বিষাইছে বুলি ছমাহলে শুলে।।

ছমাহৰ মূৰত মেলি-তৰি চায়।

বাৰেবুৰি শলীয়া কপাহত পায়।।”অৱশিষ্ট কপাহখিনি কাটি শিপিনীয়ে ধোঁৱাচাঙত থলে। পিচে কাটি থোৱা সূতাৰে বোলে দঁতাল হাতী বান্ধিব পৰা অৱস্থা। উপায় নাপাই ল’ৰাহঁতৰ বাপেকক চাচখন লৈ সূতাৰ আখিবোৰ মাৰি দিবলৈ মতাই অনালে। আখি মাৰোঁতে ল’ৰাৰ বাপেকৰ অৱস্থা হৈছেগৈ এনেধৰণৰ-

” সূতাৰ আখি মাৰোঁতে কঁকাল আধি লাগে।

আখি মাৰোঁতে মোৰ চাচখন ভাগে।।”

এনেহেন শিপিনীয়ে তাঁত এখন তৰি লৈ অৱস্থা হয়গৈ এই–

“আবেলি বেলিকা তৰিলে তাঁত।

পৈয়েকেৰ ছিঙিলে উজুটিত দাঁত।।”

অৱশেষত ছমাহৰ মূৰত বৈ উলিওৱা কাপোৰ দেখি পৰ্বতীয়া নগা-মিকিৰো পলাবলগীয়া হয়-

“কাপোৰ দেখি মিকিৰে উঠি দিলে লৰ।

লৰা-লুৰি দিলে খেদা বুলি ধৰ ধৰ।।”

অতিৰঞ্জন, পৰোক্ষ- বিদ্ৰুপ, আৰু উদ্ভট বিৱৰণীয়ে কপাহৰ জুনাটি হাস্যৰসাত্মক কৰি তুলিছে।

সেইদৰে নাঙলৰ জুনাটিও ধেমেলীয়া। নাঙল, ফাল, ডিলা মাৰি, বেঙা, শ’ল মাৰি, আউতজৰী, এচাৰি, মৈ আদি হালৰ সঁজুলিবোৰে আটায়ে নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ যাওঁতে হাস্যৰসৰ বিষয়বস্তু হৈ পৰিছে। নাঙলে কৈছে-

“হাবিতে আছিলে আকোৰা কাঠ।

বাঢ়ৈযে পাই তাত লগালে চাট।।

চাঁচি-চুৰুকি সাজিলে নাঙল।

দেও দি উঠিলে হালোৱা কান্ধত।।

নাঙলে বোলে মোৰ পিঠিতে কুজ।

পুৱা হ’লে পৃথিবীৰ লাগি যাওঁ যুঁজ।।”

হাল এখন বাবলৈ হ’লে এই সঁজুলিসমূহৰ কোনোবা এটা নহ’লেই কাম নহয়। এই সত্যটিকে কবিয়ে হাস্যমধুৰ কৰি নাঙলৰ জুনাটিত বৰ্ণনা কৰিছে।

পৰুৱাৰ জুনাটিত পৰুৱাক বিহুববীয়া বিহুৱান বিচাৰোঁতে টোলোঠাৰ অভাৱত দিব নোৱাৰিলে। পৰুৱাৰ তাঁতহাললৈ টোলোঠা বিচাৰি যোৱা কাহিনীটোয়ে পৰুৱাৰ জুনা।

“ভাতে ৰান্ধি দি খাওঁ ঐ পৰুৱা

পানী আনি দিয়া খাওঁ;

চাউল মুঠিচেৰেক বান্ধি দিয়া পৰুৱা

টোলোঠা বিচাৰি যাওঁ।।”

টোলোঠা বিচাৰি যাওঁতে হোৱা পৰুৱাৰ অভিজ্ঞতাক অতিৰঞ্জিত কৰি কৰা বৰ্ণনাত হাস্যৰস ফুটি উঠিছে।

“উজনি ৰাজতে টোলোঠা পালোঁগৈ

ষোলহাত এমুঠন বেৰ।।

* * *

পৰুৱা শিপিনীৰ টোলোঠা কাটোতে

ছঅৰা ভাগিলে কুঠাৰ।

* * *

পৰুৱা শিপিনীৰ টোলোঠা কাটোতে

গাঁৱৰ মৰিল চাৰিবুঢ়া।।

পৰুৱা শিপিনীৰ টোলোঠা কাটোতে

এমাহে এযুগ হ’ল।।”

বিয়ানাম লোকগীতৰ ভঁৰালৰ যেন একোঠালি সুগন্ধি জহা। বিয়ানামত চিত্ৰিত হৈছে নাৰী জীৱনৰ হুবহু চিত্ৰ। অসমীয়া নাৰী শিপিনী, কাজী, ৰোৱনী, দাৱনী, ঘৰৰ লখিমী। এঘৰলৈ লখিমী বোৱাৰী হৈ ওলাই যাবৰ পৰত অনাগত জীৱনৰ দায়িত্ব আৰু কৰ্তব্য সোঁৱৰাই দিয়া হয় বিয়ানামৰ যোগেদি –

” চোতালৰে পৰা সোধে জোঁৱাই ল’ৰা

আইদেৱে কি বন পাৰে?

শুকান পিঠাগুৰি চালিব নোৱাৰে

হাতত পানীজোলা বান্ধে।।

লোকৰ বৰে কথা শুনিব নোৱাৰে

উচুপি উচুপি কান্দে।।”

অসমীয়া নাৰী জীৱনৰ নিত্য-নৈমিত্যিক কামবোৰ প্ৰতিগৰাকী নাৰীয়ে শিকি বুজি লয়। উক্ত বিয়ানাম ফাকিৰ জৰিয়তে ব্যংগহে ফুটি উঠিছে। বিয়ানামসমূহ মূলত নাৰীমনৰ কৰুণ কোমল প্ৰকাশ যদিও বিয়ানামৰ অন্তৰ্গত যোৰানামবোৰ ( কামৰূপত খিচা নাইবা খিজা গীত) অভিনৱ সৃষ্টি। দৰাঘৰীয়াই দৰাক লৈ কৰা আৰু কইনাঘৰীয়াই কইনাক লৈ কৰা গৌৰৱৰ ভিত্তিতেই যোৰানামৰ সৃষ্টি। এদলে আন দলক হেয় প্ৰতিপন্ন কৰিবলৈ গোৱা যোৰানাম সমূহত ফুটি উঠা ব্যংগ আৰু হাস্যৰসে গীত সমূহ উপভোগ্য কৰি তোলে। তাৰে উদাহৰণ–

“খৰুৱা বেঙেনাৰ জোকা হৰি হৰি

ঐ ৰাম খৰুৱা বেঙেনাৰ জোকা হৰি হে

হোমৰে গুৰিতে দৰাটো বহিছে

ঐ ৰাম নাকত শেঙুনৰ থোপাহে।।

পাণো আনিলা মেকুৰী কণীয়া

ঐ ৰাম তামোল নীলা ধেনা

কেনি পাৰ হ’লা দৰাৰে ককায়েক

ঐ ৰাম দিনতে দুচকু কণা।।”

ভেকুলী বিয়াৰ নামবোৰো ধেমেলীয়া। যেনে–

” আগবেলা মাতিলোঁ পিছবেলা আহিলি

মেখেলা কৰিলি চুৰ

গায়নক মাতিলোঁ ঢুলীয়া আহিলে

লগতো মদাৰৰ ঢোল।।”

সেইদৰে ল’ৰা-ধেমালিৰ গীতবোৰতো এজনে প্ৰশ্ন কৰে আনজনে উত্তৰ দিয়ে। উত্তৰত হাৰি গ’লে হাঁহিৰ জাউৰি উঠে আৰু সেয়ে হ’লেই ল’ৰা-ধেমালি গীতৰ উদেশ্যও সফল হয়। যেনে—

“কথা এটি কওঁ

কি কথা- বেং কথা

কি বেং-পাত বেং

কি পাত- থুৰি পাত

কি থুৰি- বামুণ বুঢ়ী

কি বামুণ- চণ্ডী বামুণ

কি চণ্ডী-পিঠা খুন্দি

কি পিঠা-চা পিঠা

কি চা- বেয়া বস্তু খা।”

লোকগীতৰ এটি অন্যতম ভাগ হৈছে মালিতা। মালিতাৰ অন্তৰ্গত এটি ব্যংগ গীতত কলিকালৰ অঘটনবোৰ উনুকিয়াই দি ব্যংগৰ যোগেদি হাস্যৰস সৃষ্টিৰ প্ৰয়াস দেখা যায়–

” মৰামুৱা আলি থিতাতে হ’ল

কামাখ্যা এৰাতিৰ বাট

এডাল জৰীৰে পৃথিৱী বান্ধিলে

কিনো ঐ বতৰাৰ ছাট।।

কামাখ্যাত উঠিব উঁইৰে হাফলু

কিনো ঐ আচৰিত কথা

জাগ্ৰত গোসাঁনীৰ কালিকা লাগিব

পৃথিৱীত লাগিব লেঠা।।

জাতি-কুল সকলো থিতাতে উৰিব

একাকাৰ মনিছৰ জাতি

সাতো মনিছৰে ধেৱাই ঐ লাগিব

কৰিব বোন্দামাৰ কাটি।।”

সেইদৰে গোৱালপাৰা অঞ্চলত প্ৰচলিত বিবিধ বিষয়ক লোকগীত সমূহৰ ভিতৰত চটকা গীতৰ ভাৱ আৰু বিষয় লঘু আৰু প্ৰকাশভংগীত চপলতা দেখা যায়। বহুক্ষেত্ৰত ই খুহুটিয়া ৰূপত প্ৰকাশ পাইছে। প্ৰফুল্ল দত্তগোস্বামীয়ে “চাহপুৰাণ”, “গৰু কিনা”, “ভাৱৰীয়াৰ ঘৰ”, “ভূঁইকপৰ গীত” আদিকো হাস্যৰসাত্মক গীতৰ ভিতৰত ধৰিছে।

লোকসাহিত্যৰ আন এটি প্ৰধান ভাগে সাঁথৰ, ফকৰা, যোজনা, পটন্তৰ আদি সামৰি লৈছে। ৰহস্যৰ জাল ফালি সাঁথৰৰ অৰ্থ উদ্ধাৰ কৰাত যিদৰে আমোদ পোৱা যায়;সেইদৰে বুদ্ধিমত্তাৰো প্ৰয়োজন হয়। লোকমনৰ প্ৰকাশক দুই এটি সাঁথৰত জ্ঞান আৰু বুদ্ধিমত্তাৰ লগতে কৌতুকো পোৱা যায়। অসমীয়া তিৰোতাই স্বামীৰ নাম নকয়। নৈ পাৰ হ’বলৈ গৈ তেওঁ স্বামীৰ নাম ক’ব লগা হোৱাত উত্তৰ দিছে সাঁথৰেৰে–

“তিনি তেৰ মধ্যে বাৰ

ন দি যোগ কৰ

তাৰ পিছত লগাই ৰাম

পাৰ কৰি দিয়া ঘৰলৈ যাম।”

৩ৰে ১৩ক পূৰণ কৰিলে ৩৯ হয়। তাৰ লগত ১২ যোগ কৰিলে ৫১হয়। তাৰ লগত ৯ যোগ কৰিলে হয়গৈ ৬০। অৰ্থাৎ তিৰোতা গৰাকীৰ স্বামীৰ নাম ষাঠীৰাম। তেনে আৰু দুই এটা সাঁথৰত হাস্যৰসৰ উমান পোৱা যায়।

সাঁথৰৰ দৰেই ৰহস্যময়তাৰে আবৃত লোক সাহিত্যৰ আন এটি পৰম সম্পদ ফকৰা সমূহ। “বাৰকুৰি বৰগীত, তেৰকুৰি ফকৰা” বুলি কোৱা হয় যদিও অসমীয়াত প্ৰায় চাৰিশমান ফকৰা থকাৰ কথা জনা যায়। ফকৰাৰ দৰেই লোকসাহিত্যৰ আন এটি আপুৰুগীয়া সম্পদ হ’ল যোজনা আৰু পটন্তৰ সমূহ। যোজনাবিলাক কথা-বতৰা পাতোঁতে কোনো কথাৰ চুঙা চাই সোপা দিবলৈ বা সমানে সমানে কথাৰ উজান দিবলৈ ব্যৱহাৰ কৰা হয়। এইবিলাকত হাঁহিৰ খোৰাক থকাৰ উপৰিও বুদ্ধি আৰু জ্ঞানৰ পৰিচয় পোৱা যায়। কিছুমান মানুহে নিজকে আনৰ আগত ডাঙৰ কৰি দেখুৱাই ভাল পায়। তেনে ফোপজহী মানুহৰ স্বভাৱক ব্যংগ কৰি ৰচনা কৰা বহুতো যোজনা পোৱা যায়–

‘একে কাঠি কাঁড়েৰে সাতো পহু মাৰিলো

লোকক নকলো লাজে,

সাদিন সাতৰাতি খপি নিগনি এটা মাৰিলে

তাতে ধনঞ্জয় ঢোল বাজে।’

অথবা—–

‘বাহিৰত বৰ চুৰীয়াৰ ফেৰ

ভিতৰত ঢকুৱাৰ বেৰ’

আকৌ এনেবোৰ যোজনাটো কৌতুক আৰু বিদ্ৰুপ মিহলি হৈ থকা দেখা যায়—–

‘মাজ মূৰত নাই চুলি

পৈয়েকে মাতে কেশমতী বুলি।’

‘মোৰে বাৰীৰ বাঁহ গাজ

তাৰে কৰ খৰিচা

মোতে বেছি ধানদোন ললি

কথাটো মন কৰি চা।’

‘ ‘সাত পুৰুষত নাই গাই

কড়িয়া লৈ খিৰাবলৈ যায়।’

এনেধৰণৰ যোজনাবোৰতো বিদ্রোপাত্মক মনোভংগী এটা লক্ষ্য কৰা যায়। ব্যঙ্গ হাস্যৰসৰ চানেকী থকা আৰু কেইটিমান থকা আৰু কেইটিমান যোজনা -পটন্তৰ—

‘আৰ্জে নন্দ গুৱালে, খায় বোন্দা শিয়ালে’ ,

‘ঢেঁকীত মহে খায়, উৰালত ফৰফৰায়’; ‘কটাৰাই সাত দিনলৈ জ্বৰাই’ ইত্যাদি।

লিখিত ৰূপতে হওক বা মৌখিক ৰূপতে হওক বুদ্ধি আৰু জ্ঞানৰ সমাহাৰত সৃষ্ট যোজনা-পটন্তৰ সমূহে অসমীয়া লোকসাহিত্যক চহকী কৰি ৰাখিছে। বুদ্ধিদীপ্ত হাস্যৰস, ব্যংগ হাস্যৰস এই যোজনা-পটন্তৰ সমূহত যথেষ্ট পৰিমাণে পোৱা যায়।

লোকজীৱনৰ সামগ্ৰিক ৰূপৰেখাক প্ৰতিফলিত কৰিব পৰা লোকসাহিত্যৰ এটি প্ৰধান ভাগ হৈছে সাধুকথা।জীৱ-জগত, ঈশ্বৰ সম্পৰ্কীয় ধাৰণা, সৃষ্টিৰ ৰহস্য, গছ-বন , সমাজৰ অসূয়া- অপ্ৰীতি, মানৱ চৰিত্ৰৰ বিচিত্ৰতা এই সকলোবোৰে সাধুকথাৰ মাজত ঠাই পাইছে। মুঠতে সাধুকথা লোকচিন্তাৰ এক দস্তাবেজ। বহুতো সাধুকথাৰ কাহিনী সৰু অথচ খুহুটীয়া। এইসমূহ সাধুকথাৰ চৰিত্ৰ বিলাকৰ কাৰ্যকলাপ বিসঙ্গতিপূৰ্ণ। এই বিসংগতিয়েই হাস্যৰসৰ মূল। ‘ সাত ভাই’, ‘ বামুণৰ লিটিকাই’, ‘কুকুৰিকণা জোঁৱাই’ আদি সাধুত চৰিত্ৰ বিলাকৰ কাৰ্য্য কলাপসমূহে আমাক হাঁহিৰ খোৰাক যোগাই আহিছে।কুকুৰিকণা জোঁৱাইয়েকে মেকুৰী বুলি শাহুয়েকক টঙনিওয়া আৰু শাহুয়েকে জোঁৱাইয়েকৰ গাত চুৱা পানী পেলোৱা আদি কাৰ্য্যই হাঁহিৰ সমল যোগায়। ‘সৰবজান’ সাধুটোও হাস্যৰসাত্মক। এনেবোৰ সাধুকথা ‘সহানুভূতিপূৰ্ণ বুদ্ধিনিষ্ঠ হাস্যৰস(homour)’ আৰু ‘বাকচাতুৰ্য্যপূৰ্ণ বুদ্ধিনিষ্ঠ হাস্যৰস(wit)’ জাতীয়। জাতিটোৰ হাঁহিৰ খোৰাক যোগাব পৰা চৰিত্ৰই ইয়াত ঠাই পায়। বিপদত নাকটো মোহাৰিয়ে বুদ্ধিটো উলিয়াব পৰা মানুহ এবিধ সমাজত সততে পোৱা যায়। এইশ্ৰেণী মানুহৰ বুদ্ধি-বৃত্তি , স্বভাৱ-চৰিত্ৰ আনতকৈ একাঠি চৰা। তেনে কিছু চৰিত্ৰৰ কাৰ্যকলাপৰ ভিত্তিত সৃষ্ট সাধুকিছুমান হৈছে ‘টেঁটোন-তামুলী’, ‘টেঁটোন’, ‘লটকণ’, ‘অজলা আৰু টেঁটোন’, ‘টেঁটোনৰ বুদ্ধি’ আদি। এইশ্ৰেণী সাধুকথাৰ মাজতো যথেষ্ট হাঁহিৰ সমল সিঁচৰতি হৈ আছে। শিয়ালৰ ধূর্তলি আৰু ভালুকৰ অঁকৰা স্বভাৱক লৈও বহুতো সাধুকথাৰ প্ৰচলন আছে যিবোৰে হাঁহিৰ খোৰাক যোগায়।

এনেদৰে দেখা যায় অসমীয়া লোকসাহিত্যৰ বিশাল ক্ষেত্ৰখন বাৰেৰহনীয়া ঐশ্বৰ্যময় সম্পদেৰে ভৰপূৰ। এই আলোচনাত হাস্যৰসৰ চানেকি থকা মাথো কেইটিমান সম্পদৰ বিষয়েহে চমুকৈ আলোচনা দাঙি ধৰিবলৈ চেষ্টা কৰা হ’ল।

★★★★

9 Comments

  • বন্দিতা

    ভাল লাগিল।

    Reply
  • দেৱজিৎ

    বহুত নজনা কথা শিকিলো৷ অশেষ ধন্যবাদ দেই৷ বৰ ভাল লাগিল পঢ়ি

    Reply
  • Mirza Hussain

    বৰ সুন্দৰ….সৃষ্টিৰ কোঁহে কোঁহে অঁকা সুন্দৰৰ অমিয়া ৰূপৰ বাঙ্ময় প্ৰকাশ ।

    Reply
  • Abinash Sarma

    ভাল লাগিল ।বহু নজনা কথা জানিব পাৰিলো ।

    Reply
  • হেমন্ত কাকতি

    বহুত নজনা কথা জানিলো জীমনি ৷ জুনা, মালিতা, আৰু পৌৰনিক হাস্যৰস কিমান যে নতুন কথা জানিব পাৰিলো ৷ বহুত ধন্যবাদ জীমনি ৷ লোক সাহিত্য যে কিমান চহকী আমাৰ!

    Reply
  • সকলোলোকে ধন্যবাদ জনালো।

    Reply
  • Papari Barman

    ভাল পালোঁ

    Reply
  • সকলোকে ধন্যবাদ জনালো

    Reply
  • অভিজিত কলিতা

    প্ৰথমতে, ইমান পলমকৈ মন্তব্য দিয়াৰ বাবে ক্ষমা বিছাৰিলো। মোৰ বোধেৰে এয়া এক নতুন আলোচনাৰ বাট মুকলি কৰা হৈছে। অসমীয়াই হাঁহিব নেজানে বুলি কোৱা হয় যদিও, আমাৰ গ্ৰাম্যজীৱন হাস্যৰসেৰে চৌ-চৌৱাই আছে। আমি নিজেও এনে বিমল হাস্যৰসৰ সোৱাদ লবলৈ সুবিধা পাইছিলো। আমাৰ লোক-কথা, লোকগীতি আদিতো হাস্য-ব্যংগৰ সমল উভৈনদী হৈ আছে। লেখিকাই কোৱাৰ দৰে টেটোন তামুলী, নিংনি ভাওৰাৰ দৰে চৰিত্ৰ, মাখিয়ে মিঠাই খোৱাৰ দৰে সাধু, যোজনা পটন্তৰ, সকলোতে হাস্য ভৰি পৰি আছে।
    লেখিকালৈ অশেষ ধন্যবাদ, এই বিষয়টোৰ ওপৰত আগৈলেকো বিষদ আলোচনা ‘ফটাঢোল’ৰ পাতত পঢ়িবলৈ পাম বুলি আশা কৰিলো।

    Reply

Leave a Reply

Your email address will not be published.