ফটাঢোল

অসমীয়া সমাজ বিৱৰ্তনৰ পটভূমিত শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰাসংগিকতা – পঙ্কজ বৰুৱা

সমাজ বিৱৰ্তনৰ পটভূমিত শ্ৰীমন্তশঙ্কৰদেৱৰ প্ৰাসংগিকতা বিষয়ে লিখাৰ আগত সমাজ সম্বন্ধে আমাৰ এক উচিত ধাৰণা থাকিব লাগিব, তেহে আমি শংকৰদেৱৰ অসমীয়া সমাজলৈ অৱদান, ইয়াৰ মহত্ত্ব, প্ৰাসংগিকতা আদিৰ বিষয়ে উপলব্ধি কৰিব পাৰিম ৷

সমাজ শব্দটো অতিকৈ সাধাৰণ ভাৱে প্ৰচলিত যদিও সমাজ শব্দৰ অৰ্থ ব্যাপক। সমাজ শব্দটোৱে একেলগে থকা, একেলগে চাল চলন কৰাৰ কথাক বুজায়। সমাজ কেৱল মানুহৰ মাজতে আছে এনে নহয়, পশু-পক্ষী, চৰাই-চিৰিকটি, কিট-পতংগ, পৰুৱা আদিৰ মাজতো সমাজ দেখিবলৈ পোৱা যায়। বিশিষ্ট সমাজতত্ব বিদ R.M.Maciver আৰু C . Page য়ে কৈছে “সমাজ হ’ল এটা সামুহিক ব্যৱস্থা য’ত নিহিত হৈ আছে প্ৰচলিত আচাৰ ব্যৱহাৰ, কাৰ্য পদ্ধতি, কতৃত্ব আৰু পাৰস্পৰিক সাহায্য, বিভিন্ন গোট আৰু বিভাজন ব্যক্তিৰ আচৰণ আৰু স্বতন্ত্ৰতাৰ নিয়ন্ত্ৰণ।‌”  এখন সমাজত এখন মকৰাৰ জালৰ দৰে সমন্ধবোৰ বিজড়িত হৈ থাকে।‌ মানুহ সমাজ প্ৰিয় জীৱ। সমাজৰ অবিহনে মানুহৰ অস্তিত্ব আৰু বিকাশ সম্ভৱ নহয়। এৰিষ্টটলে কৈছিল “যিজনে সমাজ নিবিচাৰে তেওঁ পশু নহয় ভগৱান”।‌ সমাজৰ কিছুমান বৈশিষ্ট্য দেখা যায় – সমাজ হ’ল ব্যক্তিৰ সমষ্টি, ই এক ভৌগলিক এলেকা দখল কৰি থাকে, পৰস্পৰ নিৰ্ভৰশীলতা, সমাজ হ’ল সাৰ্বজনীন আৰু পৰিবৰ্তনশীল৷ প্ৰফেচৰ ৰাইটৰ মতেও সমাজ কেৱল ব্যক্তিৰ সমূহেই নহয় ই হৈছে,  সমূূহৰ ব্যক্তিসকলৰ মাজত বৰ্তী  থকা সমাজিক সম্বন্ধৰ পদ্ধতি৷

আচলতে সমাজ বুলি ক’লে এক নিৰ্দিষ্ট ভৌগোলিক অৱস্থানত বসবাস কৰা ব্যক্তি বা সমূহৰ সমষ্টি, যিসকল সমাজিক সম্বন্ধৰে কিছুমান আচাৰ, ৰীতি-নীতি, নিয়ম প্ৰণালী, জনৰীতি, লোকাচাৰ আদিৰে পৰিচালিত হয়, য’ত সামজিক আন্তঃক্ৰিয়া আৰু আন্তঃসম্বন্ধ বিৰাজমান। সমাজ হ’ল এটা পৰিবৰ্তনশীল জটিল পক্ৰিয়া৷ অতীত কালৰে পৰা মানৱ সমাজ কেৱল আনন্দৰ বাবেই নহয় প্ৰকৃতিক দুৰ্যোগ, বিপদ-আপদৰ পৰা ৰক্ষা পাবৰ নিমিত্তে সংঘৱদ্ধ ভাৱে একেলগে থকাৰ চিন্তা ধাৰাই মানুহ তথা ইতৰ প্ৰাণীকো সামাজিক কৰি তুলিছিল৷ Social Contract Theory মানে সামাজিক চুক্তি সিদ্ধান্ত পৃষ্ঠপোষক সকলৰ মতে মানুহে নিজৰ প্ৰয়োজনৰ খাতিৰতে  দলবদ্ধ হৈ সমাজৰ সৃষ্টি কৰিলে। ৰুছোৰ মতে, মানুহে ভৌতিক সমস্যা  কিছুমান সন্মুখীন হোৱাত উমৈহতীয়া ভাৱে আত্মৰক্ষাৰ কথা চিন্তা কৰিব ধৰিলে আৰু উমৈহতীয়া ভাৱে বসবাস কৰিবলৈ কিছুমান নীতি নিয়মৰ সৃষ্টি কৰি তাক মানি চলিবলৈ চুক্তিবদ্ধ হ’ল আৰু এই চুক্তিয়ে সমাজৰ জন্ম দিলে। ব্যক্তিৰ পৰাই মানৱ সমাজ সৃষ্ট যদিও সমাজ নোহোৱাকৈ কোনো ব্যক্তি চলিব নোৱাৰে, কিয়নো ব্যক্তিয়ে সমাজৰ সৃষ্টি কৰিছে কিছুমান উমৈহতীয়া স্বাৰ্থ ৰক্ষাৰ বাবে যিবোৰ স্বাৰ্থ ৰক্ষা নকৰিলে ব্যক্তিসকল তিষ্ঠি থকা সম্ভৱ নহয়৷

সমাজৰ সত্ত্বা পৃথিৱীৰ সকলো জনগোষ্ঠীৰ মাজতে পোৱা যায় ৷ সমাজ হ’ল ব্যক্তিৰ সমষ্টি,  যাৰ একোটা নিজা সংস্কৃতি থাকে৷  সমাজখন বোধগম্যহে, বাস্তৱপুষ্ট নহয়, অৰ্থাৎ সমাজৰ বিষয়ে এটা ধাৰণা বা সংকল্পনাহে  বিদ্যমান, ইয়াক অনুভৱ হে কৰিব পাৰি চকুৰে দেখা নাযায়৷ সমাজখন মকৰা জালৰ দৰে  প্ৰত্যেক অনুষ্ঠান প্ৰতিষ্ঠান ৰীতি-নীতি, আইন কানুন, ধৰ্মৰ ধাৰা ইত্যাদি পৰস্পৰৰ লগত বান্ধ খাই থাকে৷ আছলতে ক’ব গ’লে মানৱ জীৱনৰ সাম্যক চাহিদা পূৰণৰ বাবে সমাজৰ প্ৰয়োজন হয় আৰু এখন সুষ্ঠ সমাজ গঢ়িবলৈ হ’লে প্ৰত্যেক ব্যক্তিৰ পৰস্পৰৰ সচেতনতা অতিকৈ আবশ্যক। পৰস্পৰৰ সচেতনতা নাথাকিলে এখন সুষ্ঠ সমাজ গঢ়া সম্ভৱ নহয়৷

বিবৰ্তন মানে হ’ল সলনি হোৱা অৰ্থাৎ কাল বা সময়ৰ গতিত সময়ৰ সোঁতত বিভিন্ন স্তৰত যি পৰিবৰ্তিত ৰূপ সিয়ে হ’ল যিকোনো বস্তু আৰু অৱস্থাৰ বিবৰ্তিত ৰূপ৷ সমাজৰ বিষয়ে সমাজিক বিবৰ্তনৰ বিষয়ে ক’বলৈ গ’লে সংস্কৃতি শব্দটোক এৰাই চলিব নোৱাৰি। সমাজ আৰু সংস্কৃতি হ’ল এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। সামজিক বিবৰ্তন সম্পূৰ্ণ ৰূপে সংস্কৃতিৰ গতিশীলতাৰ যি ধাৰা তাৰ ওপৰতে বহুখিনি নিৰ্ভৰ কৰে৷ সংস্কৃতিৰ বিষয়ে ই বি টাইলৰে কৈছে “সংস্কৃতি এনে এক মিশ্ৰণ যি জ্ঞান, বিশ্বাস, কলা, নৈতিকতা, আইন, ৰীতিনীতি আৰু সমাজৰ সদস্য হিচাপে মানুহে আহৰণ কৰিব লগীয়া অনান্য দিশ সমূহ সামৰি লয়৷” এইচ টি মজুমদাৰৰ মতে সংস্কৃতি হৈছে, মানুহে আহৰণ কৰা বস্তুবাদী বা অবস্তুবাদী সভ্যতাৰ অংশ, যি প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে মানুহৰ চিন্তা চৰ্চা প্ৰসাৰিত কৰে৷”

সংস্কৃতি হ’ল, জীৱই জন্মৰ পৰাই জীয়াই থাকিবৰ বাবে অবিৰতভাৱে সংগ্ৰাম চলায়, আৰু বিভিন্ন অভিজ্ঞতা আৰু কিছুমান ধাৰণা আহৰণ কৰে।‌ সংস্কৃতি শব্দটো ব্যাপক অৰ্থত প্ৰয়োগ কৰা হয় আৰু ই মানুহৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, ঘৰ-দুৱাৰ, চাল-চলন, শিক্ষা-দীক্ষা, ধৰ্ম-বিশ্বাস, খাদ্যভাস, সাজ-পাৰ, মাত-কথা, নৃত্য-গীত, আচবাব, শিল্প-ভাস্কৰ্য, সাহিত্য-কলা আদি সকলো দিশ সামৰি লয়। সংস্কৃতি হৈছে সুন্দৰতাৰ প্ৰকাশ।‌ কৃষ্টি-সংস্কৃতিৰ প্ৰাৰম্ভিক অৱস্থা। যেতিয়া কৃষ্টিয়ে বিশেষ আৰ্হিৰে সুন্দৰতাৰ পৰিচয় বহন কৰে সিয়েই সংস্কৃতি। যেতিয়া ‌এটা সংস্কৃতিয়ে বস্তুবাদী ৰূপ গ্ৰহণ কৰে তেতিয়াই সভ্যতালৈ ৰূপান্তৰিত হয়। যি দৰে বৰফ আৰু বাষ্প পানীৰ ভিন্ন অৱস্থা সেই দৰেই কৃষ্টি আৰু সভ্যতা সংস্কৃতিৰে ভিন্ন অৱস্থা।

কোনো এটা জাতি কিমান উন্নত সেইটো তেওঁলোকৰ বুৰঞ্জী আৰু সংস্কৃতিৰ পৰা জনা যায়।‌ সংস্কৃতি সমাজৰ দান, সভ্যতা আৰু সংস্কৃতি অঙ্গাঙ্গী ভাৱে যুক্ত।‌ হীনাৰ্থবোধক উপসৰ্গৰ প্ৰাধান্য প্ৰৱল হ’লে সংস্কৃতিয়ে তাৰ স্বধৰ্ম হেৰুৱায়, তেতিয়া আৰু ঐতিহ্যৰ ধাৰক-বাহক নাথাকে, জাতিক আৰু সমাজক ঐতিহ্যহাৰা কৰি তুলিব পাৰে এই কথা আমাৰ সকলোৰে বোধগম্য হ’ব লাগে৷

সংস্কৃতি হ’ল বোৱতী নদীৰ দৰে চিৰপ্ৰবাহমান৷ নদীয়ে সময়ৰ গতিত তাৰ উপত্যকাত যি দৰে ভঙা গঢ়াৰ চৰিত্ৰ প্ৰকাশ কৰে, কেতিয়াবা ধীৰ বক্ৰ গতিৰে, কেতিয়াবা পোন কোবাল গতিৰে নদী ধাৱমান হয়; সংস্কৃতিৰ ক্ষেত্ৰতো এই চৰিত্ৰ সমূহ বিদ্যমান। সংস্কৃতিয়ে সদাই সমাজৰ ধাৰক আৰু বাহক হিচাপে কাম কৰে৷  সামাজিক বিবৰ্তনত সেয়ে সংস্কৃতিৰ প্ৰভাৱ স্পষ্ট৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱ হ’ল বৰ্তমানলৈকে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া তাত কোনো সন্দেহ নাই। অসমীয়া জাতীয় জীৱনৰ, অসমীয়া সাহিত্য, সংস্কৃতি  এনে কোনো দিশ নাই য’ত শংকৰদেৱৰ বিৰাটকায় ব্যক্তিত্বৰ প্ৰভাৱ পৰা নাই। মধ্যযুগত অসমভূমিত শংকৰদেৱৰ আৱিৰ্ভাৱ অসম তথা ভাৰতীয় সমাজখনৰ সামাজিক সাংস্কৃতিক জীৱনৰ পথ পৰিবৰ্তন কৰি এক কালজয়ী অধ্যায়ৰ সুচনা কৰিলে। মধ্য যুগত সমষ্ট ভাৰতবৰ্ষতে গুৰুনানক, ৰামানন্দ, হৰিব্যাস, শ্ৰীচৈতন্য দেৱ, কবিৰ, নামদেৱ আদিৰ নেতৃত্বত নৱবৈষ্ণৱ ভক্তি আন্দোলন গঢ়ি উঠিছিল। সেই সময়তে অসমৰ প্লাৱন ভূমিত বৰদোৱাৰ আলিপুখুুৰীত পিতা কুসুম্বৰ আৰু সত্যসন্ধ্যা আইৰ ঔৰসত জন্মিলে শংকৰ গুৰুজনাই৷ শংকৰদেৱে তেওঁৰ প্ৰিয় শিষ্য মাধৱক লৈ অসমৰ ইমুৰৰ পৰা সিমুৰলৈকে নামঘৰ, সত্ৰ পাতি অংকীয়া নাট, ভাওনা, তাল খোল বাদ্য, গীতমাত, ভটিমা, আদিৰ দ্বাৰা নৱবৈষ্ণৱ ভক্তিবাদক প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল। যিখিনিয়ে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ভঁৰালো চহকী কৰিছিল৷ শংকৰদেৱৰ নৱবৈষ্ণৱ  ধৰ্মৰ সৰল বিধি ব্যৱস্থাই সমাজৰ সাধু, সন্ত, পণ্ডিত শ্ৰেণীৰ পৰা আৰম্ভ কৰি অজ্ঞ সাধাৰণ শ্ৰেণীৰ লোককো  সমানেই আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল৷ বৈষ্ণৱ ধৰ্মত জাত-পাত উচ্চ-নীচ ভেদাভেদ নাছিল, ভক্তিধৰ্মৰ মাজেৰে শংকৰদেৱে সমাজত সম্প্ৰতি আৰু সম্বন্বয়ৰ ভেটি গঢ়ি বৃৃৃৃহত্তৰ অসমীয়া জাতি গঠন পক্ৰিয়াক অধিক ত্বৰম্বিত কৰিছিল। যাৰ বীজ হয়টো স্বৰ্গদেউ চুকাফাই প্ৰথম সিঁচিছিল৷ শংকৰদেৱৰ একশৰণ নামধৰ্মৰ প্ৰধান গুৰুত্বপূৰ্ণ দিশটো হ’ল,  অতীত কালৰে পৰা অসমত বসতি কৰি অহা কিৰাত, কছাৰী, খাচী, গাৰো, মিৰি, আহোম, কোচ, কায়স্থ, চুতীয়া, ব্ৰাহ্মণ আনকি মুছলমান আদি নানা জাতি উপজাতি  ধৰ্ম সম্প্ৰদায়ৰ লোকৰ মাজত মধুৰ সম্প্ৰীতি গঢ়ি ঐক্য সংহতি আৰু ভ্ৰতৃত্ববোধ জগাই তুলিছিল৷ শংকৰদেৱৰ প্ৰিয় শিষ্য সকলৰ ভিতৰত মাধৱদেৱৰ উপৰি  নগাৰ নৰোত্তম, গাৰোৰ গোবিন্দ, মিৰিৰ পৰমানন্দ, ভোটৰ জয়হৰি, মুছলমানৰ চান্দসাই, বেদজ্ঞ ব্ৰাহ্মণ, সাৰ্বভৌম ভট্টাচাৰ্য আদিয়ে গুৰুজনাৰ ওচৰত ভক্তিভাৱে শৰণ লৈ একেলগে নামপ্ৰসংগ কৰিছিল, প্ৰসাদ গ্ৰহণ কৰিছিল৷ ধৰ্মৰ মাজেৰে না না জাতি সম্প্ৰদায়ৰ মাজত গঢ়ি উঠা এনে ঐক্য, সমন্বয় আৰু সম্প্ৰীতিৰ নিদৰ্শন ভাৰতৰ অন্য ৰাজ্যত পাবলৈ সঁচাকৈ বিৰল৷ শংকৰদেৱে পঞ্চদশ শতিকাতে অসমৰ মনোৰম পৰ্বত, পাহাৰ, ভৈয়াম একাকাৰ কৰি সম্পূৰ্ণ লুইতৰ  বিস্তৃত উপত্যকাত বস বাস কৰা নানা জাতিল গোষ্ঠীৰ মাজত সমন্বয়ৰ সেতুু ৰচনা কৰি সম্প্ৰীতিৰ এক সুষ্ঠ-সৱল বাতাবৰণ সৃষ্টি কৰিছিল। বিশাল অসমীয়া জাতি সমাজ গঠনত যি অৰিহণা দি গ’ল সেই অৰিহণাক অসমীয়া জাতিয়ে কোনো কালেই পাহৰিব নোৱাৰে৷ অসমৰ প্ৰতিতযশা কথাশিল্পী, সাহিত্যিক, শিক্ষাবিদ প্ৰয়াত  চৈয়দ আব্দুল মালিক চাৰৰ ভাষাৰে ” মানুহৰ প্ৰতি গভীৰ প্ৰেম, শ্ৰদ্ধা, আন্তৰিকতা, দায়বদ্ধতা নথকা হ’লে শংকৰদেৱে অসমীয়া জাতিৰ বাবে ইমানখিনি কাম কৰিব কেতিয়াও নোৱাৰেলেহেঁতেন”৷ আমি অসমীয়ালোকে চিন্তা কৰিব পাৰোঁ, পৃথিৱীত গৌৰৱ কৰিব পাৰোঁ যে আমি মানুহক চিনি পাওঁ, বুজি পাওঁ, মানুহক শ্ৰদ্ধা কৰিব জানো, মানৱতাৰ মূল্যবোধ বুজি পাওঁ  আৰু এই সকলো সম্ভৱ শ্ৰীমন্তশঙ্কৰদেৱৰ কাৰণে৷ এয়া তেওঁৰেই অৱদান৷ আব্দুল চাৰৰ এই মন্তব্য সঁচাকৈয়ে সত্য আৰু শুদ্ধ৷

শংকৰদেৱে অসমত কেৱল নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাই নহয় সেই সময়ৰ অসমীয়া সমাজত প্ৰচলিত কু সংস্কাৰ, অন্ধবিশ্বাস, অপসংস্কৃতিৰ আদিৰ বিৰুদ্ধে নিৰ্ভিক ভাৱে যুঁজি, সেই সংগ্ৰামত সফলতা অৰ্জিছিল। বলি-বিধান প্ৰধানকৈ নৰবলিৰ দৰে কু প্ৰথাবোৰ অসমীয়া সমাজৰ পৰা আঁতৰ কৰিবলৈ সক্ষম হৈছিল৷ শংকৰদেৱৰ শুদ্ধ সত্ত্ব ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰ আৰু ইয়াৰ প্ৰভাৱে বহু কু প্ৰথাক সমাজৰ পৰা অপসাৰণ কৰিলে৷ শংকৰদেৱে এমুঠিমান ভকতক লগত লৈ নৱবৈষ্ণৱ ভক্তি আন্দোলনৰ জড়িয়তে অসমীয়া জাতিৰ আকাশৰ কলীয়া ডাৱৰ আঁতৰাই নতুন দিগন্তৰ সুচনা কৰিলে৷ ঘোৰ আউসীৰ আন্ধাৰ আঁতৰাই অসমীয়া সমাজ সংস্কৃতিক পূৰ্ণিমাৰ জোনৰ দৰে বিশ্ব দৰবাৰত  জিলিকাই তুলিলে৷ সেয়ে ক’ব পাৰি যে, মানৱীয় স্বাৰ্থ প্ৰমূল্যবোধৰ ৰক্ষাৰ নিমিত্তে  বিৱৰ্তিত অসমীয়া সামাজিক পটভূমিত শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাৰ ভাৱ আদৰ্শ আৰ্হি আমাৰ বাবে যুগে যুগে প্ৰাসংগিক হৈ থাকিব৷৷

             শ্ৰীমন্ত শঙ্কৰ               হৰি ভকতৰ
জানা যেন কল্পতৰু
তাহান্ত বিনাই               নাই নাই নাই
আমাৰ পৰম গুৰু ৷

☆★☆★☆

One comment

  • Pankaj Boruah

    আন্তৰিক ধন্যবাদ জনালোঁ সম্পাদকলৈ মোৰ লেখাক ফটাঢোল ই আলোচনীত স্থান দিয়াৰ বাবে ৷

    Reply

Leave a Reply

Your email address will not be published.