ফটাঢোল

অসমীয়া সাহিত্যত ইঞ্জিনীয়াৰৰ স্থান- অভিজিত কলিতা

কোৱা শুনিছোঁ সাহিত্য হেনো সমাজৰ দাপোণ। কথাটো সৰলভাৱে মই এনেকৈ বুজিছোঁ যে, দাপোণত যিদৰে আমি নিজকে দেখা পাওঁ, তাকে চাই চুলি ফণিয়াওঁ, মুখত কিবা কিবি ঘঁহো, প্ৰথম প্ৰেমত পৰোঁতে তালৈকে চাই লাজ কৰোঁ, সাহিত্যৰ পৰাও সমাজখনে সেই সকলোবোৰ ফেচিলিটি পাব লাগে। কিন্তু দাপোণতনো আমি কেনেকৈ দেখোঁ?  বিজ্ঞানৰ সূত্ৰমতে দাপোণত সকলো বস্তু ওলোটাকৈ দেখা যায়, সোঁটো বাঁও হৈ যায়, বাঁওটো সোঁ। এইখিনিতে এটা খু-দুৱণি নথকা নহয়, যদি সোঁটো বাঁও হয়, তেনে ওপৰটোও তল কিয় নহয়? বা সাহিত্যত আচলতে সমাজখন ওলোটাকৈ, কিন্তু তল ওপৰ নোহোৱাকৈ প্ৰতিফিলত হয় নেকি? মোৰ সন্দেহবাদী মনটোৱে কেৱল সাহিত্যকে সন্দেহ নকৰে, বিজ্ঞানকো কৰে। বাৰু এতিয়ালৈ সেইবোৰ কনফিউজন বাদ দিলোঁ, মোৰ হাতত যিহেতু গৱেষণা কৰিবলৈ সময় নাই, গতিকে সাহিত্য আৰু বিজ্ঞান দুইটা বিষয়কে সদ্যহতে বেনিফিট অৱ ডাউট দি মূল কথালৈ আগবাঢ়িব খুজিছোঁ।

প্ৰথমতে কোৱা বাক্যটোৰ শাৰীৰিক বাদ দি ভাৱনাত্মক অৰ্থটো উপলব্ধি কৰিলে বুজা যায় যে, সাহিত্যই সমাজক প্ৰতিনিধিত্ব কৰে, মানে সাহিত্যকাৰসকলে সমাজৰ প্ৰকৃততে হৈ থকা সঁচা ঘটনাবোৰ, সঁচা চৰিত্ৰবোৰকে লৈ তথাকথিত কলাসন্মত কিবা কিবি তৈয়াৰ কৰে। কৰা উচিত। ধৰক আজিৰ যুগত এজন ৰাজনীতিকে যি কৰে, সাহিত্যত আপুনি তেনেকৈয়ে লিখিব লাগিব। আপুনি যদি লিখে, ৰাজনীতিকসকলৰ জীৱন মানৱ সেৱাত উচৰ্গিত, বা সকলো ডাঙৰ ডিগ্ৰীধাৰী সঁচাকৈয়ে জ্ঞানী, বা চীন প্ৰকৃত সাম্যবাদী দেশ, তেনে সেয়া ভুল সাহিত্য হ’ব; অন্ততঃ মই তেনেকৈয়ে বুজোঁ। হয়তো আপোনালোকেও তেনেকৈয়ে বুজে, মানে তেনেকৈ বুজিবলৈকে আপোনালোকক সৰুৰ পৰা শিকোৱা হৈছে কথাটো। (ৰাজনৈতিক কথালৈ অহাৰ লগে লগেই মনত পৰিল, যিহেতু দাপোণত সোঁটো বাঁও হৈ যায়, এণ্ড ভাইচ-ভাৰ্চা, তেনে সাহিত্যতো বামপন্থীসকলক আচলতে সোঁপন্থী বুলি পকোৱা হয় নেকি? কমিউনিষ্টসকলক আচলতে আমি সাহিত্যত সোঁপন্থী বুলিহে লিখিব লাগে নেকি? এহ, নেভাবোঁ বুলি ভাবিলেও ৰাজনীতিয়ে পিছ নেৰেই নহয়, চাওকচোন কিমান গুৰুত্বপূৰ্ণ কথা পাতিবলৈ গৈ কিবোৰ বলকি আছোঁ!)

সেই অৰ্থতে মই আজি অসমীয়া সাহিত্যৰ বিপ‍ক্ষে মোৰ প্ৰতিবাদ জাহিৰ কৰিবলৈ আগবাঢ়িছোঁ। মোৰ সমস্যাটো হ’ল অসমীয়া সাহিত্যত ইঞ্জিনীয়াৰৰ ভূমিকাক লৈ। এই বিষয়টোত মোৰ অলেখ আপত্তি আছে। মোৰ বোধেৰে নিৰীহ ইঞ্জিনীয়াৰসকলক আজিকোপতি অসমীয়া সাহিত্যই সদায়ে মাহী আইৰ চকুৰে চাই আহিছে, কেৱল চোৱাই নহয়, সুবিধা পালেই তেজীমলাক খুন্দাদি ঢেঁকীত খুন্দিছে, কুঁহিয়াৰ পেৰাদি পেৰিছে, ফুটবল গুৰিওৱাদি যেনিতেনি লঠিয়াই ফুৰিছে, আৰু তাৰ হেজাৰটা প্ৰমাণ মোৰ হাতত মজুত আছে। অসমীয়া সাহিত্যৰ দ্বাৰা অপমানিত, নিৰ্যাতিত আৰু নিস্পেষিত ইঞ্জিনীয়াৰসকলৰ হৈ মই মোৰ বৌদ্ধিক প্ৰতিবাদ সাব্যস্ত কৰিব খুজিছোঁ। লগতে অসমীয়া সাহিত্যক সঁকিয়াই দিছোঁ যে ‘চিধি উংলী’ৰে ঘীউ নোলালে কি কৰিব লাগে ইঞ্জিনীয়াৰসকলে ভালকৈয়ে জানে। এইখিনিতে মন কৰিব লাগে যে, মই সাহিত্য বুলি কওঁতে গল্প, কবিতা, উপন্যাসৰ লগতে নাটক, চিনেমা আদিকো ধৰিছোঁ, যিহেতু এইবোৰৰ পিছফালেও এজন লেখক থাকে। মোৰ এই প্ৰতিবাদ প্ৰতিজন অসমীয়া লেখকৰ বিৰূদ্ধে।

আগতে কোৱাৰ দৰে, অসমীয়া সাহিত্যই ইঞ্জিনীয়াৰসকলৰ প্ৰতি অমানৱীয় ব্যৱহাৰ কৰাৰ হাজাৰ উদাহৰণ আছে। যিকোনো এখন অসমীয়া উপন্যাস, গল্প, বা নাটক হাতত তুলি লওক, তাত যদি ইঞ্জিনীয়াৰৰ কথা উল্লেখ আছে তেনে কি বুলি আছে? কি ধৰণে আছে?  ঘোচখোৰ, অকৰ্মণ্য, প্ৰেম কৰিব নজনা, মানুহক মানুহ বুলি গণ্য নকৰা, আৰু সকলোতকৈ বেছিকৈ আছে, সমাজৰ সৎ, প্ৰতিভাৱান কবি, সাহিত্যিক, শিল্পী, সংগীতজ্ঞ, সাম্যবাদী আৰু ফাইনেলী বিল্পৱীসকলৰ কলেজৰ দিনৰ সুন্দৰী প্ৰেমিকাক ধনবল দেখুৱাই বিয়া পতা ভিলেইন হিচাপে। বেলেগ কিবা ধৰণে অসমীয়া সাহিত্যত ইঞ্জিনীয়াৰৰ কথা লিখা হৈছে বুলি প্ৰমাণ দিয়ক, মই ৰাজহুৱাভাৱে ক্ষমা খুজিম। আৰু ইয়াত মই ১০০% অসমীয়া সাহিত্যৰ কথা কৈছোঁ; কেৱল দুজনমান ইঞ্জিনীয়াৰে নিজে আত্মপক্ষ সমৰ্থন কৰিবলৈ লিখা দুই এখন গল্প, উপন্যাসৰ বাদে, সেয়াও অতি দুৰ্বল। ই অত্যাচাৰ নহয় যদি কি? শোষণ নহয় যদি কি?

প্ৰথমতে বাৰু এই প্ৰাক্তন প্ৰেমিকাক বিয়া কথাটো বিষদভাৱে আলোচনা কৰা যাওক। ভাবোঁতেই খঙে মূৰৰ চুলিৰ আগ পালেগৈ মোৰ। কি বুলি ভাবে হে’ আপোনালোক সাহিত্যিকসকলে? আমি ইঞ্জিনীয়াৰসকলে কি সদায় কাৰোবাৰ চেকেণ্ড-হেণ্ড প্ৰেমিকা লৈয়েই জীৱন কটাব লাগিব নেকি? আমাৰ কি নিজেই সৰু কালৰ পৰা কাৰোবাৰ লগত অখণ্ড প্ৰেম কৰি বিয়া বাৰু পাতি সংসাৰ কৰাৰ অধিকাৰ নাই? সকলো সুন্দৰী মহিলা কেৱল কবি, সাহিত্যিক, শিল্পীৰে প্ৰেমত পৰিব বুলি ক’ৰবাত লিখি থোৱা আছে নেকি? আমাক কি কাৰণে প্ৰথম প্ৰেমৰ অযোগ্য বুলি এটা ধাৰণা জনসমাজত প্ৰতিষ্ঠা কৰা হ’ল?

তাতকৈয়ো সন্তাপৰ কথা এই ধাৰণাটো একেবাৰে মিছা। অমুকাৰ নিজৰে প্ৰেমিকাক এজন প্ৰফেচৰে থপিয়াই নি বিয়া পাতিলে, অমুকাই মুখ মেলি চাই থাকোঁতেই গ’ল। এইবোৰ সত্য ঘটনাই কেতিয়াবা অসমীয়া সাহিত্যত স্থান পাবনে? অমুকাই শিক্ষা আৰু কাৰ্মস্থলীৰ সম্পৰ্কৰে কেইবাহেজাৰো ইঞ্জিনীয়াৰ চিনি পাওঁ, তাৰে বহুজনে ফাৰ্ষ্ট হেণ্ড প্ৰেমিকাক বিয়া পাতিছে, আৰু বহুতে এৰেঞ্জড্ মেৰেজ কৰিলেও তেওঁলোকৰ পত্নীসকলৰ আগৰ জীৱনত কোনো কবি, সাহিত্যিক, শিল্পী নাছিল। আৰু থাকিলেও সেই পত্নীসকল এসময়ত কংক্ৰীটৰ জংগলৰ অৰ্থহীনতাৰ কথা উপলব্ধি কৰি প্ৰাক্তন প্ৰেমিকৰ সৈতে পুনৰ যোগাযোগ কৰা নাছিল, নাই কৰা আৰু ভৱিষ্যতেও নকৰে। যদি কৰিছে তেওঁলোকৰ সংখ্যা অতি নগণ্য। তেনে কি হিচাপত আপোনালোকে আপোনালোকৰ সকলো সাহিত্য কলাতে ইঞ্জিনীয়াৰ আৰু তেওঁলোকৰ পত্নীসকলক এই অতি ষ্টেণ্ডাৰ্ড সাঁচটোত বহুৱাই ৰাখিলে? উত্তৰ আছে আপোনালোকৰ হাতত? আৰু যেতিয়া সংখ্যাগৰিষ্ঠ ইঞ্জিনীয়াৰ আৰু তেওঁলোকৰ পত্নীসকল এইটো সাঁচত নপৰে, তেনে ১% তকৈয়ো কম কে’চক এনেকৈ Hype দি আপোনালোকে ‘মাইনৰিটি এপীজমেণ্ট’ৰ ৰাজনীতি কৰি থকা নাইনে? নিজকে সুধি চাওক হয় সঁচা নে মিছা? আৰু এটা কথা মন কৰিবলগীয়া, আপোনালোকৰ সাহিত্যত এই প্ৰেমিকাসকলৰ আদৰ্শবাদী আৰু সৎ প্ৰেমিকক এৰি ইঞ্জিনীয়াৰলৈ বিয়া হোৱাৰ একমাত্ৰ কাৰণ কি? ধন। হয়নে? ইস্ কি শুনিবা ব্ৰেক আপ ডাইলগ- “বাঁহী বজালে পেট নভৰে;” “তোমাৰ বিপ্লৱৰ আদৰ্শ ভাল কিন্তু খাম কি?” তাৰ অৰ্থ হ’ল এসময়ত, এই ধৰক চাৰি-পাঁচ বছৰ প্ৰেম কৰাৰ পাছত এক মাহেন্দ্ৰক্ষণত এই প্ৰেমিকাসকলে উপলব্ধি কৰে যে মানুহৰ ভোকো লাগে, ভোক পলুৱাবলৈ ভাত লাগে, ভাত ৰান্ধিবলৈ চাউল কিনিব লাগে, আৰু The money shot, “চাউল কিনিবলৈ টকা লাগে”। এই টকা শব্দটো বল্ড কেপিটেল লেটাৰত পঢ়িব। মানে আমি অসমীয়া সাহিত্য পঢ়ি কি বুজিলোঁ, টকাই ‘মেইন’, কেৱল টকাৰ বাবেই এই প্ৰেমিকাসকলে প্ৰকৃত, স্বৰ্গীয়, ৰোমাণ্টিক আদৰ্শবাদী প্ৰেমক ডাষ্টবিনত পেলাই,  ইঞ্জিনীয়াৰ এজনক পতি নিৰ্বাচন কৰে। আৰু ইঞ্জিনীয়াৰে সেইগৰাকীকে ভাল পাই, তেওঁৰ সৈতে জীৱনৰ সপোন ৰ’চে, লোন লৈ ‘ফ্লেট’ কিনে, গাড়ী কিনে, গোৱালৈ ‘ভেকেচন’ত যায়, তেওঁৰ লগতে মিলি ল’ৰা-ছোৱালী জন্ম দিয়ে, বাচন ধোৱে, খুলশালীৰ বিয়াত দুইতোলা ওজনৰ সোণৰ ‘নেকলেছ’ ‘গিফ্ট’ দিয়ে, নিজৰ মাক-বাপেকতকৈ সেই কবি, শিল্পী সাহিত্যিকৰ প্ৰাক্তন প্ৰেমিকাৰ মাক-বাপেকৰ বেছি আদৰ-যত্ন কৰে। আৰু লগতে জীৱনটোলৈ জীয়াতু ভোগে। অসমীয়া সাহিত্য পঢ়ি মোৰ ধাৰণা হৈছে যে, এই আদৰ্শবাদী হিৰ’সকলে যদি কেনেবাকৈ আন নহ’লেও লটাৰীতে অলপ পইচা-পাতি পাই গ’লহেঁতেন, উপৰোক্ত প্ৰেমিকাসকলে, তেওঁলোকৰ নিজ নিজ প্ৰেমিকসকলৰ সৈতে একে দিনতে Mass Marriage কৰিলেহেঁতেন। কেৱল টকাৰ বাবেই তেওঁলোকৰ ৰোমাণ্টিক সপোন সম্পূৰ্ণ নহয়, আৰু প্ৰেমোৎপাদিত পেটৰ ভোকত আত্মবলিদান দি ইতিহাসত নিজৰ নাম সোণালী আখৰে লিখি থৈ যোৱা লেভেলৰ বুৰ্বকো তেওঁলোক নহয়। সৰলকৈ ক’বলৈ গ’লে তেওঁলোকৰ মতে স্বৰ্গীয় প্ৰেমতকৈ ধন ডাঙৰ।

পিচে কথাটোত বাৰু অলপ ওজন নথকা নহয়। এজনী ছোৱালীৰ বাবে আৰ্থিক নিৰাপত্তা এক গুৰুত্বপূৰ্ণ দিশ, তাতে যদি তেওঁ সমগ্ৰ কলেজীয়া কালটো প্ৰেম-প্ৰেম খেলি নিজাববীয়াকৈ একো এটা সংস্থাপনৰ ব্যৱস্থা কৰিব নোৱাৰেগৈ, তেনে তেওঁৰ বাবে টকা পইচাৰ প্ৰয়োজন হোৱা স্বাভাৱিক। আৰু এনে প্ৰেমত পৰি পৰী‍ক্ষাত ডুবা ছোৱালীবোৰে সেই আৰ্থিক নিৰাপত্তাৰ বাবে ধনবান পতি এজনেই বিচাৰি ল’ব লাগিব। সেইখিনিলৈকে কথাত যুক্তি আছে। কিন্তু সমস্যা হ’ল- অসমীয়া সাহিত্যৰ সাঁচ মতে ধনৰ বাবে এই প্ৰেমিকাসকল কেৱল বেচেৰা ইঞ্জিনীয়াৰকেইটাকহে কিয় বিচাৰি পায়গৈ? গেলামাল দোকানী, চিক্সটি ফৰ্টি ঠিকাদাৰ, উকীল, মুনচিফ, আই এ এচ অফিচাৰ, ডাক্তৰ, প্ৰাক্তন বিপ্লৱী কাম বিজিনেছমেন, প্ৰফেচাৰ- মাষ্টৰসকলৰ ওচৰলৈয়ো যাব নোৱাৰে নেকি? এইসকল লোকে কি ঘৈণীক খুৱাই বুৱাই কঁকালৰ চাইজ ২৮ পৰা ৪৮ কৰিব নোৱাৰে নেকি, ফ্লেট-গাড়ী কিনিব নোৱাৰে নেকি? নাই, কিন্তু  এই প্ৰাক্তন প্ৰেমিকাসকল এইবোৰ প্ৰেক্টিকেল কথা নেজানে, আৰু অসমীয়া সাহিত্যমতে এই কলামোদী প্ৰাক্তন প্ৰেমিকাসকল কেৱল ইঞ্জিনীয়াৰৰ লগতেই বিয়াত বহিব, তাকো ঘৰৰ সন্মতিত। আচৰিত কথা! আপোনালোকে বেচেৰা ইঞ্জিনীয়াৰকেইটাক আজীৱন যন্ত্ৰণা ভোগোৱাৰ লগতে ওপৰত কোৱা বৃত্তিৰ লোকসকলক টোকোনা বুলিও অপমান কৰিলে নে নাই?

এই সম্পৰ্কত অসমীয়া সাহিত্যসেৱীসকলৰ সকলোতকৈ ‘ছফ্ট টাৰগেট’ হ’ল “অইলৰ ইঞ্জিনিয়াৰ”সকল। ‘অইল’ মানে বোধহয় দুলীয়াজানৰ ‘অইল ইণ্ডিয়া লিমিটেড’। কিন্তু মই নিশ্চিত নহয়…. “অইলৰ ইঞ্জিনীয়াৰ” শব্দটো আই. অ’. চি., অ. এন. জি. চি., ভাৰত পেট্ৰোলিয়াম, হিন্দুস্থান পেট্ৰলিয়াম, নুমলিগড় ৰিফাইনেৰী, বা তাৰো ওপৰত চৌডি আৰকো, কুৱেইট অইল কোম্পানী, কাটাৰ পেট্ৰলিয়াম, শ্বেল, বেয়াৰ, মবিল আদি সকলোকে সামৰি লোৱা এক জাতিবাচক বিশেষ্য শব্দও হ’ব পাৰে। হ’লেও হওক, কিন্তু এই শব্দটোৱে আমাৰ দৰে সাধাৰণ পাঠকক পোনে পোনে অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানৰ ইঞ্জিনীয়াৰসকললৈ আঙুলি টোঁৱাই দেখুৱায়। এই ‘অইলৰ ইঞ্জিনীয়াৰ’সকলৰ অসমীয়া সাহিত্যই এটাই দ্বায়িত্ব দিছে, আনৰ প্ৰেমিকাৰ অপহৰণ আৰু বিবাহ। কেতিয়াবা গল্প উপন্যাস পঢ়ি এনেও লাগে যেন, অইল ইণ্ডিয়াই কেৱল এইটো কাম কৰিবলৈকে ইঞ্জিনীয়াৰসোপা দৰমহা দি পুহিছে। আন নেলাগে তামুলীৰ প্ৰেমিকা চিনিগ্ধাকো অইলৰ ইঞ্জিনীয়াৰেই ‘হামলা’ দিছে, তামুলীয়ে যিজনৰ নাক-মুখ একে ঘোঁচাই ভাঙি দৰকাৰ হ’লে বেংকৰ লোন লৈ কে’ছ খেলিম বুলি চিনিগ্ধাৰ ‘পপায়েকৰ’ (বাপেকেই চাগে)  আগত চিধা চিধি কৈছে, টাউনৰ অ’টোষ্টেণ্ডত।

বিপ্লৱী, শিল্পী, কবিৰ ফিটিং হৈ থকা প্ৰেমিকাসকলৰ কথা বাদেই, এওঁলোকৰ যিসকলে কোনো উপযুক্ত পাত্ৰীক ‘লাইন’ দিব খুজিছে, তেওঁলোকৰো প্ৰেমপুষ্প কলিতে মৰহোৱাৰ দায়িত্বও অসমীয়া সাহিত্যই এই ‘অইলৰ ইঞ্জিনীয়াৰ’সকলকে দি থৈছে। আপাৰৰ ফালে হ’লে কথাই নাই, কলেজৰ সকলোতকৈ ধুনীয়া, প্ৰতিভাবান ছোৱালীজনীলৈ শিল্পী, বিপ্লৱী, কবি দড়ীয়া ল’ৰাটোৱে এপলক চাবহে, ধনবান, বীৰ্যবান, সুপুৰুষ ‘অইলৰ ইঞ্জিনীয়াৰ’ডাল আহি সেইজনীক ‘নিও’ ‘নিও’ বুলি কালফেঁচাই কুৰুলিওৱাদি কুৰিলিয়াবহি। আৰু কি আৱেগ ভৰা মৰ্মস্পৰ্শী ডাইল’গ- “অইলৰ ইঞ্জিনীয়াৰ আহিছে”- “যোৱা তুমি অইলৰ ইঞ্জিনীয়াৰৰ সৈতেই সুখী হোৱাগৈ;  তোমাৰ সুখতেই মোৰ সুখ, পাহৰি যোৱা মোক”– “মা দেউতাই নেমানে”, “মই কি কৰিম কোৱা, …. নমাহ-নদিন ধৰি মোক গৰ্ভত ধাৰণ কৰা দুখুনী আইৰ সজল দুচকুত এটি আশাৰ ৰেঙণি জিলিকিছে, মই কেনেকৈ সেইটো নুমুৱাই পেলাওঁ?”– ‘অইলৰ ইঞ্জিনীয়াৰ’ এজনে মোক চালেহি, পচন্দ কৰিছে, তোমাৰতো একো উপাৰ্জন নাই”। কথা ক’বলে আহিছে?  সেইগৰাকীৰ আয়েক একো দুখুনী নহয়, আৰু তেওঁৰ চকুত সেয়া একো আশাৰ ৰেঙণিও নহয়- বৰঞ্চ ‘অইলৰ ইঞ্জিনীয়াৰ’ৰ শাহুৱেক হোৱাৰ সম্ভানাৰ প্ৰতি লেলিহান লালাসাৰ জুই। কেৱল অইল, অইল!

এই গোটেই ঘটনাটোত আচলতে ভিক্তিম কোন হ’ল- ‘অইলৰ ইঞ্জিনীয়াৰ’জন নহয় নে? বাকী সকলোৱেতো কিবা কিবি পাবই, প্ৰেমিকে স্বৰ্গীয় প্ৰেম পাব, শাহুৱে মাহেকে পষেকে কাপোৰ-কানি পাব, আৰু সেই কবি শিল্পীৰ প্ৰাক্তন প্ৰেমিকাই আজীৱন টেক্কা মাৰি খাবলৈ পাব, আন নেলাগে সৰ্বসাধাৰণ ৰাইজেও বিয়া বুলি এসাজ দকচি খাবলৈ পাব। কিন্তু সেই অইলৰ ইঞ্জিনীয়াৰজনে? তেওঁ কি পাব- এগৰাকী পত্নী হিচাপে এগৰাকী কাৰোবাৰ চেকেণ্ড হেণ্ড প্ৰেমিকা, আৰু জীৱনজোৰা জঞ্জাল। আপোনালোক জনা-শুনা লোক হিচাপে আপোনালোকৰ সহানুভূতি কাৰ ফালে যাব লাগিছিল? আৰু কাৰ ফালে গৈছে? আৰু এটা প্ৰশ্ন হ’ল, অসমৰ সাহিত্যৰথীসকলে ‘অইলৰ ইঞ্জিনীয়াৰ’ক কিমান জানে! হয় তেওঁলোকে চাকৰিত জইন কৰিয়ে গাড়ী কিনে, ফ্লেট কিনে। কিন্তু আপোনালোকে কেতিয়াবা অনুধাৱন কৰিছেনে কেনেকৈ কিনে? আপোনালোকৰ জ্ঞাতাৰ্থে জনাব খোজোঁ যে তেওঁলোকে এই সকলোবোৰ লোন, মানে ঋণ লৈ কিনে। সকলো অইলৰ ইঞ্জিনীয়াৰৰ টেঁটুৰ গুৰিলৈকে ঋণৰ বোজা! কেইজনমানে ৰিটায়াৰ হোৱাৰ বহুবছৰ পাছলৈকে ধাৰ মাৰি তত নেপায়। আপোনালোকক প্ৰকৃত সত্যটো কওঁ, যিটো আচলতে দাপোণৰ মান ৰাখি আপোনালোকে ওলোটাকৈ প্ৰতিফলিত কৰি আহিছে।

সকলো দো‍ষ সেই অমুক বেংক, তমুক বেংকৰ পৰা লোন দিবলৈ দিনে ৰাতিয়ে ফোন কৰি থকা প্ৰিয়ংকা, মণিছা, ৰীতু, চালোনী বোলা ছোৱালীকেইজনীৰ। চিধাকৈ ক’বলৈ গ’লে এই ‘অইলৰ ইঞ্জিনীয়াৰ’কেইজন এই লোন দি মুনাফা কমাব খোজা বেংকবোৰৰ একেবাৰে সহজ টাৰ্গেট। আৰু ‘অইলৰ ইঞ্জিনীয়াৰ’ কেইজনো সেই, – “চাৰ মেঁ প্ৰিয়ংকা ব’ল ৰহী হুঁ, – মহাজনী লুটেৰা বেংক চে” বুলি কোৱা মিঠা মাতটো শুনি পমি যায়। কিয় নেযাবনো, আফটাৰ অল তেজৰ ফালৰ পৰা  ইঞ্জিনীয়াৰেই নহয় জানো; মহিলা মৰুভূমি সদৃশ কলেজত পঢ়ি ডিগ্ৰী লৈ অহা মানুহ। গতিকে হেঁপাহ পলুৱাই লোন লয়, ঘৰ কিনে, গাড়ী কিনে, আৰু আজীৱন প্ৰিয়ংকাৰ নামত ইনষ্টলমেণ্ট ভৰি থাকে। যিকোনো এজন তথাকথিত ‘অইলৰ ইঞ্জিনীয়াৰ’ৰ পত্নীক সোধকচোন, কিমান লোন আছে? ‘এছেট’তকৈ ‘লায়েবিলিটি’ বেছি নহয় যদি মোৰ নাম নাই কৈ দিলোঁ। তথাপি আপোনালোকে এই নিৰপৰাধ ‘অইলৰ ইঞ্জিনীয়াৰ’কেইজনৰ পাছ এৰা নাই আজিলৈকে। আৰু সেই বেচেৰাহঁতেও আপোনালোকক ‘ফৰ্মা’ বহি লৈ সেই বিপ্লৱী, কবি, শিল্পীৰ প্ৰাক্তন প্ৰেমিকাবিলাকৰ ‘নখৰা’ সহি জীৱন কটাব লগা হৈছে।

এই সাঁচ বা ‘ফৰ্মা’টোৰ আৰু এটা অপকাৰ আছে, সেইটো আৰু বেছি ভয়ংকৰ। উজনিৰ ফালে খবৰ ল’লে গম পাব, গাঁৱে গাঁৱে একোজনীকৈ ধুনীয়া ছোৱালী, কিছুমান ধুৰন্ধৰে নিজকে মিছাকৈ ‘অইলৰ ইঞ্জিনীয়াৰ’ বুলি চিনাকি দি উঠাই আছে; নাই নাই বুলিও মাহে দুটাকৈ ঘটনা হৈয়েই আছে। আৰু এবাৰ বিয়া হৈ যোৱাৰ পাছৰ সেইগৰাকীয়েও মিতিৰ কুটুমৰ আগত নিজেকে ‘অইলৰ ইঞ্জিনীয়াৰ’ৰ ঘৈণী বুলি চিনাকি দিবলৈ অহোপুৰুষাৰ্থ কৰি থাকিব লগা হৈছে। আপোনালোকৰ এই অইলৰ ইঞ্জিনীয়াৰক ‘কাচানোভা’ বনোৱা পৰম্পৰাটোৱে কিমান আজলী ছোৱালীৰ জীৱন ধ্বংস কৰিছে; ভাবি চাইছেনে কেতিয়াবা?  দুলীয়াজান বা শিৱসাগৰত ভাৰা ঘৰত থাকি, যেনে তেনে পেট পালন কৰা গিৰিয়েকৰ ঘৈণীয়েক হৈ গাঁৱত ‘অইলৰ ইঞ্জিনীয়াৰ’ৰ ঘৈণীৰ লেভেল মেইনটেইন কৰা কি এক প্ৰত্যাহ্বান বুজে নে আপোনালোকে? এই মহিলাসকলে যে ‘অইলৰ ইঞ্জিনীয়াৰ’ শব্দটো শুনিয়েই একো বাচ বিচাৰ নকৰাকৈ বিয়াত বহাৰ সিদ্ধান্ত লৈছিল, তাৰ বাবে দায়ী কোন? অসমীয়া সাহিত্যিকসকল নহয় নে? ক’বলৈ গ’লে আৰু বহুত কথা ওলাব। কিন্তু বিষয় আৰু বহুত আছে। গতিকে এইটো সামৰি আকৌ এই ঘোঁচখোৰ ইঞ্জিনীয়াৰৰ কথাটো আলোচনা কৰিব খুজিছোঁ। অসমীয়া সাহিত্য পঢ়িলে ধাৰণা হয়, এই ভগৱানৰ এই চৰাচৰ সৃষ্টিত কেৱল ইঞ্জিনীয়াৰেই ঘোচ খাই, দুইনম্বৰী ধন ঘটে , অপৰ্যাপ্তকৈ ঘটে। এই বিষয়ে বেছি ক’বলৈ গ’লে শোকে খুন্দা মাৰি ধৰে। আপোনালোকে  সাহিত্যত লিখাৰ দৰে যদি সকলো ইঞ্জিনীয়াৰে ‘দিন দুগুণী, ৰাত ছৌগুণী’ ধন ঘটিব পাৰিলেহেঁতেন, বিশ্বাস কৰক, টাটা, বিৰলা, অম্বানী-আদানী সকলোৱে আন কাম বাদ দি কেৱল ইঞ্জিনীয়াৰিং পঢ়ি চাকৰি কৰিলেহেঁতেন, দৰকাৰ হ’লে বিহাৰৰ পৰা ডিগ্ৰী কিনিলেহেঁতেন। কি দৰকাৰ পইচা ঘটিবৰ বাবে জিঅ’ ফাইবাৰত ১৫০০০ কোটি টকা খৰছ কৰাৰ; চিধা জিঅ’ কোম্পানীত ইঞ্জিনীয়াৰৰ চাকৰি কৰিলেই হ’লহেঁতেনচোন। কিয় নহয়? বুজিবৰ চেষ্টা কৰিব। দুনীয়াত সকলো মানুহ কেৱল ইঞ্জিনীয়াৰৰ চাকৰি কৰি ধনী হোৱা নাই। তাৰ লগতে কওঁ- ‘সৱ চৰায়ে মাছ খায়, মাছৰোকাৰ নাম যায়’। এই আমাৰ বৰ্তমানৰ কোনে দুৰ্নীতি নকৰে? প্ৰভাৱশালী লোকসকলৰ কথা বাদেই দিলোঁ, ৰিক্সাৱলাই অচিনাকি দেখিলে দহটকা বেছিকৈ নলয় নে? সেয়া কি দুৰ্নীতি নহয়? পাচলিৱালাই ভেচলিন ঘঁহি বৰবেঙেনা নেবেচেনে? দুৰ্নীতিক সমৰ্থনক নকৰোঁ, এবিধ ইঞ্জিনীয়াৰে দুই নম্বৰীতে চলি আছে বুলিও মানি লওঁ, কিন্তু আপোনালোকৰ সাহিত্যত দুৰ্নীতি কৰাৰ একছত্ৰী সাম্ৰাজ্যখন কেৱল ইঞ্জিনীয়াৰকে দি থোৱাত আপত্তি কিয় নকৰিম কওকচোন? সমগ্ৰ জম্বুদ্বীপৰ দু্ৰ্নীতি কৰি কাললৈ খিয়াতি ৰাখি যোৱা মাহপুৰুষ কেইজনলৈ চাওকচোন;  ললিত, সুৰেশ, নীৰৱ, বিজয়, ৰাজা, কাণিমুনি বাই, ইয়াৰ ভিতৰত কোনজন ইঞ্জিনীয়াৰ? আৰু উদাহৰণ দিব পাৰোঁ, ভৰি পৰি আছে।

সি যি কি নহওক,  আৰু ক’বলৈ গ’লে বহু কথাই ওলাব- কথা বঢ়াই লাভ নাই। ওপৰত কৰা আলোচনাখিনিৰ পৰাই  ইতিমধ্যে স্পষ্ট হৈছে যে, অসমীয়া সাহিত্যই আজিলৈকে ইঞ্জিনীয়াৰসকলৰ ওপৰত একেৰাহে অত্যাচাৰ চলাই আহিছে। গতিকে সেই পীড়িত ইঞ্জিনীয়াৰসকলৰ এজন সামান্য  প্ৰতিনিধিৰূপে মই অসমৰ সকলো সাহিত্য সেৱীৰ ওচৰত এই প্ৰতিবাদ ‘অফিচিয়েলী’ দাখিল কৰিলোঁ।  লগতে আশা ৰাখিলোঁ যে আপোনালোকে নিজৰ ভুল উপলব্ধি কৰিব আৰু অদূৰ ভৱিষ্যতে আমাকো আপোনালোকৰ গল্প, কবিতা, নাটকত মাজে মাজে বাঁহী, গীটাৰ বজাব জনা আদৰ্শবাদী হিৰ’ৰ স্থান দিব আৰু লগতে গাইপতি একোজনীকৈ সুন্দৰ সুশীল প্ৰেমিকাও দিব, যাতে আমিও স্বৰ্গীয় প্ৰেমৰ এচেলেক চাকি চোৱাৰ সুবিধা পাওঁ।

☆ ★ ☆ ★ ☆

14 Comments

  • অলকেশ ভাগৱতী

    তামাম লিখিলে দাদা৷ সঁচাকৈয়ে অসমীয়া সাহিত্যত ইঞ্জিনীয়াৰবোৰ সদায়ে কেবল মাথো বলিৰ পঠা হৈ আহিছে

    Reply
  • এৰা, ইঞ্জিনীয়াৰ সকলৰ বৰ দুখ, ছেকেণ্ডহেণ্ড প্ৰেমিকাহে পায়। সকলোৱে বদনামো কৰে…..
    বঢ়িয়া লাগিল। ভুক্তভোগীয়েহে বুজে এইবোৰ। হাঃ হা‌ঃ।

    Reply
  • rintumoni dutta

    খুব ভাল লাগিল দাদা। বেদনাবোৰ ৰন্ধ্ৰে ৰন্ধ্ৰে উপলব্ধি কৰিছো

    Reply
  • সুকুমাৰ গোস্বামী

    ইঞ্জিনীয়াৰ সকললৈ সমবেদনা থাকিল 😢😢😢

    Reply
  • অভিজিত কলিতা

    অশেষ ধন্যবাদ সকলোকে

    Reply
  • abhijit goswami

    দাদা সমবেদনা দিয়াৰ বাদে নো কি কৰিম আৰু কওকচোন। অখিল ওলালে আন্দোলনৰ ঠিকা এটা দিৱ পাৰি নেকি বাৰু কিবাকৈ 😎

    Reply
  • সাম্প্ৰতিক সমাজৰ এখন জীয়া ছবি অভি দা৷ ভাল লাগিল পঢ়ি৷

    Reply
  • HEMANTA KAKATI

    তামাম লাগিল৷ মই এনেকুৱা এজন মুধাফুটা বুদ্ধিজীৱী cum ডাক্টৰক কোৱা শুনিছো বোলে ইঞ্জিনীয়েৰ মানে ডিঙিত দহ তোলাৰ সোনৰ চেইন আৰু মুখত জৰ্দাপান ভৰোৱা ছবিখনহে তেওঁৰ চকুলৈ ভাঁহি আহ‍ে৷

    লেখাটোক তীব্ৰ সমৰ্থন জনালো৷

    Reply
  • অঞ্জলি

    ককাই কিছু লিখিছে দেই ।

    Reply
  • কাবেৰী মহন্ত

    হয় দাদা, ইঞ্জিনীয়াৰ সকলৰ এই দুৰ্দশা সাহিত্যৰ পথাৰত অসহনীয়৷ জাগক দাদা, হিলাই দিয়ক সাহিত্যৰ ৰণভূমি৷
    খুউব ভাল লাগিল পঢ়ি

    Reply
  • Anonymous

    অসমীয়া সাহিত্যত মাইলৰ খুটি ৰূপে বিবেচিত হব এই লেখা। লেখকসকলে অলপ অধ্যয়ন কৰি চৰিত্ৰ এটা গঢ়িব লাগে। এই লেখাটোৰ দাবী সেইটোৱেই।

    Reply
  • কমল তালুকদাৰ

    “যত দোষ নন্দ ঘোষ !”– লেখাটি পঢ়ি আপ্তবাক্যশাৰী মনলে আহিল

    এটা ব্যতিক্ৰমী লিখ্নী , ভাল লাগি।

    Reply
  • কি লিখিছে অ অভি দা ৷ চুই গৈছে ৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    কম বেদনাত লিখিলেনে? চাহিত্যিকসকলে ক’ত বুজিব এইবোৰ কথা? আচলতে প্ৰেমিকাক ইঞ্জিনীয়াৰে থপৰিয়াই নিয়া বুলি ঈৰ্ষাতেই ইঞ্জিনিয়াৰক ভিলেইন সজায় কিজানি৷

    Reply

Leave a Reply

Your email address will not be published.