ফটাঢোল

অৰ্ধাংগীনি – ৰিজু বৰা

বিয়া হৈ এখন ভৰা ঘৰৰ বোৱাৰী হলোঁহি। আঠমঙলা হৈ গ’ল। অলপ বাহিৰ ভিতৰ কৰিব পৰা হ’লোঁ। মানে লাজটো অলপ কম হ’ল। এদিন পিছবেলা পিছ চোতালত বহি আছোঁ পিৰা এখন পাৰি। জা দুজনীও বহি আছে লগত। বৰজনা আহিল আৰু মোৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে।

বৰজনাঃ জেওৰা ব’ব জানা?
মইঃ (আচৰিত হৈ) ওঁহো।
বৰজনাঃ খৰি কাটিব জানা?
মইঃ (মনতে পুৰা খঙত) ওঁহো।
বৰজনাঃ কোৰ মাৰিব জানা?
মইঃ (একদম ভয়ত) ওঁহো…

মনতে ভাবিছোঁ, আৰু বা কি কি জানোঁ সোধে অ’! হেৰ’ বোলো সুধিবলৈ যদি ইমানেই মন আছিল বিয়াৰ আগতেই সুধিব লাগিছিল, ঊল গুঠিব জানা? ভূঁই ৰুব জানা? ইত্যাদি ইত্যাদি। এই আকৌ মতা মানুহৰ কাম কৰিব ক’ৰ পৰা জানিম! আকৌ লাগি গ’ল যেনিবা কেছেট আৰু দেই।

বৰজনাঃ গালি পাৰিব জানা?
মইঃ (ধেত তেৰি, জানোঁ ক’লেও বিপদ বালক নাজানোঁ ক’লেও বিপদ। একদম চুপ)

মনতে ভাবিছোঁ, ক’ত যে বিয়া হ’লোঁ নহয়! মাকে মনতে খুব গালি দিছোঁ।

এইবাৰ পুনৰ কেছেট আকৌ বাজিল।

বৰজনাঃ বিয়াত যে বিধি পাঠ কৰিছিল, ভাঙনি কৰি দি বুজাই দিছিল ভালকৈ শুনিছিলা?
মইঃ (ৰক্ষা) শুনিছিলোঁ। সকলো মনত নাই, কিতাপখনো পঢ়িছোঁ এবাৰ।
বৰজনাঃ কি কি নো মনত আছে কোৱা।
মইঃ (লাজত) সাত খোজ, অৰ্ধাংগীনি, সেৱা কৰা, কিবা কিবি কিবা কিবি…।
বৰজনাঃ হৃদয়ৰ কথা কি ক’লে?
মইঃ বুজাই দিছিল যে আজিৰ পৰা তোমাৰ হৃদয়খন মানুহজনৰ হ’ল আৰু মানুহজনৰ হৃদয়খন তোমাৰ হ’ল। হৃদয়ৰ একচেঞ্জ হ’ল। সেয়ে আজিৰ পৰা তোমালোকৰ যি সংসাৰ হ’ল তাত দুইজনৰ সমান সমান অংশ হ’ব। সা-সম্পত্তি, সন্মান, দুখ-সুখ সকলোতে সমান অংশীদাৰ দুয়ো (সুবিধা পাওঁতেই কৈ লৈছোঁ মোক যাতে একো কৰিব নোৱাৰে, মানে অত্যাচাৰ জাতীয়)। অৰ্থাৎ সকলোতে সমান। আধা আধা। দুইজন লগ হ’লেহে সম্পূৰ্ণ হ’ব। তুমি অৰ্ধাংগীনি আজিৰ পৰা। মানে মই যে কেনেকৈ অৰ্ধাংগীনি বুজাই দিলে।
বৰজনাঃ বুজিলা তেনেহ’লে সকলো?
মইঃ (হা না একো নাই, অনলি চাইলেণ্ট)।
বৰজনাঃ এতিয়া আমাৰ দুটাক চোৱা আৰু ডাঙৰ দুটাক চোৱা (মানে ডাঙৰ বৰজনা আৰু জা)। কি বুজিছা? মই বুজাই দিওঁ শুনা।

নফচা কেছেট, পুনৰ বাজিল
বৰজনাঃ মোৰ টকা মানে এওঁৰ টকা, দৰমহা দুভাগ। ঘৰ চলাওঁতে মোৰখিনি শেষ হ’লে এওঁৰ পৰা লওঁ। মানে গোটেই দৰমহা শেষ। (নুবুজিলোঁ তেতিয়া, এতিয়া বুজি পাওঁ)। মই এযোৰ কাপোৰ ল’লে এওঁকো এযোৰ দিওঁ। মই কিবা ভাল খালে এওঁকো দিওঁ। হ’ল নাই সমান সমান কোৱা? এওঁ ভাত বনালে মই পাছলি কাটি দিওঁ, মই কটা খৰি শেষ হ’লে এওঁ খৰি কাটিবই লাগিব তেতিয়া। মানে অৰ্ধাংগীনি( হাঁহি হাঁহি কৈছে)। মই জেওৰা দিওঁতে এওঁ মোৰ লগত সমানে দিয়ে, নহ’লে আকৌ অৰ্ধাংগীনি কেনেকৈ হ’ল। কোৰ এবাৰ মই মাৰিলে পিছৰবাৰ এওঁ মাৰে।
অৰ্ধাংগীনি কেৱল তেওঁ অকলে নহয়, ময়ো অৰ্ধাংগনা হয়। তেওঁ খঙত মোক গালি দিলে ময়ো খঙত পুৰা জাৰি দিওঁ। মানে দুখ, সুখ, খং, ৰাগ সকলোতে সমান হ’ব লাগিব যে।

বুজিছা, সেইকাৰণে সি শুই নুঠিলে তুমিও নুঠিবা। তুমি উঠিলে তাকো টানি উঠাই দিবা। সি গালি দিলে তাকো সমানে দিবা। এজাউৰি পাৰিলে বেছিকৈ দিবা। তোমাৰ গালি শুনি বেছি খঙত সি মাৰিবলৈ আহিলে তুমিও হেতা, বেলনা, খৰি যি পোৱা সেইটোৱেই লগাই দিবা ধাই ধাই। আৰু যদি ভালকৈ নাজানা এইবোৰ কৰিব, আমাক ফল’ কৰিবা। সেইকাৰণে বিয়াৰ আগতেই ল’ৰাক সুধিব লাগে বোলো ঊল গুঠিব জানা নে? ভাত ৰান্ধিব জানা নে? কেঁচুৱাৰ গু চাফা কৰিব পাৰিবা নে? এইবোৰ ছোৱালীয়ে তেতিয়া বিয়াৰ পিছত গালি দি দি নিশিকালেও হয় বুজিছা।

কৃষ্ণ গোঁসাই! নেদেখা গোঁসায়েও চাগৈ তৰকিবই নোৱাৰে অ’ বিয়াৰ পিছত কাজিয়া এখনৰ কাৰণে কিমান ট্ৰেইনিং লাগে। সেয়ে অৰ্ধাংগীনিৰ ফৰ্মূলা এপ্লাই কৰি সৰু-সুৰা কাজিয়া পেচালৰ মাজেৰে আছোঁ পাৰ কৰি ধুনীয়াকৈ জীৱনটো।

☆★☆★☆

8 Comments

Leave a Reply

Your email address will not be published.