ফটাঢোল

অ’ মোৰ আপোনাৰ দেশ – হেমন্ত কাকতি

আপোনালোকে সকলোৱে জানেই যে অসমীয়া ভাষাৰ All round development ৰ কাৰণে মই day and night কিমান effort দি আছোঁ, সেই কথা নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই, So মই directly লৈ যাব বিচাৰিম মোৰ লগত হোৱা সেই বিশেষ সাক্ষাৎকাৰটো লৈ যিটো 99.99 FM radio ষ্টেচন যোগে প্ৰচাৰ হৈছিল৷ তাৰ recorded version টো আপোনালোকৰ আগত শুনাব বিচাৰিছোঁ৷

99.99 FM radioৰ ষ্টুডিওত RJ চুলবুলিৰ লগত এখন্তেক!

RJ চুলবুলি:
হেলৌ গুৱাহাটী! নমস্কাৰ! গুড মৰ্নিং! আদাব! এয়া আপোনালোকে শুনি আছে অসমৰ নাম্বাৰ ওৱান এফ এম ষ্টেচন 99.99 FM radio. ষ্টুডিঅ’ৰ মজিয়াত মই আপোনালোকৰ হোষ্ট আৰু দোষ্ট RJ চুলবুলি৷ পোন প্ৰথমেই মই মুকলি কৰিছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান “ডান্স কৰি কথা পাতো তুমি আৰু মই” -এটি গীতেৰে…
So, শুনক, শুনাওঁক আৰু life ‘জিংগালালা’ কৰক!
(আৰু আমাৰ শুৱদী অসমীয়া ভাষাটোকো জিংগালালা কৰি তোলক!)

(ভৰক্ ভৰক্ ভৰক্… …বালা বালা বালা…… বালা বালা বালা
……সব কহে মুঝে চয়তান কি চালা………)

“ডান্স কৰি কথা পাতো তুমি আৰু মই”ত আজি আমাৰ মাজত আমাৰ সকলোৰে পৰিচিত এগৰাকী “সাহিত্যিক” “গোলাপশ্ৰী” হেমন্ত কুমাৰ বৰ কাকতি ওৰফে হেকা দা৷

So, শুনক, শুনাওঁক আৰু life “জিংগালালা” কৰক!

RJ চুলবুলি:
Good Morning ছাৰ৷ আমাৰ studioৰ মজিয়ালৈ আৰু লগতে মোৰ showলৈ আপোনাক স্বাগতম জনাইছোঁ৷ আমি বহুতো কথা পাতিব লগা আছে তাৰ আগতে আমাৰ শ্ৰোতা সকলৰ বাবে প্ৰিয় ডান্স নাম্বাৰ এটী শুনাই লৈছোঁ৷ কাৰণ আমি… ডান্স কৰি কথা পাতোঁ …তুমি আৰু মই! হাঃ হাঃ হাঃ…

(“তুমি আৰু মই” বুলি কোৱাৰ লগে লগে মই অলপ অপ্ৰস্তুত হৈ পৰিলোঁ, চুলবুলিৰ চকুত চকু ৰাখি অলপ দেৰি বুজিবলৈ চেষ্টা কৰিলোঁ, পিচে চুলবুলিয়ে চকু ঘুৰাই নি মবাইলৰ মেচেজ চোৱাত লাগিল৷)

মই:
Sure! Why not! বাই ডা ৱে মোক হেকা দা বুলিয়ে কব৷ ছাৰ বুলিলে কিবাকিবিখন লাগে বুজিছেনে?

(“গীত”টো বাজি থাকে৷)

(ভৰক্ ভৰক্ ভৰক্… …বালা বালা বালা…… বালা বালা বালা
……সব কহে মুঝে চয়তান কি চালা………)

RJ চুলবুলি:
আচ্ছা হেকাদা , এতিয়া আপুনি কওঁক, how did it all start? মানে আপনে য়ে সব কব চুৰু কিয়া? I mean কেতিয়াৰ পৰা আৰম্ভ হ’ল?

মই:
কি? (অলপ থতমৎ খাই ক’লো)

RJ চুলবুলি:
মানে এই Assamese Language টোৰ developmentৰ কামটো?

মই:
অহ, মই আকৌ বেলেগ কিবা বুলিহে ভাবিছিলোঁ৷

RJ চুলবুলি:
হাঃ হাঃ হাঃ, কওঁক আকৌ৷

মই:
Actually, মই যেতিয়া কলেজত পঢ়ি আছিলোঁ, দুবাৰ মান গেৰা মাৰিলোঁ…হাঃ হাঃ… ফ্ৰম ডেট টাইম ইউ ন’, কিবা এটা কৰাৰ খুউব ইচ্ছা আছিল৷ But ক’ৰ পৰা কেনেকৈ ষ্টাৰ্ট কৰো ধৰিবই পৰা নাছিলোঁ৷ And I was busy also, you know, so মই কামটো দেৰিকৈ আৰম্ভ কৰিলোঁ৷ মই দেখিলোঁ যে অসমত শিশু সকলে টিভিত কাৰ্টুন বৰকৈ চায়৷ মই এই “অল কায়দা”, “আই এচ আই এচ” আদি টেৰ’ৰিষ্ট সংগঠন বিলাকৰ ভিদিও চাই চাই এটা কথা জানিছিলোঁ যে মানুহ বা সমাজক গঢ় দিবলৈ হলে “কেটচ্ ডেম ইয়াং” মানে শিশু কালতে ধৰিব লাগিব৷ গতিকে মই প্ৰথমে টাৰগেট কৰিলোঁ ইয়াং জেনেৰেচনটোক৷ কিছুমান কাৰ্টুন কেৰেকটাৰ যেনে বেটমেন, ষ্পাইডাৰমেন, ষ্টোনমেন, আইৰণমেন, চক্তিমান, নিনজা হাতোৰি, ডোৰেমন আদিৰ দৰে চৰিত্ৰক লৈ অসমীয়াতে কমিক-বুক লিখা আৰম্ভ কৰিলোঁ৷ তাত বহুত Childrenৰ বাবে আকৰ্ষণীয় শব্দ যেনে “Boom!! Boom!!!”, Ting Tong!” “মাৰো মাৰো”, “গুলী কৰো!”, ” ফায়াৰ!” “দুচমনকো খটম কৰো”, “জিন্দা জ্বলা দো!” আদি শব্দৰ সমাহাৰ ঘটাই কেবাখনো “কমিক” পুঠি লিখি উলিয়ালোঁ৷ বচ! তাৰপিচতে মই আৰু পিচলৈ উভতি চোৱা নাই!

RJ চুলবুলি:
বুজিলোঁ, এনেকৈয়ে আপোনাৰ সাহিত্যৰ যাত্ৰা আৰম্ভ হ’ল৷

মই:
হয়, ডেট ৱাজ ডা বিগিনিং৷ মোৰ ভিতৰত ইতিমধ্যে এজন বেপাৰী আই মিন চেলচমেন সোমাই আছিলেই৷ চ’, মই এটা আইডীয়া ‘ৰি-ইনভেণ্ট’ কৰিলোঁ যে মোৰ কিতাপ বিক্ৰিৰ বাবে এটা নতুন পন্থা ল’ব লাগিব৷ আপোনালোকে জানেই, মানুহে কিতাপ কিনিবলৈ আজিকালি কোনেও বুক ষ্টললৈ নেযায়৷ “বুক-ফেয়াৰ” যিবোৰ হয় তাতেও মানুহে কিতাপ দুই এখন কিনে যদিও সেয়া পুৰাপুৰি “দিখাৱা” মানে show off. সেইবোৰৰ কাম কেৱল ফটো উঠাই লোকক দেখুৱাতে সীমাবদ্ধ৷ আজিকালি মানুহ পায় বিভিন্ন শ্বপিং মল আৰু “ইথনিক ফুড ফেষ্টিভেল” বোৰত৷ গতিকে মোৰ কমিক বুকৰ চেলচ্ ৰ বাবে ঠাই ঠিক কৰিলোঁ শ্বপিং মলত শিশুসকলৰ বাবে আচুতীয়াকৈ ৰখা প্লাচটিকৰ খেলনাবোৰৰ লগত৷ ৰঙ বিৰঙী কমিক বুকবোৰ নিমিষতে চেল হোৱা হ’ল৷ তাৰ পৰা ৰাহি হোৱা ধনেৰে টিভিত এডো দিয়া কৰিলোঁ৷ তাৰ পিচত মই ৰব লগীয়া ন’হ’ল৷

RJ চুলবুলি:
Okay, এতিয়া আমাৰ পুনৰ গীত শুনি ডান্স কৰাৰ টাইম হ’ল গতিকে এতিয়া শুনক পুনৰ এটা ডান্স নাম্বাৰ…আৰু শুনক শুনাওঁক আৰু লাইফ জিংগালালা কৰক!

(…মে নচে মে তল্লী হোগয়া ঐ কি কৰিও না কি কৰিও…
–দিল চৌৰি চা দা হোগয়া… ঐ কি কৰিও না কি কৰিও…
…অ’ মেডাম তেৰি চ্ছাল, তেৰি চিল্কি চিল্কি বাল…
— মে নচে মে তল্লী হোগয়া ঐ কি কৰিও না কি কৰিও…)

ওকে, হেকা দা, গীতটো শুনি কেনে পালে?

মই:
খুউব ধুনীয়া লাগিল৷ আজিৰ জেনেৰেচন জেদ্, আই মিন নৱ প্ৰজন্মই খুব ভাল পাব৷ তেওঁলোকৰ জীৱনশৈলীৰ লগত মিলি যোৱা ধৰণৰ, গতিকে চুপাৰহিট! ময়ো নব প্ৰজন্মক আকৰ্ষণ কৰিবলৈ যথেষ্ঠ কষ্ট কৰি কেইখনমান উপন্যাসো লিখি পাঠক সমাজলৈ আগবঢ়াই দিছোঁ যাতে তাত প্ৰত্যেকেই চৰিত্ৰসমূহৰ মাজত নিজকে বিচাৰি পায়৷ এইখিনিতে আৰু এটা কথা কওঁ যে মাৰ্কেটিং ষ্ট্ৰেটেজী হিচাবে মোৰ গ্ৰন্থ সমূহ অসমৰ বিভিন্ন ৰেলৱে ষ্টেচনৰ প্লেটফৰ্ম, বাচ আস্থান আৰু আলিয়ে গলিয়ে থকা সুৰা বিপনীসমূহতো উপলব্ধ কৰাইছোঁ৷ মোৰ ইতিমধ্যে প্ৰকাশ হোৱা উপন্যাসসমূহ সকলোবোৰেই “বেষ্ট চেলাৰ” যদিও তাৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হৈছে-

১) যৌৱনে আমনি কৰে৷
২) উত্তাল যৌৱনৰ মাদকতা
৩) কামনাৰ জুই

RJ চুলবুলি:
বুজিছোঁ, আপোনাৰ বেষ্ট চেলাৰ কিতাপবোৰ মোৰো কিনি থোৱা আছে, এতিয়া পঢ়িম বাৰু৷ তাৰ আগতে জানিব বিচাৰিম আৰু কিছু কথা৷ আপুনি এই বছৰ “গোলাপশ্ৰী” সন্মানো লাভ কৰিছে, তাৰ বাবে কেনে ধৰণে নিজকে প্ৰস্তুত কৰিছিল? আৰু তাৰ বাবে আপুনি কাৰোবাক ক্ৰেডিট দিব বিচাৰিব নেকি?

মই:
গুড কুৱেচন! মই ক্ৰেডিট দিম আমাৰ ৰাইজক, পঢ়ুৱৈ সমাজক আৰু বিশেষকৈ নৱ প্ৰজন্মক আৰু তেওলোকৰ মাক দেউতাকক৷ লগতে চৰকাৰকো থেংকচ দিম যে মোৰ দৰে এজন সাহিত্যিকক উন্নতিৰ জখলাত বগাবলৈ তেওলোকে অভূতপূৰ্ব বৰঙণি আগবঢ়াইছে৷ আজি পাঠকে নপঢ়িলে মোৰ কিতাপ বিক্ৰি হ’ল হেতেন জানো? চৰকাৰেও এই সত্যটোক স্বীকৃতি দি মোক সন্মানিত কৰিছে৷ অৱশ্যে তাৰ বিনিময়ত ময়ো “ক্ৰিটিকেল ইচ্ছু” বিলাকত চৰকাৰী পক্ষক হয় সমৰ্থন কৰিছোঁ, নহয় মাত নমতাকৈ পাকে প্ৰকাৰে সহায় কৰিছোঁ৷

“গোলাপশ্ৰী” বঁটা পাম বুলি কেতিয়াও ভবা নাছিলোঁ যদিও পেটে পেটে বঁটা বাঁহনৰ লোভ এটা নথকা নহয় বাৰু৷ মিছা কলে কিডাল হব? এই বঁটা বাঁহনে আমাৰ দৰে কবি সাহিত্যিকক আৰু বহুত কিবাকিবি কৰিবলৈ যুগে যুগে অনুপ্ৰেৰণা যোগাই আহিছে৷ আমাৰ চাম সাহিত্যিকে ভিতৰি ভিতৰি ৰাজনীতিৰ পথাৰখনো দখল কৰিব লাগিব৷ আমাৰ বিপথে পৰিচালিত যুব প্ৰজন্মক সঠিক পথ দেখুৱাৰ দায়িত্ব আমাৰেই নহয় জানো?

RJ চুলবুলি:
হয়, বাই ডা ৱে, কবি সাহিত্যিক বুলি কওঁতে আৰু এটা প্ৰশ্ন মনলৈ আহিল, আপুনি বেচ কিছু কবিতাও লিখি উলিয়াইছিল৷ আপোনাৰ “ৰুবী বাৰ্মাৰ পেটিকোট” নামৰ কবিতাটো ফেচবুকত ভাইৰেল হৈছিল৷ নাৰী মুক্তি সংগঠন সমূহে এই কবিতাটোক নাৰী স্বাধীনতাৰ প্ৰতীক ৰূপে আদৰি লৈ বিভিন্ন সভা সমিতিত পাঠ কৰি বাঃ বাঃ লৈছিল৷ যথেষ্ঠ সংখ্যক পাঠকে আদৰি লৈছিল৷ তাকে লৈ যথেষ্ঠ “কনট্ৰোভাৰ্চী”ও হোৱা মনত আছে৷ সেইটো কবিতাৰ বিহাইণ্ড ডা কাৰটেইন, আই মিন আৰৰ কাহিনীটো আমাৰ শ্ৰোতাক কব নেকি?

মই:
হয়, চাওঁক, কনট্ৰোভাৰ্চী বা “চনচনি খেইজ” “পৈদা” কৰাটো হ’ল কবিৰ ক্ৰেডিট৷ সকলোৱে এইটো কৰিব নোৱাৰে৷ মানুহে নতুনত্ব বিচাৰে৷ এই নতুনত্বৰ চাপ্লাই আৰু ডিমাণ্ডৰ মাজত ব্যৱধানটো হিউজ, ইউ ন’! মাৰ্কেটত ডিমাণ্ড আহিলে চাপ্লাই লাগিবই৷ এইটো কবিতা কোনোবাই যৌনধৰ্মী বুলি কব পাৰে৷ কিন্তু মই তাত “পেটিকোট” শব্দটোক বেলেগ এটা দৃষ্টিকোনেৰে চাব বিচাৰিছোঁ৷ পেটিকোট হৈছে নাৰীৰ শৰীৰৰ এক আবৰণ৷ এই আৱৰণে নাৰীৰ লগত সংঘটিত বিভিন্ন ঘটনাৰ সাক্ষী হৈয়ো ৰয়৷ মানৱ শৰীৰ আৰু মনস্তত্ব একেটা “কইন”ৰ ইপিঠি সিপিঠি৷ মনস্তত্বক ইগন’ৰ কৰি শৰীৰক চালে নহব৷ আজিৰ যুব সমাজে বনৰীয়া চৰাই বা ফুল বা প্ৰকৃতিক লৈ লিখা কল্পনাৰ কবিতাতকৈ প্ৰেক্টিকেল ইচ্ছুবোৰক প্ৰায়’ৰিটি লিষ্টত বেচি আগত ৰাখে৷ তেওঁলোকে বাহ্যিক আবৰণৰ ভিতৰত কি আছে সেই কনচেপ্টটোত বেছি গুৰুত্ব দিয়ে৷ সেই গুৰুত্বক শিৰত তুলি মহিলা সকলেও বাহ্যিকতাক গুছাই চিধাই “অন্দৰ কী বাত” জনোৱাটোহে উচিত বুলি গন্য কৰে৷ গতিকে তাৰ বৰ্ণনা ইজ ভেৰী এচেনচিয়েল ইউ ন’৷

RJ চুলবুলি:
(মূৰটো অলপ খজুৱাই)ওকে হেকা দা, আমাৰ সময়ো হৈ আহিছে৷ আপোনাৰ লগত কথা পাতি খুউব ভাল লাগিছে কিন্তু এৰিব লাগিব আৰু ক্ষন্তেক সময়ৰ পিচত৷ আপুনি গোলাপশ্ৰী পোৱাৰ পিচতে নতুন মাৰ্চিডিজ গাড়ীও ললে৷ কিতাপৰ ৰয়েলটীও নিশ্চয় বহুত আহিছে, আপোনাৰ এই জয়যাত্ৰা অব্যাহত থাকক৷ ভবিষ্যত প্ৰজন্মক বাট দেখুৱাই লৈ যাওঁক৷ সদৌ শেষত আপোনাৰ আপকামিং প্ৰজেক্ট কি হব তাৰ বিষয়ে অলপ কওঁক৷

মই:
আপকামিং প্ৰজেক্ট বুলিবলৈ অসমীয়া চিনেমা কেইখনমান বনাম বুলি ভাবি আছোঁ য’ত হলীউদ, বলীউদ বা ছাউথ মাৰ্কা ছবিতকৈও বেছি “মাল-মছলা” থাকিব৷ পাবলিক ডিমাণ্ড ইউ ন’৷ দুখনমান ছবিৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে৷ আটাইকেইজন ছবিৰে প্লট আই মিন কাহিনী মোৰ চুপাৰহিট উপন্যাসৰ পৰাই লোৱা হৈছে৷ কাহিনীবোৰ আৰু “ব’ল্ড” হব৷ ছানী লিয়নীৰ দৰে হিৰোইন আমি অসমতো তৈয়াৰ কৰিব লাগিব৷ ৰাইজে ভাল পাব বুলিয়ে মোৰ বিশ্বাস৷

RJ চুলবুলি:
ঠিক আছে হেকা দা, আপোনাৰ সাহিত্য আৰু সংস্কৃতিৰ যাত্ৰা আৰু অধিক ‘সফল’ হওঁক আৰু আমাক লগতে দৰ্শক শ্ৰোতাক মনোৰঞ্জনৰ যোগান ধৰক লগতে অসমৰ কলা, সংস্কৃতি, ভাষা আৰু সাহিত্যক আৰু অধিক আগুৱাই লৈ যাওঁক৷ পুনৰ লগ পাম বুলি আশা কৰিলোঁ৷ ধন্যবাদ, গুড নাইট, চব্বা খেইৰ!

এণ্ড ডিয়েৰ লিষ্টেনাৰচ্, বিফ’ৰ চেইং গুডবাই প্লিজ থোৰা গানা চানা হো জায়ে! শুনি থাকিব অসমৰ নাম্বাৰ ওৱান এফ এম ষ্টেচন 99.99 FM radio, ডান্স কৰি কথা পাতো তুমি আৰু মই৷ দৰ্শক আৰু শ্ৰোতাক পুনৰ লগ পোৱাৰ আশাৰে আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ৷ ধন্যবাদ৷

মই:
থেংকচ্ এ লট, গুড নাইট RJ চুলবুলি, মোক কথাখিনি কবৰ সুযোগ দিয়া বাবে৷

(নেপঠ্যত বাজে-

মুঝে হোৱাটচ এপ য়ে কৰতা হেই
মেৰা লোকেচন চেক কৰতা হেই
ৱহা পে না জানা, য়হা পে না জানা
চালা মুঝে চক কৰতা হেই, মেৰিৱালা ডিং ডং কৰতা হেই…)
****

(সাক্ষাৎকাৰটো সম্পূৰ্ণ কাল্পনিক, বাস্তৱৰ কোনো চৰিত্ৰৰ লগত অকনো মিল থাকিলে সেয়া অনাকাংক্ষিত বা কাকতালীয় হব৷)

☆ ★ ☆ ★ ☆

11 Comments

Leave a Reply

Your email address will not be published.