ফটাঢোল

আঁচড় (মূল:সমৰেশ মজুমদাৰ) অনুবাদ- মুনমুন সৰকাৰ শইকীয়া

দিন দুপৰতেই ঘৰখন ভুতবাংলাৰ দৰে লাগে।

এই আবাসস্থলৰ শেষ বাসিন্দা হৰশংকৰ ৰয়। দুপৰীয়া চিঠি এখন পঢ়ি আছিল। বৰ্ধমানৰ জীৱন বাবুৱে লিখা, আপোনাৰ ছোৱালীজনী আমাৰ ভাল লাগিছিল। পচন্দ কৰিছিলোঁ। কিন্তু তাই যদি বিয়াত নবহোঁ বুলি সিদ্ধান্ত লৈয়েই পেলাইছিল তাক মাতি নি ইমানখিনি অপমান নকৰাহেঁতেনো হ’লহেঁতেন!

চিঠিখন পঢ়ি উঠি দোষী দোষী দৃষ্টিৰে তেওঁ ভিতৰফালে চাই পঠালে। বিশাল  দীঘল বাৰাণ্ডাত কেৰমবোৰ্ড এখন পাৰি  থোৱা আছে। ষ্ট্ৰাইকাৰৰ খটখট আৱাজ  ভাঁহি আহিছে। কেৰমৰ এফালে সৰু ল’ৰা এজন। সিফালে থকাজনী অত্যন্ত ছিৰিয়াছ। বয়সে নিমিলা সঙ্গীৰ সৈতে খেলোঁতেও তাইৰ মনোযোগ মন কৰিবলগীয়া। বয়স পঁচিছ বছৰমান হ’ব, চালেই চকুৰোৱা, কেৱল কপালৰ বাওঁফালে থকা এক ইঞ্চিমান গভীৰ দাগটোৰ বাহিৰে। সেইপিনে ৰেডিঅ’ত নাটক এখন সম্প্ৰচাৰ হৈ আছে। ৰেডিঅ’ কেৰমৰ কাষতেই থৈ দিয়া আছে।

দ্বিতীয় চিঠিখন হৰশংকৰে খুলিলে। কলিকতাৰ চৌধুৰী কোম্পানীৰ চিঠি। ইয়াৰ আগেয়ে কেইবাখনো পাইছে। এই ঘৰখনৰ অন্য অংশীদাৰ সকলে নিজৰ নিজৰ অংশ সেই কোম্পানীক বিকিবলৈ বাধ্য হৈছিল। ইমান কৰ-কাটল পৰিশোধ কৰিবলগীয়া আছিল যে ঘৰখন নিলাম হোৱাৰ উপক্ৰম হৈছিল। তাৰোপৰি এই ভিতৰুৱা গাঁৱত আজিকালি কোনো মানুহেই থাকিব নিবিচাৰে। চহৰত একো‌ একোটা ব্যৱস্থা কৰি যিয়ে যেনেকৈ পাৰে আঁতৰি গৈছে। এই পুৰণি অংশীদাৰী ঘৰখনতনো থাকিব কোন? কোম্পানীয়ে লিখিছে আৰু এমাহমানৰ পিছৰ পৰা তেওঁলোকৰ কাম আৰম্ভ হ’ব। গতিকে সেই সময়ৰ আগেয়ে তেওঁলোকে ঘৰ খালী কৰি দিব লাগিব। কোম্পানীৰ প্ৰতিনিধি হিচাপে ইঞ্জিনীয়াৰ এজন অলপদিনৰ ভিতৰতেই আহি পাবহি।

ৰেডিঅ’ত যিখন নাটক চলি আছিল তাৰ এতিয়া শেষ পৰ্ব। প্ৰচণ্ড বাক-বিতণ্ডা চলি আছে অভিনেতা-অভিনেত্ৰীৰ মাজত। হৰিশংকৰ খুব ব্যস্ত হৈ পৰিল। তেওঁৰ নজৰ গ’ল কেৰমবোৰ্ডৰ ফালে। দুয়োখন হাতেৰে কাণ দুখন হেঁচা মাৰি ধৰি ছোৱালীজনী প্ৰস্তৰ মূৰ্তিৰ দৰে বহি আছে। চকু মুখত অদ্ভূত যন্ত্ৰণা ফুটি উঠিবলৈ আৰম্ভ কৰিছে। হৰশংকৰে তেওঁৰ অলৰ অচৰ গাৰে দৌৰি গৈ পোৱাৰ আগতেই ছোৱালীজনী চিঞৰি উঠিল। তাইৰ গা থৰথৰকৈ কঁপিবলৈ ধৰিলে। কঁপনি উঠিছে। লগৰ ল’ৰাটোৱে হতবাক হৈ তাইলৈ চাই আছে। হৰশংকৰে ৰেডিঅ’ বন্ধ কৰি জীয়েকক ধৰিলে। মূহুৰ্তত তাই জ্ঞান হেৰুৱাই পেলালে। উৎকণ্ঠাৰে হৰশংকৰে মাতিলে,

” সুবৰ্ণা, আইজনী।”

এমাহ সময় তেনেই কম। তিনিওজন  ল’ৰাৰ লগত ইয়াকে লৈ মনোমালিন্য। সিহঁতে বিচাৰিছে স্ত্ৰী, কন্যা লৈ হৰশংকৰ তেওঁলোকৰ সৈতে গৈ থাকক। কিন্তু কলিকতালৈ এইজনী ছোৱালী কোনো কাৰণতেই নাযায়।

কোনো ধৰণৰ চিঞৰ বাখৰ তাইৰ নাৰ্ভে সহ্য কৰিব নোৱাৰে। উত্তেজিত কণ্ঠস্বৰ শুনিলে তাই হিষ্ট’ৰিয়া ৰোগীৰ দৰেই আচৰণ কৰে। সেইটো কাৰণেই তাই কলেজত পঢ়িবলৈ চহৰলৈ যাব নোৱাৰিলে, সেয়েহে গাঁৱৰ এই নিৰ্জন পৰিৱেশ এৰি ক’লৈকো যোৱাৰ কথা উঠা নাছিল। তেনে কোনো ঘটনা ঘটিলেই গোটেই দিনটোৱেই তাই কিবা এটা চিন্তা কৰি কৰি বিছনাখনতেই পৰি থাকে। হয়, এয়া এক মানসিক ব্যাধি, মানসিক ৰোগৰ চিকিৎসা কৰা ডাক্তৰক দেখুওৱা নিতান্তই দৰকাৰী। ল’ৰাকেইটাই কেতিয়াবাই কৈছে। কিন্তু সুবৰ্ণাক কোনোপধ্যেই গাঁৱৰপৰা লৈ যাব নোৱাৰি। আজি যে ৰেডিঅ’ত তেনে এখন নাটক হ’ব কোনেনো ভাবিছিল। শুই থকা জীয়ৰীৰ মূৰৰ শিতানত বহি থকা ঘৈণীয়েকক উদ্দেশ্যি তেওঁ ক’লে, “আকৌ চিঠি এখন আহিছে। এজন ইঞ্জিনীয়াৰ আহি আছে।”

“কিয়?” সুধাময়ীয়ে জীয়েকৰ মূৰত আঙুলি বুলাই থাকোঁতে হঠাৎ থমকি ৰয়।

“ঘৰখনৰ দখল নিবলৈ চাগে, একমাহৰ সময় দিছে, কি যে কৰিম মই!”

“ইয়াতেই থাকিব লাগিব, দত্তই ঘৰ ভাড়াত দিব বুলি কৈ থৈছে।”

“অসম্ভৱ। এই গাঁৱত মই ভাড়াঘৰত থাকিম?”

“তেতিয়াহ’লে কি কৰিব?”

“তেনেকুৱা হ’লে চহৰলৈ যাব লাগিব। বৰ্ধমানৰ জীৱন বাবুয়ে চিঠি পঠাইছে। খুব কাঢ়া কৈ লিখিছে। তোমাৰ ছোৱালী যদি বিয়াত নবহে তেন্তে আৰু পাঁচজন মানুহক কিয় হাৰাশাস্তি কৰি মাৰিছা?” হৰশংকৰে উত্তেজিত হ’বলৈ লৈও নিজকে চম্ভালি ল’লে। সুবৰ্ণা টোপনিত। সুধাময়ীৰ চকুত পানী, আঙুলি সুবৰ্ণাৰ কটা দাগৰ ওপৰত।

পিন্ধনত হালধীয়া শাড়ী, মেলা চুলিৰে সুবৰ্ণাই বাৰান্দাত থিয় দিয়েহি। তাইৰ মুখখন শান্ত, চেহেৰাত স্নিগ্ধতা কিন্তু চকুৰ চাৱনিত আৰু ওঁঠৰ কোণত এটা গাম্ভীৰ্যৰ চাপ আছে। বাৰান্দাৰ সন্মুখত ৰৈ আছিল চাৰিৰ পৰা পাঁচ বছৰ বয়সৰ শিশুবোৰ। ইহঁতবোৰ আটাইয়ে এই গাঁৱৰ নিম্ন শ্ৰেণীৰ খেতিয়কৰ পৰিয়ালৰ। ইহঁতৰ পোছাক দেখিলেই গম পায়। সুবৰ্ণাক দেখিয়েই সবে কলকলাই উঠিল। সুবৰ্ণাই ক’লে,

“সৰু সৰুকৈ পাতা, ইমান চিঞৰিব নাপায়।”

শিশুবোৰ শান্ত হ’ল। এতিয়া সিহঁত সুবৰ্ণাৰ সন্মুখত বহি আছে। যদি কোনো বিশেষ বাধা বিঘিনি নহয় তেন্তে প্ৰতিদিন দুপৰীয়া এই ল’ৰা ছোৱালী কেইটাক সুবৰ্ণাই পঢ়ুৱায়। ইহঁতে এতিয়া আখৰ চিনি পায়।

ছন্দগীত শিকোৱাৰ পাল আজি। এই কামটো কৰি সুবৰ্ণাই  আনন্দ পায়। এই অৱহেলিত শিশুসকলৰ লগত সময় কটাবলৈ পালে তাই তৃপ্ত হয়।

সুবৰ্ণাই ছন্দগীত গাই আছিল, শিশুবোৰে কুমলীয়া মাতেৰে আওঁৰাই আছিল। এটা সময়ত সুবৰ্ণাই বিৰতি লওঁতেই শিশুবোৰে সৰলতাৰে উচ্চাৰণ কৰিলে, “সাত কৌটি সন্তানেৰে হে মুগ্ধ জননী,

ৰাখিলি বঙালী কৰি, মানুহ নবনালি।”

সুবৰ্ণাই চকু কেইটা মুদি আছিল, হঠাৎ  শিশুবোৰ ৰৈ গ’লত তাই চকু মেলি চাওঁতেই দেখিলে এজন সুঠাম দেহৰ পুৰুষ শিশুবোৰৰ পিছফালে আহি ৰৈছেহি।

সুবৰ্ণাৰ চেলাউৰি কোঁচ খালে।

যুবকজনে ক’লে, “ক্ষমা কৰিব, মই ব্যাঘাত ঘটালোঁ চাগে। এই ছন্দ গীত শুনি মজা লাগিল।”

সুবৰ্ণাই বিৰক্তিৰে সুধিলে, “মজা লাগিল মানে, আগতে কেতিয়াও নাই শুনা নেকি?”

এই মানুহজনক তাই কেতিয়াও দেখা মনত নপৰে। তেওঁ যে এইখন গাঁওৰ নহয় সেইটো কিন্তু খাটাং।

“শুনিছোঁ কিন্তু অৰ্থ উপলব্ধি কৰিব পৰা নাই।”

“অৰ্থটো আপোনাক বুজাব নালাগে চাগে?”

“লাগিব কাৰণ সাত নহয় বৰ্তমান সেই সংখ্যা সত্তৰৰ ঘৰ পাইছে।”

আপোনাৰ খং উঠিছে। যুবকজনে অলপ হাঁহিলে, “মানুহ হোৱা নাই, বঙালী হৈছে এইটো বুজিবলৈ সহজ। কিন্তু ইমান কৌটি মানুহৰ জননী মুগ্ধ হ’ল কেনেকৈ ভাবি চাইছে নে কেতিয়াবা?”

“আপোনাক লাগে কি?”

“একো নালাগে, ইয়াত হৰশংকৰ ৰায় থাকে, কেনেকৈ তেখেতক লগ পাম জনাব নেকি?”

“সিফালৰ দৰ্জাখনেৰে ওপৰলৈ খটখটি বগাই উঠি যাওক।”

“ধন্যবাদ। “যুবকজনে বিনম্ৰ ভংগীৰে নিৰ্দিষ্ট ৰাস্তাৰে আগুৱাই গ’ল। সুবৰ্ণাৰ খং তেতিয়াও মাৰ যোৱা নাছিল।

হৰশংকৰে বুজি উঠা নাছিল কিদৰে যুবকজনক অপ্যায়ন কৰিব। সুধাময়ী বিষ্ময়েৰে ওৰণি টানি হৰশংকৰৰ পাছফালে থিয় হৈ থাকিল। সিপিনে চকী এখনত যুবকজন বহিল। তেওঁৰ নাম সোমনাথ।

হৰশংকৰে ক’লে, “মই আজি জীৱন বাবুৰ চিঠি পাইছোঁ, মই ভীষণ লজ্জিত বোধ কৰিছোঁ। তেওঁ ঠিকেই লিখিছিল।”

সোমনাথে সুধিলে, “আপোনালোকৰ অসুবিধাটো ক’ত?”

 এইবাৰ সুধাময়ীয়ে ক’লে, “কোনো অসুবিধা নাই বোপাই, ছোৱালীজনী বিয়া নহয় বুলি আকোৰগোজ।”

সোমনাথে হাঁহিলে, “সেইটো গম পাওঁ। কিন্তু কিয়? কিবা ব্যক্তিগত অসুবিধা আছে নেকি?”

হৰশংকৰে লৰালৰিকৈ অস্বীকাৰৰ ভংগীমাত মূৰ জোকাৰিলে, “নাই নাই, মোৰ ছোৱালীজনী এনেই বিৰাট ভাল।”

“মোক লৈ কিবা আপত্তি?”

“নাই, নাই, তোমাৰ দৰে দৰা পোৱা ভাগ্যৰ কথা।”

“আপোনালোকে গম পায় নে মই ক’ত চাকৰি কৰোঁ?”

“শুনিছিলোঁ, কলিকতাত, খবৰ-খাতি লোৱাৰ আগতেই …”

“একো ভুল নুবুজিব, আপোনালোকে কৈছে কোনো অসুবিধা নাই অথচ আপত্তি আছে, মই ঠিক ধৰিব পৰা নাই। মোৰ অলপ কৌতুহল উপজিল। তাইক বাহিৰত লগ পাই আহিছোঁ। দেখি একো গম নাপালোঁ।”

সোমনাথ বহাৰ পৰা উঠিল

সুধাময়ী অস্থিৰ হৈ উঠিল, “নাই বোপাই, মোৰ জীয়েকজনী সম্পূৰ্ণ সুস্থ।”

“সেইটো আপোনালোকৰ কথা।” সোমনাথে ক’লে।

“এক মাহৰ ভিতৰতেই ঘৰটো খালী কৰিব লাগিব আপোনালোকে।”

“তুমি কেনেকৈ গম পালা? হৰশংকৰ ভয়ত বিতত হ’ল। “এই খবৰ গাঁৱত কোনেও গম নাপায়।”

“মই জানো। কেতিয়ালৈ খালী কৰিব?”

হৰশংকৰ অলপ হতভম্ব হ’ল। যিটো খবৰ গাঁৱত কোনেও গম নাপায়।

ক’লে, “চাওঁ, কি কৰোঁ।” অৱশেষত ছোৱালীজনীৰ বাবেই—”

সোমনাথে ক’লে, “কথা এটা আপোনালোকক ক’বলৈ থাকিল। মই ইঞ্জিনীয়াৰ। চৌধুৰী কোম্পানীতেই কৰ্মৰত। গাঁৱৰ কাষৰ নদীখনত যি কাম হ’ব সেইটোৰ দায়িত্ব মোৰ, লগতে এই ঘৰৰ দখল লৈ অফিচ আৰম্ভ কৰাৰ কাম কোম্পানীয়ে মোকেই দিছে। চাকৰিৰ খাতিৰত মই কেতিয়াবা টানকৈ কিবা ক’বলগীয়া হ’ব পাৰে। যাওঁ দিয়ক।”

দুগৰাকী শিল পৰা হেন মানুহক সেই অৱস্থাত এৰি থৈ সোমনাথ নামি আহিল। বিশাল ঘৰ দুৱাৰ। সবকেইটা কোঠালি তলামৰা। এই অংশটো খালী হ’লেই কাম আৰম্ভ কৰিব পৰা হ’ব। কাষৰ নদীখনত মাথাউৰিৰ কাম আৰম্ভ হ’ব। ডাঙৰ অৰ্ডাৰ পাইছে কোম্পানীয়ে।

সৰুকৈ আৱাজ এটা হ’লেও ডাঙৰকৈ প্ৰতিধ্বনিত হয়। বুকুত হেঁচি ধৰা শূণ্যতা চাৰিওফালে। সোমনাথে খটখটকৈ নামি আহোঁতে সুবৰ্ণাক দেখি গ’ল, আঁচলেৰে পিঠিখন ঢাক খোৱা। ল’ৰা ছোৱালীবোৰ ইতিমধ্যে গৈছে। কাষেৰে পাৰ হৈ আহোঁতে, সুবৰ্ণাই মাতিলে, “ৰবচোন।”

জিজ্ঞাসাৰ দৃষ্টিৰে সোমনাথে ঘূৰি চালে।

“মুগ্ধ জননী– এই শব্দ দুটাত আপোনাৰ আপত্তি কিয়?”

“আপত্তি আছে। কবিয়েও এইটো ব্যঙ্গাত্মক বাবেই কৈছে বোধকৰোঁ। সত্তৰ  কৌটি মানুহৰ মাক এগৰাকী বাৰু কি যুক্তিত মুগ্ধ হ’ব যদি সন্তানক মানুহ ৰূপে গঢ়ি তুলিব নোৱাৰে? তেওঁৰ মাক হোৱাৰ অধিকাৰেই নাই, মুগ্ধ হ’ব কেনেকৈ, নহয় জানো?”

সুবৰ্ণাই ৰ’ লাগি চাই আছিল সোমনাথৰ মুখলৈ। সোমনাথে হাঁহিলে, “এই ধৰক গোটেই দেশখনত কিমানবোৰ নদী। আমি কবিতাৰ ভাষাত কওঁ নদীমাতৃক দেশ। আমি যদি মথাউৰি নাবান্ধিলোঁহেঁতেন, নদীৰ পানী নিয়ন্ত্ৰণ নকৰিলোঁহেঁতেন তেন্তে এই নদীমাতৃক দেশখন গোটেই বছৰ ধৰি জলমগ্ন হৈ থাকিলেহেঁতেন। কেৱল আৱেগ নহয় লগতে দায়িত্ববোধ নাথাকিলে জননী শব্দৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব নোৱাৰি। মই চাগে আপোনালোকৰ পঢ়াত ব্যাঘাত ঘটালোঁ, খুব বিৰক্ত কৰিলোঁ তাৰ বাবে পুনৰাই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ।” সোমনাথে কাষেৰে ওলাই গুচি গ’ল। সুবৰ্ণাই একোৱেই নামাতিলে। তাইৰ দৃষ্টি শূণ্য। একো বোধেই কাম কৰা নাই।

নদীৰ পাৰত জৰীপৰ কাম চলি আছিল। বিশাল নদী প্ৰতি বছৰেই নদীখনে পাৰ খহাই দেশ বুৰাই পেলায়। সেই নদীক বান্ধি পেলোৱা হ’ব। বিজ্ঞানে চেষ্টা কৰিব সেই ধৰি ৰখা পানীক শুকান খেতিপথাৰ লৈ পঠাবলৈ। নদীৰ কাষতেই অস্থায়ী তম্বু পাৰিছে।

তম্বুৰ সন্মুখত চাপৰ টেবুল এখনত নক্সাখন থৈ সোমনাথে চাই আছিল। তেওঁৰ কেইজনমান সঙ্গী দুয়োকাষত থিয় হৈ আছে। হঠাত ওপৰলৈ চাওঁতে দেখিলে সুবৰ্ণা আহি আছে। লগৰ কেইজনক কামটো চলাবলৈ কৈ সি সুবৰ্ণাৰ মুখামুখি হৈ সুধিলে,

“আৰে আপুনি?”

সুবৰ্ণাই গহীন হৈ সুধিলে, “ঘৰৰ দখল কেতিয়ালৈ ল’ব বুলি ভাবিছে?”

“যিকোনো এদিন হ’লেই হ’ল। কিন্তু আপোনালোকক দিয়া এমাহৰ সময়  সীমা শেষ হ’বলৈ এতিয়াও দেৰি আছে।” সোমনাথে হাঁহি হাঁহি ক’লে, “আপোনাক ইয়াত বহিবলৈ ক’বলৈও জেগা নাই।”

“মই ইয়ালৈ বহিবলৈ অহা নাই, আপুনি আমাৰ ঘৰলৈ কিয় গৈছিল? কোম্পানীৰ হুকুম মানি দখল ল’বলৈ নে মই কিয় বিয়াত বহিবলৈ ৰাজী নহয় সেয়া জানিবলৈ?” খঙতে নিজৰ ওঁঠতেই নিজেই কামুৰিলে সুবৰ্ণাই।

“যদি কওঁ দুয়োটাই!”

“তেন্তে আপুনি সীমা চেৰাই গৈছে। কোম্পানীৰ হৈ যিমানটো জানিব লাগে সিমানটো জনাই আপোনাৰ উচিত আছিল। যিদিনাই দখল বিচাৰে তাৰ তিনিদিন মান আগতেই কৈ দিলে হ’ল, আমি ঘৰ খালী কৰি দিম।”

“কলৈ যাব?”

“সেয়া আপুনি নাজানিলেও হ’ব।”

ঠিক সেইসময়তেই নদীৰ তীৰত কিবা খেলিমেলি লাগিল। জোখমাখ কৰিবলৈ অহা দলৰ এজন শ্ৰমিকে চিঞৰি আন এজনক কিবা কওঁতেই সেইজনে উত্তেজিত হৈ গালি পাৰিবলৈ ল’লে। ক্ৰমান্বয়ে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হ’ল। সোমনাথে সহযোগী এজনক পৰিস্থিতিৰ বুজ ল’বলৈ পঠাই সুবৰ্ণাৰ ফালে ঘূৰি চাওঁতেই আচৰিত হৈ পৰিল। ছোৱালীজনীৰ মুখখনৰ অস্বাভাৱিক পৰিৱৰ্তন হৈছে। থৰথৰকৈ ওঁঠযোৰ কঁপিছে, ঘোলাদৃষ্টি। সোমনাথ আগবাঢ়ি আহিল, “আপোনাৰ কি হৈছে?”

সেইসময়ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিল। সোমনাথৰ সহযোগীজনে সিহঁতৰ সৈতে কথা পাতি আছে। সোমনাথৰ সেইফালে উমঘাম নাই, ছোৱালীজনীৰ হঠাতে হোৱা পৰিৱৰ্তনৰ বিষয়ে কিবা বুজি বিব্ৰত হৈ সি প্ৰশ্ন সুধিবলৈ ধৰিলে। শেষত নিজৰ চেতনা ঘূৰাই পোৱা যেন লাগিল সুবৰ্ণাৰ।

আৰু ঠিক তেতিয়াই তাইক খুব বিষন্ন দেখাইছিল। নিৰাসক্ত মুখেৰে তাই ক’লে, “যাওঁ।”

“কিন্তু আপোনাক খুব অসুখীয়া নিচিনা লাগিছে, আপোনাৰ হৈছে কি?

“একো নাই। ঠিক আছে তেন্তে-।”

সুবৰ্ণাই যাবলৈ লওঁতেই সোমনাথে বাধা দিলে, “অসম্ভৱ। এনেকৈ আপোনাক যাবলৈ দিব নোৱাৰি। বলক, মই থৈ আহিমগৈ।”

সুবৰ্ণাই শেষবাৰৰ বাবে আপত্তি দৰ্শালে, “আপুনি মিছাকৈয়ে ব্যস্ত হৈ উঠিছে!”

সোমনাথে ক’লে, “মই জানো আপোনাৰ জেদ অলপ বেছি। কিন্তু এইবাৰৰ বাবে আপুনি মোৰ কথা শুনিব লাগিবই।”

সাৰ্ভেৰ কামৰ কাৰণে অনা একমাত্ৰ জীপ গাড়ীৰে সোমনাথে সুবৰ্ণাক থ’বলৈ যাব ওলাল। ড্ৰাইভিং ছীটৰ কাষত দুয়োখন হাতেৰে মুখখন ঢাকি বহি আছিল সুবৰ্ণা। বিশাল ঘৰখনৰ চৌহদত গাড়ীখন ৰখাই সোমনাথে সুধিলে, “এতিয়া কেনে লাগিছে?”

সুবৰ্ণাই ওপৰলৈ মূখ তুলি  চালে। সন্মতিসূচক চাৱনিৰে নামিবলৈ লওঁতে এখোজ দিলত সোমনাথে আকৌ প্ৰশ্ন এটা কৰিলে, “আচ্ছা আপোনাৰ কপালত এই আঁচোৰ কিহৰ?”

লগে লগে সুবৰ্ণা হতচকিত হ’ল। তাৰপিছত নিজকে চম্ভালি লৈ ক’লে,

“মোৰ দুৰ্ভাগ্যৰ।”

“দুৰ্ভাগ্য?”

“সোমনাথবাবু, আপোনালোকক অপমানিত কৰা হৈছে যদি ভাবে মই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। মই, মই-,
মোৰ বিয়া হ’বলৈ একেবাৰে মন নাই।”

এই কথাটোৰ সৈতে এই আঁচোৰৰ কি সম্পৰ্ক?

সম্পৰ্ক আছে । দাপোনত এই আঁচোৰটো দেখিলেই মুগ্ধ জননীৰ বেয়া মানুহবোৰৰ  ছবি দেখিবলৈ পাওঁ। তাৰোপৰি দেখিলেই নহয় মই মাজে মাজে কেনেকৈ অসুস্থ হৈ পৰোঁ! কাকোৱেই বিব্ৰত কৰিবলৈ মোৰ আৰু মন–।

কথা শেষ নকৰাকৈয়ে তাই ওঁঠটো কামুৰি ধৰিলে।

সোমনাথে বন্ধুত্বসূচক ভংগীত ক’লে,

“ছবিকেইখন মোকো দেখুৱাব নে?”

অলপ দেৰি ভাবিলে সুবৰ্ণাই। তাৰপিছত অলপ গহীন হৈ ক’লে, “মোৰ ওচৰত এখন এলবাম আছে। সেই এলবামত প্ৰথম ছবি আমাৰ ডাঙৰ আহল-বহল ঘৰখনৰ। এনে জৰাজীৰ্ণ নাছিল তেতিয়া। এইখন গাঁৱৰ আটাইতকৈ ডাঙৰ পৰিয়াল হিচাপে আমাৰ পৰিয়ালৰ প্ৰসিদ্ধ আছিল। মোৰ দেউতা আছিল অষ্টম সন্তান। আঠজনকৈ ককাই ভাইৰ সন্তানৰ চিঞৰ বাখৰে গোটেই ঘৰখন গমগমাই ৰাখিছিল। ককাৰ মৃত্যুৰ পিছতেই ঘৰৰ চেহেৰা সলনি হৈ গ’ল। সকলোৱে নিজৰ নিজৰ ভাগৰ সম্পত্তি বেলেগে বেলেগে লৈ ল’ব খুজিলে। অধিকাৰ ভগোৱা যে কি বস্তু সেয়া মই তেতিয়া বুজি পোৱা নাছিলোঁ যদিও চিনাকি মুখবোৰ হঠাৎ অচিনাকি লাগিবলৈ লৈছিল। দিনে-ৰাতিয়ে কাজিয়া পেচাল। কোনো এজন ভায়েকে যেন তেজৰ সম্পৰ্কক আৰু মানি ল’ব পৰা নাছিল। মোৰ তেতিয়া মাত্ৰ পাঁচ বছৰ। তেনেকুৱা কিবা এটা হ’লেই মই ভয়তে আইতাৰ ওচৰলৈ গুচি গৈছিলোঁ। সেই মুগ্ধ জননীয়ে তেতিয়া গোঁসাইঘৰত চকু মুদি তেওঁৰ শালগ্ৰাম শিলাক চিন্তি কান্দিছিল আৰু মই তেওঁৰ আঁচলত ধৰি মনে মনে বহি ভাবি থাকিছিলোঁ। এই ঘৰলৈকে যেন সেই স্বাৰ্থপৰ চিঞৰকেইটা সোমাই নাহে। কিন্তু চহৰত এঘৰত জুই লাগিলে গোঁসাইঘৰো পুৰি ছাৰখাৰ হৈ যায়। সম্পূৰ্ণ ঘৰৰ ভাগ বটোৱাৰা হোৱাৰ পিছত বৰতাহঁত গোঁসাইঘৰৰ ফালে আহিলে। তাত আইতাৰ শালগ্ৰাম শিলা আছিল যি আছিল  সম্পূৰ্ণ সোণৰ। থাপনা সহ  সেই শিলা আঠভাগ কৰিব লাগিব। থাপনাখন ভাঙি পেলাবলৈ স্বৰ্ণকাৰ এজনকো লগত লৈ অনা হ’ল, তেওঁৰ লগলাগি থাপনাত হামলা কৰা হ’ল। আইতাই কাকুতি-মিনতি কৰিলে, তেওঁৰ থাপনাখনক অন্ততঃ ৰেহাই দিবলৈ। তেওঁক জোৰ কৰি থাপনাৰ ওচৰৰ পৰা আঁতৰাই দিয়া হ’ল। মোৰ বিস্ফাৰিত চকুৰ সন্মূখতেই তেতিয়া থাপনাত শায়িত শালগ্ৰাম শিলালৈ সিহঁতৰ লেতেৰা হাতবোৰ আগবাঢ়িবলৈ ল’লে ঠিক সেইসময়ত আইতাৰ চিঞৰ শুনিবলৈ পালোঁ, “মাজনী, মোৰ ঈশ্বৰক বচা।”

“পাগলৰ দৰে দৌৰি গৈ আছিলোঁ সেইফালে আৰু তেতিয়াই এজন বৰদেউতাই সেই শালগ্ৰাম শিলা  দলি মাৰি দিলে। লক্ষ্যহীন ভাবে। মোৰ কপালে যেন সেয়া নিজৰ ফালে টানি ল’লে। মই জ্ঞান হেৰুৱাই পেলাইছিলোঁ। কেৱল মনত আছিল যে শেষ মূহুৰ্তত তেজেৰে ৰাঙলী পৰ্দা এখন যেন মোৰ চকুৰ আগত আহি ৰৈছেহি আৰু মানুহবোৰক বহুত বেলেগ যেন দেখা গৈছে।”

সুবৰ্ণাই দীঘলকৈ উশাহ ল’লে, “এই ছবিবোৰ মোৰ এলবামত নাই। কিন্তু যেতিয়াই মানুহৰ স্বাৰ্থসন্ধানী চিঞৰবোৰ কাণলৈ আহে তেতিয়াই মই কেইটামান ৰঙা কুকুৰনেচীয়া বাঘ দেখিবলৈ পাওঁ!”

সোমনাথে মমত্বৰে ভৰা দৃষ্টিৰে চালে, “আপোনাৰ আইতা মুগ্ধ জননী আছিল কিন্তু নিজৰ সন্তানবোৰক মানুহ ৰূপত গঢ়িব নোৱাৰিলে!”

“হয়তো।”

“হয়তো নহয় , সেইটোৱেই কথা। আপোনাক কৈছিলোঁ নহয়, নদীৰ পানী ভাল কিন্তু তাইৰ দেহত বান্ধ প্ৰয়োজনীয়। মানুহৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই, শিক্ষাৰ বান্ধ, ৰুচিৰ বান্ধ, সংযমৰ বান্ধ- কিন্তু আপোনাক মোৰ কিবা এটা সুধিবলগীয়া আছে।”

“কওক।”

“আপুনি নিজকে নষ্ট কৰি পেলাব কিয় খোজে?”

“নষ্ট কৰিব খোজোঁ?”

“নিশ্চয়। অতীতৰ এটা মাত্ৰ স্মৃতি কিয় ধৰি আছে?”

“মই নহয়, স্মৃতিয়ে মোক আৱৰি আছে। এই দোষসমূহ লৈ মই কাৰোৰেই জীৱন অসুস্থ কৰিব নোখোজোঁ। তাৰোপৰি মোৰ যিবোৰ সন্তান হ’ব সিহঁতেও এদিন থাপনাখনৰ ভাগ বটোৱাৰা কৰে কিজানি? নহয় জানো?”

সুবৰ্ণা নামি আহিল। সোমনাথে ক’লে,

“ৰ’ব”।

তাৰপিছত গাড়ীৰ পৰা নামি ক’লে,

“মানুহে যেতিয়া প্ৰথমবাৰৰ বাবে জুই ব্যৱহাৰ  কৰিছিল তেতিয়া হাত পুৰিছিল নিশ্চয়, কিন্তু তেতিয়াই যদি জুইক বাতিল কৰি দিয়া গ’লহেঁতেন তেতিয়া হ’লে সভ্যতায়ে এতিয়াও আদিম গুহাবোৰত মুখ গুজি থাকিলহেঁতেন, নহয় জানো?”

“মানে?”

কেৱল মুগ্ধতাৰেই নহ’ব তাৰ সঠিক ব্যৱহাৰ হ’ব লাগিব, জানে নিশ্চয়! আপোনাৰ কপালৰ সেই আঁচৰটো বেলেগ ধৰণে ব্যৱহাৰ কৰিবলৈ লওক।

“ইয়াৰ অর্থ?”

“অভিজ্ঞতাই মানুহক অভিজ্ঞ কৰে। আৰু অভিজ্ঞ মানুহে হে কামবোৰ ঠিককৈ কৰে। সত্তৰ কৌটি মানুহৰ দেশত আপোনাতকৈ সুস্থ কোনো হ’ব নোৱাৰে। এই সুযোগ কিয় হেৰুৱাইছে?”

“মোৰ কিয় ভয় হয়!” সুবৰ্ণাৰ মুখত দ্বিধাগ্ৰস্ততা।

সোমনাথে ক’লে, “নদীৰ এফালে মথাউৰি দিলে আনটো ফাল খহি যাব পাৰে। কিন্তু দুয়োফালে মথাউৰি দিলে পানী নিয়ন্ত্ৰণ হ’বই। আপুনি যদি মোক সেই সুযোগটো দিয়ে তেন্তে সোণৰ থাপনাখন আৰু টুকুৰাটুকুৰ নহয়।

সুবৰ্ণাই হাঁহি দিলে,  পোনপ্ৰথমবাৰৰ বাবে সুবৰ্ণাক হঁহা দেখিলে সোমনাথে। তাৰপিছত জনশূণ্য বিশাল ঘৰখনলৈ চাই ক’লে, ইয়াৰ পৰাই আপোনাৰ মাক মাতিব পাৰিব নে?”

“মাক? ইয়াৰ পৰা? কিয়?”

“উত্তৰটো অলপ দেৰি পিছত দিম।”

“নুশুনিব চাগে।”

“শুনিবলৈ পোৱাকৈ মাতক। এজনী জীয়ৰীয়ে মাকক মাতিছে।”

 সুবৰ্ণাৰ  অলপ দ্বিধা হ’ল কিন্তু তাই কিবা এটা মজাও পালে। তাৰপিছত উদাত্ত কণ্ঠেৰে মাতিলে, ” মা-আ-আ!”

আৰু ঠিক সেই নাভিৰ পৰা ওলোৱা ধ্বনি যেতিয়া আগফালৰ ঘৰৰ প্ৰতিটো কোঠাত প্ৰতিধ্বনিত হৈ ঘূৰি আহিছিল তেতিয়া তাইৰ এনে লাগিল সমস্ত পৃথিৱীখন হঠাৎ খুব ৰমণীয় হৈ উঠিছে। তাইৰ উজ্জ্বল মুখখনৰ আগেদি এজাক পাৰ চৰাই ডেউকা মেলি উৰি গ’ল আত্মীয়সকলৰ পৰিত্যক্ত কোঠালীৰ পৰা।

এই অমৃত যেন শব্দটো কাণত পৰোঁতেই মুগ্ধ দৃষ্টিৰে সুবৰ্ণাই সোমনাথৰ পিনে চালে। সোমনাথে ক’লে,

“আপোনাৰ মা-দেউতা ওপৰৰ বাৰান্দাত আছে। মই আপোনাৰ সৈতে ভিতৰলৈ যাব পাৰিমনে?”

ফৰকাল সুবৰ্ণাই সুৰ্যৰ দৰে হাঁহি মাৰিলে, হাঁহি হাঁহি সন্মতি দিলে।

☆ ★ ☆ ★ ☆

3 Comments

  • সুকুমাৰ গোস্বামী

    মজ্জা লাগিল

    Reply
  • Sadananda Bhuyan

    বহুত ভাল লাগিল ।

    Reply
  • মানসী বৰা

    বৰ ভাল লাগিল…

    Reply

Leave a Reply

Your email address will not be published.