ফটাঢোল

আই হেভ নাথিং টু ৱেৰ (মোৰ পিন্ধিবলৈ একোৱেই নাই) – মূল: ৰশ্মি ত্ৰিৱেদী (অনুবাদ: অভিজিৎ কলিতা)

বন্ধুৰ ঘৰত পাৰ্টি আছে যাব লাগে লৰালৰিকৈ,
পিছে শ্বপিং যে কৰাই নহ’ল, এতিয়া কি কৰো মই?
আইনাৰ আগত ৰৈ আছো, হাবাথুৰি খাই;
হে ভগৱান! মোৰ যে পিন্ধিবলৈ একোৱেই নাই।
ৱাৰড্ৰৱ খোলোতেই নতুনকৈ লোৱা ছ্যুটযোৰ পৰিল মাটিত,
আকৌ হেঁচি ভৰাই থ’লো, নধৰিছে আৰু আলমাৰিত,
এইজোৰ অলপ চিলাব লাগিব, (আৰু) হাত দুখন লগোৱাই নাই
মাই গড! মোৰ যে আজি পিন্ধিবলৈ একো নাই।
যোৱা মাহত কিনা ৰঙা গাউনটোকে পাৰি চোন পিন্ধি যাব;
পিছে সেইটো পিন্ধি গ’লে জানো মানুহে নাহাঁহিব?
‘লালপৰী’ বুলি ‘ইনচাল্ট’ খাবলৈ মোৰ একেবাৰে মন নাই,
ইচ ৰাম! মোৰ যে পিন্ধিবলৈ একোটো নাই।
অহ! ডিচকাউণ্ট চে’লত কিনা ক’লা ড্ৰেছটো পিন্ধাই ভাল,
মোৰ গাৰ ৰঙৰ লগত সেইটোৰ মিলিব সুৰ-তাল,
কিন্তু সেইটো যে ‘শ্লীভলেছ’ আৰু মই ‘ৱেক্সিং’ কৰা নাই,
সঁচাকৈয়ে মোৰ পিন্ধিবলৈ আজি একোডালেই নাই।
মোৰ ছোৱালীজনীয়ে নতুনকৈ কিনা ‘এথনিক স্কাৰ্ট’টোলৈ দেখুৱাই,
সেইটো এতিয়ালৈকে শ্বপিং বেগৰ পৰা উলিওৱাই হোৱা নাই;
হ’লেও তাৰ লগত মেটচিং কৰা ‘টপ’ ক’ত পাম ভাই?
কি যে কৰো, মোৰচোন পিন্ধিবলৈ একোৱেই নাই।
সেইবোৰ বাদ, কেজুৱেলকে পিন্ধো, জীনচ আৰু টী ছাৰ্ট,
কিন্তু পুৰণা জীনচবোৰ সোমাব জানো মোৰ গাত?
মিছানো কি কম? মই আগৰদৰে গাভৰুজনী হৈ থকা নাই,
বিশ্বাস কৰক, মোৰ পিন্ধিবলৈ একোৱেই নাই।
এমাজনত কিনা নীলা কুৰ্টীটো আকৌ ইস্ত্ৰী কৰাই নাই,
আৰু এইটো পাৰ্টীত শাৰী পিন্ধি মই ‘বেহেনজী’ সাজিবলে নাই,
মোৰ সঁচাকে ভয় লাগিছে এতিয়া, কি যে হ’ব উপায়?
আজি মোৰ পিন্ধিবলৈ এটাও কাপোৰ নাই।
সাঁচি ৰখা কাপোৰ দুটামান আছে, পিছে চাইজ সৰু হ’ব
ফিগাৰটো আকৌ ভাল হ’লে সেইবোৰ পিন্ধিব পৰা যাব,
কিছুমান আকৌ মৰমতে পেলাই দিয়া হোৱা নাই,
ভগৱান! মোৰ পিন্ধিবলৈ একোৱেই চোন নাই।
নাৰী হোৱা ইমান সহজ নহয়, নিজেই বুজিব চাগে,
সেইকাৰণেই আমাৰ ওলাবলৈ ইমান সময় লাগে,
নাৰীৰ বাবে সাজি কাচি ওলোৱা, দুঃস্বপ্ন ভৰা কাম,
বুজিব নোৱাৰি আপোনালোকে দিয়ে মিছা বদনাম,
ৱাৰড্ৰৱ ঠাহ খাই থাকিব পাৰে, পিছে সময়ত একো নাপায়,
বিশ্বাস কৰক বা নকৰক, মোৰ পিন্ধিবলৈ একো নাই।

★★★★

Leave a Reply

Your email address will not be published.