ফটাঢোল

আকৌ এবাৰ শৰাইঘাট-শ্রী খনিন্দ্র ভূষণ মহন্ত 

ইঞ্জিনীয়াৰিঙত পঢ়াসকলে ভালকৈয়ে জানে যে, সেই চাৰিটা বছৰত আমি ইঞ্জিনীয়াৰিঙৰ বাদে আন সকলো কথাই শিকিবলৈ চেষ্টা কৰোঁ। ‘পঢ়া-শুনা’ বোলা কামটো ‘ক’-কাৰিকুলাৰ এক্টিভিটি’তহে কিবাকৈ ৰৈগৈ! একপ্রকাৰৰ অলিখিতি নিয়ম বুলি ক’লেও বৰ এটা বঢ়াই কোৱা নহ’ব নিশ্চয়।

ঠিক তেনেকুৱা এটা সময়ৰ কথা। পাৰ কৰি অহা পাঁচটা ষাণ্মাসিকৰ অভিজ্ঞতাৰে পুষ্ট হৈ তেতিয়ালৈ বুজি উঠিছিলোঁ যে ‘জার্ণেল’ লিখিবিলৈ কমেও এসপ্তাহ সময় লাগে। আচলতে লিখা বুলি যে কৈছোঁ, অকল লিখোঁহে। ভিতৰত হাতী-ঘোঁৰা-বাঘ-ভালুক কি থাকে সেইবোৰত মূৰ ঘমোৱাৰ পৰা বহুদূৰত থাকোঁ। এবাৰ এখন ‘জার্ণেল’ত এনেকুৱাও হৈছে যে প্রকৃত নিয়মমতে মাপাঙ্ক (ৰিডিং)খিনি লৈ সেই অনুসৰি ‘গ্রাফ’ আঁকিব লাগে। কিন্তু আমাৰ হাতত থকা মাপাঙ্কখিনি পাতি দিলে গ্রাফে যিহে কিম্ভূত-কিমাকাৰ ৰূপ লয়, সেইটোৰপৰা হাত-সাৰিবলৈ এক পন্থা অৱলম্বন কৰা হৈছিল। মাপাংক বহুখিনি ইফাল সিফাল কৰি পাৰফেক্ট গ্ৰাফ এখন বনাব পাৰি, কিন্তু তাতো ভয় আছে। ধৰা পৰিলে নিৰ্ঘাত ‘বেক’ লাগিব। আটায়ে মূৰে কপালে হাত দি বহি থাকোঁতে তাৰ মাজতে এজনে ক’লে,

: অলপ মেনুপুলেট কৰিলে একো নহয় দে। দুইৰ লগত এক যোগ কৰি আমি তিনিৰ ঠাইত দুই দশমিক আঠমান পালেই হ’ল।

কথাষাৰ আটায়েৰে মনপূত হ’ল আৰু তেনেকৈয়ে এখন পার্ফেক্টলি ইম্পার্ফেক্ট গ্রাফৰ সৃষ্টি হৈছিল সিদিনা। চাৰৰ চকুতো একো বিসংগতি ধৰা নপৰিল, হয়তো ইমানবোৰ প্ৰজেক্ট ৰিপোৰ্ট হোৱা বাবে ওপৰা-উপৰিকৈ চালে।

ষষ্ঠ ষাণ্মাসিকৰ সময়ৰ কথা, ‘মিনি প্রজেক্ট’ এটা কৰিব লাগে। আমাৰ চাৰিজনীয়া গ্ৰুপটোত মই, মোৰ ৱালমেট দুটা আৰু বেলেগ হোষ্টেলৰ এজন। এইখিনিতে এটা কথা কৈ থওঁ, আমাৰ চাৰিওটা প্রাণীৰ এটা কথাত বিৰাট মিল, আটাইকেইটা চূড়ান্ত এলেহুৱা। প্রজেক্টৰ লিষ্ট এখন দি তাৰপৰা এটা নির্বাচন কৰা, প্রয়োজনীয় সামগ্রীৰ তালিকা প্রস্তুত কৰা, ‘চার্কিট’ বিচৰাৰপৰা প্ৰজেক্ট ৰিপোৰ্ট লিখালৈ এমাহ সময় ধাৰ্য্য কৰা হৈছিল।

প্ৰজেক্টটো এপ্ৰুভ কৰাই আনিবৰ বাবে প্ৰথম সপ্তাহতে আধৰুৱা তালিকা এখন লৈ বিভাগীয় ছাৰৰ ওচৰ চাপিছিলোঁগৈ। আমাৰ গ্রুপটোৰ নামকেইটা দেখিয়েই ছাৰে যিটো বেঁকা হাঁহি মাৰিলে, আমাৰ বুজিবলৈ বাকী নাই যে তেওঁৰ মনত কি কথাই ঢৌ খেলি আছিল।

পিছৰফালে প্ৰজেক্টৰ কথা পাহৰাৰ দৰেই হ’ল, মাহৰ শেষৰফালেহে কাম আৰম্ভ হ’ল। ‘চলডাৰিং’ কৰোঁতে কেইটা ডায়’ড (Diode) জ্বলিল, ‘ট্রেক’ কাটোঁতে কেইখন ‘পিচিবি’ বেয়া হ’ল সেই অধ্যায় থাকক। যেন-তেন ‘মেনেজ’ কৰি কিবাকৈ ‘আউট-পুট’ ওলাল। লেঠাটো লাগিল ৰিপর্ট লিখোঁতেহে! অতদিনে নিজে ভাবি সেইবোৰ লিখাৰ ৰেকর্ডেই নাই। কেতিয়াও প্রয়োজনেই হোৱা নাছিল। সেইবাৰহে পৰিল ‘ফৰিঙৰ মৰণৰ কাল!’ এইবোৰ ভাবি থাকোঁতেই পৰীক্ষালৈ হাতত সময় বুলিবলৈ এদিনহে থাকিলগৈ!

কি লিখিম, কেনেকৈ লিখিম আদিক কেন্দ্র কৰি এটা ৰাতি ৰুদ্ধদ্বাৰ বৈঠক হ’ল। এজনে ক’লে,

: আব্বে ইনষ্ট্ৰাকচন আৰু কনক্লুচন ঠিককৈ লিখিলে হৈ যাব, মাজৰখিনি কিবাকিবি ভৰালে হৈ যাব। ইমানবোৰ ৰিপৰ্ট কতনো চাৰৰ পঢ়ি চাবলৈ সময় হ’ব।

ভাবিলোঁ ঠিকেইতো, চাৰৰ ক’ত ইমান সময়, ওপৰা- উপৰিকৈ চাব। তাতে আমি পূৰ্বৰ অভিজ্ঞতাৰে পুষ্ট।

তাৰপাছত আৰম্ভ হ’ল ‘মিচন- প্রজেক্ট ৰিপর্ট।’ সকলোৱে নিজৰ মাজতে কোনে কি লিখিম ভগাই ল’লোঁ। “লাচিতে যদি ৰাতিৰ ভিতৰতে গড় বান্ধিব পাৰিছিল, আমিনো এটা প্রজেক্ট ৰিপর্ট লিখি উলিয়াব নোৱাৰিমনে!”- এনে এটা বাক্যই মনে-ঘৰে পিট-পিটাবলৈ ধৰিলে। সেই সময়ত ইণ্টাৰনেট ইমান সুলভ নাছিল। গতিকে হাততে পোৱাতে থকা কিতাপ দুখনমান মেলি দেখাত শুদ্ধ যেন লগা কথাবোৰ অলপ অলপকৈ লিখি পেলালোঁ।

পুৱালৈ ৰিপর্ট সাজু হ’ল। আমাৰমতে আমি ‘ফালি দিছোঁ’। “এইটো ধেমালি ৰিপর্ট লিখিছোঁ আমি! ছাৰহঁত ‘ফাগলাই’ যাব।”- পৰীক্ষাৰ আগদিনা আমাৰ এজনৰ ভাষ্য আছিল এইটো।

যথা সময়ত প্রজেক্ট নিৰীক্ষণ আৰু ‘ভাইভা’ আৰম্ভ হ’ল। ব্যৱহৃত পৰীক্ষণ সঁজুলিৰ ওপৰত দুই-এক প্রশ্ন সুধি প্রজেক্টটো ‘ভেৰিফাইড’ হ’ল বুলি জনালে। ভাইভা চলি আছিল ঠিক-ঠাককৈ। মাজে-মাজে দুই-এটা উত্তৰ দিব পাৰিছোঁও বাৰু। এপাকত ছাৰে ‘ৰিপর্ট’টো লৈ এখন এখনকৈ পাত লুটিয়াই পঢ়িবলৈ ধৰিলে। শংকাত আমাৰ চাৰিওটাৰে অৱস্থা বেয়া প্ৰফেচাৰে ভাল নাপালে বহুতে ‘ৰিপিট’ দিবলগীয়া হয়। এবাৰ কৰিবলৈকে টান হৈছে, আকৌ কৰিব লগা হ’লে কি গতি হ’ব -তাকে ভাবি আমাৰ পেটতে হাত-ভৰি লুকাল। তেওঁৰ অভিব্যক্তিয়ে আমাক চিন্তাত পেলালে।

: এইটো কালি ৰাতি বনাই আনিছা ন?

ছাৰৰ প্রশ্নটো শুনি আমি অবাক! ইটোৱে-সিটোৰ মুখলৈ চালোঁ। ছাৰে কেনেকৈ জানিলে?

: বহুত দেখিছোঁ তোমালোকৰ নিচিনা। মোৰ অভিজ্ঞতা তোমালোকতকৈ বেছি বুজিছা। এনেকৈ নহ’ব। এটা কাম কৰিবা। তোমালোকে ‘ৰিপর্ট’টো আকৌ বনাই আনি দিবাহি।

উপায়হীন হৈ আমিও সেইটোতে সহমত দিলোঁ।

: ছাৰ, কেতিয়া জমা দিব লাগিব?

 প্রায় দুই মিনিটমান ভাবি-চিন্তি ছাৰে ক’লে-

: ২২ তাৰিখে দি দিবা।

প্রথমে আমিও বৰ বিশেষ ভবা নাছিলোঁ। পাছমুহূর্ততে মনত পৰিল, আৰে, আজিতো ২১ তাৰিখ! দিনটোৰ আধা গ’লেই, হাতত মাত্ৰ এটা ৰাতি, য’ত নেকি কমেও এসপ্তাহৰ দৰকাৰ।

বহুত কাকূতি-মিনতি কৰাৰ পিছত ছাৰে এটা দিন বঢ়াই দিলে। এসপ্তাহৰ কাম দুদিনত কৰিব লাগিব, ৰ’বলৈ সময় নাই। নিজৰ ভাগ্যকে দোষ দি ৰূমলৈ আহিলোঁ। আটায়ে আহি কামত ধৰিলোঁ, মোমাই কঁটা গড় সাজিছোঁ, চাৰৰ ৰোষত পৰিলে চাৰিওটাই কঁটা যাম। চকুয়ে বিদ্ৰোহ কৰিলেও মগজুৱে চকুৰ পতা লৰিবলৈকে অনুমতি দিয়া নাই। একে ৰাতিতে গড় বান্ধিবলৈ লোৱাৰ দৰে কথা, আমাৰ হাতত যেনিবা দুটা দিন দুটা ৰাতি। শেষৰফালে আটাইৰে অৱস্থা কাহিল। তথাপি কোনো শুব পৰা নাই। কোনোবা এজনে টোপোনিয়ালে হ’ল, সাৰে থকাকেইজনে লাচিত হ’বলৈ সাজু। অৱশেষত দুটা উজাগৰি নিশা কটোৱাৰ পিছত আমাৰ প্ৰজেক্ট ৰিপোৰ্টখন সাজু হ’ল। তৃতীয় দিনা বিধ্বস্ত চেহেৰাৰে আটাইকেইজনে ৰাতিপুৱাই ছাৰৰ কেবিনত গৈ ওলালোঁ, ছাৰে এবাৰ ৰিপৰ্টলৈ চাই, এবাৰ আমাৰ ফালে।

: দুদিন শুৱা নাই নহয় জানো?

: হয় ছাৰ।

মূৰ খজুৱাই খজুৱাই ক’লোঁ।

চাৰে এইবাৰ হাঁহিলে।

তাৰ পাছত আমাৰ ফালে চাই কলে,

: হ’ব যা, ঠিকে আছে সৱ।

আটায়ে ফূৰ্তিত ক’ব নোৱৰা হৈ ওলাই আহিলোঁ। এয়া শৰাইঘাটৰ ৰণ জিকি অহাৰ উলাহ।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.