ফটাঢোল

আখৰা-ৰিমঝিম বৰঠাকুৰ

: তুমি প্লীজ মোক আমাৰ মইনাকণৰপৰা তাইৰ কাপোৰ এজোৰ আনি দিব পাৰিবানে?

 

: মইনাকণৰ কাপোৰ কালৈ কিয়?

 

ঘৈণীয়েক নীতাৰ নাভূত নাশ্ৰুত কথাত আচৰিত হৈ গিৰিয়েক জয়ন্তই চিঞৰি সোধাৰ দৰেই সুধি পেলালে।

 

: ধেৎতেৰিকা তোমাক কিবা এটা কোৱাই ভুল অ’৷

 

বুলি নীতা অৰ্থাৎ নীতালিমা গোস্বামীয়ে মুখখনৰ বিশেষ এটা ভাঁজ দি গেঙেৰি মৰাদি মাৰি তেওঁলোকৰ বেডৰূমৰপৰা খৰখেদাকৈ ওলাই গ’ল।

 

মইনাকণ হৈছে জয়ন্ত গোস্বামীৰ ঘৰত বনকৰা মানুহগৰাকী। আজি কেইবাদিনো ধৰি তাই কামলৈ অহা নাই। কিবা বোলে গিৰিয়েকে পাচলি বিক্রী কৰিবলৈ যাওঁতে কৰবাত ঠেলাসহিতে বাগৰি পৰি হাত এখন ভাঙিল। ভৰিতো অকণমান দুখ পাইছে। সেয়ে এতিয়া মইনাকণে ঘৰখনৰ লগতে গিৰিয়েকৰ আলপৈচান ধৰি পাচলি বিকিবলৈও ওলাই যাব লগা হোৱাত গোস্বামীৰ ঘৰলৈ আহিবলৈ সময় নোহোৱা হৈছে। সেইকথা বাৰু তাই গোস্বামীৰ পৰিবাৰক জনাই দিছে। নজনালে আৰু তাই নীতাৰ বকনি খাই মৰিলেহে হ’ব।

 

চাবলৈ গ’লে গোস্বামীৰ ঘৰত কাম বৰ বিশেষ নাই। যিকেইটা আছে শ্ৰীমতী গোস্বামীয়ে ধুনীয়াকৈ কৰি ল’ব পাৰে। দিনটোতো গোস্বামী ঘৰত নাথাকেই। বেংকৰ চাকৰিয়াল মানুহ, সময়মতে ঘৰৰপৰা ওলাবই লাগিব। ইফালে দুটা ল’ৰাৰ, দুয়োটাই বাহিৰত পঢ়ি আছে। গতিকে ঘৰখনত দিনটো থাকে নীতালিমা গোস্বামী। দিনটো থাকে বুলি অৱশ্যে ক’ব নোৱাৰি। তেওঁৰ সপ্তাহটোৰ দুদিন যদি মহিলা সমিতিৰ মিটিং থাকে তেন্তে তিনিদিন তেওঁ পাৰ্লাৰতে থাকেগৈ। আৰু যি কেইদিন ঘৰত থাকে দিনৰ দিনটো ফোনত কাৰ লগত ‘গছিপিং’ কৰি থাকে সেয়া কেৱল তেওঁ জানে। মইনাকণে মাত্ৰ এইফালৰপৰা কথাবোৰ শুনি এটা ধাৰণা কৰি পেলাইছে মিচেছ দত্ত আৰু কটকী মিচেছ গোস্বামীৰ ঘোৰ শত্ৰু। আৰু কেৱল ভাল যদি আছে তেওঁ নিজেই, যি কাৰো বদনামো নাগাই, কাকো নকলো নকৰে। নকল নকৰিলেও কেতিয়াবা গোস্বামীক কোৱা মইনাকণে নিজেই শুনিছে যে মিচেছ দত্তই কিট্টী পাৰ্টীত পিন্ধি অহা গাউনটোৰ নিচিনা চেম গাউন এটা পিন্ধিবলৈ তেওঁৰ খুউব মন। কিন্তু তেওঁ বুকু ডাঠ কৰি ক’ব পাৰিব যে সেইটো গাউনত মিচেছ দত্ততকৈ তেওঁক বেছি ধুনীয়া লাগিব। এইবোৰ কৰি থাকোঁতেই তেওঁৰ ঘৰৰ কামলৈ আজৰিয়েই নহয়।

 

তেওঁলোকৰ ঘৰলৈ পুৱা সাত বাজি ত্ৰিশ মিনিটত অহা মইনাকণে ঘৰৰ কাম-বন কৰি দুপৰীয়াৰসাঁজ ৰান্ধি একেবাৰে এঘাৰ বাজি ত্ৰিশ মিনিটমানতহে যাবগৈ পাৰে। তাৰপিছত আকৌ সন্ধিয়া সাতমান বজাত আহি ৰাতিৰ সাঁজটো ৰান্ধি থৈ যায়হি। সেইখিনি সময়ত নীতালিমা প্ৰায়েই ঘৰত নাথাকে। জয়ন্ত গোস্বামী অলপ আগে আগে আহি ঘৰ সোমাইহি। তেওঁক চাহ একাপ দি মইনাকণে ৰাতিৰ আহাৰ ৰন্ধাত লাগে। তাই ৰান্ধি-মেলি, বাচন-বৰ্তন ধুই যাবলৈ লয় মানে সিফালে জয়ন্ত গোস্বামীৰ প্ৰথম পেগটো ল’বৰ হয়। উইক ডেইজত তেওঁ মাত্ৰ দুটা পেগ লয়। সেইখিনি সময় তেওঁৰ। সেয়ে সেইখিনি সময়ত জয়ন্ত গোস্বামীয়ে ঘৈণীয়েক নাথাকিলেও বৰ বেয়া নাপায়। থকা মানে দত্তনী, কটকীনীৰ বদনাম শুনাহে। তেওঁ শেষৰ পেগটো প্ৰায় শেষ কৰাৰ সময়ত নীতালিমা ঘৰ সোমাইহি। অলপ পলম হ’লেও গোস্বামীয়ে একো নকয়। জানেই সমাজ সেৱা কৰা মানুহ ক’ত কেতিয়া আৰ্জেঞ্চি আহি যায় ঠিক নাই। কেতিয়াবা তেওঁৰ সুধিবলৈ মন যায় এইবোৰ কামত সমাজ সেৱা বেছি হয়নে, পৰচৰ্চা। কিন্তু অবাঞ্চিত গৃহকন্দলখন ঠাই নাপাওক বুলিয়েই চকু কাণ মুদি থাকে।

 

এইকেইদিন মইনাকণ অহা নাই নীতালিমাৰ অৱস্থা বেয়া হৈ গৈছে। ঘৰ ঝাড়ু দিয়াৰপৰা ভাত-পানী ৰন্ধালৈকে সৱ কৰিবলগীয়া হৈছে। শুই উঠাৰপৰা দুপৰীয়ালৈকে তেওঁৰ ফোনটো চুবলৈ সময়েই নাপায়। সেইখিনি সময়ত ফোনটোৱেও জীৱ থকা হ’লে ভাবিলেহেঁতেন “মালিকনী মৰিলে নেকি?” দিনটোৰ কাম কৰি আকৌ ৰাতিৰসাঁজ ৰান্ধিবলৈ আৰু ধৈৰ্য নাথাকে। সেয়ে গিৰিয়েক জয়ন্তক কৈয়েই দিছে যে মইনাকণৰ ছুটী শেষ নোহোৱালৈকে ডিনাৰ সদায় বাহিৰত হ’ব। কথামতেই কাম। কেতিয়াবা গোস্বামীয়ে অফিচৰপৰা বাহিৰে বাহিৰে বাহিৰৰপৰা পাৰ্চেল লৈয়ে আহে। কেতিয়াবা জমেট’, চুইগী, কেতিয়াবা আকৌ শ্ৰীমতীক লগত লৈ কোনোবা ৰেষ্টোৰেণ্টত খাই আহে। বাহিৰৰ মছলাবোৰ খাই খাই কেতিয়াবা গোস্বামীয়ে ভাৱে যি হয় হ’ব, অফিচৰপৰা আহি তেঁৱেই ৰান্ধিব নেকি কিন্তু ঘৰ আহি পোৱাৰ পিছত যি এলাহ লাগে সেইটো আৰু হৈ নুঠে। খালী মনতে ভগৱানকহে খাতে সোনকালে মইনাকণক ৰিলিজ কৰি দিবলৈ। মইনাকণ কামলৈ আহিবলৈ নোলোৱাৰ মাত্ৰ এদিন আগত নীতালিমাই নেইল পেইণ্ট কৰাই আনিছিল। কিন্তু এতিয়া আৰু সেইবোৰ নেইল পেইণ্ট হৈ থকা নাই। চেলেকাচুবুৰীয়াকৈ এৰাই কিবাহে হ’লগৈ। পেটে পেটে তাইৰ ওপৰত খুব খং উঠিছিল যদিও, নীতালিমাই দেখুৱাব নোৱাৰিলে। কাৰণ এইবাৰ তেওঁক মইনাকণে বচালেহে বচোৱা আৰু।

 

গিৰিয়েকে কৰা প্ৰশ্নটোতে নীতালিমাই গম পালে যে এইজনে আচৰিত সুৰত প্ৰশ্ন কৰিছে যেতিয়া কথাটো গম নোপোৱালৈকে মইনাকণৰপৰা কাপোৰ অনাৰ আশা নাই। ইফালে সঁচা কথাটো ক’লে তাচ্ছিল্য ভৰা সুৰত কিবা এষাৰ যে নক’ব সেইটো হ’বই নোৱাৰে। সেইজনৰ হতুৱাই অনাতকৈ আজি নিজেই গৈ অনাই ভাল বুলি নীতালিমাই গিৰিয়েকৰ ওচৰত ফু ফুৱনিটো দেখুৱালে।

 

যোৱাবাৰ নিউজ চেনেলবোৰে পতা মাঘ বিহুত ডিজাইনাৰৰ পাটৰ চেট পিন্ধি ঢেকী দিবলৈ যাওঁতে যিহে ঠাট্টা মস্কৰা শুনিছিল সকলোৰেপৰা। এইবাৰ চেনেল পেহীৰ বিহুত সেইটো হ’বলৈ দিব নোৱাৰি। সাধাৰণ ভেশ ভূষাৰে সাইলাখ গাঁৱৰ এগৰাকী সাদৰি বোৱাৰীৰ দৰে লাগিব লাগিব দেখাত। সেয়ে এইবাৰ মইনাকণৰ কাপোৰ এযোৰ অনাৰ কথা ভাবিছে। তেওঁৰ যিমানবোৰ কাপোৰ আছে, কিন্তু তাৰ মাজৰ এযোৰো ঢেকী দিয়াৰ কাৰণে উপযুক্ত নহয়। লগতে উইডাউট মেকআপৰ লুক এটা দিবলৈ মেকআপ আৰ্টিষ্ট এগৰাকী ঠিক কৰিছেই। নেইল পেইণ্টখিনি গুচি যোৱাৰ বাবেও বৰ এটা বেয়া পোৱা নাই। মানুহৰ মনত এটা ভাৱ ফুটি উঠিব যে ভোগালীৰ আয়োজনৰ  ব্যস্ততাত নীতালিমা গোস্বামীৰ নখৰ নেইল পলিচ লগাবলৈও সময় নাই। নহ’লে দত্তনীহঁতৰ নিচিনা চকু চৰহাবোৰে সেইটোতে পইণ্ট কাটিব। এটা পইণ্ট কটা মানে তেওঁৰ ইমানবোৰ এফৰ্ট এনেই গ’ল। লগতে সমাজৰ আগত তেওঁৰ সমাজ সেৱিকা ইমেজটোও নষ্ট। গতিকে আজিয়েই মইনাকণৰপৰা কাপোৰযোৰ আনি অলপ প্ৰেকটিচ কৰিব লাগিব। লগতে ঢেঁকী দিয়াৰ মাজে মাজে ৰাইজক কি ক’ব ঘৰৰ ওচৰৰে পেপাৰে পত্ৰই লিখা-মেলা কৰা পাপৰি হতুৱাই লিখাই অনা সেইখিনিও অলপ আঁওৰাব লাগিব।

☆ ★ ☆ ★ ☆

6 Comments

Leave a Reply

Your email address will not be published.