ফটাঢোল

“আজি খাম ভালদৰে” – ৰাজশ্ৰী শৰ্মা

RASDS প্ৰডাকচন প্ৰেজেণ্টচ

কাহিনী আৰু চিত্ৰনাট্য: ৰাজশ্ৰী শৰ্মা

পৰিচালনা: ডলী তালুকদাৰ

পৰিকল্পনা: অভিজিত দত্ত

পোষ্টাৰ ডিজাইন: ভাস্কৰজ্যোতি দাস আৰু পৰশমনি শৰ্মা

অভিনয়ত:

অভিজিত দত্ত- এজ মিঃ বৰ্মন

কাজলপ্ৰিয়া- এজ হৃষিতা(মিঃ বৰ্মনৰ কন্যা)

পূৰ্ণাময়ী মেধি- এজ মিচেছ বৰ্মন

ববিতা বৰুৱা- এজ মিচেছ চলিহা

তাবিবৰ ৰহমান- এজ মিঃ চলিহা

দিম্পল কলিতা- এজ ৰণী ( মিঃ চলিহাৰ পুত্ৰ)

বিতুপৰ্ণা- এজ লিজা ( মিঃ চলিহাৰ পুত্ৰী)

চুবুৰীয়া মহিলাৰ চৰিত্ৰত: মৌচুমী গগৈ, পৰিস্মীতা গগৈ

#প্ৰথম দৃশ্য:

হাওৰা ব্ৰিজ৷ বেকগ্ৰাউণ্ডত বাজি থাকিব ৰবীন্দ্ৰ সংগীত “দাড়িয়ে আছ’ তুমি আমাৰ গানেৰ ওপাৰে”৷ কেমেৰাই লাহে লাহে স্পিড ল’ব৷ কলিকতাৰ বিখ্যাত ময়দান, ভিক্টোৰিয়া মেমৰিয়েল, পাৰ্ক ষ্ট্ৰিট এইবোৰ পাৰ হৈ আহি ঝুম ইন হ’ব এখন হালধীয়া ৰঙৰ টেক্সীত৷ লাহে লাহে ক্লজ আপত টেক্সীৰ আগৰ চিটত মধ্য বয়সীয়া কেন্দ্ৰীয় চৰকাৰৰ চাকৰীয়াল মিঃ বৰ্মনক দেখা যাব৷ তেওঁৰ কান্ধত এটা মিল্টনৰ মস্ত ডাঙৰ ফ্লাস্ক৷ কেমেৰা এইবাৰ পিছৰ চিটলৈ ঘূৰিব৷ খিৰিকীৰে বাহিৰৰ দৃশ্য চাই থকা অৱস্থাত সেয়া হৃষিতা (কাজলপ্ৰিয়া)৷

কেমেৰা মুখত পৰাৰ দুই চেকেণ্ড পিছত একচন৷

হৃষিতা: “অ’ দেউতা, আৰু কিমান সময় লাগিব নো?”

মিঃ বৰ্মন: “বেছি নাই ৰহ, বিছ মিনিট মানত পামগৈ৷ বাহিৰত চাই থাকচোন৷”

হৃষিতা: “এহ, তোমাৰ আৰু একেটাই ডাইলগ!”- বুলি হৃষিতাই আকৌ বাহিৰলৈ চাই থাকিব৷ টেক্সীখন লাহে লাহে আহি এটা সুদৃশ্য বিল্ডিঙৰ সন্মুখত ৰখা দেখা যাব৷

#দ্বিতীয় দৃশ্য:

বৰ্মনৰ ঘৰ৷ মিচেছ বৰ্মনে (পূৰ্ণাময়ী মেধি) কাষৰে দুজনীমান তিৰোতাৰ(মৌচুমী গগৈ আৰু পৰিস্মীতা গগৈ) লগত কথা পাতি থকা দেখা যাব৷

মিচেছ বৰ্মনৰ পিন্ধনত কপাহী মেখেলা চাদৰ এযোৰ৷ সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ ঘৰ৷ কোঠাত এযোৰ চোফা, এখন চেণ্টাৰ টেবুল, আৰু শ্বকেছ এটাৰ ওপৰত ডাঙৰ টিভি এটা থাকিব৷ শ্বকেছৰ ভিতৰত পুতলা, কিতাপ আদি বস্তু সজোৱা থাকিব৷ টেবুলখনৰ ওপৰত চাহ খোৱা কাপ প্লেট ইত্যাদি৷

মৌচুমী গগৈ: “হ’লেও দিয়কচোন, গাভৰু ছোৱালীজনী আপুনি ভাল ইমান দূৰত পঢ়িবলৈ পঠিয়াইছে৷ এনেও আমাৰ হৃষি দেখিবলৈ ধুনীয়া৷ তাত গৈ কোনোবা ল’ৰাৰ পাল্লাত পৰিবলৈ কিমাননো দেৰি?”

পৰিস্মীতা গগৈ: “হয়তো আকৌ৷ কিয়, সেই বৰুৱাৰ জীয়েকক নেদেখিলা৷ বাংগালোৰত ইঞ্জিনীয়াৰ হ’বলৈ গৈ ক’ৰ চাউথ ইণ্ডিয়ান এটাৰ লগত লিলিমাই৷ উপায় নাই, নেৰেও৷ মাক দেউতাকে বিয়া পাতি দিলে৷ ঘৰত যেতিয়া জোঁৱাই আহিল, শাহুৱেকে কয় কিবা জোঁৱায়েকে কয় কিবা! কেনে লাগে ভাবিলেই..”

মৌচুমী গগৈ: “আৰু যে সেই বসুমতাৰীৰ ছোৱালীজনী৷ ইমান ধুনীয়া, ইমান শান্ত ছোৱালীজনী৷ দিল্লী পোৱা লগে লগে ইমান সলনি হ’ল! শুনিছোঁ ক’ৰবাৰ পাঞ্জাৱী এটাৰ লগত প্ৰেম বোলে৷ যোৱা বিহুৰ বন্ধত অসম দেখুৱাব লৈ আনিছিল৷ বসুমতাৰীৰ ঘৈণীয়েকৰ ৰুটি বনাই বনাই হাত বিষাই গৈছিল বোলে৷ ক’ত দালিত আলু দি চৰ্ট কাট কৰি খোৱা মানুহজনীয়ে ৰুটি, পৰঠা, চোলে, বাটাৰ চিকেন বনাব লগা হৈছিল৷ মোক আকৌ বেলেগেহে কৈছে দেই ইমান নাজানো৷ আমাৰ হৃষিতায়েও কোনোবা বঙালী এটা নধৰিলেই হয় আৰু!”

মৌচুমী গগৈ: “আকৌ বোলে এদিন কি হ’ল জানেনে! ময়ো শুনিছোঁহে দেই৷ ল’ৰাজনে বোলে বসুমতাৰিনীক চোলে খাম বুলি ক’লে৷ মানে কাবুলী বুটৰ ঘুগুনী আকৌ৷ আজলীজনীয়ে বোলে শুনি ৰুমত আহি কান্দিব ধৰিলে৷ জীয়েকে সোধাত ক’লে ক’ৰ ৰাক্ষস এটা চালি৷ ইমান মাছে মঙহে খুওঁৱাৰ পিছতো তাক ৰুটিৰ লগত চোলা খাবলৈ লাগে৷”

হাঃ হাঃ হাঃ (সমস্বৰে)

মিচেছ বৰ্মন: “সেইবোৰ নাজানো বাৰু! কিন্তু আজি চাৰিমাহ হ’ল ছোৱালীজনী দেখা নাই৷ কি বা খাইছে, কি বা কৰিছে৷ ইমান ডাঙৰ কলিকতাখনত হেৰাই নাথাকিলেই হয় আৰু! দেউতাকেটো অফিচ পালে সব পাহৰিব৷ ভাত ৰন্ধা-বঢ়াত হেলা নাই বুলিহে, নহ’লেটো তাইৰ মূৰতে পৰিল হয়! তাই তাতে এম. বি. এ.টো কৰিব বিচাৰিছে যিহেতু যাওক৷ বাকী এতিয়া ডাঙৰ হৈছে, নিজে কাক ভালপাব তাইৰ কথা৷ পিচে মোৰ বিশ্বাস আছে তাইৰ ওপৰত৷”

কেমেৰা কাষৰ এগৰাকীৰ মুখলৈ ঘূৰে, আনগৰাকীয়ে মুখ ভেঙুচায়৷

#তৃতীয় দৃশ্য:

এটা সুন্দৰ সৰু এপাৰ্টমেণ্ট৷ এটা ৰূমত বিছনা এখন, টেবুলত টিভি এটা, কিবা-কিবি দেশ, আনন্দ বাজাৰ ইত্যাদি আলোচনী, বাতৰি কাকত থাকিব টেবুলৰ তলত৷ ৰূমটোৰ মাজত এখন প্লাষ্টিকৰ ডাইনিং টেবুল আৰু চকী৷ টেবুলৰ ওপৰত কেৰাহীত দাইল, ভাতৰ পাতত হৃষিতা আৰু দেউতাক মিঃ বৰ্মন৷

হৃষিতা: “অ দেউতা, আজিও দাইলত গাজৰ, তিতা কেৰেলা দিছা? এইবোৰ পিতিকা খাব পাৰি নেকি কিবা? তিতা কেৰেলাখিনি মোক ক’লে ভাজি দিলোহেঁতেন নহয়! নাখাওঁ মই এনেকৈ৷”

মিঃ বৰ্মন: “এ, তোৰ সদায়েই ইটো নাখাওঁ সিটো নাখাওঁ৷ এদিন এৰি এদিন মাছ আনোৱেই দেখোন৷ কাইলৈৰ পৰা পৰীক্ষা তোৰ, এতিয়া ভাত ৰান্ধি খুৱাব নালাগে মোক৷ এনেও সিদিনা ভেণ্ডি ভাজিব কওঁতেই বাকলি গুচাই যিসোপা হে কৰিলি, কাকো নাই কোৱা বুলিহে মই৷

সোনকালে খাই বৈ পঢ় যা৷ ময়ো এখন চিনেমাকে চাওঁ৷ দহটা পোন্ধৰত আৰম্ভ হ’ব৷ আৰু শুন, মবাইলত এলাৰ্ম দি থ’বি৷ সদায়েই জগাই তুলিব নোৱাৰোঁ তোক৷ পৰীক্ষা শেষ হ’লে আমি এদিন ৰেষ্টুৰেণ্টত খাই আহিম দে৷ ‘ভজহৰি মান্না’ত৷ হ’বনে?”

হৃষিতা: “বাহ, হ’বতো৷ এতিয়া বাৰু তিতা কেৰেলাকেই মাংসৰ টুকুৰা বুলি খাই লওঁ৷ আৰু ভেণ্ডিৰ বাকলি গুচাবলৈ নালাগে বুলি মইনো কেনেকৈ জানিম, যি হে আঠা আঠা হ’ল ভাই, কটাৰীখন ধুবলৈও ইমান দিগদাৰি হৈছিল৷

অ’ দেউতা, এইবাৰ বিহুত ঘৰলৈ যামনে? যোৱাবাৰো যোৱা নহ’ল৷ সেই যে চেমেষ্টাৰ শেষ হ’ওঁতেই যোৱা৷ তোমাৰ বন্ধ কেইদিন নো?”

মিঃ বৰ্মন: “নোৱাৰিম অ’ এইবাৰ৷ ছুটী নাই।”

ভাতৰ পাতত কেমেৰা গৈ ফেড আউট হ’ব৷ বেকগ্ৰাউণ্ডত বাপেক জীয়েকৰ কথোকথনৰ শব্দও কমি যাব লাহে লাহে৷

#চতুৰ্থ দৃশ্য:

দিনৰ সময়, হৃষিতাৰ ৰূমত তাই অলসভাৱে মবাইলত গান শুনি থাকিব৷ তাৰ পাছত টেবুলৰ কিতাপ পত্ৰ ঠিক কৰি কম্পিউটাৰটো অন কৰিব৷ স্ক্ৰীণ ত দেখা যাব ‘ফেচবুক’৷ তাই লগ ইন কৰি নিজৰ প্ৰফাইলত অহা মেচেজৰ উত্তৰ দি বিভিন্ন প্ৰফাইল চাই থাকিব৷ বহুত কেইটা প্ৰফাইল চোৱাৰ পিছত এটা প্ৰফাইলত তাই ৰৈ যাব৷ স্ক্ৰীণত সেয়া হাঁহিমুখীয়া ল’ৰাটো ‘ৰণী’ ….

তাইৰ দুচকুত এটা মিঠা হাঁহি খেলি যাব৷ টাইপ কৰিব, “Hey, are u online?”

“Yes, what r u doing?”

“Nothing much….”

এনেকৈ কথা পতা আৰম্ভ হ’ব দুয়োৰে৷ বেকগ্ৰাউণ্ডত বাজিব “মন মানে না মানে না! মন মানে না৷”…..

#পঞ্চম দৃশ্য:

কেমেৰাত হৃষিতাৰ পঢ়া টেবুল দেখুৱাব৷

লাংখা লিংখি বস্তুৰ লগতে কিতাপ পত্ৰবোৰো জাপি থোৱা থাকিব৷ টেবুলৰ ড্ৰয়াৰ খুলি ভিতৰৰ পৰা ডেইৰী মিল্কৰ আধাখোৱা পেকেট এটা আনি চেলেকি থকা দেখা যাব তাইক৷ তাই ভাবি থকা কথাখিনি বেকগ্ৰাউণ্ডত শুনিবলৈ পোৱা যাব৷

“কিমান দিন যে পাৰৰ মাংস খোৱা নাই৷ এইবাৰ ঘৰলৈ যাওঁতেও মাৰ যোগাৰেই নহ’ল৷ ইমান দিনে ব্ৰইলাৰ খাই চলিব পাৰি নেকি কিবা! মাছৰ টেঙাও খোৱা নাই বহুত দিন৷ সৰিয়হ দিয়া মাছৰ আঞ্জাহে ইয়াত সবফালে৷ সিদিনা পৌলমীৰ ঘৰতো ভজা মাছহে দিলে৷ মাংস নিদিলেই৷ হ’লেও মিষ্টি দৈখিনি ভালেই আছিল বাৰু৷ দেউতাক কৈও লাভ নাই, ইয়াত আৰু ক’ত হ’ব!”

এনেতে মি: বৰ্মন সোমাই আহিব৷

মিঃ বৰ্মন: “শুনচোন৷ বিহু বুলি আমাক মি: চলিহাহঁতৰ ঘৰলৈ ভাত খোৱাকৈ মাতিছে অহা বুধবাৰে৷ ‘পহিলা বৈশাখ’ বুলি মোৰ অফিচো বন্ধ৷ ব’ল গৈ আহোঁ৷ ৰণী(দিম্পল) আৰু লিজা(বিতুপৰ্ণা) ৰ লগতো লগ হ’ব পাৰিবি৷ তোৰো ইয়াত লগ নায়েই নহয়৷”

হৃষিতা: “ৱাও দেউতা, সঁচাই যাম? কি ভাল লাগিব নহয়৷ লিজাৰ লগত শ্বপিং কৰিবলৈ যোৱা কথা আছিল জানা মোৰ৷ পিচে চলিহা আংকলে হেনো পইচাই নিদিলে৷ যোৱা বছৰৰ আগৰ বছৰ পূজাত দিয়া টপটো ফটাই নাই তাইৰ৷ সেইকাৰণে সেইটোৱেই পিন্ধিব লাগিব বুলি কৈছে৷ খিক খিক৷”

“ভালহে, দেউতাকৰ খৰচ কমাইছে৷ তোৰ দৰে মাহে কাপোৰ নসলাই তাই৷”

হৃষিতা: “আৰে দেউতা, কি কোৱা৷ চলিহা আংকলে বোলে লিজা আৰু ৰণীৰ ভাত খোৱা কাঁহীতো দাগ দি থৈ দিয়ে৷ সেই যে ৰেলত খানা দিয়ে, তেনেকুৱা থাল সিহঁতৰ ভাগ ভাগ থকা৷ কিন্তু সৰু সৰু৷”

মিঃ বৰ্মন: “তোকনো লোকৰ খোৱা খবৰ ৰাখিব দিছে কোনে? আৰু এইবোৰ সিহঁতৰ ঘৰৰ ভিতৰৰ কথা জানিলিয়েইবা কেনেকৈ?”

জিভা কামুৰি ৰৈ যায় হৃষিতা৷ ৰণীৰ লগত যে ৰাতি ৰাতি ফুচফুচাই থাকোঁতে ৰাতিপুৱাই যায় সেইটোনো দেউতাকক কয় কেনেকৈ!….

বেকগ্ৰাউণ্ড মিউজিক বাজে৷ “তেৰি মেৰি..মেৰি তেৰি..তেৰি মেৰি কহানী৷”

#ষষ্ঠ দৃশ্য:

কেমেৰাত দেখুওৱা হ’ব….

কলিকতাৰ বিখ্যাত চল্ট লেক অঞ্চল৷ ধুনীয়া পিচ কৰা ৰাস্তাৰ দুয়োকাষে ধুনীয়া ধুনীয়া গছ গছনি৷ ৰাস্তাৰ ওপৰত কৃষ্ণচূড়া ফুলৰ পাপৰি পৰি সুন্দৰ দৃশ্য সৃষ্টি কৰিছে৷

কেমেৰা ৰাস্তাৰ পৰা উঠি এখন হালধীয়া টেক্সীত ফকাচ হ’ব৷ ক্ল’জ আপত টেক্সীৰ ভিতৰত দীঘল চুলিকোচাৰে সেয়া হৃষিতা৷ চুলিবোৰ তাইৰ চকুৱে মুখে উৰিব বতাহত৷ আপোন বিভোৰ হৈ তাই গুণগুণাই আহিব৷

টেক্সীখন আহি আহি এটা ধুনীয়া ডুপ্লেক্স ঘৰৰ সন্মুখত ৰ’ব৷ কিন্তু হৃষিতাই দেউতাকে মতাতহে গম পাব৷ হৃষিতাৰ চকু দুটি ক্ল’জ আপত দেখাব আৰু তিৰবিৰাই উঠিব লগতে ওঁঠযোৰ মিচিকিয়া হাঁহিৰে দেখুৱাব৷

মিঃ বৰ্মনে নামি টেক্সীৰ ভাৰা দি থাকিব আৰু গেট খুলি মিঃ চলিহা ওলাই আহিব৷

মিঃ চলিহা: “আৰে আহক আহক মি: বৰ্মন৷ অহোভাগ্য মোৰ৷”

চলিহাই বৰ্মনক সাৱতি ধৰিব৷

মিঃ বৰ্মনে নমস্কাৰ জনাব৷

(হৃষিতাৰ ফালে চাই)“আহা মাজনী৷ ভিতৰতে বহা৷”

মি: চলিহা(তাবিবৰ ৰহমান)ই দুয়োকে ভিতৰলৈ মাতে৷

তেওঁলোকে দ’ৰ মেটখনত ভৰি মচি ভিতৰলৈ যাওঁতে মি: চলিহাই দ’ৰ মেটখন বাহিৰত জোকাৰি জোকাৰি আনি জাপি কুচি সুন্দৰকৈ ড্ৰয়িং ৰূমৰ চাইডত সুমুৱাই থ’ব৷

#সপ্তম খণ্ড:

হৃষিতাই ভিতৰ সোমায়েই মি: চলিহাক গামোচা এখন বিহুৱান হিচাপে দি সেৱা জনায়৷

হঠাতে ভিতৰৰ পৰা ৰণী(দিম্পল) ওলাই আহে আৰু লাহেকৈ হাতখন দাঙি হাই দিয়ে৷ তাৰ চকু হৃষিতাৰ ওপৰত৷

তায়ো লাজ কৰি মিঠাকৈ হাঁহি এটা মাৰে তাৰ পিনে চাই৷ তাইৰ কাষলৈ আহি ৰণীয়ে কয়, “মোৰ বিহুৱান ক’ত? সেৱা এটা নকৰা জানো৷”

হৃষিতাই লাজত তলমূৰ কৰে৷ আৰু দেউতাক, চলিহা-চলিহানীৰ ফালে চাই বেগৰ পৰা R লিখা ৰুমাল এখন দিয়ে টিপতে৷

বেকগ্ৰাউণ্ডত বাজি উঠে ‘শুদ্ধ দেশী ৰোমাঞ্চ’… গানৰ চাউণ্ড বাঢ়ি অহাৰ লগে লগেই দুয়ো কল্পনাতেই ভিক্টোৰিয়া মেমৰিয়েল, নন্দন পাৰ্ক, নিক্কো পাৰ্ক আদিত হৃষিতাই মিনি স্কাৰ্ট আৰু ৰণীয়ে চেপা মৰা জিনচ পিন্ধি নাচি ফুৰা দেখা যাব৷

এনেতে লিজাই দায়লগ দিব আৰু দুয়ো সপোন ৰাজ্যৰ পৰা উভতি আহিব।

লিজা: “ঐ হৃষী বা, কি ভাবি আছানো ইয়াত অকলে অকলে? আহা, মায়ে চাহ দিছে৷” – লিজা(বিতুপৰ্ণা) ই কান্ধত জোকাৰি জোকাৰি তাইক মাতি লৈ যাব ৰূমৰ ভিতৰলৈ৷

সকলোৱে চাহৰ টেবুলত দৈ চিৰা, কলিকতীয়া সন্দেশ আদি খালে৷

মাজে মাজে চলিহাই শুকান মুখেৰে কয়, “লাজ নকৰিব, নিজৰেই ঘৰবুলি ভাবক..”

চাহ খোৱাৰ মাজতে হৃষিতাই বাপেকক ইঙ্গিতেৰে বুজাব যে আজি দকচি খাব ঘৰুৱা খানা৷

মি: বৰ্মণে হৃষিতাক চকুৰে ইংগিত দিছে “Control ইউৰ এক্সচাইটমেণ্ট।”

বেকগ্ৰাউণ্ডত তাইৰ চিন্তাখিনি শুনা যাব

“কি কি বা আইটেম আছে! মাছটো থাকিবয়ে, মাংসও থাকিব চাগৈ৷ মাছ বিলাহীৰেই বনাব চাগৈ! হাজাৰ হওক অসমীয়া মানুহ৷ টেঙা খাবই৷”– নাক উজাই উজাই তাই পাকঘৰলৈ উঠি গ’ল৷

পাকঘৰত মিচেছ চলিহাই সৰু কেৰাহী এটাত কিবা আঞ্জা লৰাই আছে৷ হৃষিতাক দেখি তেওঁ একচন বুলি কোৱাৰ লগে লগে ডায়লগ দিব৷

মিচেচ চলিহা: “আহা আহা, তুমি চাগে আমনি য়েই পাইছা৷”

হৃষিতা: “নাই, এনেয়ে৷ কিবা কৰিব আছে যদি কওক৷”

মিচেচ চলিহা: “সব হৈ গ’ল৷ এতিয়া আৰু মাংসৰ আঞ্জাখন উতলিবলৈ বাকী৷”

এইবুলি কৈয়েই মিচেছ চলিহাই হঠাৎ আদা এটুকুৰা বাকলি গুচাই লৈ চকলা চকলিকৈ কাটি মুখত ভৰাই চোবাবলৈ ধৰিলে৷ মোকোৰা মোকোৰে দুই মিনিটমান চোবোৱাৰ পিছত এটা সৰু বাতিত গোটেইখিনি আকৌ উলিয়াই ল’লে৷

মিচেছ চলিহা: “ন’কবা আৰু বুজিছানে৷ আমাৰ মিক্সিটো বেয়া হৈ আছে৷ খুড়াৰে ইমান কনজুচ৷ ভালেই কৰি নিদিয়েহে৷ এক নম্বৰ ধোদ৷ ইফালে মাছ মাংসত অলপমান আদা বটা নিদিলে ভাল নালাগে৷”

কেমেৰাই দুৱাৰৰ ফালে ঘূৰাব লিজা সোমাই আহিব তেনেতে৷

লিজা: “নক’বা আৰু বা৷ আমাৰ পাপা মস্ত কৃপন৷ সেই যে অসমীয়াত কয় চিপিৰা নে চিপ্ৰা বুলি৷ গাড়ীখনো নচলাই জানা চকা ক্ষয় যাব বুলি৷”

মিচেছ চলিহা: “ৰ’চোন তই মনে মনে থাক৷ ঘৰ এখন চলোৱাটো কিমান কষ্ট কি বুজিবি৷ পাই পাই হিচাব ৰাখিব লাগে আমি৷ তুমি অলপ বহাগৈ দেই৷ এই আঞ্জাখন হ’লেই ভাত বাঢ়িম৷”

এইবুলি কৈয়েই গোটেই বাতি আদা চোবোৱা মিচেছ চলিহাই কেৰাহীত ঢালি দিব৷

ক্ল’জ আপত হৃষিতাৰ মুখখন ঘিণ লাগি পোকে খোৱা বাদাম খালে যেনেকুৱা হয় তেনেকুৱা দেখুৱাব৷

হৃষিতাই হাতেৰে মুখখন সোপা মাৰি ধৰি এনেয়ে মবাইলত ফোন অহা বুলি ওলাই আহিব আৰু পটকৈ কোনেও নেদেখাকৈ মাকক মিচ কল দিব৷ মি: বৰ্মনক মাকে ফোন কৰা বুলি ক’ব৷

হৃষিতা: “দেউতা! মাৰ ফোন আহিছে৷ তোমাৰ লগত কথা পাতে বোলে৷ বাহিৰলৈ যাওঁ আহা, ইয়াত নেটৱৰ্ক নাই৷ আহাচোন দেউতা বাহিৰলৈ৷”

চলিহাই চাব দুয়োকে আৰু কথা পাতক গৈ, বিহুৰ দিন বুলি “হেৰা হ’লনে যোগাৰ” বুলি ভিতৰলৈ যাব৷

কেমেৰাত মিঃ বৰ্মনৰ মুখখন আচৰিত হোৱা যেন দেখাব৷

মিঃ বৰ্মন: “কিনো কৱ, এতিয়া আমি কি কৰোঁ বাৰু? এনেকৈনো বাৰু ঠগাইনে মানুহক৷”

এনেতে মিচেছ বৰ্মনৰ ফোন আহিব৷ হৃষিতাই ৰিচিভ কৰি সৰুকৈ কথাখিনি ক’ব৷

মিচেছ বৰ্মন: “মাজনী তঁহতে কোনোপধ্যে মাছ, মাংস নাখাবি৷ ইচ এনেকৈনো মুখেৰে পিচে নে আদা৷ মুখ নহয় গোটেই চলিহানীৰ বাজাজ কোম্পানীৰ মিক্সীহে গোটেইটো।”

হৃষিতা: “তুমি চিন্তা নকৰিবা মা, দেউতা আৰু মই কিবা এটা বুদ্ধি কৰিম আৰু৷”

মিচেছ বৰ্মন: “দেউতাৰক দেচোন ফোনটো৷”

মিঃ বৰ্মন: “অ’ কোৱা৷”

মিচেছ বৰ্মন: “কোৱা মানে, খবৰদাৰ চলিহানীয়ে চোবাই গুৰি কৰা আদা বটা দিয়া মাংস, মাছ যদি খায়৷ মই কেতিয়াবা আপোনাৰ ভাগৰ বিস্কুট একামোৰ খালেও আপুনি জুঠা কৰা বুলি কয় দেখোনহে?”

মিঃ বৰ্মন: “মই কেতিয়া খাম বুলি ক’লোহে? ইমান যে জকিছা৷ মোৰ মাজনীৰ পৰা শুনিয়ে প্ৰেচাৰ উঠিছে৷ ফোন থোৱা, চলিহাই বাৰাণ্ডাৰ পৰা চাই আছে৷ কিবা কৰিম আৰু!”

ভিতৰত প্ৰবেশ কৰে দুয়ো৷

#অষ্টম খণ্ড:

ডাইনিং টেবুল দেখুওৱা হ’ব৷ খোৱা বস্তুবোৰ লিজা আৰু মিচেছ চলিহাই সজাই থাকিব৷

অলপ দূৰত ৰণীয়ে হৃষিতাৰ লগত চেল্ফী উঠিব আৰু লাহেকৈ কাণৰ কাষত সংলাপ দিব৷

ৰনী: “আজি তুমি বহুত চুন্দৰী হৈ আহিছা৷ হলুদ কালাৰৰ কাপোৰযোৰ কিন্তু তামাম লাগিছে তোমাৰ গাত৷”

হৃষিতা: “চুন্দৰী নহয় সুন্দৰীহে৷ আৰু হলুদ নহয় হালধীয়া কালাৰ বুজিলা?”

ৰণী: “হাঃ হাঃ! আচলতে আমি কলকাতাই থাকেতো সেইবাবে মিক্স হৈ গৈছে এচামীজ আৰ বাংলা ভাচা দুইটা.. ইউ নো?”

ভাত খাবলৈ মতা হয়৷ ৰণী, হৃষিতাৰ লগতে বৰ্মন আৰু চলিহাও বহে টেবুলত৷

সৰু কেৰাহীটোৰ পৰা মাংস বাতিত উলিয়াই দিয়া দেখিয়েই হৃষিতাই কয়, “খুড়ী, মই মাটন ভাল নাপাওঁ, চিৰা খাই পেট ফুল৷ আৰু মাছৰ আঞ্জা যে লৈয়েই যাওক৷ বহুদিনৰ মূৰত দৈ চিৰা দেখি ঠিকছে খালোঁ যে৷”

ভজা মাছ আৰু পটল ভজা দাইলেৰে কোনোমতে ভাত দুটামান খালে৷

মি: বৰ্মন: “মোৰ হাই প্ৰেচাৰ আৰু কলেষ্ট্ৰলৰ প্ৰবলেম আছে যে সেইকাৰণে মাটন আৰু তেলাল মাছ নাখাওঁ৷”

ভাত-পানী খোৱাৰ পৰ্ব শেষ হোৱাৰ পিছত তামোল দিলে৷ অকমাণি এখন বঁটা৷ তাতে অকমাণি অকমাণি কৈ কটা পাঁচখনমান তামোল৷ আমি তামোল নাখাৱেই বুলি দুয়ো আহিব৷

দুয়োকে পুনৰ টেক্সীত বহি থকা দেখুৱাব৷ আৰু সংলাপ দিব বৰ্মনে৷

মিঃ বৰ্মন: “মাছ, মাংসৰ জোল নাখালোঁ দেচোন! কিন্তু দাইলতো যদি আদা বটা দিছিল কোনে জানে?”

হৃষিতাই ‘ওঁ দেউতা’ বুলি কৈ ৱককৈ বমি কৰি দিব খিৰিকীৰে৷

#নৱম দৃশ্য:

মি: বৰ্মনৰ এপাৰ্টমেণ্ট৷ সন্ধিয়াৰ সময়৷ বিছনাত পেট পেলাই পৰি থকা হৃষিতাক দেখা পোৱা যাব৷ লাইট নজ্বলোৱা বাবে তাইৰ মুখখন অন্ধকাৰত থাকিব৷ কিবা-কিবি চিন্তা কৰি থাকিব তাই চুলিখিনি আঁচুৰি আঁচুৰি৷ এনেতে কলিংবেল বাজি উঠিব৷ তাই দৌৰ মাৰি আহি খুলি দিয়েই অবাক৷ সন্মুখত মি: চলিহা, মিচেছ চলিহা, ৰণী আৰু লিজা!

মিঃ চলিহা: “কি অ’ ছোৱালী৷ ভূত দেখা দিলা যে, দেউতা আছেনে নাই?”

হৃষিতা: “আছে আংকল৷ আহকচোন ভিতৰলৈ আপোনালোক৷”

পূৰ্বতে দেখা ডাইনিং টেবুলৰ চকীত আৰু বিছনাতে আটাইবোৰ বহে৷ মি: বৰ্মনো আচৰিত হৈ কথা পাতিবলৈ ধৰে৷ হৃষিতা পাকঘৰত সোমাই চাহ কৰিবলৈ বুলি৷

মিঃ চলিহা: “বুজিছে মি: বৰ্মন৷ আজি আমি এটা বিশেষ সকামতহে আহিছোঁ৷ সিদিনা আমি যি কৰিলোঁ তাৰ বাবে ক্ষমা কৰিব৷ আচলতে আমি এটা পৰীক্ষা কৰিবলৈ হে খুজিছিলোঁ৷”

মি: চলিহাৰ কথাত বৰ্মনে আচৰিত হোৱা দেখুৱায়৷

মিঃ বৰ্মন: “কি ধৰণৰ পৰীক্ষা? মানুহক ভাত খাবলৈ মাতি নি আপোনালোকে যি কৰিলে তাৰ কোনো তুলনা নাই৷ মই মোৰ ছোৱালীৰ আগতে লাজ পাইছোঁ৷”

মিচেছ চলিহা: “নহয় মানে আচলতে কি জানে৷ আমাৰ ৰণীয়ে বহুদিনৰ পৰাই হৃষিতা মাজনীক ভাল পায়৷ তায়ো পায় হ’বলা৷ কিন্তু আমিতো তাইক নজনাকৈ আমাৰ ঘৰৰ বোৱাৰী কৰি ল’ব নোৱাৰোঁ৷ সেই কাৰণে আমি সিদিনা এখন নাটক কৰিলোঁ৷”

মিঃ চলিহা: “আচলতে সিদিনা কেৱল তাইক দেখুৱাই হে সেইখন আঞ্জা বনাইছিল এওঁ৷ বাকী সকলো আগতেই হৈছিল৷ কিন্তু যেনেকৈ তাই খং ৰাগ নকৰাকৈ ইমান সুন্দৰকৈ গোটেইখিনি চম্ভালি ল’লে তাতেই আমি বুজিলোঁ এইজনীয়েই আমাৰ ঘৰৰ লখিমী৷”

মিচেছ চলিহা আৰু মিঃ চলিহাৰ কথাখিনি শুনি বৰ্মনৰ মুখ মেল খাই গ’ল৷

এনেতে হৃষিতা আৰু লিজাই সকলোৰে কাৰণে চাহ আৰু মিঠাই আনি টেবুলত থ’লে৷

ধোঁৱাই থকা চাহ একাপ মুখলৈ নিয়েই ৰণীয়ে সংলাপ দিয়ে৷

ৰণী: “ৱাও, আদা ইলাচি দিয়া চাহ৷ মোৰ ফেভাৰিট৷”

সকলোৱে হৃষিতালৈ চালে৷

তাই ক’লে, “খাওক আকৌ৷ আমাৰ কিন্তু মিক্সি নায়েই৷”….

আটাইৰে সমস্বৰে মৰা হাঁহিত চাহৰ কাপত ঝুম ইন হয়৷

☆ ★ ☆ ★ ☆

3 Comments

  • HEMANTA KAKATI

    বেকগ্ৰাউণ্ডত বাজি উঠে ‘শুদ্ধ “দেশী ৰোমাঞ্চ’… গানৰ চাউণ্ড বাঢ়ি অহাৰ লগে লগেই দুয়ো কল্পনাতেই ভিক্টোৰিয়া মেমৰিয়েল, নন্দন পাৰ্ক, নিক্কো পাৰ্ক আদিত হৃষিতাই মিনি স্কাৰ্ট আৰু ৰণীয়ে চেপা মৰা জিনচ পিন্ধি নাচি ফুৰা দেখা যাব৷”

    এইখিনি শুনিয়ে হাঁহিত ফাটি পৰিলোঁ অ’৷ তামাম লিখিছা মাইনা৷

    Reply
  • মই সকলোৰে ভালৰ বাবেই কথাবোৰ কওঁ দেই ।বাকী ৰাইজে কি ভাবে নাজানো আৰু দেই ।😄

    Reply
  • কাবেৰী মহন্ত

    তাবিবৰৰ এক্টিং ভাল হৈছে৷ চাহকাপ ভালকৈ খালেনে সকলোৱে?

    Reply

Leave a Reply

Your email address will not be published.