ফটাঢোল

আতংকবাদী – অৰবিন্দ গোস্বামী

আতংকবাদীৰ কোনো জাতি, ধৰ্ম নাথাকে। আতংক বিয়পাই সুখী জনগণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি আপোনজনৰ সৈতে শত্ৰুতাৰ জন্ম দিয়াই আতংকবাদীৰ কাম। আতংকবাদী কোনো কাৰণতে ক্ষমাৰ যোগ্য নহয়। কিন্তু এই আতংকবাদীক যদি পূজা কৰিবলগা হয় তেন্তে! কৰিবনে আপুনি পূজা? মই কওঁ যে আপোনালোকে আতংকবাদীক পূজা কৰি আছিল, কৰি আছে আৰু আগলৈও কৰি থাকিব। হয়, মই সেই গণেশৰ বাহন মূষকৰ বংশধৰ আৰু হনুমানৰ বংশধৰসকলৰ কথাই কৈছোঁ। এই দুই প্ৰকাৰৰ আতংকবাদীয়ে সেই ঠাইত আতংকৰ সৃষ্টি কৰে য’ত ইহঁতৰ সংখ্যা বেছি। এই দুইধৰণৰ আতংকবাদীৰ সংগঠনৰ কোনো নাম নাই, অথচ বিনা সংগঠনৰ নামেৰেই এওঁলোকে সন্ত্ৰাস বিয়পায়।

প্ৰথমেই গণেশ বাহন মূষকৰ বংশধৰসকললৈ আহোঁ। দুৰ্দান্ত খনিক(যি খান্দে)বুলি পৰিচিত এই অতংকবাদীকেইটা সদায় নিজে খান্দি লোৱা গাঁতৰ ভিতৰতেই থাকে। ‘গাঁত’ বুলি ক’লে ভুল হ’ব। সেয়ে ‘সুৰঙ্গ’ বুলিলোঁ। সেই সুৰঙ্গইদি সিহঁত ক’ত ক’ত ওলাবগৈ পাৰে, সেয়া সিহঁতেহে জানে। স্বয়ং গণেশ দেৱতায়ো হয়তো এই সম্পৰ্কে ভালকৈ ক’ব নোৱাৰিব।স্কুলীয়া জীৱনত হাতত সাৰে ভৰিত সাৰে সেইদিনা দেউতাৰ জেপত হাত ভৰাওঁতে ধৰা পৰাৰ কোনো প্ৰশ্নই নাছিল। কিন্তু সেইদিনা সেই আতংকবাদীকেইটাই যে দেউতাৰ চোলাৰ জেপত ভগৱানপ্ৰদত্ত দন্তকেইটাৰে বিদ্যুৎ পৰিবাহী তাঁৰডাল কুটি বিদ্যুৎ সংযোগী অৱস্থাতে তাত সুমুৱাই থৈছে, মই কেনেকৈ জানো! হাত দিয়াৰ লগে লগে উফৰি গৈ দেউতাৰ ওপৰতে পৰিলোঁগৈ। তাৰ পিছৰখিনি সহজেই অনুমেয়। যিমানেই দামী কাপোৰ নহওক বা যিমানেই দৰকাৰী কাগজ নহওক, তাক সুন্দৰকৈ ভুজিয়া বনোৱাত এওঁলোক পাকৈত। যিমানেই আধুনিক আচবাব-পত্ৰ নোলাওক কিয়! এওঁলোকে সোমাবৰ বাবে পথ উলিয়াবই। মুঠতে এওঁলোকে খোপনি পোতা মানে এওঁলোকক সকলো সা-সম্পত্তি দান কৰি সন্যাসী হোৱাই ভাল। কাৰণ চকুৰ আগতেই সকলো শেষ হৈ যোৱা দেখি হা-হুমুনিয়াহ কাঢ়ি থকাতকৈ মায়া-মোহ ত্যাগ কৰি সন্যাসী হৈ যোৱাই মঙ্গল। সংসাৰ যে অৰ্থহীন এই কথাষাৰৰ মৰ্ম এওঁলোকে আপোনাক বুজাই দিব কম সময়ৰ ভিতৰতে। এওঁলোকৰ আতংকৰ প্ৰতাপত আপুনি গাৰুৰ ভিতৰৰ তুলা, নিজৰ ড্ৰাইভিং লাইচেঞ্চ, এল.আই.চি.ৰ পলিচি, বেংক পাছ বুক, মেট্ৰিকৰ প্ৰৱেশ পত্ৰ, উমাল চুৱেটাৰটো, বহাগৰ প্ৰথমদিনা বিহুৱান পোৱা গামোচাখন, খাম বুলি থৈ দিয়া ধান-চাউলকেইটা, দালিকেইটা, টেলিভিশ্যনৰ ভিতৰৰ তাঁৰকেইডাল, কণমাণিটোলৈ আনি থোৱা নতুন মোজাযোৰ, শ্ৰীমতীৰ মুগাৰ মেখেলাখন, পাটৰ চাদৰখন একোৱেই ৰক্ষা নাপাব। মুঠতে দশোদিশে আতংক আৰু আতংক। গণেশ বাবাৰ নামত দিয়া লাডুটোৰ কথা বাদেই দিলোঁ। বাকী আন ঠাইত মিঠাই পিছত খাম বুলি থোৱাতকৈ আপুনি গোটেইখিনি বাবাৰ নামতে উছৰ্গা কৰি মানসিক শান্তি লভক। নামটো বাবাৰ হয়, কামটো এওঁলোকে কৰে। পাৰ্মিচন লৈ থোৱা আছে যেতিয়া চিন্তা কিহৰ!

আপোনালোকৰ বহুতে হয়তো মই গণেশ বাবাৰ বাহনক আতংকবাদী বুলি কোৱাৰ বাবে মনত দুখেই কৰি আছে। ধিক্কাৰ দিছে মোক। এটা কাহিনী কওঁ শুনক। মোৰে কলেজীয়া বন্ধু তবিবৰ ৰহমান। বৰ ভাল শিক্ষক। কিন্তু ল’ৰা-ছোৱালীয়ে নাম দিলে ‘ফুটা ছাৰ’।মানে ৰহমান ডাঙৰীয়াই সপ্তাহত পিন্ধি যোৱা কাপোৰকেইযোৰৰ প্ৰায়কেইযোৰেই ফুটা থকা।সন্ত্ৰাসবাদীকেইটাই সদায় ছাৰৰ ধুবীৰ ওচৰত ধুই-পখালি ইস্ত্ৰি কৰি অনা কাপোৰযোৰো নেৰে। ক’ৰবাত নহয় ক’ৰবাত ফুটা এটা উলিয়াবই। হ’ল বুলিনো ছাৰে কিমান কিনি থাকিব! সেয়ে বাদ দিলে। ৰাতিটো কাপোৰযোৰকে ৰখি কটাই দিয়ে, চকুটিপ নামাৰে।কেতিয়াবা ৰাতিয়েই চলে সন্ত্ৰাসবাদ দমন কাৰ্য্যসূচী।দিনত আকৌ স্কুললৈ যাবলগা হয়েই! আকাশবাণীৰ প্ৰসিদ্ধ নাট্যকাৰ এজনৰ এটি প্ৰসিদ্ধ ডাইলগ আছিল- “টাপলি মাৰোঁতে মাৰোঁতে টাপলি মাৰিবলৈ জেগাই নোহোৱা হ’ল।” শিক্ষক তবিবৰ ৰহমানৰ যেন সেই গতিয়েই হ’ল। আটা চলা চালনীখনত যিমান ফুটা আছে, তবিবৰ ৰহমানৰ কাপোৰ কেইযোৰত হয়তো তাতকৈ বেছি ফুটা আছে। অৱশ্যে টাপলি মৰা আছে দেই ৰাইজসকল! ভুল নুবুজিব। দুই এটা থাকিবই আৰু! পিচে নিৰ্দয় সন্ত্ৰাসবাদীকেইটাৰ অত্যাচাৰৰ অন্ত নপৰিল। মাজে মাজে তেখেতে স্কুলৰ পোণাকণহঁতকো নিগনী ধৰিবলৈ বা মাৰিবলৈ লগাই দিয়ে। কোনো বন্ধৰ আগদিনা যদি তবিবৰ ৰহমান ডাঙৰীয়াই শ্ৰেণীত ঘোষণা কৰে বোলে- “লৰাহঁত, কালিলৈ মোৰ ঘৰলৈ আহিবি, তহঁতক কিবা খুৱাম।” সমস্ত সেনানী গৈ দিনটো যুদ্ধ-বিগ্ৰহ কৰে। অৱশ্যে তেওঁ সকলোকে ঠিকেই খুৱাই-বোৱাই পঠায়। কিন্তু সন্ত্ৰাসবাদী গেৰিলা যুদ্ধত পাকৈত বাবে তবিবৰ ৰহমানে এই ক্ষেত্ৰত ইমান সফলতা পোৱা নাই। ককাকৰ দিনৰ ঘৰটোৰ প্ৰতি মোহ নথকাহেঁতেন তেওঁ অতদিনে সেই ঘৰটোত জুই লগাই দিলেহেঁতেন। কেইবাবাৰো জুই লগাই পৰিত্ৰাণ পোৱাৰ কথা কল্পনা কৰিছিল। ভাবিছিল ইহঁতক নিঃশেষ কৰাৰ এয়ে অন্তিম পন্থা। কিন্তু তেওঁ যিহেতু শিক্ষক, সেয়ে এদিন তেওঁ নিজে উপলব্ধি কৰিলে যে এয়া কোনো পন্থাই নহ’ব৷ জুই লাগিলে সিহঁতে পাণ্ডৱে পলায়ন কৰাৰ দৰে সুৰঙ্গইদি পলায়ন কৰিব৷ উপায়বিহীন হৈ সহৱস্থান কৰি আছে আৰু৷

সন্ত্ৰাসবাদীকেইটাই তবিবৰ ৰহমানক এক ভাবিব নোৱাৰা অন্যায় কৰি থৈছে। এদিনাখনৰ কথা। ‘বৰলা মাষ্টৰ’ নামেৰে পৰিচিত তবিবৰ ৰহমানে বিয়া কৰাবৰ বাবে এজনী ছোৱালী চাবলৈ গ’ল। কইনাই চাহ-বিস্কুট আৰু লগতে মিঠায়ো লৈ আহি খাবলৈ দিলে।আপোনালোকে নিশ্চয় ভাবিছে যে মিঠাই খাবলৈ নিগনী আহিল। নাই অহা। সন্মুখত লাগি থকা টেলিভিশ্যনৰ ‘নেশ্যনেল জিয়’গ্ৰাফিক’ চেনেলত নিগনিৰ ওপৰতে কিবা এটা অনুস্থান পৰিবেশন হৈ আছিল। কইনাই লাজ লাজকৈ হাঁহিটো মাৰি “চাহ খাওক” বুলি ক’বলৈয়ে নাপালে, ৰহমান জাপ মাৰি চোফাৰ ওপৰত বহি পৰিল। দুৰ্ভাগ্যবশতঃ পালে হাততে দীঘল নলীয়া হাতুৰী এটা। এক্কে জাপে উঠি গৈ প্ৰথম হাতুৰীৰে মৰিয়াই টেলিভিশ্যনৰ গ্লাছখনকে ভাঙিলে। কিন্তু সদায় নিগনি পলায়ন দেখি থকা তবিবৰ ৰহমানে ভাবিলে যে নিগনিবোৰ ইফালে সিফালে দৌৰি পলাই গৈছে। সেয়ে কোনো বাচ বিচাৰ নকৰাকৈ য’তে ত’তে মাথো টঙনিয়াইহে গ’ল। শেষ কোবটো পৰিলগৈ কইনাৰ মূৰত। কইনা বেহুচ। ভাগ্য ভাল আছিল বাবে কোনো অঘটন নঘটিল। কিন্তু বিয়াখন ভাগিল। দেখিলেনে! এচাম মানুহে সন্ত্ৰাসবাদীক ভগৱান সজোৱাৰ কৰুণ পৰিণতি! এই সন্ত্ৰাসবাদীকেইটা টেলিভিশ্যনত ওলাওঁতেই যদি ইমান আতংকত ভুগি কোনোবাই নিজৰেই কপালখনত ৰামটাঙোন শোধায়, সি কেনেকৈ আতংকবাদী নহৈ ভগৱান হ’ব! এনে সন্ত্ৰাসবাদীক হত্যা কৰিবৰ বাবে নানা দৰব ওলাইছে যদিও এচামে নিজৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে ইয়াক ব্যৱহাৰ কৰাত ই নিজেই একপ্ৰকাৰৰ সন্ত্ৰাস হৈ পৰিছে।

এতিয়া আহোঁ দ্বিতীয় প্ৰকাৰৰ সন্ত্ৰাস সৃষ্টিকাৰীৰ কথালৈ। ডাৰউইনৰ তত্বমতে বান্দৰৰ বিবৰ্ত্তনৰ ফলতেই মানুহৰ সৃষ্টি। নহয় বুলি ক’বলৈও যুক্তি নাই।আপোনালোকে দেখিছেই যে বান্দৰে যিখিনি খায়, তাৰ দুগুণ নষ্ট কৰাৰ লগতে বস্তুবোৰ ছেদেলি-ভেদেলিকৈ য’তে-ত’তে পেলায়। আমাৰ কাৰোবাৰ ঘৰত বিয়া এখন পাতিলে, ক’ৰবাত সভা এখন পাতিলে সেই অৱস্থাই হয়। যিমান খায় তাৰ দুগুণ পেলায় আৰু নিমিষতে সকলো বস্তু ছেদেলি-ভেদেলি হৈ যায়। কোনে ক’ত কি বস্তু দলিয়ায় তাৰ কোনো নিশ্চয়তা নাই।থিয়েটাৰ বা চিনেমা হলৰ নাট উপভোগ কৰাৰ পিছৰ অৱস্থাখিনি মন কৰিবচোন। এজাক বান্দৰ সোমাই তহিলং কৰা পৰিস্থিতি এটাই দেখিবলৈ পাব। বান্দৰে যদি তামোল খাই এ.টি.এম.ত পইছা আনিবলৈ সোমালেহেঁতেন নাইবা বাইক লৈ বগীবিল দলং চাবলৈ গ’লহেঁতেন; আপুনি ভাবেনেকি যে তামোলৰ পিকখিনি পেলাবলৈ কোনোবা অপৰিস্কাৰ ঠাই বিচাৰিলেহেঁতেন!নিবিচাৰে। এ.টি. এম.ৰ ভিতৰত নাইবা নৱনিৰ্মিত বগীবিল দলঙৰ ওপৰতে পেলাব। বান্দৰে তামোল নাখাই বাবে যেনিবা আমাৰ কেইজনাই ডাৰউইনৰ তত্বৰ সত্যতা প্ৰমাণ কৰিবলৈ নাপাহৰি মহান বিজ্ঞানীজনৰ সন্মান ৰক্ষা কৰি আহি আছে আৰু আগলৈও এইদৰে মহান বিজ্ঞানী গৰাকীৰ সন্মান ৰক্ষা কৰি থাকিব। ‘তহিলং’ আৰু ‘লণ্ডভণ্ড’ শব্দবোৰ শুনিলেই বান্দৰলৈ মনত পৰে। মুঠতে য’তেই যাব তাতেই আতংকৰ সৃষ্টি কৰিব। ইহঁতৰ আদপ-কায়দাও সাংঘাটিক। চৰকাৰী পৃষ্ঠপোষকতা পোৱাৰ লগে লগে ইহঁতক আৰু পায় কোনে! আমাৰ ভাৰতবৰ্ষত যেনিবা বান্দৰ চৰকাৰী সমৰ্থনপুষ্ট সন্ত্ৰাসবাদী, আনহাতে পাকিস্তানত লস্কৰ-ই-তৈবা, আইছিছ আদি চৰকাৰী সমৰ্থনপুষ্ট সন্ত্ৰাসবাদী। পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীসকল যে বান্দৰৰ বংশধৰ সেয়া সিহঁতৰ কাৰুকাৰ্য্যবোৰে বাৰে বাৰে প্ৰমাণ কৰে। অৱশ্যে ইহঁত বান্দৰতকৈ নিকৃষ্ট। কাৰণ বান্দৰে ভীতি প্ৰৰদৰ্শহে কৰে, সিহঁতৰ দৰে হত্যা-হিংসা নকৰে।

যি কি নহওক, বান্দৰে আজি সন্ত্ৰাস সৃষ্টি কৰিছে আমাৰেই কৃতকৰ্মৰ বাবে। আমি হাবি-জংঘলবোৰ নষ্ট কৰি ডাঙৰ ডাঙৰ পকী দালানবোৰ সাজিলোঁ।ঔদ্যোগিক কল-কাৰাখানাবোৰ সাজিলোঁ। সিহঁতৰ বাসভূমি সংকুচিত হৈ আহিবলৈ ধৰিলে। ভোকৰ প্ৰতাপ সহ্য কৰিব নোৱাৰি আমাৰ ঘৰৰ প্ৰেছাৰ কুকাৰ পৰ্য্যন্ত উঠাই নিনিলে সিহঁত বাচিব কেনেকৈ! সিহঁতক বঞ্চিত কৰাৰ ক্ষোভত সিহঁত সন্ত্ৰাসবাদী। অন্যথা সিহঁতৰ দৰে নিৰ্জু প্ৰাণী নাই। ইমানেই নিৰ্জু যে থাকিবলৈ ঘৰ এটাকে বনাব নাজানে। ইহঁতৰ ইষ্টদেৱ বুদ্ধিপ্ৰদায়িনী দেৱ, অথচ ইহঁতক নিজে শীত-তাপৰপৰা ৰক্ষা পাব পৰা বুদ্ধিকণো তেৰাই নিদিলে। হেৰৌ চৰাইকেইটায়ো বাঁহ এটা বান্ধি ৰ’দ বৰষুণৰপৰা হাত সাৰি থাকে। ইহঁতকেইটা অঘৰী। কেনে দৈৱদুৰ্বিপাক!

সন্ত্ৰাসবাদী সন্ত্ৰাসবাদীয়েই। ইহঁতৰ কোনো জাতি নাই ধৰ্ম নাই। সংসদৰ অধিৱেশনত কেতিয়াবা কি পৰিস্থিতিৰ উদ্ভৱ হয়, মন কৰিছেনে বাৰু! সেই দৃশ্যটো এবাৰ মনত পেলাওক। তাৰ লগতে মনত পেলাওক বান্দৰৰ এটা জাকৰ মাজৰ কাজিয়াৰ দৃশ্যটো। কিবা গূঢ়াৰ্থ বুজিলেনে বাৰু! হয়, আপুনি ভবাটোৱেই শুদ্ধ।সংসদত সন্ত্ৰাস সৃষ্টি কৰা সেই শ্ৰেণীটো যেনিবা বান্দৰৰ বিবৰ্ত্তনৰ ফলত সৃষ্টি হোৱা মানৱ ৰূপ। পাৰ্থক্য ইমানেই। বান্দৰে কাজিয়া লাগিলে ইহঁতৰ সন্ত্ৰাসত যেনিবা জংঘলৰ আন পশু-পক্ষী পলাই পত্ৰং দিয়ে আনহাতেদি আমাৰকেইজনৰ উৎপাত, অশ্ৰাব্য গালি-গালাজ, হতাহতি দেখি শুনি সংসদৰ মহ, পৰুৱা, মকৰা, ভেনামাখিবোৰ পলায়ন কৰে। যাৰ অশ্ৰাব্য গালি-গালাজৰ কোবত নিৰীহ ভেনামাখিটোও পলায়, সি সন্ত্ৰাসবাদী নহয় আৰু কি!

আজিকালি যি অঞ্চলত বান্দৰৰ উপদ্ৰৱ বেছি, সেই ঠাইত ৰাইজে কোমোৰা, জিকা, লাওপুলি, বেঙেনা, ভোল ইত্যাদি খেতি কৰিবলৈ বাদ দিলে। ফলমূলৰ খেতিৰ কথা কল্পনাই কৰিব নোৱাৰি। কাৰণ এটাই সন্ত্ৰাস। এতিয়া সন্ত্ৰাস সৃষ্টি কৰিলেও ইহঁতক সন্ত্ৰাসবাদী বুলিব নোৱাৰি।

যি কি নহওক, এটা কথা সত্য যে ‘সন্ত্ৰাসবাদ’ মানুহৰে সৃষ্টি। ওপৰত ইমানবাৰ দুয়োটা প্ৰজাতিক বহুবাৰ সন্ত্ৰাসবাদী বুলি উল্লেখ কৰিছোঁ যদিও ইহঁত প্ৰকৃততে সন্ত্ৰাসবাদী নহয়। সন্ত্ৰাসবাদী হয়তো আমি। আমিয়েই ইহঁতৰ জীৱনৰ বাবে ভাবুকি। ইহঁতৰ কেতবোৰ স্বভাৱ বা বৈশিষ্ট্য ভগৱানপ্ৰদত্ত আৰু জন্মগত। কিন্তু ভগৱানে মানুহক এটা মগজু দিছে উচিত অনুচিত বিচাৰ কৰিবলৈ। কিন্তু আজি আমাৰ মগজুবোৰ একো একোটা দাষ্টবিনসদৃশ। য’ত আছে আনক প্ৰতাৰণা তথা অন্যায় কৰি নিজে প্ৰতিপত্তিশালী হোৱাৰ দুৰ্বাৰ বাসনা। কিছুমান সন্ত্ৰাসবাদীৰ জন্ম হৈছে ধৰ্মীয় উন্মাদনাৰ বাবে আৰু কিছুমান ন্যস্ত স্বাৰ্থ জড়িত কাৰণত। কিছুমান সন্ত্ৰাসবাদী আকৌ জন্ম হৈছে নিজৰ প্ৰাপ্যৰপৰা বঞ্চিত হোৱাৰ ক্ষোভত। কিন্তু সন্ত্ৰাসবাদে আজিলৈকে কোনো সমস্যা সমাধান কৰাৰ নজিৰ নাই। ই নিজৰ মানুহখিনিকে নিজৰপৰা আঁতৰাই নি সমাজখনক কলুষিত কৰি তোলে, যাৰ বাবে উত্তৰ প্ৰজন্মই আমাকেই দোষিব। আহক, সকলোৱে প্ৰগতিৰ বাধা এই সন্ত্ৰাসবাদক একেমুখে ধিক্কাৰ দিয়াৰ লগতে সমগ্ৰ জীৱকূলক প্ৰেমৰ দৃষ্টিৰে চাবলৈ শিকোঁ। এই ধৰা সকলো জীৱৰ জীৱন ধাৰণৰ অনুকূল হওক আৰু এই ধৰাৰপৰা নিপাত যাওক কালবিষৰূপী সন্ত্ৰাসবাদ।

☆ ★ ☆ ★ ☆

5 Comments

  • খুব ভাল লাগিল৷

    Reply
    • AURAVINDA GOSWAMI

      আন্তৰিক ধন্যবাদ জনালো।

      Reply
  • ডলী তালুকদাৰ

    ঝকাছ লিখনী।ভাল লাগিল পঢ়ি।

    Reply
    • AURAVINDA GOSWAMI

      আন্তৰিকতাৰে ধন্যবাদ জনালো।

      Reply
  • ইন্দ্ৰ মোহন বৰা

    অতি সুন্দৰ। বহু কথাই কলে।

    Reply

Leave a Reply

Your email address will not be published.