ফটাঢোল

আত্মপ্ৰসাদ-কাবেৰী গোস্বামী 

(১)
“হ’লেই আৰু, আজি বৰকটকীয়ে পালে৷”

কথাষাৰ অঞ্চলটোৰ মানুহৰ মুখৰে এনেয়েই নোলায়৷ নাটকৰ ৰিহাৰ্চেল শেষ কৰি চাহ পৰ্ব চলি থকাৰ মাজতেই বৰকটকীৰ প্ৰৱেশ ঘটাত মুখ ফুটাই নক’লেও সেইদিনাও প্ৰায় প্ৰতিজনৰ মুখতে সেই ভাব ফুটি উঠিল৷

: এইফালে গৈছিলোঁ, তহঁতৰ কথা সিদিনা ওলাইছিল এঠাইত, বোলো কিনো চলি আছে চাই যাওঁ বুলিয়েই সোমালোঁ এপাক৷

কৰ্তৃত্বৰ সুৰেৰে কথাষাৰ কৈয়েই বৰকটকীয়ে চাৰিওফালে চকু ফুৰাই চকী এখনত নিজে বহিল৷

: কচোন কিনো চলিছে, নাটক কৰিবি বুলি শুনিছোঁ!

হ’ল আৰু এইজনাই ভাল পকাব আজি, কোনোমতে মূৰ খজুৱাই ৰূপমে ক’লে,

: মানে খুৰা আজি আমি এনেই আছিলোঁ, নাটক এখন কৰাৰ কথা চলি আছে বাৰু, মোৰহে কালিৰপৰা অলপ জ্বৰ, মূৰৰ বিষৰ কাৰণে দুদিনমান পিছুৱাই দিয়াৰ কথা ভাবিছোঁ৷

: ধেই কি কথা কৱ অ’, মই থাকোঁতে তহঁতৰ চিন্তা নাই৷ ৰহ তোৰ অসুখ ভাল হৈ যাব৷ কাগজ এখন দেচোন, কলম মোৰ আছেই৷

এইবুলি বৰকটকীয়ে কাষতে থকা প্লাষ্টিকৰ টেবুলখন নিজৰ ফালে আৰু অলপ টানি ল’লে আৰু ৰিদিপে আনি দিয়া কাগজখিলা ভাঁজ কৰি লৈ ৰূপমৰ ফালে চাই সুধিলে,

: কচোন এতিয়া কি হৈছে আৰু কেতিয়াৰপৰা?

ঘটনাৰ আকস্মিকতাত বিমূঢ় হৈ ৰূপমে ক’লে,

: কি কৰে খুৰা, মই ডাক্তৰক দেখুৱাই আহিছোঁ নহয় আজি, এয়া প্ৰেছক্ৰিপশ্বন হাততে আছে, যাওঁতে তেজ পৰীক্ষাৰ চেম্পল দি যাম কাৰণে ওলামেই আৰু সোনকালে৷

: হুঃ! এই বৰকটকী ডাক্তৰ থাকোঁতে থৈ দে তোৰ বেলেগ ডাক্তৰ৷ মোৰ কথা শুন আৰু এতিয়াই চেম্পল দি আহগৈ৷ মই খবৰ ল’মহি কাইলৈ৷

ভেকাহি মাৰি কোৱা কথাষাৰ শুনি আৰু বিশেষকৈ ‘বৰকটকী ডাক্তৰ’ শব্দ দুটা শুনি ৰূপমৰ হাঁহো নে কান্দো লাগিল৷ কেতিয়াবাতে ক’ৰবাত এবাৰ শুনিছিল যে বৰকটকীয়ে এসময়ত হেনো হোমিঅ’পেথি পঢ়িছিল৷ পঢ়িছিলহে, চিকিৎসা কৰা নেদেখা কাৰণে সেইবিষয়ে কোনেও ইমান নাজানে, তাকেই মানুহটোৱে সুযোগ পালে জহাই ফুৰে৷

বৰকটকী সেইদিনালৈ উঠিল আৰু বাকীসকলেও কোনোমতে যেন ৰক্ষা পৰিল৷ পিচে পাছদিনাখন মানুহটো আকৌ ওলালহি আৰু আহিয়েই ৰূপমক ৰিপ’ৰ্টৰ কথা সুধিলে৷ ৰিহাৰ্চেলৰপৰা যোৱাৰ বাটত দেখুৱাই অহা ডাক্তৰৰ চেম্বাৰত সোমাই যাব বুলিয়েই ৰূপমে ৰিপ’ৰ্টটো লৈ আহিছিল আৰু এতিয়া তাকেই বৰকটকীক দেখুৱাই সোনকালে ৰক্ষা পৰাই ভাল বুলি ভাবিলে৷

ৰিপ’ৰ্টটো হাতত লৈ অলপ ছিৰিয়াছ মুডত কাগজখন মেলি চাই তেওঁ ক্ষন্তেকতে চিঞৰি উঠিল,

: হেই একো নাজান দেই তই…

: কি হ’ল খুৰা?

ৰূপমে কৈ উঠিল৷

: পৰীক্ষা কৰিবলৈ কোনে দিছিল? সেই ঠাইত মোৰ নামটো নাই যে! যা যা এতিয়াই লেবত গৈ লিখাই আনগৈ।

“ধেই কি যে পাইছিল অসুখ বুলি কৈ মৰিবলৈ৷ পা এতিয়া…” ভোৰভোৰাই ৰূপমে সতকাই ৰেহাই নাপাব বুলি ভাবিয়েই নামটো লিখাই আনিলেগৈ৷

: অ’ এতিয়াহে হৈছে,

হৰিষৰে ৰিপ’ৰ্টটো চাই বিশেষ ছিৰিয়াছ নহয় বুলি দিহা দুটামান দি বৰকটকী গ’লগৈ৷

 (২)

: কথাটো মনত আছে নহয়?

টকা পাঁচশ দিয়াৰ কথাটো বৰকটকীয়ে কমিটিৰ ল’ৰাজনক আকৌ এবাৰ সকীয়াই দিলে৷ ব্যস্ততাৰ মাজতো কথাষাৰ বাৰু তাৰ ঠিকেই মনত আছে, তথাপি “কামোৰ দিয়াৰো এটা সীমা থাকে” ভাবটো মনলৈ আহিল যদিও খন্তেকতে সহজ হৈ “বাৰু” বুলি সি সেইবাৰলৈ কোনোমতে আঁতৰিল৷

সাংস্কৃতিক সন্ধ্যাৰ আৰম্ভণিৰ অনেক আগৰপৰাই ৰভাতলীত হাজিৰ হোৱা বৰকটকীৰ ক্ৰমে উচপিচনি বাঢ়ি আহিছে৷ আমন্ত্ৰিত মূল শিল্পীগৰাকী মঞ্চত উঠাৰ লগে লগেই গামোচা এখন পিন্ধাই লগতে দুআষাৰ কোৱাৰ সুযোগ দিয়াৰ আশাতে হাত টান বুলি জনাজাত মানুহজনে এহেজাৰকৈ টকা বৰঙণি দিয়াৰ উপৰিও কমিটিৰ বিষয়ববীয়া ল’ৰা এজনক টকা পাঁচশও দিছে৷ তেওঁক মাত্ৰ মঞ্চত উঠাৰ সুযোগটো দিলেই হ’ব৷ ল’ৰাজনেও ভাবিলে শিল্পীৰ ডিঙিত গামোচাখনহে পিন্ধাব, কিনো কথাটো, হৈ যাব৷

যথাসময়ত শিল্পী মঞ্চত উঠিল, ঘোষকৰ হাতৰপৰা মাইক্ৰ’ফোনটো লৈ যুৱকজনেই বৰকটকীৰ নামটো ঘোষণা কৰিলে৷ পিচে মঞ্চত উঠি মাইকটো হাতত লৈয়েই বৰকটকীয়ে কোঁ-কোঁৱাই ভিতৰফালে ল’ৰাজনক মাতি নি ক’লে,

: কেৱল নামটোহে ক’লা যে! চিনাকীটো ভালকৈ দিব নাজানা?

বাপুৱে সেমেনা সেমেনিকৈ গৈ পুনৰবাৰ তেওঁৰ নামৰ আগে পিছে চাৰিটামান বিশিষ্ট বিশেষণ লগাই ঘোষণা কৰিলে, এইবাৰ পৰম হৰিষত তেওঁ শিল্পীগৰাকীৰ ডিঙিত গামোচাখন পিন্ধায়েই আগ গুৰি নাচাই ঘোষকৰ হাতৰপৰা প্ৰায় থপিয়াই মাইকটো লৈ পুৱাৰেপৰা আওঁৰাই থকা কথাখিনি ক’বলৈ আৰম্ভ কৰিলে৷ আমন্ত্ৰিত শিল্পী ঘটনাৰ আকস্মিকতাত আচৰিত হ’ল, অলপ পিছতে মঞ্চৰ সন্মুখৰপৰা, কাষলৈ আহি আৰু পিছৰপৰা কেইবাবাৰো কেইবাধৰণে কমিটিৰ মানুহে তেওঁক ভাষণ সামৰাৰ ইংগিত দিয়াৰ মূৰকতো বাৰ মিনিটমান সময় কথা কৈ কোনোমতে সেইদিনালৈ সামৰিলে৷

পিছদিনাৰপৰা বাটে পথে যিমান মানুহ পালে সকলোকে আগদিনাৰ কথা কিবা প্ৰসংগত হ’লেও আনি কয়,

: বৰ ভাল অনুষ্ঠান এটা পাতিলে নহয়নে? আকৌ সোধে,

: কালি কেনে পালা?

আমন্ত্ৰিত শিল্পীৰ গীতৰ কথা সোধা বুলি ভাবি মানুহে ভালেই লগা বুলিয়ে শলাগি থ’লে যদিও দুই একে

: অ’ গানকেইটা ভাল গাইছে

বুলি কওঁতে যেতিয়া তেওঁ-

: হেই নহয়, মোৰ ভাষণটো কেনে পালা,

বুলি সুধিলে তেতিয়া থতমত খাই সিজনে কোনোমতে

: মই তেতিয়া আহি নাপালোঁহি

বোলাত তেওঁ খেদ কৰি কৈ উঠে,

: ইছ্ মিছ কৰিলা৷ শুনিব লাগিছিল কথাখিনি৷

আনজনে কোনোমতে কিবা এষাৰ কৈ সেইদিনালৈ পলাই সাৰে৷ আচলতে বৰকটকীৰ নিজৰ ভাষাৰেই, তেওঁ এক কথাৰ মানুহ৷ এদিন টিভিত টক শ্ব’ৰ অনুষ্ঠান এটি চাই থাকোঁতে তেওঁৰ মনত খেলালে যে এওঁলোকৰ দৰেচোন তেৱোঁ কথা ক’ব পাৰে, পিচে তেওঁকতো এতিয়া কোনে টকশ্ব’লৈ মাতিব, গতিকে এবাৰলৈ হ’লেও ৰাজহুৱা মঞ্চ এখনতে কোৱাৰ হেঁপাহ এটা হ’ল আৰু তেনেতে গাঁৱতে পাতিবলৈ ওলোৱা বিহু কালচাৰেল নাইটৰ আয়োজনে তেওঁলৈ সেই সুযোগ আনি দিলে৷ এৰা! বৰকটকীৰ দৰে লোকসকলৰ সুপ্ত প্ৰতিভা বিকাশ কৰাৰ বাবে তেনে অনুষ্ঠান বৰ জৰুৰী!

(সত্য ঘটনাৰ আলম লৈ)

☆ ★ ☆ ★ ☆

One comment

  • Rimjhim Borthakur

    বঢ়িয়া লাগিল। বৰকটকী নিচিনা মানুহ প্ৰায়বোৰ জেগাতে থাকে

    Reply

Leave a Reply

Your email address will not be published.