ফটাঢোল

আত্মোপলব্ধি- চুমী মহন্ত

চাৰিওফালে ধ্বংস যজ্ঞ, মৃত্যুৰ লেলিহান শিখাই আক্ৰমণ কৰিছে সমগ্ৰ জগত, ধুমুহা বলিছে সংকটৰ, ইয়াৰ মহিমাত মানৱীয় অস্তিত্বই হাৰ মানিব লগা হৈছে। চাৰিওফালে কৰ’ণাৰ বিভীষিকা, মৃত্যুৰ তাণ্ডৱলীলাত সমগ্ৰ জগত জৰ্জৰিত। সমান্তৰালভাবে নিৰৱ ধৰিত্ৰীয়েও প্ৰতাৰিত হৈ চৰম ৰূপ ধাৰণ কৰিছে। বানপানী, ভূমিকম্প, বনজুই, কৃষিভূমিত বিষাক্ত কীট-পতঙ্গৰ আক্ৰমণ আদিৰ দৰে ঘটনাও সঘনে ঘটি থকা দেখা গৈছে।

মানৱ জাতিৰ ভৱিষ্যত আৰু শ্ৰেষ্ঠত্বৰ ওপৰতো গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। প্ৰকৃততে মানৱ জাতি শ্ৰেষ্ঠত্বৰৰ যোগ্য নে? আচলতে ঘোষণাটো কোনে দিছিল? স্বয়ং মানুহেই নহয় জানো? কিন্তু এই শ্ৰেষ্ঠত্বৰ খিতাপ বৰ্তাই ৰখাৰ ক্ষেত্ৰত মানুহৰ ভূমিকা কেনেধৰণৰ? বিভিন্ন সময়ত আমি আমাৰ স্বৰূপটো উদঙাই থকা নাই নে বাৰু?

আত্মোপলব্ধি হেনো জ্ঞান লাভৰ আধাৰ। কিন্তু আমি নিজকে আলোচনা-সমালোচনা কৰোঁ‌নে? উপলব্ধি কৰোনে আমাৰ কৰ্তব্যৰ আঁৰত থকা লক্ষ্যবোৰ, নে লক্ষ্যহীনভাবে জীয়াই আছো? বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে পৰ্যালোচনা কৰিলেই দেখা যায় এচাম লোকে মৰণপণ যুঁজ দি বৰ্তমানৰ সংগ্ৰামখনত একান্ত আৰু নিস্বাৰ্থভাবে কৰ্তব্য পালন কৰি থকাৰ বিপৰীতে অন্য এচামে তাৰ বিপৰীত চৰিত্ৰ বহন কৰিছে, যি সঁচাকৈয়ে লজ্জাজনক। সেয়ে আমি প্ৰত্যেকেই আত্মোপলব্ধি কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে। কিয়নো বৰ্তমানৰ পৰিস্থিতিৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমি সকলোৱেই দায়ী।

প্ৰকৃতিৰ ওপৰত চলোৱা নিষ্ঠুৰ অত্যাচাৰৰ ই এক নিৰ্মম পৰিণতি। বৰ্তমান সময়ত অত্যাধুনিক পৃথিৱীৰ বাসিন্দা হোৱা মানৱ জাতিয়ে মানৱীয়তা, ভাতৃত্ববোধ, আন্তৰিকতা, জীৱনমুখী চিন্তাধাৰা এই ধাৰণাবোৰৰ বিপৰীতে স্বাৰ্থপৰতা, নিঃসংগতা, জীৱনৰ প্ৰতি অনীহাৰ মনোভাৱ কঢ়িয়াব ধৰিছে। ফলত বহুতেই উশৃংখল আৰু অসুখী জীৱন যাপন কৰিছে।

বৰ্তমান কৰ’ণাৰ প্ৰভাৱত সকলো ক্ষতিগ্ৰস্থ হৈছে যদিও ইয়াৰ এক ইতিবাচক দিশ হৈছে মানুহে মানুহৰ মূল্য, জীৱনৰ মূল্য, কৰ্তব্যৰ মূল্য বুজি পাইছে। এই সময়খিনি আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয়। বিশ্বই সন্মুখীন হোৱা বৃহত্তৰ আৰু কঠিন দুৰ্যোগৰ সময়ছোৱাত আমাৰ প্ৰত্যেকৰে কৰণীয় কৰ্তব্য আছে।

এই সুযোগতে আহকচোন আমি প্ৰত্যেকেই নিজৰ শ্ৰেষ্ঠত্বম গুণটো বিচাৰি উলিয়াও আৰু আগবঢ়াই নিও মানৱজাতি আৰু সমাজখনক শ্ৰেষ্ঠত্বৰ দিশে।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.