ফটাঢোল

আদাক দেখি উঠিল গা-ড৹ ধ্ৰুবলোচন নাথ

ডিউটিৰপৰা ঘূৰি আহি ঘৰৰ পদূলি পাইছিলোঁহে, হঠাৎ শ্ৰীমতীয়ে চিলনিয়ে থাপ মৰা দি হাতত ধৰি ঘৰৰ ভিতৰত সুমুৱাই আৰম্ভ কৰিলে,

: হেৰা আজি হ’লে নেৰিছোঁ, আমিও এক চেলেঞ্জ দিম!

‘চেলেঞ্জ’ৰ কথা শুনিয়েই উচপ খাই উঠিলোঁ। মনতে ভাবিলোঁ -“হে হৰি, কিহৰ পাল্লাত পৰিলোঁ আজি। ভিতৰি ভিতৰি ইতিমধ্যে তোমাৰ লগত কিমানবাৰ চেলেঞ্জ দিছোঁ! ক’তা এবাৰোতো জিকা মনত নপৰে। এইবাৰ আকৌ তোমাৰপৰা চেলেঞ্জ! কৰ’ণা, লকডাউন, কোৱাৰেণ্টাইন, কণ্টেইনমেন আদিৰ জোৰত এই কেইমাহ ‘বাকী কথা বাদ দি জীৱনটোহে মূল’ বুলি শিকাই বুজাই কিবাকৈ ৰাখিছিলোঁহে, আজি আকৌ উকালেই দেখোন।” -মনতে কথাখিনি ভাবি ভাবি শ্রীমতীৰ মুখলৈ চাবলৈ লওঁতেই গহীন সুৰত শ্ৰীমতীয়ে কৈ উঠিল,

: হ’ব দিয়া ইমান চিন্তা কৰিব নালাগে, আজি তোমাৰ লগত নালাগোঁ। ফেচবুক খুলি চোৱাচোন! বৰুৱা-বৰুৱানী আৰু হাজৰিকা-হাজৰিকানীহঁতে কি চেলেঞ্জ দিছে! সেয়ে আজি আমি দুয়ো মিলি চেলেঞ্জ দিম! একদম জীৱনৰ প্ৰথমখন যুটীয়া চেলেঞ্জ।

আজি চাৰি দিনৰ মূৰত ফেচবুক খুলি চাই দেখোঁ, হয়তো! গোটেইখনেই চেলেঞ্জা-চেলেঞ্জী। ডাৱল চেলেঞ্জ, চিঙ্গল চেলেঞ্জ, মুঠতে চেলেঞ্জে চেলেঞ্জ।  চেলেঞ্জবোৰ চাই চাই গৈ থাকোঁতে হঠাৎ হাঁহি হাঁহি চিঙ্গল চেলেঞ্জ দিয়া ফটো এখনত চকু দুটা ৰৈ গ’ল। দেখি এনে লাগে তেওঁ সঁজাৰ বাহিৰত থকা বনৰীয়া চৰাইটোহে যেনিবা! কোনোমতে সঁজাৰ ভিতৰত সোমাব নোখোজে।

: হয়দে বোপাই, বিয়াও শিকলিহে। ‘বিয়া মানে ভাৰ্যা, আৰু ভাৰ্যা হ’ল ঘোচামৰ জৰী।’

অভিজ্ঞতা থকাসকলে কয়।

সেয়ে ‘কাপোল’বোৰ হেনো এৰা-এৰি হ’ব নোৱাৰে। কথাখিনি ভাবি সেপ এঢোক গিলি মূৰ তুলি চাই দেখোঁ, সৰুটোৰ হাতত ডি এছ এল আৰটো দি সাজি-কাচি সন্মুখত শ্রীমতী হাজিৰ।

: হেৰা, তোমাৰ সেই পিন্ধি থকা মুখাখন খুলি থোৱা আৰু থিয়হৈ মোৰ লগত প’জ দিয়া।

মই বোলো,

: হেৰা, অফিচৰ পৰা আহি সোমাইছোঁহে। তাতে তোমাৰ সেই হাত ধোৱা, চেনিটাইজ কৰা, চ’ছিয়েল ডিচণ্টেনচিং আদি কথাবোৰ ক’ত গ’ল এতিয়া?

মোৰ কথা শেষ হোৱাৰ লগে লগে শ্রীমতীয়ে অত দিনৰ মূৰত লগোৱা লিপষ্টিক কণ নষ্ট হ’বলৈ নিদিয়াকৈয়ে লাহেকৈ মুখখন মেলিলে,

: হেই বুৰ্বক, এইবিলাক মানিলে চেলেঞ্জ জিকিবা কেনেকৈ! চেলেঞ্জ জিকিবলৈ নীতি নিয়মৰ কথা ভাবি লাভ নাই, ৰাজ-নেতাবোৰৰ মিটিঙৰ ফটোবোৰ দেখা নাই!

মনতে ভাবিলোঁ, ৰাইজখনে নকৰে, মই ঘৰতনো অকলে কিয় এটা অনাহক চেলেঞ্জৰ সৃষ্টি কৰি পৰিবেশটো অস্থিৰ কৰোঁ! কবি গোবিন্দ মিশ্ৰই কোন কাহানিয়েই কৈ গৈছে বোলে-

“ইটো গৃহ বাস, ভাৰ্যাৰেসে দাস,
কহিল পৰম আৰ্যা।
বানৰক যেন- নৰ্তকে নচাৱে

স্বামীক নচাৱে ভাৰ্যা।”

খপ-জপ কৈ থিয় হৈ শ্ৰীমতীক সুধিলোঁ,

: কোনখিনিত থিয় হ’লেনো ‘চেলেঞ্জ’টো বেছি ভাল হ’ব!

☆ ★ ☆ ★ ☆

One comment

  • ৰঞ্জিত কুমাৰ শৰ্মা

    হাঃ হাঃ! বঢ়িয়া৷

    Reply

Leave a Reply

Your email address will not be published.