ফটাঢোল

আপদীয়া পদ্য –আদিত্য জ্যোতি বৰঠাকুৰ

নিৰ্বাচন

আকৌ আহিব নিৰ্বাচন
সকলোৰে বেলেগ বেলেগ একচন
কোনোবা যদি চাকিৰা
কোনোবা মাইকেল জেকচন
বাহুবল, ধনবল আৰু শব্দৰ ৰণ
উন্নতি মাথো কাগজৰহে আখৰ
লুটিপুটি খোৱাৰহে মন
ফেচবুকৰ কাজিয়া এৰি সেয়ে
আমিও শিবিৰে শিবিৰে কৰি
আছোঁ‌ ভ্ৰমণ

এফ আৰ পি

ঘৰত যদিও হয় সাধাৰণ জনতা
ফেচবুক সমাজত ময়েই জননেতা৷
কি খেতি, কি বিজ্ঞান, কি ৰাজনীতি
কঁ‌পালত আছে মোৰ ধৰা সৃষ্টিৰ কিৰিটি৷
যদিও সকলো ফ্লপ শ্ব’,
মানুহে দেখিলেই কয় “ইউ মে গ’!”
এফ আৰ পিয়েই জীৱন,
বাকী সকলোবোৰতে পাওঁ এটা বিগ নৌ!

☆★☆★☆

6 Comments

  • বন্দিতা

    🤣বঢ়িয়া

    Reply
  • বাগ্মিতা

    মজ্জা ! FRP টো বেছিয়েই কিবা বাস্তৱিক যেন লাগিল🤣

    Reply
    • আদিত্য

      সকলো কাল্পনিক…..বাস্তৱৰ লগত কোনো সামজ্ঞস্য নাই দেই ।

      Reply
  • ডলী

    বঢ়িয়া

    Reply

Leave a Reply

Your email address will not be published.