ফটাঢোল

আনন্দৰ লোতক- প্ৰণীতা গোস্বামী বৰঠাকুৰ

: নাই আৰু নোৱাৰিছোঁ, কিমান আৰু এইদৰে সোমাই সোমাই আলৈ-আথানিবোৰ সহ্য কৰিম!

 

চুলি দীঘল ৰহিলাই দুখ মনেৰে ক’লে।

 

: কিয় তেনেকৈ কৈছা, আলফুল বেবীয়ে তোমাক ভালেই পায়, নতুনকৈ বাৰ্বীজনীক পাইহে অলপ আদৰ কৰিছে, দুখ নকৰিবা বুজিছা৷

 

শান্তনা দিবলৈকে পোৱালি টেডিটোৱে বায়েক ৰহিলাক ক’লে।

 

: থ হেৰৌ, সেইবোৰ কথা কৈ আমাক আভুৱা ভাৰিব নালাগে, আমি সব বুজোঁ বুজিছ!

 

আক্ষেপেৰে টেডিটোক গেঙেৰি মাৰি ক’লে চকা লগোৱা কাছটোৱে।

 

গোটেইকেইটাৰ মনবোৰ মৰা। আলফুল বেবীৰ হাতৰ পৰশত সিহঁতি প্ৰাণ পাই আছিল বহুদিন। একেলগে গোটেইবোৰকে যেতিয়া ওপৰৰ পৰা ধাৰাম্ কৈ টায়েলচ লগোৱা পকাখনত পেলাই দিয়ে, ৰহিলাৰ দৰে কটকটীয়াকেইটাৰ হাড়বোৰ ভাঙি যোৱা যেন লাগে। দিনটো সিহঁতৰ লগতে সময় পাৰ কৰিছিল আলফুল বেবীয়ে। ৰহিলাক বেঁকাকৈ ধৰিলে মুদ খাই যোৱা চকুযুৰি মোহাৰি শুৱাই দিছিল। কাপোৰ পিন্ধাই, ওৰণি দি কইনাও সঁজাইছিল। কেতিয়াবা বাথৰূমলৈ নি এবাল্টি পানীত সুমুৱাই গাটোও ধুৱাই আনিছিল। সেই তিতা গাতে চুলিবোৰ মাকৰ ফণিখন আনি আজুৰি আজুৰি আঁচুৰিও দিছিল। সেইবোৰ টনা-আঁজোৰা সহ্য কৰিবলৈও যেন ভাল পাইছিল ৰহিলাই। এতিয়া সিহঁতক অৱজ্ঞা কৰা কথাটোহে মনটোৱে সহ্য কৰিবলৈ টান পাইছে। সেয়ে মনৰ দুখতে কথাষাৰ আপোনা-আপুনি ওলাই গৈছিল।

 

পুৰণা খেলনাৰ কাৰ্টুনটোত আলফুল বেবীৰ অজস্ৰ খেলনা। তাৰে কোনোবাটোৰ ভৰি ভঙা, কোনোবাখনৰ চকা এৰোৱা। তাতেই আজিকালি ঠাই পাইছে ৰহিলা, কাছটো আৰু সৰু টেডিটোৱেও। সিহঁত এতিয়া আলফুল বেবীৰ বৰ আদৰৰ নহয়। এমাহমানৰ আগতে পাৰ হৈ যোৱা বাৰ্থডেট আলফুল বেবীয়ে নতুনকৈ বাৰ্বীডল, ছাবি দিয়া গাড়ী, চিৰি থকা দীঘল বেটেৰীত চলা ৰে’লগাড়ী, ডাঙৰ পিংক ৰঙৰ টেডি, দীঘল ভৰিৰ চুইটি, …..আদি বহুতো ধুনীয়া ধুনীয়া পুতলা আৰু খেলনা পাইছে। সেয়েহে পুৰণি পুতলাখিনিক এৰি তাই নতুনবোৰক আদৰ কৰি ৰাখিছে। ছাবি পকালেই চলি যোৱা গাড়ীকেইখন যেতিয়া চোঁ-চোঁৱাই চলি গৈ অ’ত-ত’ত খুন্দা খাই ৰৈ যায় তেতিয়া হেনো চকা থকা কাছটোৰ বুকুতে খুন্দামৰা যেন লাগে। আলফুল বেবীয়ে তেতিয়া এখোজ দুখোজকে খোজ কাঢ়িব পৰা হৈছেহে.. ৰচী লগোৱা কাছটোক টানি টানি থুপুক-থাপাককৈ যেতিয়া ৰূমটোতে ঘূৰি ফুৰে, মাক-আইতাকে তাইকে চাই সন্তোষৰ হাঁহিৰে বুকু ভৰাই ৰাখিছিল। এতিয়া তাক আৱৰ্জনাৰ দৰে কাৰ্টুনটোত পেলাই থৈছে। বুকুখন কিবা মোচৰ খাই যায় ভাবিলে। মাজে মাজে পাৰ্ট টাইম কৰা শান্তিদিদিৰ লগত সৰু জীয়েকজনী আহিলেহে সিহঁতৰ লগত খেলিবলৈ দিয়ে। নতুন খেলনাবোৰ তাইক চুবলৈ নিদিয়ে। তায়ো থকা সময়কণ সিহঁতক বৰ মৰমকৈ চুই চাই, আদৰ কৰি অলপ সময় খেলে। তেতিয়াও সিহঁতি বৰ ভাল পায়। তাইৰ হাতৰ পৰশো ইমান মিঠা, কোমল…..

 

লাহে লাহে সিহঁতৰ কাৰ্টুনটোত ছাবি দিয়া গাড়ীকেইখন, বেটাৰী লগোৱা ৰে’লখনেও আশ্ৰয় ল’লেহি। দুখনমান গাড়ীৰ চেহেৰাও মলিন হ’ল। হাত-ভৰি ভঙা বাৰ্বী দুজনীও কন্দনামুৱা হৈ সিহঁতৰ লগ ল’লেহি। সিহঁত দুজনীৰ চেহেৰা ৰহিলাতকৈও ভয়ংকৰ হৈ পৰিল। তাকে দেখি পোৱালি টেডিটোৰ ফিচিককৈ হাঁহি ওলাই গ’ল। ৰহিলাৰ চকুৰ পাক দেখিহে কোনোমতে নহঁহাকৈ থাকিল। এতিয়া সিহঁত একেখন ঘৰৰে বাসিন্দা হ’ল যেতিয়া সকলো মিলি-জুলি থকাটোহে আচল কথা৷ ৰহিলাই যেন তাকে বুজাব বিচাৰিলে।

লাহে লাহে সিহঁতৰ মাজত বন্ধুত্ব কটকটীয়া হৈ পৰিল। আলফুল বেবীৰ হাত নপৰিলেও সিহঁতি নিজৰ ভিতৰতে হাঁহি-তামাছা কৰি দিন পাৰ কৰিব পৰা হ’ল। মনবোৰ মুকলি হৈ পৰিল সকলোৰে। ৰে’লখনৰ বেটাৰীৰ ৰঙচুৱা গোন্ধোৱা পানীৰে গা তিতি গ’লেও কোনেও আক্ষেপ নকৰা হ’ল।

 

আলফুল বেবী এতিয়া ডাঙৰ হ’ল। গাড়ী, বাৰ্বীৰ সলনি চফ্ট টয়জ, ভিডিঅ’ গে’ম ভালপোৱা হ’ল। স্কুলৰ পৰা আহি দিদিৰ আলপৈচানত কিবা অলপ খাই ডাঙৰ টেডিটোক সাবটি ভিডিঅ’ গে’ম খেলে। বাহিৰলৈ ওলাই যোৱাত বাধা। ওচৰত সমনীয়াও কোনো নাই। কেতিয়াবা আইতাকৰ লগত লুডু, কেৰম খেলে। তাকো অলপ সময়হে। বেছি সময় এইবোৰ খেল তাই ভাল নাপায়। বাহিৰৰ চোতালৰ দৌৰা-দৌৰি, লুকা-চুৰি, স্কিপিং দৌৰ আদি খেলা দেখা নাই কোনেও। এবাৰ মামা-মামীহঁত আহোঁতে তেওঁলোকৰ ল’ৰাটোৰ লগতে অলপ দৌৰা দৌৰি খেলিছিল। কিন্তু তেতিয়াই আলফুল বেবী মাটিত পৰি আঁঠুত বৰ বেয়াকৈ দুখ পাইছিল। বচ্ তেতিয়াৰ পৰাই বাহিৰত খেলা বন্ধ। মাক-দেউতাকৰ আলাসৰ কন্যা আলফুল। পৰি-ধৰি হাত-ভৰিত দুখ পোৱাটো তেওঁলোকৰ সহ্য নহয়। বাহিৰত খেলিবলৈ মন গ’লে ‘চিলড্ৰেন পাৰ্কলৈ’ লৈ যায়, তাতে অলপ খেলে। সেইদিনা তাইৰ ফূৰ্তি কি নাচাবা! জঁপিয়াই ফুৰে গোটেই ঘৰটো। লাহে লাহে পাৰ্কলৈ যোৱা হেঁপাহটোও কমি আহিল। এতিয়া ঘৰতে বহি কম্পিউটাৰৰ সমুখত বহি কিবা-কিবি কৰি থাকে। ধুনীয়া ধুনীয়া চফ্ট টয়জবোৰ এতিয়া মাকে সুন্দৰকৈ আলফুলৰ বিছনাৰ কাষৰ গ্লাচৰ আলমীৰাটোত সজাই থয়। সেইকেইটা দামী পুতলা বাবে সিহঁতৰ কাৰ্টুনটোত ঠাই দিয়াহি নাই! কিন্তু এতিয়া সিহঁতৰ গাতো আলফুল বেবীৰ হাতৰ পৰশ নাই। কেৱল বগা কোমল টেডিটোহে তাই অনবৰতে সাবটি লৈ থাকে। সেইটোহে তাইৰ আদৰৰ, মৰমৰ।

 

: শান্তি দিদি, এইসোপা পাছফালৰ ষ্ট’ৰৰূমত থৈ দিয়াগৈ? ৰূমটো জাঁজ কৰি পেলাইছে এইসোপাই। আলফুলে এইবোৰ আৰু কেতিয়াও নেখেলে৷ লৈ যাবা ইয়াৰ পৰা৷

 

আলফুলৰ মাকে সিহঁতৰ কাৰ্টুনটোলৈ দেখুৱাই ক’লে।

 

কথাষাৰ শুনি সিহঁতৰ মনটো জিকাৰ খাই উঠিল। অন্ধকাৰ ষ্ট’ৰ ৰূমত সোমালে যে সিহঁতি আলফুলক আৰু কোনোদিন দেখা নাপাব, সেইটো ভাৱিহে দুখ লাগিল সিহঁতৰ।

 

: মা, ৰ’বা ৰ’বা

 

বুলি আলফুল আগবাঢ়ি আহিল। কাৰ্টুনটো খুঁচৰি তাই পুৰণা গাড়ীকেইখন উলিয়ালে আৰু গাড়ীৰ চকাকেইটা খুলি ল’লে। এপাকত কাছটোৰ তলৰ চকা দুটাও খুলিব বিচাৰিলে, কিন্তু অলপ ডাঙৰ যেন দেখি পুনৰ কাৰ্টুনটোলৈ দলিয়াই দিলে।

 

: কি কৰিবা চকা কেইটাৰে?

মাকৰ প্ৰশ্ন

 

: মোৰ প্ৰজেক্ট এটাত লাগিব মা৷

আলফুলৰ নিৰুত্তাপ উত্তৰ।

 

অন্ধকাৰ ৰূমটোলৈ আহি সিহঁতৰ উশাহ বন্ধ হোৱা যেন লাগিল। কোনেও কাকো ভালকৈ নেদেখা হ’ল। এটা পঁচা পঁচা গোন্ধও অনবৰতে নাকত লাগি থকা হ’ল। এটাই ভাল হ’ল, এতিয়া সিহঁতি নিৰ্বিচাৰে ডাঙৰ ডাঙৰকৈ কথা পাতিব পৰা হ’ল, হাঁহিব পৰা হ’ল। এতিয়া সিহঁত মুক্ত বিহংগ। কোনেও নেদেখে, কোনেও নুশুনে সিহঁতৰ কথা। হঠাতে কুহুৰ কুহুৰকৈ কাৰোবাক কাহ মৰা শুনি ৰহিলাই ঘূৰি চাই দেখিলে, এচুকত কণমানি কেৰম বৰ্ডখনিয়ে জুপুকামাৰি ৰৈ আছে। দূৰৈৰ পৰাই তাই কেৰম ককাইৰ খবৰ ল’লে। আজি মাহ চেৰেক হ’ল ককাই ইয়ালৈ অহা। আজি সিহঁতক দেখি মনলৈ অলপ সকাহ আহিছে, কথা পাতিবলৈকে লগ এটা হ’ল! সকলোৱে চিঞৰি বাখৰি কেৰম ককাইৰ খবৰ লৈ মনলৈ জোৰ আনি দিলে। গাৰ ছাল-বাকলি ঠায়ে ঠায়ে এৰাইছে যদিও গাটো টনটনিয়া হৈ আছে এতিয়াও। সৱৰে আবদাৰ পাই তেওঁৰো মনটো জীপাল হৈ পৰিল। এনেতে তিনিচকীয়া সৰু চাইকেলখনেও মাত লগালে,

 

: ময়ো আছোঁ ইয়াতে, মোকো তোমালোকৰ গেঙত ভৰ্তি কৰাই ল’বা।

 

: হ’ব, হ’ব চিন্তা নকৰিবা, আমি সৱ “একেখন নাৱৰে যাত্ৰী” এতিয়া।

 

ৰে’লগাড়ীখনে ডিঙি উলিয়াই ৰসিকতাৰে ক’লে।
সকলোৱে গিৰ্জনি মাৰি হাঁহি উঠিল।

 

 

এনেদৰেই কেইমাহমান গ’ল। সকলো নিজৰ নিজৰ কামত মজগুল হৈ থাকিল।

 

এদিন হঠাৎ আকৌ ষ্ট’ৰ ৰূমৰ দুৱাৰ খোল খালে। এচমকা পোহৰে সিহঁতৰ চকু চাঁত মাৰি ধৰিলে। শান্তি দিদিয়ে সিহঁতৰ কাৰ্টুনটো চোঁচৰাই চোঁচৰাই গেৰেজৰ সমুখৰ পকাখনলৈ লৈ গ’ল। তিনিচকীয়া চাইকেল, কেৰম সকলোকে একেঠাইতে হাজিৰ কৰালে। হঠাৎ মালিকনীৰ নিৰ্দেশত কাৰ্টুনটো ওলোটাই সকলোকে পকাখনত থেকেচ্ কৈ পেলাই দিয়া হ’ল। দুই এপদকৈ পুতলা, খেলনাবোৰ ইলুটি-সিলুটিকৈ চালে। ভাল নিখুঁট যেন লগাবোৰ কোমল কাপোৰ এখনেৰে মোহাৰি চাফা আন এটা কাৰ্টুনত থৈ গ’ল। চকা নাইকীয়া, হাত-ভৰি ভঙা খেলনাবোৰ পুৰণি কাৰ্টুনতে থোৱা হ’ল। কি হৈছে একো তত্ ধৰিব পৰা নাই সিহঁতি। নতুন কাৰ্টুনত সোমাই ৰহিলাই বাকীবোৰলৈ চালে। বহুত দিনৰ মূৰত পোহৰত বন্ধুবোৰক দেখি আৱেগত চকু সেমেকি উঠিল তাইৰ। ইটোৱে সিটোক চুই চালে কাষলৈ আহি। পুৰণি কাৰ্টুনত থোৱাবোৰক পুনৰ ষ্ট’ৰ ৰূমলৈ লৈ গ’ল। ফেঁকুৰি ফেঁকুৰি সিহঁতৰ পৰা বিদায় ল’লে তাহাঁতি। কেৰম ককাইকো লৈ গ’ল। দুখভৰা চকুৰে সিহঁতলৈ চাই ৰ’ল ককাইটিয়ে। তিনিচকীয়াখন সিহঁতৰ লগত থাকিল। অলপ সময় সকলো আৱেগিক হৈ পৰিল।

অলপ পাছত ধুনীয়া নেটৰ ফ্ৰক এটা পিন্ধি আলফুল বেবী, মাক, দেউতাক আৰু এগৰাকী নতুন মুখৰ মহিলা গাড়ীৰ ওচৰলৈ আহিল। বহুত দিনৰ মূৰত আলফুল বেবীক দেখি সিহঁতৰ মন আনন্দত নাচি উঠিল। ফ্ৰকটোৱে তাইক বৰ ধুনীয়া লাগিছে। সকলো গাড়ীত বহিল। আলফুল বেবীৰ হাতত এটা ধুনীয়া বাকচ। মাকৰ হাততো বেগ দুটা। শান্তি দিদিয়ে সিহঁতৰ কাৰ্টুনটো, চাইকেলখন আৰু বেগ দুটা গাড়ীৰ ডিকিত ভৰাই দিলেহি। ডাঙৰ গাড়ী, অলপো দিগদাৰ নোহোৱাকৈ সিহঁতবোৰ খাঁজে খাঁজে সোমাই পৰিল। আইতাই ‘বাই বাই’ দিয়া সিহঁতি ভিতৰৰ পৰাই শুনিবলৈ পালে।

 

গাড়ী চলিল। অলপ দূৰ গৈ গাড়ী ৰ’ল। কোনোবা নামি গ’ল, পুনৰ আহি বহিল। কিবা কিনিলে বোধহয়। প্ৰায় এঘণ্টামানৰ মূৰত গাড়ী পুনৰ ৰ’ল। এইবাৰ সকলো নামিল। দুজনমান বেলেগ মানুহে আহি সিহঁতৰ কাৰ্টুনটো আৰু বাকীবোৰ বস্তু গাড়ীৰ পৰা নমাই কাষৰ দীঘল ঘৰটোৰ ভিতৰলৈ লৈ গ’ল। ভিতৰত বহুত মানুহ, ল’ৰা-ছোৱালীৰ মাত শুনিবলৈ পালে। সিহঁতৰ মনটো কিবা ভাল লাগি গ’ল।

 

অলপ সময় কিবা-কিবি মাইকত কথা- বাৰ্তা চলিল। এটা সময়ত সিহঁতক কাৰ্টুনৰ পৰা উলিয়াই চুকৰ ডাঙৰ টেবুল এখনত থোৱা হ’ল। আলফুল বেবীয়ে হাতত লৈ যোৱা বাকচটোৰ পৰা ডাঙৰ কেকটো উলিয়াই সমুখৰ ধুনীয়া টেবুলখনত থ’লে। আৰু ফিটা লগোৱা কটাৰীখনেৰে কেকটো কাটিবলৈ ল’লে। সকলোৱে হাত চাপৰিৰে তাইক আদৰণি জনালে। কণমানিবোৰৰ লগতে সকলোৱে একেলগে, “হেপ্পী বাৰ্থডে” গীতটো গালে। মাক-দেউতাক, ওচৰৰ সকলোকে কেক খুৱালে আলফুল বেবীয়ে। সকলোৰে মুখত হাঁহি। কেক খোৱাৰ পাছত এগৰাকী মহিলাই বহি থকা কণমানিবোৰক সিহঁতৰ ওচৰলৈ লৈ আহিল। সকলোকে এটা এটা খেলনা বাচি ল’বলৈ দিলে। সিহঁতৰ মনবোৰো আনন্দত থৌকি-বাথৌ লাগিল। কণমানিবোৰৰ হাতৰ পৰশত সিহঁতৰ মনবোৰ পুনৰ জীপাল হৈ উঠিল। তিনিচকীয়া চাইকেলখন আশ্ৰমখনৰ সকলোৰে মাজত দিয়া হ’ল, একেবাৰে সৰুবোৰে চলাব পৰাকৈ। খেলনাৰ লগতে সকলোকে কাপোৰ, চুৱেটাৰ আদিও বিলালে। দুপৰীয়া সকলোৱে একেলগে আহাৰ গ্ৰহণ কৰিলে। পুতলাবোৰ কোচত লৈ লৈয়েই কণমানিবোৰে তৃপ্তিৰে ভাতসাঁজ খালে। মাছ, মাংস, মিঠাই, পৰমান্নৰে গোটেই আশ্ৰমখন এখন বিয়া ঘৰৰ দৰেই উখল-মাখল হৈ উঠিল। সকলোৰে মুখত সন্তোষ ভাৱ।

 

আবেলিলৈ আলফুলহঁত যাবলৈ ওলাল। সকলোৰে পৰা বিদায় লৈ তেওঁলোক গাড়ীলৈ উভতি গ’ল। আলফুল বেবীক শেষ বাৰৰ বাবে নয়ন জুৰাই চাই ল’লে সিহঁতে। সিহঁতৰ এতিয়া নতুন ঘৰ হ’ল। আন্ধাৰ কোঠাৰ পৰা মুক্ত হৈ এখন নতুন সমাজলৈ আহিল সিহঁত। মনত এক নতুন পুলকতা। এতিয়া সিহঁতি আকৌ আগৰ দৰেই মৰম পাব, আদৰ পাব। মাত্ৰ হাতৰ পৰশ বেলেগ।

 

কণমানিজনীৰ কোলাত ৰহিলাৰ চলচলীয়া চকুহাল মুদ খাই আহিল। এক অন্যন্য তৃপ্তিত।

 

 

☆ ★ ☆ ★ ☆

11 Comments

Leave a Reply

Your email address will not be published.