ফটাঢোল

আনৰিজাৰ্ভড্চ-চবিনা ইয়াছমিন

ফুৰিবলৈ গৈ লটিঘটি হোৱা ঘটনা এটা প্ৰায়ে মনত পৰে৷ আৰু মনত পৰিলেই ছবিবোৰ চকুত ভাঁহি উঠে৷

দেউতাই সেইবাৰ LTC পোৱাৰ পিছত কন্যাকুমাৰীলৈ ফুৰিবলৈ যোৱাটো ঠিক কৰিলোঁ৷ নিৰ্দিষ্ট সময়ত টিকট কাটি সকলো সুবিধা কৰি ঠিক-থাক কৰা হ’ল৷ জানুৱাৰী মাহ আছিল৷ মা-দেউতা, আমি ভাই-ভনী চাৰিটা আৰু মামা এজনৰ স’তে আটাইবোৰ যাম৷ কন্যাকুমাৰী ফুৰিম, তিৰুৱনন্তপুৰম ফুৰিম, ক’বালাম বিট্‌চত কিছু সময় কটাম আৰু তাৰ পৰাই উলটি অহাৰ প্লেন৷ সেই মতেই গ’লোঁঁ৷ বুক কৰি থোৱা হোটেলত সুন্দৰকৈ গা-পা ধুই আগতেই সিদ্ধান্ত কৰি থোৱা মতে ঠাইবোৰ ফুৰিবলৈ আৰম্ভ কৰিলোঁ৷ আমাৰ ভ্ৰমণটো আছিল নদিনীয়া৷ পিচে চাৰিদিনতে ফুৰা প্ৰায় শেষ৷ বাকীকেইটা দিন কি কৰিম বুলি ভাবি বাইদেৱে ক’লে বাংগালোৰ ফুৰি অহাৰ কথা৷ কিন্তু কথাটো আগতে নভবাৰ বাবে ট্ৰেইনৰ টিকট কটাও নহ’ল৷ সেইদিনাই ৰাতি জেনেৰেলতে টিকট কাটি যামগৈ বুলি ভাবিলোঁ৷ কিন্তু মামাই ক’লে,

: তহঁতে জেনেৰেলত যাব নোৱাৰিবি৷ বৰ ভিৰ হয়৷ বিশেষকৈ মাৰ বাবে অসুবিধা হ’ব ১৩ ঘণ্টাৰ বাট জেনেৰেল ডবাত ৰিজাৰ্ভেচন নোহোৱাকৈ যাবলৈ৷ 

কিন্তু বা নাচোৰবান্দা৷ মুঠতে বাংগালোৰ যাবই৷ মই, ভণ্টি, মা আৰু ভাইটিয়ে সিমান আপত্তি কৰা নাই৷ যিহেতু ফুৰিবলৈ আমাৰো মন আছে৷ কিন্তু দেউতা আৰু মামাই কথাবোৰ বুজাবলৈ চেষ্টা কৰিছে বাক৷

অৱশেষত সেইদৰেই যোৱাটো ঠিক হ’ল৷ ট্ৰেভেল এজেঞ্চিতো জেনেৰেলত একো অসুবিধা নহয় বুলি কোৱা অলপ সকাহ পালোঁ৷ সেইদিনাই সন্ধিয়া ছয় বজাত ট্ৰেইন৷ ষ্টেচন গৈ পায় দেখি আচৰিত হ’লোঁ৷ তাতে ট্ৰেইনখনৰ জেনেৰেল ডবাটো দেখি মই কান্দিমেই নে হাঁহিম ধৰিবই নোৱাৰিলোঁ৷ একদম বিৰ দি বাট নোপোৱা অৱস্থা৷ মই এনেও ভিৰ বৰ বেয়া পাওঁ৷ মামাৰ মুখলৈ চালোঁ বোলো কি কৰিম৷ বা, ভাইটি আৰু দেতা যেনেতেনে উঠি চিট ল’লেগৈ৷ মাক মামাই ঠেলিহেঁচুকি উঠাই দিলে৷ ভণ্টি আৰু মই ভেবা লাগি ৰৈ আছোঁ৷ ইফালে ট্ৰেইনে উকি মাৰিলেই৷ মামাৰ একে গালিতে দৌৰি ট্ৰেইনত উঠিলোঁ৷ মোৰ চকুপানী ব’বলৈ আৰম্ভ কৰিলে৷ তাতে আকৌ বাৰ গালি কান্দি নেদেখুৱাবি বুলি৷ ট্ৰেইন চলিল৷ ইমান বেছি ভিৰ বাঢ়ি গ’ল যে আমি ইটোৱে সিটোক নেদেখা হ’লোঁ৷ যিহেতু মই, মামা আৰু ভণ্টিয়ে বহিবলৈ চিট পোৱা নাছিলোঁ আমাক মানুহে ঠেলি কৰবাত পোৱালেগৈ৷ দেতা আৰু ভাইটিয়ে চিট ৰাখিছিল যদিও আমি সিহঁতৰ ওচৰ চাপিবলৈকে নেপালোঁ৷ তেনেতে অলপ পিছত এটা ষ্টেচনত ট্ৰেইন ৰ’ল৷ দেখিলোঁ শ শ মাইকী মানুহ জেনেৰেল ডবাত উঠিবলৈ আহিছে৷ সকলোৱে হালধীয়া শাৰি পৰিধান কৰি হাতত কলহ এটি এটি লৈ আহিছে৷ হয়তো কিবা উৎসৱ আছে তেওঁলোকৰ৷ মই দেখি সাংঘাতিক ভয় খালোঁ৷ ভাবিলোঁঁ এই ভিৰত আকৌ এওঁলোক ইয়াত কেনেকৈ উঠিব৷ মোৰ চকুপানী বৈ আহিল৷ তাকো অকলে এঠাইত ঠিয় দি আছোঁ৷ কোন ক’ত আছে একো নাজানো৷ হঠাৎ খিৰিকীৰে দেখিলোঁ বা প্লেটফৰ্মত৷ মই চিঞৰি সুধিলোঁ,

: তই কিয় নামিলি?

তাই বোলে,

: পানী নিবলৈ৷

তেনেতে মাৰিলে ট্ৰেইনে উকি৷ মানে চলিলেই৷ মই পাৰোঁ মানে তাইক চিঞৰিছোঁ৷ তাই দৌৰিছে ট্ৰেইনত উঠিবলৈ৷ তাৰ পিছত তাইক নেদেখা হৈ গ’লোঁ৷ মই ভেঁ ভেঁ কৈ চিঞৰি কান্দিছোঁ৷ ঘৰৰ কাকো দেখা নাই, বা থাকি গ’ল বুলি ক’বলৈ৷ কাষৰ হালধীয়া শাৰি পিন্ধা মানুহ এগৰাকীয়ে তেওঁলোকৰ ভাষাতে পাৰে মানে মোক বুজালে৷ মই একো বুজা নাই৷ ময়ো কৈছোঁ মোৰ বা থাকি আহিল অকলে৷ তেঁৱো ক’তনো বুজিব৷ কান্দি কান্দি ডিঙি শুকাই গ’ল গোটেই ৰাতি৷ শেষত চকুপানীও শুকাই গ’ল৷ হয়তো কাষৰ মানুহ গৰাকীৰ মোলৈ পুতৌ উপজিল৷ কাষতে ঠাই অকন যেনেতেনে উলিয়াই মোক বহিবলৈ দিলে৷ পিছদিনা ৰাতিপুৱা বাংগালোৰ ষ্টেচনত ট্ৰেইন ৰ’লহি৷ মানুহবোৰ নামিলত দেতাহঁতক বিচাৰি গ’লোঁ৷ সকলোকে একেলগে দেখিলোঁগৈ অলপ আঁতৰত৷ বাকো দেখিলোঁ৷ মানে তাই যেনেতেনে উঠিলহি আহি৷ পিচে দৌৰি উঠোঁতে বাৰ চেণ্ডেল এপাত পৰি আহিল ট্ৰেইনৰ তলত৷ পিছত ষ্টেচনতে ফেৰিৱালাৰ পৰা এযোৰ কিনি পিন্ধি লৈ লজ এখনলৈ গ’লোঁ৷ তেতিয়াৰ পৰা কাণত ধৰিলোঁ কেতিয়াও ট্ৰেইনত ৰিজাৰ্ভেচন নাথাকিলে ভ্ৰমণ নকৰোঁ৷ সেইটো ঘটনাৰ পিছৰ পৰা বায়েও কথাবোৰ বুজিলে৷ পুনৰ তিৰুৱনন্তপুৰম ঘূৰি যোৱাৰ টিকট সেইদিনাই দেতাই ৰিজাৰ্ভেচনসহ কাটি লৈছিল৷

☆ ★ ☆ ★ ☆

10 Comments

Leave a Reply

Your email address will not be published.