ফটাঢোল

আপদীয়া পদ্য – চৈয়দ আহমেদ শ্বাহ

(১)
জাতিৰ হৈ যুঁজিবলৈ শৰাইঘাটৰ ৰণ
ৰণচালি দিলো আমি কৰি জীৱন পণ
ৰঙামুৱা বীৰ
ওখ কৰি শিৰ
পুৱাতেই মেলি ললো ফেইচবুকখন।

(২)

ফেইচবুকসম হায় কতো নাই ঠাই
এই তুমি আছা, বন্ধু এই তুমি নাই
ফেইচবুকৰ খেল
গৰখীয়াৰ মেল
দিনটোৰ আধা সময় ফেইচবুকেই খায়

(৩)
ফোঁপ-চুঙাৰ ফোঁপডাং ফোঁপ-যহী মাইক
বাপেকৰ তেল পুৰি উৰুৱাৱ বাইক
ঠিলা মৰা কাণ
গৰখীয়া গান
খোজ দিলেই ফোঁপনি কাঢ়
হেৰৌ নালায়ক
(৪)
কথাই কথাই ফোঁপোলা ফোঁপাউৰি মাৰ
গিয়ানি সন্তজনৰ তিয়নি কাঢ়
বৰকথীয়াৰ জাত
মুখত ওভত মাত
আইৰ মাতষাৰিহে মাতিব নোঁৱাৰ
(৫)
নালাগে নগৰ আমাক “নগৰ” নামেই কাল
অমুক নগৰ তমুক নগৰ শুনিবলৈহে ভাল
অনিল নগৰ বানত বুৰে
নবীন নগৰ সাগৰ ফুৰে
চহৰীয়া চহা আমি ঘৰত ৰাখো জাল
(৬)
গানতে মগন আমি নেচাওঁ লগন
দিন ৰাতি শুনো গান খাইছো ঠগন
ভাঙিলে কঁকাল
বুদ্ধিত কঙাল
সমুদায় পাহৰিলো “মানৰ ভগন”
(৭)
লিমেৰিক ৰচা কাম সহজ নহয়
দুই দুই এক মুঠ পাঁচ শাৰী হয়
লগাবলে গত
আপদীয়া পদ
এক দুইতে পাঁচ, তিনিত চাৰি মিলয়

★★★★

3 Comments

  • হেমেন

    সুন্দৰ

    Reply
  • হেমন্ত কাকতি

    ভাল লাগিল ৷

    Reply
  • Kamaljit Medhi

    ফেচবুকৰ পাততহে লাচিতৰ তেজ থকা অসমীয়াৰ অস্তিত্ব

    Reply

Leave a Reply

Your email address will not be published.