ফটাঢোল

আপদীয়া পদ্য – দ্বীপেন কলিতা

(১)

পঞ্চাশ-বছৰীয়া বুঢ়া যুৱকৰ অষ্টাদশী তিৰী

বিয়া কৰাই ভাবিছিল সি হ’ব ঘৰৰ চিৰী৷

উৎপতীয়া তিৰী বৰ

চলাথ কৰি গোটেই ঘৰ

একেদিনাই কৰিলে শেষ বুঢ়াৰ গোটেই বিড়ি৷ ৷

(২)

আজি-কালিৰ ল’ৰাবোৰৰ বৰ বৰ গপ্

অসমীয়া-হিন্দী এৰি গাই মাথোঁ পপ্৷

কিতাপ সামৰি থৈ

জিনছ্-চাৰ্ট কান্ধত লৈ

পাঁচ-আলিত বহি সেয়া মাৰি আছে ধপ্৷ ৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.