ফটাঢোল

আপদীয়া পদ্য – মৌচুমী গগৈ

১) ৰাষ্ট্ৰপতি সদায় ’কালামৰ’ দৰে হ’ব লাগে,

’মুখাৰ্জী’টো ৰাণীও আছে৷

২)আপেল ’মিঠা’ হ’লেহে খাবলৈ সোৱাদ,

’লাল ’টো আডৱানিও থাকে৷

৩)ল’ৰাবোৰ ’হেণ্ডচাম’ হ’লে ভাল লাগে,

’স্মাৰ্ট’টো ফোনো আছে৷

৪)মোবাইল সদায় ’জেনেৰেল’ মোদত থব লাগে,

’চাইলেণ্ট ’টো মনমোহনো থাকে৷

৫)ছোৱালীবিলাক ’বুদ্ধিয়ক’ হ’ব লাগে,

’চুৰত ’টো গুজৰাট তো আছে৷

৬)বেমাৰ ভাল কৰিবলৈ ’ঔষধ’ খোৱাটো ভাল,

’টেবলেট ’টো ছেমছাঙৰো থাকে৷

৭)ফোনটো আই ফোন হ’লে এনেই ভাল লাগে,

কাৰণ ’S1, S2 ….S4 ’টো ট্ৰেইনৰ দবাওঁ থাকে৷

৮)মানুহৰ অন্তৰখন ’ডাঙৰ’ হ’ব লাগে,

’চোটা ’টো ভীমো আছে কাৰ্টুনত৷

৯)ফুৰিবলৈ হ’লে ’হিল -ষ্টেচন ’ যোৱাই ভাল,

’গোৱা ’টো পান মচলাওঁ পোৱা যায়৷

১০)যিকোনো প্ৰশ্নৰ ’উত্তৰ’ সুন্দৰ কৈ দিব লাগে,

’হমম’, ’উমম’টো ম’হেও কয়৷

১১)জনসাধাৰণ ’জ্ঞানী’ হ’লে সমাজখনৰ উন্নতি হয়,

 ’চেঞ্চেটিভ ’টো কলগেটো পোৱা যায়৷

☆ ★ ☆ ★ ☆

5 Comments

Leave a Reply

Your email address will not be published.