ফটাঢোল

আপদীয়া পদ্য – হেমেন ডেকা

১)
প্রেৰণাদায়ক জনমভূমিৰ অতীত কাহিনী;
বিদেশীৰ কৃপাত বাজে আজি বিষাদৰ ৰাগিনী।
সুবিধাবাদীৰ ৰম্যভূমি চিৰ চেনেহী জননী;
বৰঘৰতে অনুপ্রৱেশকাৰীৰ দপদপনি।
শুনিছো শত ছহিদৰ মাতৃৰ কৰুণ বিননি;
পুথিৰ পাততে জিলিকি ৰ’ল ৰসৰাজৰ বাণী।
২)
“অভং” যুৱ-দম্পতীৰ প্রেমৰ গাড়ী,
যুঁজৰ ধোঁৱাই পেলালে বেৰি।
ৰাস্তাত দেখোন অৰিয়া-অৰি,
ৰুদ্ধশ্বাস কণ্ঠ গ’ল ভাগৰি।
গাঁতত সোমাই ভাঙিল ভৰি,
গগন ফালে চিঞঁৰি চিঞঁৰি।
বোকাত পৰি লুতুৰি-পুতুৰি,
বেঙৰ দৰে থাকিল বাগৰি।
৩)
ক্ষুধাৰ আস্তাবলত স্তব্ধ স্বদেশী ভাবনা;
লয়হীন নিস্তেজ কণ্ঠত স্বাধিকাৰৰ বন্দনা।
আপোন পাহৰা কৰ্মী বাহিনীৰ কথাৰ মৰণা;
গড় খাৱৈত পৰি কেঁকাই আছে জল্পনা-কল্পনা।
পঢ়ি-শুনি নয়নৰ মণি হ’ল নীৰ-নীৰাঙ্গনা;
ভ্রষ্টাচাৰৰ ধ্বজাবাহী হৈ খায় দেখোঁ ভৰ্ৎসনা।
৪)
যশভূত নেদেখিলেও শুনিছো ঔগছত উঠা;
যশে নাখায় শুদা ভাত ,খায় হেনো মাছৰ মাথা।
ৰন্ধনশালাত ভূতৰ নাটত আশাব্যঞ্জক কথা;
এক খালৈ মাছৰ দুখত ৰচিলে দৰদী গাথা ।
টোপৰ আশাত বন্দী মাছৰ মহিমা বুজা বৃথা;
জাকৰ কাৱৈ জাকত উজাই যেন বিহুৰ পিঠা।
৫)
পদ্য লিখি জগাই তুলিব গোটেই বিশ্ব জগত;
সস্তাতে বাজিমাৎ কৰা চৌৰ্যবৃত্তিৰ ভকত।
ফুংফাং-ফাজলামিৰে সময় কটায় ক্লাৱত;
সন্ধিয়া হ’লেই বলিয়া হয় ৰঙা টুপিৰ যহত।
খাদ্য দেখি খঙত কঁপে শ্রীমান ভাতৰ পাতত;
মাৰ আলাসৰ লাড়ু তেওঁ ৰাতিহে থাকে ঘৰত।
৬)
তপত ভাতৰ ধোঁৱাই খালে কি উপায় আছে কোৱা;
থাপনাত এগছি বন্তি জ্বলাই হৰিনামকে লোৱা।
দুখ-দুৰ্দশাৰ ওৰ নপৰিলে পনীয়া বিধ খোৱা;
সহজে ধনী হ’ব খোজা যদি দিনে-ৰাতি তুমি শোৱা।
নৈপৰীয়া জীৱ সেইবিলাক খহনীয়াই পোৱা;
বিশ্বসমাদৃত মাজুলীলৈ চলে নাৱত অহা-যোৱা।
৭)
টকা যদি লাগিলহেঁতেন বাঁহ গছত;
ঠোঙাত ভৰাই সাঁচিলো হয় বাকচত।
ডলাৰ বগৰী এই মুলুকত বহুত ;
সংস্কৃতিৰ ঢাল লৈ ডিস্কো নাচে বিহুত।
বৰ ওখ গছৰ পাণ পাৰিবলৈ টান;
কামচোৰৰ দলে কৰে ইকাণ-সিকাণ।
৮)
বাকযুদ্ধত হাৰ মানি শইকীয়াই কৰিলে চুক্তি
শ্রীমতীৰ আগত নকয় আৰু ডাক পুৰুষৰ উক্তি
শইকীয়ানীয়ে কৰে হেনো বক্ৰোক্তি
সেয়েহে নিদিয়ে তেওঁ একোতে যুক্তি।
তৰাৰ দৰে ছায়া-মায়াৰ চকু
খেলে চুনু-ধুনুৰ সৈতে লুকাভাকু
তেওঁলোকলৈ এনেই ছটিয়াই ফাকু
নুবুজি বোপাহঁতে কান্দে ভুকুৱাই বুকু।

One comment

Leave a Reply

Your email address will not be published.