ফটাঢোল

আবৰ্তন – নয়নমণি হালৈ

তেতিয়া মই বেকাৰ৷ হাতত পইচা প্ৰায় নাথাকেই৷ দেউতাৰ সৰু চাকৰি, ভাইটি তিনিজন৷ শিক্ষকৰ ল’ৰা যেতিয়া ভাল মানুহ হ’ব লাগিব, এয়া দেউতাৰ সৰ্বশেষ কথা৷ দেউতাই পঢ়াৰ নামত পইচা খৰচ কৰিবলৈ কৃপনালি নকৰে৷ কিন্তু কিমান? চিন্তাত হতাশ দেউতাৰ মুখখন দেখি মই উচ্চশিক্ষাৰ আশা এৰিলোঁ, ভাবিলোঁ পাৰিলে দেউতাৰ ডাঙৰ সংসাৰখন চলোৱাত কেনেবাকে মই সহায় কৰিম, নোৱাৰিলে নাই, কিন্তু দেউতাৰ পইচা খৰচ নকৰোঁ আৰু মই৷ কিন্তু কৰিম কি! চুবুৰীয়া দুঘৰমানৰ ল’ৰা-ছোৱালী পঢ়াবলৈ ল’লোঁ, মানে ‘টিউছন’৷ পুৱা টিউছন, গধূলি টিউছন, বাকী দিনটো ঘৰত৷ ঘৰত থকা সময়খিনিতো মন নবহে৷ চকুৰ আগত অন্তহীন সমস্যা কিছুমানে অগা-ডেৱা  কৰি থাকে৷ চিন্তা আৰু অভাৱে ৰুগীয়া কৰি তোলা দেউতাৰ মুখখনে আমনি কৰে, ওচৰ চুবুৰীয়াৰ বহুতো ঘৰত বহু সুবিধা, আমাৰ ঘৰত নাই, মায়ে মাজে মাজে দুখ কৰে৷ মই যেন সন্ধিয়া হ’লেই ৰক্ষা পৰোঁ৷ টিউছন কৰি থকা সময়ত অন্ততঃ নিজকে সুখী যেন লাগে৷ ল’ৰা-ছোৱালীহালে ‘ছাৰ’ বুলি মাতে, সিহঁতৰ মাকে গৰম লুচী আৰু কেতিয়াবা কণী ভাজিও দিয়ে৷ ভাল লাগে৷ কিন্তু দিনটোৰ সময়ত! অসহায়, নৈৰাশ্য আৰু চিন্তাই যেন মোৰো ডেকা মুখৰ পোহৰখিনি লৈ যাওঁ লৈ যাওঁকৈ ৰৈ থাকে৷

এনে সময়তে এদিন হঠাৎ আগমন ঘটে অনন্তৰ৷ মোৰ স্কুলীয়া দিনৰ সহপাঠী, কলেজীয়া দিনত চিনেমা আৰু ৰাসত থিয়েটাৰ চোৱাৰ সংগী৷ কিন্তু কলেজ এৰাৰ পাছত যেন বন্ধুবোৰেও মোৰ লগ এৰিলে (নে মই এৰিলো! )৷ কলেজত অৱশ্যে এটাই আনটোক নেদেখিলে দিনটোৰ এঘণ্টাও নোযোৱা হৈছিল৷ এতিয়া সময় দুঃসময় হ’ল৷ নতুনকৈ লোৱা ‘পালচাৰ’ বাইকখন সি মোৰ চোতালত ৰখাই চিধা মোৰ কোঠালিলৈ সোমাই আহিল৷

: আৰে অয়ন, কিবা বেমাৰ নেকি? বিছনাত লেপেট খাই আছ যে?

বৰ লাজ লাগিল৷ এনেয়ে ক্ষিণাই হাড়েছালে লাগিছোঁ, তাতে সি সেইটো ৰূপত চিন্তাক্লিষ্ট অৱস্থাতে দেখিলে৷ সি আচৰিত হৈ মোৰ পিনে বেছি সময় চাই থকাৰ সুযোগটো মই নিদিলোঁ৷

: কি দোস্ত, আজি হঠাৎ কিয় মনত পৰিল তোৰ কচোন৷ বহ বহ বিছনাতে বহ৷

মই চোলা এটা গাত সুমুৱাই ল’লোঁ৷

: বহুত শকত হৈছ দেখোন, কি খোৱা কৰিছ, আৰে নতুন গাড়ী ল’লি নেকি, তই ক’ৰবাত চাকৰি-বাকৰি পালি নেকি অ …?

লাজ ঢাকিবলৈ মোৰ বহুত প্ৰশ্ন তালৈ৷ তাৰ পিন্ধন-উৰন, খোজ-কাটল, কথা-বাৰ্তা সকলোতে সেইদিনা তাৰ অভাৱবিহীন, দুখচিন্তা একো নথকা, উৎসাহী আৰু সামান্য অহংকাৰী মেজাজ এটা ফুটি উঠিছিল৷ বেয়া লগা নাছিল মোৰ, কিন্তু উদগ্ৰীৱ হৈ পৰিছিলোঁ জানিবলৈ, সি কি কৰি আছে আজিকালি ..! পাৰিলে মোকো সি সুখৰ ভাগ অলপ দিয়ক, মোক মুক্তি দিয়ক এইখন নৰকৰ পৰা, চিন্তা আৰু অভাৱৰ পৃথিৱীৰ পৰা পাৰে যদি মোক লৈ যাওক অলপ স্বাচ্ছন্দ্যৰ মাজলৈ৷

সি চেষ্টাৰ ত্ৰুটি অৱশ্যে কৰা নাছিল৷ নিতান্তই সাধাৰণ ঘৰুৱা কথা দুটামানৰ পাছত সি ভালদৰে বহি লৈছিল৷ টেবুলত উলিয়াই লৈছিল কিছুমান পোষ্টাৰ জাতীয় ৰঙীণ কাগজ আৰু ফাইল৷

: চা অয়ন, মানুহৰ জীৱনৰ উদ্দেশ্য যিয়ে যিমানেই যি নকওক, আজিৰ তাৰিখত মানুহৰ জীৱনৰ উদ্দেশ্যই হৈছে টকা৷ কিন্তু টকা উপাৰ্জন কৰিবলৈ হ’লে হয় তই কৰবাত মোটাকৈ ইনভেষ্ট কৰিব লাগিব, নহয় চাইকেল চলাই টিউছন কৰি কৰি তপিনাৰ ছাল ছিঙিব লাগিব৷ কিন্তু তই টিউছন কৰি কৰি চলিবি কিমানদিন! সেইকাৰণে মই তোৰ কাৰণে লৈ আহিছোঁ এটা ‘বেষ্ট অপছন’৷ সি এইবাৰ পোন হৈ বহি লয় আৰু মোৰ পিনে চাই কয়,

: তই মাত্ৰ আঢ়ৈ হাজাৰ টকা মোক দিবি আৰু লগে লগে মই তোক আমাৰ কোম্পানীত জইন কৰাই দিম৷ জইন কৰাৰ লগে লগে তই আমাৰ কোম্পানীৰ তৰফৰ পৰা ‘নিউ মেম্বাৰচ গিফ্ট’ হিচাপে পাবি এটা ট্ৰলীবেগ, যিটো ট্ৰলীবেগৰ বজাৰ দাম পূৰা পাঁচহাজাৰ টকা৷ মানে তোৰ আঢ়ৈ হাজাৰটোৰ ডাবল ঘূৰি আহিলেই৷ তাৰপিছত তই দিনটোৰ অলপ সময় কোম্পানীক দে, মই কৈছোঁ তই টিউছন কৰিবলৈ নিজে নিজে এৰি দিব লাগিব৷

: কিন্তু মই কৰিব লাগিব কি?

মই অবাক, বিস্মিত হৈ সুধোঁ৷

: তই একো কৰিব নালাগে, যি কৰিব লাগে মই কৰিম, মই নোৱাৰিলে আমাৰ বচে কৰিব, বচে নোৱাৰিলে চি এম ডিয়ে কৰিব৷ সঁচা কথা কচোন, টিউছন কৰি কিমান টকা পাৱ?

এইবাৰ সি মোৰ চকুৰ পিনে চাই সোধে৷

: পাওঁ দে কিবা অলপ, ক’বলৈ লাজ লাগে৷

: আৰে কচোন৷ মই তোৰ বন্ধু, মোক নকলে কাক ক’বি?

(ইমান ভৰষা মই যেন আগতে ক’তো পোৱা নাছিলোঁ৷ অনন্তক মোৰ কিবা কিবা লাগি যায়..)

: দুহাজাৰমান পাওঁ৷ লাহেকৈ ক’লোঁ তাক৷ সি হাঁহিলে, প্ৰথমে সৰুকৈ, তাৰপাছত সশব্দে, ডাঙৰকৈ৷

: মই কিমান পাওঁ জান’? পয়ত্ৰিশ হাজাৰ৷

: পয়ত্ৰিশ হাজাৰ? মই জাঁপ মাৰি উঠোঁ৷

: শুন, তই এই কাগজকেইখনত চহী মাৰি দে আৰু টকা আঢ়ৈ হাজাৰ যোগাৰ কৰ৷ মই পৰশি মানে ৰবিবাৰে আহি লৈ যাম৷

: ৰ, হাতত এটকাও নাই আৰু তই কৈছ আঢ়ৈহাজাৰ৷ কেইদিনমান লাগিব৷

: ঠিক আছে, তয়ে ক কোনদিনা আহিম৷ এসপ্তাহ? হ’ব?

: কিন্তু মই কি কৰিব লাগিব নকলিদেখোন৷

এইবাৰ সি ডাঙৰ ৰঙীন বেটুপাতত ল’ৰা-ছোৱালী এহালে সাগৰতীৰত বেলুন উৰুওৱা ছবি থকা কিতাপখন হাতত তুলি লয়৷ মোৰ মনটোও ফুলি উঠা বেলুন এটাৰ দৰে উৰি গৈ থাকে, উৰি গৈ থাকে৷

কামটো বৰ ডাঙৰ নাছিল৷ কোম্পানীটোৰ সৈতে তিনিজন মানুহ যুক্ত কৰি দিব লাগে৷ মাত্ৰ তিনিজন মানুহ৷ তিনিজন মানুহ মোৰ চিনাজনা নাইনে! মোক ভালপোৱা তিনিজন মানুহো নাইনে এইখন পৃথিৱীত- এই প্ৰশ্নই মোক আগতে কোনোদিনে আমনি কৰা নাছিল, কিন্তু অনন্তই সোধাৰ লগে লগে আগপিছ নুশুনি “আছে আছে কিয় নাই” বুলি বুকু ফুলাই উত্তৰ দিলোঁ৷ “মৰা মানুহ এজনেও চাৰিজন মানুহ পায় তেওঁৰ শটো কান্ধত তুলি ল’বলৈ, আৰু তই জীয়া মানুহজনে তিনিজন মানুহ নাপাবিনে”- অনন্তৰ কথাৰ জোৰ দেখি মই অবাক হওঁ৷ এৰা মইতো জীয়া মানুহ, সুস্থ সবল মানুহ৷ তিনিজন মানুহ নাপামনে..! লুচী ভাজি দিয়া মাকগৰাকীৰ ছবিখনেই প্ৰথমতে চকুৰ আগত ভাঁহি উঠিল৷ সাদৰী মানুহগৰাকীয়ে নিশ্চয় না নকৰে৷ আঢ়ৈ হাজাৰ টকানো তেওঁলোকৰ বাবে কি! গিৰিয়েকে আৰক্ষীৰ যান-বাহন শাখাত চাকৰি নকৰে জানো! মোৰ তিনিজন মামা৷ তিনিওজনে চৰকাৰী চাকৰি কৰে৷ কোনোবা এজনেতো মোৰ কথা ৰাখিব৷ আৰু বাকী থাকিল এজন! সেইজন চুবুৰীতে ওলাব৷ মোক ভাল নাপালেও মোৰ দেউতাক ভালপোৱা, মাক ভালপোৱা কোনোবা এজনতো আছে..৷ কিন্তু ভয় লাগে মনত৷ অদৃশ্য ভয় এটাই মোক হেঁচা মাৰি ধৰে৷ দিনে ৰাতি কষ্ট কৰি যিমান পইছা নাপাওঁ, মাত্ৰ তিনিজন মানুহ গোটাই দিয়াৰ পাছত মই পাম প্ৰায় তাৰ দহগুণ৷ ভয় লাগে মনত৷ কিহৰ ভয় এয়া! বেছি পইচা উপাৰ্জন কৰাৰ ভয়! উপাৰ্জনৰ আঁৰৰ কথা পৰিষ্কাৰ নহোৱাৰ ভয়! বেছি পইচাই মোক সৰল পথৰ পৰা বিচ্যুত কৰাৰ ভয়! নাই, বুজি নাপাওঁ মই৷ ঠিক কৈ যোৱা মতে সঠিক দিনৰ সঠিক সময়ত অনন্ত আহি ওলায়৷ সি আচৰিত হয়৷

: মাত্ৰ আঢ়ৈ হাজাৰ টকা তই যোগাৰ কৰিব পৰা নাই?

মই লাজত পৰোঁ৷ সংকোচেৰে কও তাক,

: পইচা যোগাৰ হোৱা নাই সেয়াও সঁচা, কিন্তু মনত ভয়ো লাগিছে বন্ধু৷ ইমান কম কষ্টত ইমান পইচা….

মোৰ কথা শেষ নহয়, সি ঢেকঢেকাই হাঁহে কয়,

: পইচা নালাগে নেকি তোক? শুন, পইচাৰে সুখ কিনিব নোৱাৰি বুলি কয় মানুহে, মই কওঁ পাৰি৷ পইচা যদি তোৰ আছে দুনীয়াত সকলো আছে, পইচা যদি নাই তোৰ একো নাই৷ আৰু এই কামটোৱে তোক পইচা দিব, যিমান লাগে সিমান দিব৷

মই আশ্বস্থ হ’ব নোৱাৰোঁ তাৰ কথাত৷ সি পুনৰ মুখ খোলে,

: চা কলেজত থাকোঁতে তোৰ কিমান বন্ধু আছিল৷ অথচ এতিয়া কোনোবাই তোৰ খবৰ লৈছেনে? নাই লোৱা৷ পইচা নাথাকিলে আজিৰ যুগত কোনেও মানুহ বুলিয়ে গণ্য নকৰে বুজিছ৷ ক এতিয়া কোনদিনা জইন কৰিবি!

ছেঃ! অনন্তই ইমান ভাল ভাবি মোক উপযাচি কাম এটা দিছে আৰু মই অনন্তৰ পৰা পলাই ফুৰিব ধৰিছোঁ৷ কাইলৈ কাইলৈ বুলি সি কেবাদিনো আহিল৷ এদিন মই লুকালোঁ, মাক ক’লোঁ- তাক বজাৰলৈ ওলাই যোৱা বুলি ক৷ এদিন কাষৰ এঘৰত সোমাই থাকিলোঁ৷ এদিন পাইখানাত দহবাৰমান যোৱা বুলি ক’লোঁ, ডাক্তৰক দেখুৱাব লাগে, কেনেকৈ পইচা দিওঁ! কিছুসময় মোলৈ চাই থাকি সি ক’লে,

: অহা ৰবিবাৰে কেৱল না নকৰিবি৷

ভাবিছিলোঁ অনন্ত আৰু নাহে, কিন্তু আকৌ এটা দিন ঠিক কৰিলে৷ মনতে মোৰ লাজ লাগিল৷ দুসপ্তাহে অনন্তই তাত-বাতি কাঢ়ি আছে মোৰ ভালৰ বাবে, অথচ মই তাক ঠগি আছোঁ৷ পইচি আঢ়ৈহাজাৰ যোগাৰ কৰিলোঁ মই৷ এহাজাৰ ধাৰ কৰিলোঁ সঞ্চয় এটাৰ পৰা, টিউছনৰ পইছা হাতত গোট খুৱালোঁ এহাজাৰ আৰু পাঁচশ ইয়াৰ পৰা এশ, তাৰ পৰা এশ এনেকৈ যোগাৰ কৰিলোঁ৷ ৰবিবাৰে অনন্ত আহিলে চাপ-চুপ চহীকেইটা মাৰি দিম আৰু কম “ল এয়া পইচা৷”

কিন্তু মোৰ ভয়টো! ভয়টো কিয় দূৰ নহয় মোৰ! এইখন পৃথিৱীত কোনে কিমান কাম কৰি আছে৷ পইচা আগধন লৈ মানুহ মাৰা কামো মানুহে কৰি আছে৷ মোৰ কামটো অনন্তহঁতৰ নিচিনা অজস্ৰ মানুহে কৰি আছে৷ মোৰ তেন্তে কিয় ইমান ভয়! হয়, কোম্পানীটোৱে বিশেষ একো কষ্ট নকৰাকৈ বহুত পইচা উপাৰ্জন কৰাৰ এটা সুযোগ দিছে৷ দিব পাৰে, সেইবোৰত মই কিয় মূৰ গৰম কৰিব লাগে! মোক পইচাহে লাগে৷ মনলৈ সাহ আহে৷ অনন্তই মোক প্ৰতাৰণা কৰিব নোৱাৰে৷ সি কোৱা কথাবোৰ জানো মিছা হ’ব পাৰে! কোম্পানীৰ পৰা পোৱা সোণালী চেইনৰ হাতঘড়ীটো জানো অনন্তৰ হাতত জিলিকি থকা নাই! নতুন গাড়ীখন, শেলুৱৈৰ চামনি পৰা আমাৰ চোতালখন যে পোহৰ কৰি দিয়ে, সেইখন জানো সি কোম্পানীৰ পৰা উপহাৰ পোৱা নাই! কোম্পানীৰ খৰচত দিল্লী, বাঙ্গালোৰলৈ গৈ জানো সি অবসৰ কটাই অহা নাই! নাই নাই এইবোৰ মিছা হ’ব নোৱাৰে৷ মোৰ মনটো যেন মুহূৰ্ততে পখিলা হৈ পৰে৷ গলত চকলেট ৰঙৰ টাই মেৰুন ৰঙৰ কোট-পেণ্টেৰে মই যেন বিশাল এক আয়োজনৰ মাজত সোমাই পৰিছোঁ, তিনিজন, ছয়জন, নজন কৰি মই যেন কোম্পানীটোক বহুত মানুহ ‘জইন’ কৰাই দিছোঁ, মোক ফুলৰ থোপাৰে আদৰি নিয়া হৈছে সুদৃশ্য মঞ্চ এখনলৈ, মোৰ হাতত কোম্পানীৰ মুৰব্বীয়ে তুলি দিছে এপাত চাবি, মাৰুটি কাৰৰ চাবি আৰু চৌদিশ ৰজনজনাই বাজি উঠিছে ভদ্ৰলোক আৰু ভদ্ৰমহিলাৰ হাতচাপৰি ..৷

টকা আঢ়ৈহাজাৰ মই উত্তেজনাত জোৰকৈ খামুচি ধৰোঁ৷ কিন্তু আকৌ মোৰ ভয়টোৱে মোক গ্ৰাস কৰিবলৈ খেদি আহে৷ এহাজাৰ ধাৰ কৰি অনা হৈছে, যদি ঘৰত গম পাই যায়! কোম্পানীটো যদি মোৰ ধাৰণাৰ বাহিৰৰ এখন অচিনাকি জগত হয়! মই কোম্পানীক তিনিজন মানুহ যোগ কৰাই দিম, সেই তিনিজনে দিব আৰু তিনিজন, তেওঁলোকে তেওঁলোকৰ তলত মানুহ যোগ কৰাই দি থাকিব, দীঘল হৈ যাব এডাল চেইন, ওপৰলৈ গৈ থাকিব মোৰ সপোনৰ পৃথিৱী, ঘড়ী, বাইক, মাৰুটি, বিলাসী হোটেল, বিদেশৰ সাগৰতীৰ.. সকলোবোৰ উৰ্ধশ্বাসে দৌৰিব মোৰ পিছে পিছে ..! কিন্তু যদি সেয়া নহয়! মোৰ আঢ়ৈহাজাৰ টকাটো যদি আৰু উভতি নাহে! এহাজাৰ টকাৰ ধাৰ মাৰিবলৈ গৈ দেউতাই যদি সঞ্চয়ৰ মানুহক কৈ আহে “সি এটা অপদাৰ্থ” বুলি! ঘৰত যদি আকৌ মোৰ বাবে ৰৈ থাকে হাঁহিহীন মুখবোৰ, নৈৰাশ্য আৰু হতাশাৰ প্ৰচ্ছায়াবোৰ! নাই নাই, পুনৰ অভাৱৰ পৃথিৱীত ভৰি দিবলৈ মই সাজু হ’ব নোখোজোঁ৷ কিন্তু অনন্তই মোক এখন প্ৰাচুৰ্যৰ পৃথিৱীৰহে সন্ধান দিছে৷ কিন্তু যদি মই প্ৰতাৰিত হওঁ! তাতকৈও ডাঙৰ কথা যদি মোৰ কাৰণে আন কোনোবা প্ৰতাৰিত হয়! আকৌ ভয়! ভয় ভয়! ভয়টোৱে যেন এইবাৰ অধিক মদমত্ত হৈ মোৰ মনোৰাজ্য দখল কৰি উল্লসিত হৈ উঠিছে৷

পিছৰটো দেওবাৰে অনন্ত আহিল৷ মই তাৰ হাত এখনত খামোচ মাৰি ধৰিলোঁ,

: ক্ষমা কৰি দে বন্ধু, মই খুব ভয় খাইছোঁ৷ মই কামটো কৰিব নোৱাৰিম৷

সি ভালেখিনি পৰ মোৰ মুখলৈ চাই থাকিল৷ তাৰপিছত গ’লগৈ৷

☆ ★ ☆ ★ ☆

আজি কিন্তু মই বেকাৰ নহয়৷ অনন্ত যোৱাৰ কেইমাহমান পিছত মই ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত যোগদান কৰিলোঁ৷ ফলত টিউছন কেইটামান আৰু বাঢ়িল৷ হাতলৈ পইচাও কিছু আহিল৷ তাৰপিছত এদিন শিক্ষকতা এৰি ব্যৱসায়ত নামিলোঁ৷ মনৰ পৰা সকলো ভয় আৰু হতাশা জাৰি-জোকাৰি পেলাই মই দিন ৰাতি ব্যৱসায়ত লাগি গ’লোঁ৷ হয়তো সৌভাগ্য লক্ষ্মীয়ে চাকৰিৰ আৱেদন পূৰাই থকাৰ পৰিৱৰ্তে মই কিবা এটা কৰালৈ বাট চাই আছিল৷ মই সাফল্যৰ জখলাত এখোপ-এখোপকৈ উধাব ধৰিলোঁ৷ সময় অৱশ্যে লাগিল ভালেকেইবছৰ৷ মনলৈ প্ৰফুল্লতা আহিছিল বাবেই হয়তো সুনীতাক পচন্দ কৰিলোঁ এদিন৷ বিয়া পাতিলোঁ৷ ঘৰটো ডাঙৰ কৰিলোঁ৷ দেউতাক মুম্বাইলৈ নি চিকিৎসা কৰালোঁ৷ মাক সাগৰতীৰৰ পৰা ফুৰাই আনিলোঁ৷ উদয়াস্ত পৰিশ্ৰম আৰু ধৈৰ্যই মোৰ মুখত আনি দিয়া সুখৰ হাঁহি বহু পলমকৈ হ’লেও মা-দেউতাই দেখিলে৷ মই এতিয়া সুখী৷ মা-দেউতাক সুখী কৰিব পাৰিছোঁ, মোৰ আৰু দুখ ক’ত! এসময়ৰ অভাৱত বুৰ যোৱা ঘৰ, চিন্তাক্লিষ্ট মুখ, কলেজৰ দিন, লগ-বন্ধু সকলো যেন পাহৰণিৰ সোঁতত উটি ভাঁহি গ’ল৷

সুনীতা মহানগৰৰ ছোৱালী আছিল৷ তাইৰ পৰামৰ্শ মতে ব্যৱসায়ৰ পৰিসৰ মই মোৰ সৰু চহৰখনৰ পৰা মহানগৰীলৈ বঢ়োৱাৰ কথা চিন্তা কৰিলোঁ৷ বুদ্ধিমতী যিহেতু তায়ে যথেষ্ট সহায় কৰিলে৷ তায়ে চিনাকি কৰাই দিলে প্ৰশান্ত সৰকাৰ বোলা যুৱ ব্যৱসায়ীজনৰ সৈতে৷ প্ৰশান্তও মোৰ দৰেই শূন্যৰ পৰা আৰম্ভ কৰি সাফল্যৰ জখলা বগোৱা মানুহ৷ গতিকে মনলৈ ভয় নাহিল৷ তাৰ সৈতে ভালেকেইটা গুৰুত্বপূৰ্ণ কথা-বতৰাৰ শেষত মই আগবাঢ়িছোঁ সুনীতাহঁতৰ ঘৰলৈ৷ প্ৰশান্তৰ ফ্লেটৰ পৰা সুনীতাহঁতৰ ঘৰলৈ তামোল এখনৰহে বাট৷ সন্ধিয়া লাগো লাগো হৈছে৷ ব্ৰহ্মপুত্ৰৰ পাৰৰ পদপথেৰে আগবাঢ়োঁতে নৈৰ চেঁচা বতাহ এছাতিয়ে শৰীৰ চুই গৈছে৷ ব্যৱসায়ৰ কেন্দ্ৰস্থল এই ঠাইকণ৷ দিনটোৰ শেষ ব্যস্ততা সকলোৰে চকুমুখত বিদ্যমান৷ খোজকাঢ়ি পৰিৱেশবোৰ উপভোগ কৰি ভাল লাগে৷ কিন্তু বেগাই খোজ দিছোঁ৷ সুনীতাহঁত কৰবালৈ ওলাই যোৱাৰ কথা৷ পদপথত ভীৰ কমিছে৷ গতিকে খোজকাঢ়োঁতে অসুবিধা নাই হোৱা৷ কিন্তু হঠাৎ এক দৃশ্য দেখি মই বজ্ৰপাত পৰা মানুহৰ দৰে থৰ হৈ ৰৈ গ’লোঁ৷ মোৰ ভৰি যেন আৰু আগলৈ নচলা হৈ পৰিল৷ ব্ৰহ্মপুত্ৰৰ বুকুত মুখ গুজি দিব খোজা বেলিটোও যেন ক্ষণিকৰ বাবে ৰৈ গ’ল৷ অপাৰ বিস্ময়ত মোৰ মুখেৰে ওলাই আহিল,

: অ-ন-ন্ত৷

থৈলা এখনৰ ওপৰত দুটা কমলা টেঙাৰ খৰাহী আগত লৈ সেইটো অনন্ত৷ সি যিমানখিনি পাৰে মূৰটো তলমুৱা কৰি থৈলাখনৰ তলত কিবা এটা যেন বিচাৰিছে৷ মোৰ এনে লাগিল যেন সি মোক দেখিলে৷ মোক দেখি সি তলমুৱা হৈ থৈলাৰ তলত কিবা বিচৰা বুদ্ধি কৰিলে নেকি বাৰু! নে মই ঠাইখিনি পাৰ হৈ যোৱালৈ সি বাট চাইছে! তাৰ চুলিবোৰ পকিছে৷ ৰং গৈ বিবৰ্ণ হৈ পৰা চোলাটো বহুত লেতেৰা৷ মোৰ চামৰাৰ জোতাযোৰ তাৰ থৈলাখনৰ পৰা কেইইঞ্চিমান আঁতৰত ৰৈ আছে৷ মাত্ৰ কেইটামান লহমা৷ অনন্তক চিনি পাবলৈ সেয়াই যথেষ্ট৷ এটা হাঁহাকাৰ মোৰ বুকুলৈ উজাই আহিল৷ অনন্তই মূৰটো দঙা নাই৷ সি যেন ব্যস্ত হৈ পৰিছে, ভীষণ ব্যস্ত৷ মোৰ শৈশৱ, কৈশোৰৰ লগৰীয়াজনক মই অনন্ত বুলি মাত লগাই অবাক কৰি দিয়াৰ ইচ্ছা হ’ল৷ তাক সাবটি ধৰাৰ ইচ্ছা হ’ল মোৰ৷

কিন্তু মই একো কৰিব নোৱাৰিলোঁ৷ এক অদৃশ্য শক্তিয়ে কিবা কৰাৰ শক্তি যেন মোৰ পৰা কাঢ়ি লৈ গ’ল৷ মই পুনৰ একে গতিৰে আহি ঘৰ পালোঁ৷ আৰু এতিয়া বিছনাত মই ছটফটাই উঠিছোঁ৷ কিয়! কিয় এবাৰ অনন্ত বুলি মাত এষাৰ দিব নোৱাৰিলোঁ মই! অনন্তই লাজত মৰি গ’লহেঁতেন নেকি মোক দেখি! এদিন মোৰো এখন পৃথিৱী আছিল, পাৰাপাৰহীন অভাৱ আৰু হতাশাৰ পৃথিৱী৷ অনন্তই সেই পৃথিৱীৰ পৰা বহুদূৰলৈ মোক লৈ যোৱাৰ সপোন এটা উপহাৰ দিছিল৷ সেই সপোনত মই উটি ভাঁহি নগ’লোঁ সঁচা, কিন্তু আজি অনন্তক তেনে এটা সপোন উপহাৰ দিবলৈ মই কিয় পিছুৱাই আহিলোঁ? মই কিয় এবাৰ তাক বিচাৰি নগ’লোঁ সি বিছনাত লেপেটা খাই পৰি থকা দিন এটাত! নাই নাই ইমান অকৃতজ্ঞ মই হ’ব নোৱাৰোঁ৷ এতিয়া ৰাতি হ’ল৷ কিন্তু মই যাবই লাগিব অনন্তই থৈলা পাৰি বহা ঠাই টুকুৰালৈ৷ যদি লগ পাওঁ তাক ক’ব লাগিব- “উপাৰ্জনৰ পথত যদি ঘামৰ গোন্ধ থাকে, সততা থাকে, সেয়াই সুখ বন্ধু, সেয়াই সুখ৷” যদি সি নাই তাক বিচাৰি উলিয়াব লাগিব৷ ওচৰত থকা কাৰোবাক হ’লেও সুধিব লাগিব৷ এইখিনিতে যে কমলাৰ বেপাৰীজন বহে, অনন্ত তাৰ নাম, মোৰ বন্ধু হয় সি, ক’ত থাকে সি?

10 Comments

Leave a Reply

Your email address will not be published.