ফটাঢোল

আভিজাত্য – উৎপলা শইকীয়া

অফিচৰ বিশেষ অনুষ্ঠানতহে সাধাৰণতে পিন্ধা বাদামী ৰঙৰ ফ্ল’ৰেল প্ৰিন্টৰ শাৰীখন শ্ৰাৱণীয়ে বৰ পৰিপাটিকৈ পিন্ধি ঘৰৰ তলাটো মাৰি ওলাই আহিল। পদ পথটো পাৰ হৈ ৰাস্তাৰ সিটো পাৰ পাওঁতে তাই আনদিনাতকৈ অলপ বেছি সময় ল’লে, কাৰণ আছিল তাই আটোমটোকাৰিকৈ ৰখা তাইৰ একমাত্ৰ ওখ ছেণ্ডেলযোৰ। এপাতৰ ফিটাডালৰ ছিগো ছিগো অৱস্থা। আজি বহুদিনৰ মূৰত লগ পাব তাইৰ এসময়ৰ হোষ্টেলৰ ৱালমেট নিমিক মানে নিমিষা দত্তক। যাৰ লগত এসময়ত দাঁতত ভাতটো লাগিলেও সেই অনুভৱৰ ভাগ বতোৱাৰা কৰিছিল দুয়ো। ৱালমেট যদিও বিষয় একে আছিল বাবে দুয়ো আছিল ৰূমমেটতকৈও অধিক অন্তৰংগ৷ কিমান যে স্মৃতি জড়িত আছিল এই নিমিজনীৰ নামটোৰ লগতো!

: বাইদেউ, এইখিনিৰ পৰা কোনফালে যাম?

: হা! মলৰ ইপাৰে নমালেই হ’ব।

গলি সংলগ্ন কেকুঁৰীটো পাৰ হৈ তিনিআলিৰ দৰে ঠাইকণ পাওঁতে ৰিক্সাৱালাই তাইক কথাটো সোধাতহে যেন তাই বাস্তৱলৈ ঘূৰি আহিল৷
কিমান বছৰ হ’ল বাৰু তাই নিমিক দেখা নোপোৱা! নিজকে যেন নিজেই সুধিলে তাই! কলেজৰ প্ৰথমটো ক্লাছতেই সিহঁত দুয়োজনীৰ মাজত গঢ়ি উঠিছিল এক আত্মিক সুহৃদয়তা৷ চায়েন্স, আৰ্টচ্ দুয়োটা ষ্ট্ৰিম লগ লগাই কৰা ইংৰাজী ক্লাছৰ হুলস্থূলৰ মাজতে ক্লাছৰ ৰুটিন লিখি লৈছিল ইজনীয়ে সিজনীৰ পৰা৷ সেইযে আদান প্ৰদান আৰম্ভ হৈছিল সিহঁতৰ মাজত তাৰ পিছত আৰু এপলকো থমকি ৰোৱা নাছিল সিহঁতৰ বন্ধুত্বৰ এই ফল্গুধাৰা। নিমিৰ মানে নিমিষাৰ নামটোক লৈয়েই যে কিমান অথন্তৰ নহৈছিল। কথাবোৰ মনলৈ অহাত হাঁহি এটা স্বতঃস্ফূৰ্ত ভাবে খেলি গ’ল তাইৰ ওঁঠত৷

: “এই নিমিষ দত্তজন কোনহে ঠিয় হোৱাচোন”।

এইয়া কলেজ জীৱনৰ আৰম্ভণিৰ ক্লাছটো সিহঁত দুয়োজনীৰে৷ আৰম্ভণিৰ ক্লাছটো আছিল ইংৰাজীৰ, য’ত চায়েন্স-আৰ্টচ্ মিলি কমেও আঢ়ৈ শ মান ছাত্ৰ-ছাত্ৰী। প্ৰথম ক্লাছ, নিমিষাই সেমেনা-সেমেনিকৈ তাইক কৈছিল,

: “ঐ, কি কৰোঁ কোৱানা? নুঠিলেও আজি ফাৰ্ষ্ট ক্লাছতে এটেনডেন্স মিচ হ’ব দেখোন”!

: “একো নাই চাৰৰ ভুল হ’ল৷ তুমি নামটো শুধৰাই কৈ দিয়া চাৰক”৷ শ্ৰাৱণীৰ সহজ উত্তৰ৷

কথা এষাৰ আছে নহয় আমাৰ বোলে,“প্যাৰ অন্ধা হোতা হেই”; নাই, মানুহে ভুল কয়৷ অকল প্যাৰেই নহয় “কভী কভী দৌস্তী ভি অন্ধী হোতী হেই” তাৰেই ফলশ্ৰুতিত নিমিষাই একেকোবে ঠিয় হৈ অলপ জোৰেৰে ক’লে,

: “চাৰ মই নিমিষাহে।” তাই কৈ শেষ কৰিবলৈ পালে কি নাই ক্লাছৰ ল’ৰাবোৰৰ বিশেষকৈ পিছৰ লাইনকেইটাৰ পৰা অনৰ্গল কিৰিলি আৰু বাৰেবিংকৰা শব্দৰ যেন জোৱাৰহে উঠিল।

: “চাইলেন্স প্লিজ! ইউ বয়জ কিপ কোৱায়েট”৷ বুলি চাৰে বহুত কষ্ট কৰি টেবুল ঢকিয়াই কোনোমতে ক্লাছটো ঠাণ্ডা পেলাইছিলহে, নিমিষা মহাৰাণীৰ ঠেঁহ আৰম্ভ৷

: “হ’ব তুমি মোৰ কিমান বেষ্টফ্ৰেইণ্ড হ’বা বুজিবলে বাকী নাই আৰু মোৰ! দিয়া মোৰ বেণ্ডডাল”,

এইবুলি কৈ নিমিষাই শ্ৰাৱণীৰ উত্তৰলৈ বাট চোৱা নাছিল৷ একে টানে খুলি নিছিল নিমিষাই তাইৰ হাতত আধা ঘন্টামানৰ আগত পিন্ধাই দিয়া ফ্ৰেইণ্ডশ্বিপ ডে’ৰ বেণ্ডদাল৷ শ্ৰাৱণীৰো অভিমান জাগিছিল নিমিষাৰ ওপৰত, কিন্তু হ’লে কি হ’ব কথাই প্ৰতি ঠেঁহ ধৰা এই নিমিজনীৰ চলচলীয়া চকুহাল দেখিয়েই তাইৰ মনৰ অভিমান মনতে সামৰিলে৷ ক্লাছ শেষ কৰি চাৰ ওলাই যোৱাৰ পিছতো ল’ৰা দুটামানৰ অট্টহাস্য কমা নাছিল৷

: “মোৰ নাম নিমিষ বৰুৱা, তোমাৰ নাম নিমিষা দত্ত, আমাৰ ল’ৰাটোৰ নাম হ’ব আমিষ দত্ত আৰু ছোৱালীজনীৰ নাম হ’ব নিৰামিষ বৰুৱা” … আৰু যে কি কি অনৰ্গল গাই আছিল ইটোয়ে সিটোৰ পিছফালে মুখ লুকুৱাই৷ সিহঁতৰ কিছুমান কমেণ্ট শুনি শ্ৰাৱণীৰ বিৰাট হাঁহি উঠিছিল যদিও নিমিৰ ভয়ত মুখটিপি কিবাকে ক্লাছৰ পৰা ওলাইছিল দুয়ো৷ ইচচ্ কিযে দিন আছিল সেইবোৰ!
তাতোতকৈয়ো জালুকবাৰীৰ দিনবোৰ আৰু ৰঙিয়াল আছিল সিহঁতৰ। নামটোক লৈ যে একেখনেই খেলিমেলিয়ে নিমিৰ পিছ নেৰিছিল৷ ডিগ্ৰীৰ ৰিজাল্ট শ্বিটখনতো তাইৰ নামটো নিমিষ বুলিয়েই আহিছিল আৰু তাই যে লিষ্ট টাইপ কৰা টাইপিষ্টজনক পালে হাতৰ আঙুলিকে কাটিবলৈ ওলাইছিল৷ ভাবিয়ে হাঁহি উঠিল শ্ৰাৱণীৰ সেই পাগলীজনীৰ কাণ্ডবোৰৰ কথা৷ ৰিচাৰ্চ মেথ’ড’লজি পঢ়াবলৈ অহা হৰেন্দ্ৰনাথ শৰ্মা চাৰৰ ক্লাছতো একেই ঘটনাৰ পুনৰাবৃত্তি ঘটিছিল৷ তেতিয়ালৈ অৱশ্যে নিমিৰ স্বভাৱৰ অলপ পৰিৱৰ্তনো হৈছিল৷ যাৰ সুবাদতে সকলোৱে তাইৰ সামান্য খঙক আওকাণ কৰি “ৰোলনাম্বাৰ থাৰ্টিন নিমিষ দত্ত” বুলি বিনাদ্বিধাই ক’ব পাৰিছিল আৰু তেতিয়ালৈ শ্ৰাৱণী কোঁৱৰো হৈ পৰিছিল শ্ৰাৱণী কনুৱৰ৷ আজিও বাৰু তাইক মাতিবনে নিমিয়ে কনুৱৰ বুলি লগপোৱাৰ লগে লগে? শ্ৰাৱণীয়ে মনতে ভাবিলে৷

: “বাইদেউ আগত কেইবাখনো গাড়ী আছে, আপুনি ইয়াতে নামি দিব লাগিব”৷

: “ঠিক আছে, ইয়াতে নমাই দিয়া মোক”৷

ৰিক্সাৰ পৰা নামি তাই সযত্নে ৰাস্তাটো পাৰ হৈ শ্বপিংমলৰ গাতে লাগি থকা সৰু এচি ৰেষ্টুৰেন্ট খনলৈ আগবাঢ়িল৷ নিমিষা দত্ত বৰুৱা এতিয়া চহৰখনৰ এজন নাম থকা আৰু আধ্যৱন্ত ইঞ্জিনীয়াৰৰ পত্নী৷ আৰু এসময়ত নিমিষাতকৈ প্ৰতিটো বিষয়তে আগবাঢ়ি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শ্ৰাৱণী একমাত্ৰ আৰ্থিক দৈন্যৰ বাবেই এতিয়া এজন প্ৰাইভেট কোম্পানীৰ চাকৰিয়ালৰ পত্নী৷ আজি কিয় জানো তাই অলপ যেন হীনমান্যতাত ভূগিছে৷ বৰ যত্নেৰে নিমিষাতকৈ আগতেই গৈ টেবুলখনত বহিছে, যেন নিমিৰ পৰা লুকুৱাই থ’ব তাইৰ অভাৱী বাহ্যিকতাটো। তাই নিমিক কোৱাতকৈ প্ৰায় পাঁচমিনিটমান আগতেই পালেগৈ।

: “মেম, কি দিম আপোনাক”?

: “পানীয়েই দিয়া, মোৰ ফ্ৰেইণ্ড আহিলে অৰ্ডাৰ কৰিম”।

ওৱেইটাৰক পানীৰ কথা কৈ তাই আকৌ ভাৱনাৰ সাগৰত ডুব গ’ল৷ কি মাহ বা আছিল সেয়া মনত নাই তাইৰ গৰমটো যথেষ্টই আছিল, বিশেষকৈ কৃষ্ণচুড়াৰ দেশৰ সিহঁতৰ দুমহলীয়া হোষ্টেলটোত দুপৰীয়াৰ টিফিনৰ দালি-ভাজি গোন্ধাই যোৱাকৈ গৰম আছিল তেতিয়াও। ইউনিভাৰচিটিৰ লাষ্ট গেটৰ সিহঁতৰ ডিপাৰ্টমেন্টৰ পৰা প্ৰেক্টিকেল ক্লাছ শেষ কৰি আহি সিহঁত হস্পিটেল কেম্পাছৰ সিহঁতৰ হোষ্টেল পাই মানে প্ৰায়েই সন্ধিয়াই লাগিছিল। তেতিয়া ভাতৰ একমাত্ৰ লগৰী হৈছিল নিমিষাৰ হাতৰ কণী বিলাহীৰ ভুজিয়া ভাজি৷ এইখন ভাজিৰ আন কিবা নাম আছিল যদিও সিহঁতে নাজানিছিল। ভুজিয়া ভাজি সিহঁতে নিজে দি লোৱা নাম আছিল৷ ইউনিভাৰচিটিৰ গাৰ্লছ হোষ্টেল মানেই বান্দৰৰ ৰাম ৰাজ্য আছিল। ল’ৰাৰ হোষ্টেললৈ বোলে বান্দৰেও যাবলৈ ভয় কৰিছিল৷ এই কথাটো তাই নিমিষাৰ পৰাহে জানিছিল৷

: “ঐ কি জান? এই বান্দৰসোপা বোলে ল’ৰাৰ হোষ্টেললৈ নাযায় ৰে”।

: “হা, কি কৱ? অৱশ্যে যাবইনো কিয়? ল’ৰাবোৰে যে সিহঁততকৈয়ো বেছি বান্দৰামি কৰে! সিহঁতৰ হোষ্টেলৰ আগেদি পাৰ হ’বই নোৱাৰি। কি কিৰিলি, যেন কিবা নতুন এলিয়েনেহে খোজ কাঢ়িলে সিহঁতৰ আগেদি৷ উফঃ, হওক তেওঁ এতিয়া অন্ততঃ মাৰ্কেটৰ পৰা পিছে পিছে মইনা মইনা চিঞৰি অহাকেইটাক ওলোটাই ক’ব পৰিম এষাৰ”৷

এই সৰু সৰু কথাবোৰে শ্ৰাৱণীৰ মানসপটত ঘনে ঘনে আহি ভিৰ কৰিছেহি আজি৷

: “মইনা তোমাক নাপালে মই মৰি যাম ৷ মইনা …মইনা এবাৰ ঘূৰি চোৱা।”

: “ঐ, তোৰ কোনজনী মইনানো”?

: “কিয়নো সদায় সোধ বে’? মোৰ পিংকি মইনাই আক”৷

সেইদিনা গুলাপী ৰঙৰ কুৰ্টি পিন্ধা শ্ৰাৱণীৰ বাউঁসীত নিমিষাৰ মৃদু চিকুট —

: “ঐ, তোৰ পাগল প্ৰেমী পালেহি আৰু”,

: “ধুৰৰ, সিহঁতেই কম হৈছেনে? তইয়ো মোক জোকোৱা আৰম্ভ কৰিছ যে”?

: “যা নহ’লে তইয়ো সিহঁতৰ লগতে টেঁটুফালি মৰগৈ”৷

এই বুলি শ্ৰাৱণীৰ মিহি ধমক৷ সিফালে আক’ সেইকেইজনৰ চিঞৰ শেষেই নহয়!

: “ঐ চা, মই পাঁচলৈকে গণিম, যদি পিংকি মইনাই তাৰ আগতেই মোলৈ ঘূৰি নাচায় তেন্তে পিংকি মইনা আজিৰ পৰা তোৰ”৷

: “হুহ, আৰম্ভ হ’ল আৰু এই এ.টি. এইটৰ পাগলটোৰ পাগলামি; ঐ নিমি, জোৰকে খোজ দিব নোৱাৰা হ’লি নেকি তই”?

: “ধেই এইজনী, সি আহিলেই তই কেলেই ইমান নাৰ্ভাচ হৈ মৰনো? উৰি যাম নেকি”?

ইফালে পাগল প্ৰেমিকৰ বিৰতিহীন চিঞৰ

: “মইনা এক”৷
: “টিক টিক।”
: “মইনা দুই।”
: “টিক টিক।”
: “মইনা চাৰি।”
: “টিক টিক।”
: “মইনা চাৰে চাৰি।”
: “টিক টিক।”
: “মইনা পাঁচ।”

ইচচ্ এই ধুৰন্ধৰ কেইটা, ছোৱালী জোকোৱাতো শ্বিটিং কৰে চা, শ্ৰাৱণীৰ উল্টা-পুল্টা গালি শুনি নিমিষাই মুখ লুকুৱাই হাঁহে ৷
ইফালে অন্ধবিশ্বাসী ‘প্ৰেমিক এণ্ড কোম্পানী’ৰ কিৰিলি।

: “ৱাহ! কংগ্ৰেট্ছ কংগ্ৰেট্ছ ৷ মইনাই ঘূৰি নাচালে, আজিৰ পৰা পিংকি মইনা তোৰ হৈ গ’ল, ব’ল পাৰ্টি দিবি এতিয়া”৷

: “পিংকি বৌ, বাই একেবাৰে ৰভাৰ তলতহে লগ হ’ম আৰু দেই”৷, শ্ৰাৱণীৰ যেন এইষাৰ শুনিলে মূৰত জুইহে লাগিছিল!

: “যা যা, বান্দৰৰ অধিপতিহঁত গছত ওলমি বান্দৰীৰ লগতে বিয়াত বহগৈ যাহ”!,অৱশ্যে যিমান খং উঠিলেও এই কথাখিনি সিহঁতৰ মুখৰ আগত ক’ব পৰাকৈ সাহসী নাছিল শ্ৰাৱণী। এইটোকে লৈ নিমিয়ে তাইক কিমানযে নোজোকাইছিল!

: “হ’ব হ’ব, কনুৱৰ সুন্দৰী, তই মোৰ কাণখন গৰম কৰিব পৰাকৈহে ৰাণী, এ.টি.এইটৰ আগত সদায় পানী পানী৷ কিযে হ’ব এইজনীৰ মই নহ’লে”!

: “হুহ , তই আক’ কেলেই নাথাকিবিনো মোৰ লাইফত হা?”, এইবুলিয়ে কিমানযে মৰমৰ চুপতি মাৰিছিল সিহঁতে৷ আজি যেন শ্ৰাৱণীৰ দুচকুত এৰি অহা দিনবোৰে আকৌ এক নতুন মায়াহে সানিছেহি৷ কোনো কথা-বতৰা নোহোৱাকৈ মিচিকিয়াই হাঁহি থকা শ্ৰাৱণীৰ ফালে যে সন্মুখৰ টেবুলৰ এজনে চাই কিবা অদ্ভুত অভিব্যক্তি দিছিল সেইটো তাই পানীঢোক মাৰিবলৈ মুখখন দাঙোতেহে মন কৰিলে। তাই অলপ গহীন হৈ পৰিল। হাতৰ আৰু মোবাইলৰ ঘড়ীটোলৈ চালে৷ অহ্ তাই বহা দেখোন প্ৰায় আঠ মিনিটেই হ’ল ইফালে নিমি মহাৰাণীৰ দেখা সাক্ষাত নাই তেতিয়ালৈ৷ এনেতে দুৱাৰ খুলি সোমাই আহিল নিমিষা দত্ত বৰুৱা। দুৱাৰৰ ফালে মুখ কৰি বহা শ্ৰাৱণীৰ নিমিষাক দেখি দচকু উজ্জ্বল হৈ উঠিল৷ নিমিষাৰ খোজবোৰ আৰু মুখখন আগৰ তুলনাত গহীন হোৱা যেন লাগিল শ্ৰাৱণীৰ৷ তাই আশা কৰিছিল তাইক দেখাৰ লগে লগে নিমিষাই আহি জোৰেৰে সাবতি ধৰি ক’বহি,

: “ঐ কনুৱৰ, আজি কিমান বছৰৰ মূৰত লগ হ’লো আমি? তোক যে মই প্ৰতিটো ফ্ৰেইণ্ডশ্বিপ দে’ত বহুত মিচ কৰো জান পাগলী!”, নাই নিমিয়ে তেনে একো নকৰিলে সাধাৰণ সৌজন্যতা দেখুৱাই ক’লে।

: “ঠিয় হৈয়ে ৰ’লি যে বহ আক’৷ মানুহে কি বুলি ভাবিব? শুন, মইযে জান, কিমান মেনেজ কৰিব লগা হ’ল এই সময়কণ তোক লগ পাবলে৷ বাৰু কচোন কেনে আছ? ইমানকৈ লগ পাবলে বিচাৰিছিলি যে কিবা ইম্পৰটেন্ট কাম আছিল নেকি?”

: “হুহ, তাইৰ কথা শুনি শ্ৰাৱণীৰ যেন মাতেই হৰিল। নাই একো নাই এনেয়ে মানে তইয়ো ইয়াতে থাক বুলি জানিলোহি যে, সেইহে। বাৰু একো নাই দে তোৰ ক’!”

: “এহ! নক’বি আৰু আমাৰ এওঁ ইমান ডাঙৰ ডাঙৰ প্ৰজেক্টত আছে নহয়; অক্কমানো আজৰি নাই জান! ইফালে মোক য’তে ত’তে আহিবলেও নিদিয়ে। আজি বহুত কৈ মেলি মিলাই আহিছো৷
ৰ! আগতে অৰ্দাৰটো কৰি দিওঁ নহ’লে কথাৰ মহলা মাৰি থাকিলে দেৰি হৈ যাব৷ এওঁৰ আকৌ খঙেই উঠিব৷ মই কফি একাপেই খাম৷ তই কি খাবি কৈ দে৷ মানে অলপ সময়ত হোৱা বস্তু হ’লে ভাল”৷

শ্ৰাৱণীৰ মনত দোলা দি গ’ল এটি এলেহুৱা আব্দাৰে –

: “ঐ কি অৰ্দাৰ দিয় দেনা, মোৰ বিৰাট ভোক লাগিছে জান, এনেকৈ কি চায় আছ কনুৱৰ সুন্দৰী? তই যি খাবি মইয়ো তাকে খাম দে”। আৰু আজি?

: “ওৱেইটাৰ দুটা কুল কফি প্লিজ৷ আৰু কিবা ল’বি নেকি তই? মানে এওঁ ৰৈ থাকিবলৈ টান পাব!”

: “হুহ! নালাগে দে৷ আৰু তই তেওঁক তেনেকৈ অকলে এৰি কিয় আহিলি? মইতো তেৱোঁ আহিব বুলিয়েই ভাবি আছিলোঁ”৷

: “নাই অ’ আমাৰ এওঁৰ য’তে ত’তে এনেকৈ খোৱাৰ অভ্যাস নাই, সেইকাৰণে আহিবলৈ দিগদাৰ পালে”৷

: “অহ, হয় নেকি”?

শ্ৰাৱণীয়ে মনতে ভাবিলে সৌহাদ্যৰ খাতিৰত তাই বাৰু শাৰীখন পিন্ধিলে, কিন্তু ঈষাণৰ অফিছিয়েল মিটিংখন কেনচেল কৰাইযে তেওঁকো তাইৰ বেষ্ট ফ্ৰেইণ্ডক লগ কৰাবলৈ লৈ নাহিলে, এয়াই তাইৰ পৰম সন্তুষ্টি৷ অন্ততঃ এইকণ মুহূৰ্তত নিমিষাৰ আভিজাত্যৰ অতিমাত্ৰা প্ৰদৰ্শণে শ্ৰাৱণীৰ কফিকাপ খাই শেষ কৰিব পৰা সময়খিনি আৰু অলপ চমু কৰি আনিলে৷ নিমিষাই শ্ৰাৱণীক এবাৰলেও শ্ৰাৱণী বুলি নামাতিলেই আৰু ঐ কনুৱৰ বোলাটোতো বহু দূৰৰে কথা—!

: “ঐ নিমিষা, কথাত লাগি মই পাহৰিয়েই গৈছিলো জান, মোৰো আজি এটা বৰ জৰুৰী কাম আছে এতিয়াই কৰি থৈ যাব লাগিব৷ নিমিষাৰ আভিজাত্যৰ প্ৰলেপেৰে লেপি পেলোৱা হৃদয়খনত হয়তো শ্ৰাৱণীৰ এই অভিমান ভৰা ফাঁকিটোৱে একো সাঁচ বহুৱাব নোৱাৰিলে৷ নিমিষাই যেন উশাহটোহে ঘূৰাই পালে।”

: “ঐ ঠিক আছে তেনে, খাই হ’ল যদি উঠিয়ে দিওঁনেকি?”

: “ওম, তই অকণমান আগবাঢ়, মোৰ ঘৰলৈ ওভতা দেৰি হ’ব৷ ইয়াতে কিবা এটা খাই লওঁ।”

: “বাৰু তেনে মই উঠো দেই, তই কিবা এটা খাই আহিবি হা”৷

: “হ’ব দে৷ এইবুলি নিমিষাই দুৱাৰৰ ফালে ঘূৰিল আৰু গহীন যদিও খৰখোজেৰে ওলাই গ’ল”৷

শ্ৰাৱনীয়ে তাই যোৱাৰ ফালে চাই এটা স্বস্তিৰ নিশ্বাস এৰিলে আৰু ওৱেইটাৰক ক’লে,

“ওৱেইটাৰ ওৱান স্প্ৰাইট প্লিজ”৷

☆★☆★☆

24 Comments

Leave a Reply

Your email address will not be published.