ফটাঢোল

আমাৰ গ্ৰামাৰ খুড়া – মানস শইকীয়া

“দেখিলি দেখিলি? কোনো চিগনেল নাই, উমঘাম নিদিয়াকৈ কাটি দিলে৷ আৰু সেইটো দেখিলি পিছফালে সেইজনীক বহুৱাই কি পাক লগাই পাৰ হৈ গ’ল৷ এইসৱ নিজেতো মৰিবই আনকো মাৰিব৷”

বৈকুণ্ঠ খুড়াৰ লগত লৈ গাড়ী চলোৱাই মস্কিল৷ পৃথিৱীৰ সকলো মানুহ তেওঁৰ মতে ইমপাৰ্ফেক্ট৷ কাৰো কাণ্ডজ্ঞান নাই৷ খুড়াৰ খং উঠাবলৈকে কলোঁ-

“খুড়া, হওক দিয়ক৷ নতুন মানুহ৷ ভুল হ’ব পাৰে বুলিয়েইতো ডাঙৰকৈ এল লিখি লৈছে৷ শিকি আছে৷ দুই এটা ভুল হ’বই৷”

“কি কৱ ঐ? হেৰৌ, শিকিবলগীয়া আছে যদি বাকৰিলৈ যা৷ হাইৱেত এইখন কিহৰ ল’ৰা ধেমালি? মুঠতে, গভৰ্ণমেণ্টে আইন কৰি লাৰ্নাৰবোৰক ট্ৰেফিকত চলোৱাতো বন্ধ কৰি দিব লাগে৷”

“খুড়া, নশিকাৰু এজনে ট্ৰেফিকত নচলালে অনুশীলননো কেনেকৈ হ’ব৷ দুই এঠাইত ঠেকাঠুকলি খালেহে শিকিব৷”

“কি কলি? শিকাৰ নামত কাৰোবাক কি খুন্দিয়াই মাৰিব? কথা ক’ব আহিছ৷ তহঁত ডেকা মানুহবোৰৰ এইটোৱেই সমস্যা৷ সকলো কথাই তহঁতৰ বাবে পানীয়ে মৰা বাও৷”

নাই, আৰু নোৱাৰি খুড়াক জোকাই ল’ব৷ আজিলৈ হৈ গৈছে৷

খুড়াৰ চিনাকিটো দিয়েই লওঁ৷ খুড়া মানে বৈকুণ্ঠ বৰা অঞ্চলটোৰ এজন সৰবৰহী লোক৷ আচলতে তেওঁ কাৰ খুড়াক আজিলৈকে গম নাপালোঁ৷ ডাঙৰৰ পৰা সৰুলৈ বেছিখিনিয়েই খুড়া বুলিয়েই মাতে৷ দুই এজনে নাম ধৰি মাতে৷ কেইজনমান নিৰ্দিষ্ট লোকে তেওঁক মাষ্টৰ বুলিও মতা শুনো৷ খুড়া আকৌ মাষ্টৰ? কেনে কথা? খুড়াই হেনো ডেকাকালত এখন ভেঞ্চাৰ স্কুলত শিক্ষকতা কৰিছিল৷ এবছৰমান চাকৰি কৰাৰ পিছতো চৰকাৰী নোহোৱাত এৰি দিলে বুলি খুড়াই কয়৷ কিন্তু আচল কথাটো সিদিনা মোহিনী বৰদেউতাইহে কলে, বোলে ক’ৰ চৰকাৰী নোহোৱাৰ বাবে মাষ্টৰী এৰিলে? হেদমাষ্টৰৰ সৰু জীয়েকক পলুৱাই অনাৰ বাবে খেদিলে সেইটোক৷ কথাটো মোৰ দৰে কেবাজনেও জানে যদিও খুড়াক সোধা নাই৷ সুধিবলগা কথাও নহয়৷

কেইবছৰমান বেকাৰ হৈ থকাৰ পিছত খুড়াই পি ডব্লিউ ডিত মহৰি চাকৰি পাই এতিয়া অৱসৰ ল’লে৷ অৱসৰৰ আগৰে পৰাই তেওঁ সমাজৰ কামত আগৰণুৱা আছিল৷ আগৰণুৱা মানে সমাজৰ আনসকলৰ ভুল আঙুলিয়াই দিয়া বুলিব পাৰি৷ প্ৰথমে বহুজনে তেওঁক বেয়া পাইছিল৷ পিছত সকলোৱে তেওঁৰ এইটো স্বভাৱ বুলি নধৰা হ’ল৷ সেয়ে, বৈকুণ্ঠ খুড়াৰ আন এটা নাম গ্ৰামাৰ খুড়া৷ নামটো কোনে দিলে নাজানো৷ কিন্তু সঠিক নামাকৰণ৷ যেনেকৈ ব্যাকৰণৰ নিয়ম কেতিয়াও শিথিল নহয়, তেনেকৈ খুড়াৰ নিয়মো শিথিল নহয়৷ বহুতে আকৌ জানি বুজিয়ো খুড়াক জোকাবলৈকে ভুল কৰে৷ তাৰ পিছত খুড়াৰ গালি আৰু উপদেশৰ ফিউচন৷

খুড়াক যিকোনো নিমন্ত্ৰণী চিঠি দিবলৈকে ভয়৷ আজিকালিতো জানেই, চিঠি ছপোৱা কামটো সদায় প্ৰেছৰ ডি টি পি কৰাজনৰ মৰ্জি মতেই হয়৷ বানান, বাক্যৰ গাঁঠনি একপ্ৰকাৰ চাব লগাই হয়৷ সেই কাহানিতে ছপোৱা চিঠি কপি পেষ্ট কৰি নাম, তাৰিখ আদি সলাই দিলেই হ’ল৷ গতিকে, আয়োজক কমিটিৰ টেনছন নাই৷ পিছে টেনছন তেতিয়াহে লাগে যেতিয়া খুড়াহঁতৰ দৰে কেইজনমানৰ হাতত পৰে৷ তেনে চিঠি পোৱাৰ লগেলগে খুড়াই পোনে পোনে সম্পাদক/সভাপতিক লগ ধৰি এজাউৰি শুনাই দিয়েগৈ৷ সেয়েহে, আজিকালি তেখেতক চিঠিৰ সলনি মুখেৰেই মাতি আহে৷

মিটিং আদিলৈ যোৱাৰ ক্ষেত্ৰত খুড়াই সময়ানুৱৰ্তিতা মানি চলে৷ দুই বজাৰ মিটিং যদি আঢ়ৈ বজাত হ’ল, তেন্তে খুড়াই সভাপতিৰ আসন গ্ৰহণৰ পিছতেই সময়ৰ ওপৰত বক্তৃতা দিবই আৰু অৱশেষত আয়োজকক ক্ষমা খোজাবই৷ এবাৰ গাঁৱৰ যুৱক সংঘৰ মিটিং এখনত খুড়াক সভাপতি হিচাপে মাতিলে৷ খুড়া নিৰ্দিষ্ট সময়ত গৈ কাকো লগ নাপাই সংঘৰ বেৰতে কাগজ এখন আঁৰি আহিল বোলে আজিৰ সভা অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হ’ল৷ মুঠতে, খুড়া সঁচাই নামে কামে গ্ৰামাৰ খুড়া৷

মোৰ লগত খুড়াৰ সম্বন্ধ বহুতেই ভাল৷ মোক অত্যন্ত বিশ্বাস কৰে৷ খুড়াই একমাত্ৰ মোৰ লগতেই বাইক বা গাড়ীত উঠে৷ আজি আবেলি টাউনলৈ ওলাই আহোঁতেই খুড়াক লগ পালোঁ৷ টাউনলৈ যাব৷ মই বোলো বলক মোৰ লগতে৷ খুড়াক উঠাই অনাৰ জ্বালা গম পাইছেই নহয়৷ খুড়াৰ মতে মানুহবোৰে ট্ৰেফিক ৰুলতো নাজানেই ৰাজআলিত খোজ কাঢ়িবও নাজানে৷ টাউন পাওঁ পাওঁ হওঁতেই পৰিল নহয় আমাৰ ঠিক আগতেই এহাল৷ কে টি এম বাইকত পিছত লিপিট খুৱাই বহাই লোৱা যুৱতী সহ ডেকা পিলিঙা এটা গাঁতত পৰি চুঁচৰি গ’ল৷ যুৱতীও উফৰি গৈ ফুটপাথত পৰিলগৈ৷ কোনোমতে ব্ৰেক মাৰি গাড়ীখন কাষলৈ নি কোননো এই দুটা চাবলৈ নামি গলোঁ৷ ল’ৰাটো অচিনাকি৷ দুখ যথেষ্ট পাইছে যদিও লাজতে একো নাই হোৱা হেন দেখুৱাইছে৷ ছোৱালীজনীক দুজনমান উঠাই দিলে৷ ঘূৰি গৈ মুখখন চাই খুড়াৰ মুখৰ ৰং সলনি হ’ল৷

“তই——–?”

“নহয় মানে ককা৷ কলেজত কিবা এটা পাহৰি আহিলোঁ——-”

ইয়াৰ পিছত ককাক নাতিনীয়েকৰ লগত হস্পিটাল, ফাৰ্মাচী কৰি এইমাত্ৰ ৰাতি এনিশাত ঢকা ভাতকেইটা খাই উঠিছোঁ৷

অ’ এটা কথা৷ খুড়াই মোক কথাটো আনক নক’বলৈ কৈছিল৷ ময়ো আৰু? পাহৰি কৈয়েই পেলালোঁ৷ দায় দোষ মৰিষণ৷ কাকো নক’ব!

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.