ফটাঢোল

আমাৰ বেটা-বেটীবোৰ – কৃষ্ণা বৰা ফুকন

– মাইনা, কি নাম তোমাৰ?

– নমস্কাৰ৷ মোৰ নাম শ্ৰী প্ৰিয়াংকু পল্লৱ কাশ্যপ, মই হ’লী ৱাটাৰ স্কুলৰ ক্লাছ টুত পঢ়োঁ।

এনেকুৱাকৈ চিনাকি হ’বলগীয়া হোৱা মানুহৰ ঘৰলৈ দ্বিতীয় বাৰ যাবলৈ মোৰ বৰ ভয় লাগে। মই সাধাৰণতে মানুহৰ ঘৰে ঘৰে ঘূৰি-ফুৰি বৰ এটা ভাল নাপাওঁ। দুই এঘৰে সেয়ে মোক বেয়াই পায় নোযোৱাৰ কাৰণে, বোলে – “আমিবোৰৰ ঘৰলৈনো তই ক’ত আহিবি?”, “আজি হাইঠা মাটিত পৰিল অ’…”, “ৰাতিপুৱা বেলিটো পশ্চিমফালে ওলাইছিল হয়নে? তই যে আজি আমাৰ পদূলিটো চিনি পালি!” জাতীয় ডাইল’গবোৰ সেয়ে মোৰ পুৰণি চিনাকি। মই বেয়া নাপাওঁ বাৰু, মানুহবোৰৰ সেয়া মৰমৰ অভিমান বুলি ধৰি লওঁ। বহুতে ভাত খাবলৈ মাতে, মই হাত-ভৰি আচাৰো নাযাওঁ বুলি। যাব নোৱাৰো, অমুক তমুক বহুত সমস্যাৰ অজুহাত দিওঁ। মানুহে সেয়ে মোক ভেমাল বুলি ভাবে। মই নিৰুপায়৷ মইনো বাৰু কেনেকৈ কওঁ, মোৰ খোৱা বস্তুৰ লিষ্ট খনৰ কথা। মাছ মাংস নাখাওঁৱে লগতে শাক-পাচলিৰো অলেখ বাচ বিচাৰ!

বাৰু যি কি নহওক, সেই যে মই ক’লো, দুই হাত জপাই নমস্কাৰ দি চিনাকি হোৱা চাৰিৰ পৰা প্ৰায় আঠ বছৰমান বয়সৰ ল’ৰা-ছোৱালী থকা মানুহৰ ঘৰলৈ যাবলৈ মোৰ ভয় লগা কথাটো। এতিয়া ইয়াৰ কাৰণ শুনক। নামটো সোধাৰ লগে লগে য’ত যি কৰি নাথাকক, সকলো পেলাই থৈ মোৰ সমূখত একদম “সাৱধান” ভংগীত থিয় হৈ দুই হাত জপাই, বুকুৰ ওপৰত ৰাখি, নমস্কাৰ বুলি কৈ, মাকে শিকাই হাৰ্ড ডিস্কত ভৰাই থোৱা গোটেই পেৰাগ্ৰাফটো এনেকৈ গাব যে তাৰ পিছত মই কি সুধো বা সোধা উচিত ভাবিয়েই নাপাওঁ৷ নমস্কাৰৰ প্ৰতি নমস্কাৰ দিবলৈ ইফালে মোৰ থাকিয়ে যায়৷ কোনখিনিত দিওঁ, কেতিয়া দিওঁ ভাবোতেই ট্ৰেইন গৈ বেলেগ ষ্টেচন পায়গৈ৷ সন্তানৰ স্মাৰ্টনেছৰ সাক্ষী হ’বলৈ মাকে আহি যেতিয়া কয়, আণ্টিক নতুনকৈ শিকা মেথচ্-ৰ টেবুল দুখন মুখস্থ মাতি শুনোৱা আকৌ, তেতিয়া মোৰ অৱস্থা আৰু তথৈবচ হয়৷ শুনিবও লাগে অথচ ভুল হ’লে ৰসভংগ হোৱাৰ ভয়ত শুধৰাই দিবলৈও বেয়া লাগে৷

অগত্যা “বেচ সুন্দৰ হৈছে, আৰু ভালকৈ পঢ়িবা দেই৷ যোৱা এতিয়া খেলাগৈ” বুলি উদ্ধাৰৰ প্ৰয়াস কৰোঁতেই মাকৰ আকৌ পাকঘৰৰ পৰা নতুন হুকুম, “বেটা (আজিকালিৰ ফেশ্বন), আণ্টীক তোমাৰ ড্ৰয়িং স্কুলৰ কপীবোৰ দেখুওৱা আকৌ।”

এইবাৰহে মৰিলো প্ৰভু, বচোৱা বুলি ভাবোতেই সি আনিলেই নহয় গবা মাৰি ধৰি তাৰ বহীসোপা। ইফালে মই হ’লো কেৱল সৰিয়হৰ গুটি আঁকিব জনা আৰ্টিষ্ট…! !

তেনেতে আহক দেউতাক জন, মানে “পাপাজন” ৷ দুই এটা কথাৰ আদান-প্ৰদানৰ পিছতে পাপাকে মোৰ গুণ গোৱা আৰম্ভ কৰে, “আণ্টীয়ে ডাঙৰ স্কুলত ঢেৰ ডাঙৰ ডাঙৰ ইংৰাজী কিতাপ পঢ়িছে৷ আণ্টীয়ে বদমাচি কৰা বাচ্ছা বেয়া পাই আকৌ…চকলেট নিদিব কিন্তু বদমাচি কৰিলে”৷ ল’ৰাই চেলাউৰি দাঙি, চকু ডাঙৰ কৰি “ডাঙৰ স্কুল, ডাঙৰ কিতাপ”ৰ আকাৰ কল্পনা কৰে, মোৰ উঠে হাঁহি। সি বাৰু কি বুজিলে! ! মাজে মাজে মোলৈ বৰ হৃদয় বিগলিত চাৱনি একোটাহঁত দিয়ে। যাৰ অৰ্থ “আণ্টী মই বদমাচি নাই কৰা…চকলেট এটা কিন্তু মোক দি যাবা” । ধৰ্ম সংকটত ফচি মোৰ ক’ত যাওঁ গোপাল ক’ত লুকাওঁ কৃপাল অৱস্থা হয়। ল’ৰাই ইমান আশাৰে মোলৈ চায় যে মোৰ তাৰ ফালে চাবলৈকো ভয় লগা অৱস্থা৷

 

তেনেতে দেউতাকে বোলে “ইহঁতৰ স্কুলত আকৌ এচামিজত কথা পাতিব নিদিয়ে, চব ইংলিছ্ ত”। “আমাৰ বেটাইও ইংলিছ্ ত টকিং কৰে নহয়…বেটাই এতিয়া আণ্টীৰ লগত ইংলিছ্ ত টকিং কৰিব দেই”। ইফালে হাই প্ৰফাইল বেটাৰ চকু, মোক চাহৰ লগত দিয়া মিঠাইৰ প্লেটত…! !

তাৰ মনৰ অৱস্থা বুজিয়ে মই ক’ব লগাত পৰো, আমি পিছত কথা পাতিম ন প্ৰিয়াংকু৷ এতিয়া আমি খাম আৰু খাওঁতে ন’ টকিং৷ ল’ৰাই ফূৰ্তি পায়।

সঁচা কথা ক’বলৈ হ’লে, এনেকুৱা মাক-বাপেক বোৰলৈ মোৰ বৰ ভয় লাগে আৰু পুতৌ উপজে৷ ল’ৰা ছোৱালীক চাৰ্কাচৰ জন্তুৰ দৰে ব্যৱহাৰ কৰা এই মাক বাপেক বোৰৰ বাবে কিছুমান ল’ৰা-ছোৱালীৰ মগজুত বহুত সৰুতেই কিছুমান মানুহৰ প্ৰতি এটা ধাৰণা সোমাই যায় আৰু পিছলৈ খুউব কমেইহে এই ধাৰণাৰ সলনি হয়৷ সৰু হ’ল বুলিনো সিহঁতৰ বাৰু আত্মসন্মান বা নিজৰ পচন্দ-অপচন্দ নাথাকিব নে? ? সময় নাই, অসময় নাই যেতিয়াই-তেতিয়াই যাৰে তাৰে আগত কবিতা এটা, গান এটা বা নেওতাখন গাব পাৰিনে বাৰু! এনেকুৱাবোৰে কেৱল সিহঁতকে নহয়, মোৰ দৰে মানুহকো শ’লঠেকত পেলায় আৰু আলহী ঘৰলৈ ফুৰিবলৈ যোৱাৰ সকলো মজাই নষ্ট কৰে।

এইখিনিতে সৰু উদাহৰণ এটা দিওঁ, নিজৰে ঘটনা ৷

আমি সৰু হৈ থাকোতে আমাৰ দূৰ সম্বন্ধীয় দাদা এজন আমাৰ ঘৰলৈ আহিছিল। দাদা আছিল আমাৰ ঘৰৰ ওচৰৰ স্কুল এখনৰ বিজ্ঞানৰ শিক্ষক৷ মগজুটো বৰ চোকা বুলি নাম আছিল তাৰ। চছমাযোৰ ইমান বেছি পাৱাৰৰ আছিল যে আমি তাৰ চকুবোৰ টেলেকা টেলেকা দেখিছিলো আৰু চছমাযোৰ বাহিৰৰ পৰা কুঁৱা এটাৰ দৰে লাগিছিল৷ কিন্তু আমি তাক চকু পাৰি দেখিব নোৱাৰো….চাইণ্টিষ্ট বুলি কওঁ তাক, আনে নুশুনাকৈ আৰু সি আহিলেই আমি পলাওঁ। উৱা আহিয়ে মানে কথা নাই, বতৰা নাই, বোলে, “তই এইবাৰ কোন শ্ৰেণী পালি? ?”

– ক্লাছ এইট

– কচোন, নিউট’নৰ তৃতীয় সূত্ৰ টো?

আৰে ভাই, তুমি ফিজিক্স নে কেমিষ্ট্ৰীত বি.এছচি. হ’লা বুলিয়ে এনেকৈ অত্যাচাৰ কৰিবানে আমাক? ফুৰিবলৈ আহিছা, ভাল কথা। চাহ খোৱা, তামোল খোৱা, দুই এষাৰ সুখ দুখৰ কথা পাতি গুছি যোৱা৷ এইবোৰ ইণ্টাৰভিউ আকৌ কিয়??? এনেও এইমাত্ৰ নামঘৰৰ আগৰ পথাৰত কাবাদী খেলি আহি ঘৰ সোমাইছোহিহে…তোমাৰ নিচিনা কি বেকাৰ ভাবিছা নেকি যেতিয়াই-তেতিয়াই আইনষ্টাইন, নিউটনৰ আত্মা শৰীৰত লৈ ঘূৰি ফুৰিম! !

সেই যে তেতিয়াই তাক বেয়া পাইছিলো এতিয়াও তাৰ প্ৰতি বৰ ভাল ধাৰণা এটা নাহিল৷ আজিকালিৰ ভাষাত “ব’ম কামোৰ, খৰুচ” যেন লাগে। সি কিবা ক’বলৈ মুখ মেলিলেই এতিয়াও অট’মেটিক মোৰ হামিয়েই আহি যায়।

▄ ▄

8 Comments

  • হিৰণ্যজ্যোতি দাস

    সচাকথা , বৰ সুন্দৰকৈ বৰ্ণনা কৰিছে ৷

    Reply
  • বৰ ভাল লাগিল কৃষ্ণা ৷ তোমাক আমাৰ গোটৰ ষ্টাৰ ৰাইটাৰৰ শাৰীতে ৰাখিছো ৷ কাৰন লিখাবোৰ বৰ স্বতঃষ্ফুৰ্ত আৰু ভাৱধাৰা ও প্ৰকাশভংগী পৰিষ্কাৰ ৷

    এই মাক বাপেক বোৰৰ শ্ৰেনীটো সাধাৰনতে এটা inferiority complex ত ভোগে আৰু লৰা ছোৱালীৰ মাধ্যমেৰে অন্য এক সুখৰ বাঞ্ছা পুহি ৰাখে যাক ইংৰাজীত vicarious pleasure বুলি কয় ৷ সচাকে কামোৰ হয় এই শ্ৰেনীটো ৷
    লৰাছোৱালীক নাম সোধোতে পোৱালীয়ে থু থুৱাই দি দৌৰি পলোৱা এজনকো মনত পৰি গল ৷ ভাল লাগিল লেখাতো ৷ লিখি থাকিবা ৷

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

    ধুনীয়া দেই!লিখনিটো মনত সাঁচ বহুৱাবলগীয়া।

    Reply
  • Krishna

    মন্তব্যৰ বাবে সকলোকে বহুত ধন্যবাদ।

    Reply
  • ৰিণ্টু

    সুন্দৰ, দুবাৰ পঢ়িলো। বৰ্ণনাশৈলী খুব সাৱলীল

    Reply
  • বৰ ধুনীয়াকৈ লিখিলা। কথাখিনি যেন চিনাকী আমাৰ সকলোৰে। সুন্দৰ ব্যংগ।

    Reply
  • BRanjan

    আৰু …..

    Reply
  • মৌচুমী বৰি

    মোৰ প্ৰিয় লেখিকা তুমি ৷

    Reply

Leave a Reply

Your email address will not be published.