ফটাঢোল

আমি দেখি অহা মাঘৰ বিহুৰ লোক পৰম্পৰাত এভূমুকি-ধীৰেন শইকীয়া

বিহু অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা৷ তিনিটা বিহুৰ ভিতৰত মাঘ বিহু অন্যতম৷ 

মাঘ বিহু সাধাৰণতে কৃষিভিত্তিক উৎসৱ।ইয়াত ভোগৰ পয়োভৰ বেছি বাবে ইয়াক ভোগালি বিহুও বোলে। অষ্ট্ৰিক, দ্ৰাবিড়,আলপাইন আৰু আহোম সকলৰ অৱদানেৰে ই সংমিশ্ৰিত। বিহুৰ ইতিহাস বিচৰিলে বিভিন্ন পণ্ডিতৰ বিভিন্ন কথা পোৱা যায়। অৱশ্যে, আহোম সকল অসমলৈ অহাৰ আগতেও অসমৰ খিলঞ্জীয়া চহা ৰাইজে  বিভিন্ন আচাৰ অনুষ্ঠানেৰে নিজা নিজা ধৰণেৰে বিহু পাতিছিল। পিছে আহোম সকল অহাৰ পৰা বিহুৱে এটা পৰিশীলিত ৰূপ পায়। দক্ষিন পশ্চিম এচিয়াত বিহু সদৃশ আৰু অধিক আচাৰ অনুষ্ঠান আছে বুলি ড. নিৰ্মল প্ৰভা বৰদলৈয়েও স্বীকাৰ কৰিছে। বিহুৰ ইতিহাস বিচাৰিলে খ্ৰীষ্টপূৰ্ব দুই শতিকাৰ পৰা পঞ্চম শতিকাৰ মাজৰ সময়খিনিকে বুজোৱা হয়।বিহুৰ দিনা কোনেও কাকো গালি নপৰা, টান কথা নুশুনোৱাটো আন এটা পৰম্পৰাগত নিয়ম৷

#’মেজি’ শব্দটোৰ অৰ্থ#

ভেলাঘৰ বা মেজি জ্বলোৱাৰ পৰম্পৰা অষ্ট্ৰিকসকলৰ দিনৰ পৰাই চলি আহিছে৷ মেজি জ্বলোৱাৰ পিছত যিবোৰ আধাপোৰা বাঁহ থাকি যায়, সেইবোৰ তাহানি কালত ঘৰলৈ আনি বাৰীৰ ফল নধৰা গছত আওজাই দিলে ফল ধৰিবলৈ আৰম্ভ কৰে বুলি বিশ্বাস। আনহাতে,উৰুকাৰ দিনা ফল ধৰা গছত নৰা বা খেৰেৰে বান্ধ এটা দিলেও গছডালে আগতকৈ বেছিকৈ ফল দিয়ে বুলি লোকবিশ্বাস এটা বিদ্যমান৷ আৰ্য সকলৰ অতি প্ৰাচীন দেৱতা ‘মেজাই’ৰ নামেৰে মাঘ বিহুৰ  ‘মেজি’ শব্দৰ উৎপত্তি হোৱা বুলি কোনো-কোনো পণ্ডিতে মত পোষণ কৰে। আনহাতেদি প্ৰচলিত জনবিশ্বাস অনুসৰি মহাভাৰতৰ  ভীষ্মৰ দৰে গুৰুত্বপূৰ্ণ চৰিত্ৰৰ সৈতেও এই ‘মেজি’ৰ সম্পৰ্ক আছে বুলি বিশ্বাস কৰা হয়। এই মেজি’ শব্দটো বড়ো-কছাৰী মূলীয়,আনহাতে প্ৰাচীন চুতীয়া ভাষাৰ “মিডি-য়ে-জি”ৰ (মিডি=দেৱতা/পূৰ্বপুৰুষ, য়ে=জুই, জি=উৰি যোৱা) পৰা মেজি শব্দটোৰ সৃষ্টি হৈছিল বুলি জনা যায়। আনহাতে “উৰুকা” শব্দটো চুতীয়া ভাষাৰ “উৰুকুবা”ৰ (অৰ্থ=শেষ হোৱা) পৰা অহা বুলি জনা যায়।

#মাঘ বিহুত ভোগৰ আমদানি ঘটে#

উৰুকাৰ পিছদিনা ভোগালি বিহু৷ সেইদিনা ৰাতিপুৱাই সভক্তিৰে মেজি আৰু ভেলাঘৰত জুই লগাই দিয়ে৷ মেজি জ্বলোৱাৰ সময়ত অগ্নিদেৱতাক স্মৰণ কৰি এযোৰ তামোল পান অগ্নি দেৱতালৈ আগবঢ়াই লোৱা হয়।  ইয়াৰ পিছতেই সৰুৱে ডাঙৰক সেৱা জনোৱাটো অসমীয়া সমাজৰ আন এটা লোক পৰম্পৰা৷ এই পৰম্পৰাৰ পিছত ওচৰ চুবুৰীয়াৰ ঘৰলৈ গৈ পিঠাপনা খোৱা হয়।বিহুৰ আগৰে পৰা অসমীয়া জীয়ৰী-বোৱাৰীয়ে  অতি হেঁপাহেৰে তৈয়াৰ কৰা বিবিধ পিঠা-লাড়ু-জলপানে মাঘ বিহুত ভোগৰ আমদানি ঘটায়। একোটা অঞ্চলত বিহুক কেন্দ্ৰ কৰি বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা হয়,এইবোৰে ছাত্ৰ ছাত্ৰীৰ শাৰিৰীক আৰু মানসিক বিকাশ ঘটায়৷

#এই বিহুত তেলাল খাদ্য খোৱাও স্বাস্থ্যৰ বাবে উপকাৰী#

সাধাৰণতে,কৃষিভিত্তিক উৎসৱ বিহুৰ সৈতে জড়িত আছে বিভিন্ন লোকবিশ্বাস আৰু লোকাচাৰ । মাঘ বিহুৰ দিনা আলু(মোৱা আলু,সৰু আলু কিম্বা কাঠ আলু আদি)খোৱাটো যথেষ্ট দৰকাৰী। একেদৰে তেলাল খাদ্য (তিল,নাৰিকল, তেলাল মাছ আদি) খোৱাও স্বাস্থ্যৰ বাবে উপকাৰী। ভাৰতৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজতো মাঘ বিহুৰ সমপৰ্যায়ৰ বিভিন্ন উৎসৱ বিভিন্ন নামেৰে  পালন কৰা দেখা যায়। মৰিগাঁও জিলাৰ জাগীৰোডৰ ওচৰৰ জোনবিলৰ পাৰত  প্ৰতি বছৰে মাঘ বিহুৰ পাছত জোন বিল মেলা অনুষ্ঠিত হয়, য’ত বিনিময় প্ৰথাৰেহে আজিও সামগ্ৰী ক্ৰয় বিক্ৰয় হয়।  তিৱা ৰজাৰ ৰাজদৰবাৰো বহে এই সময়তে। উল্লেখ্য যে, অতীজৰে পৰা ই পৰ্বত-ভৈয়ামৰ সমন্বয় বহন কৰি আহিছে ।

#দৰঙৰ হদ্ধেন দিয়া প্ৰথা#

উৰুকাৰ কেইদিনমান আগৰে পৰা সন্ধিয়া সন্ধিয়া নামনি অসমৰ ফালে বিশেষকৈ দৰঙ জিলাত গৰখীয়া ল’ৰা সকলে হৰিধ্বনি দি (দৰঙত হদ্ধেন দিয়া বোলে)বছৰটোলৈ পৰিয়ালটোৰ মঙ্গল কামনা কৰি ফুৰে । বহুতে ওচৰ চুবুৰীয়াৰ পৰা ভোজভাতৰ বাবে  অৰিহণা খুজিবলৈও যায়,এই সময়ত গৰখীয়া ল’ৰাবোৰে গৃহ্স্থক আশীৰ্বাদ দিছিল এটা বিশেষ গীত মাতেৰে ৷ এজনে লগাই দিছিল আৰু আনবোৰে গাই গৈছিল তলত দিয়াৰ দৰে-

যেনেঃ-

‘হৰি ব’ল হক্ 

মঙ্গল হক্

কুশল হক্

ভাখেৰিত(ভঁৰালত) ধান –- হক্

গহলিত(গোহালিত) গৰু — বাঢ়ক

পুখুৰীত মাছ  হক্

বাৰীত তামোল পাণ হক্  

গুৰখীয়া(গৰখীয়া) চলিক দুই চাৰাণা পইচা দিবালে শক্তি বাঢ়ক 

হৰি ব’ল  — এ হৌ’

ইত্যাদি৷ 

আশীৰ্বাদৰ অন্তত গৃহস্থই গৰখীয়া ল’ৰাবোৰক সাধ্যানুসাৰে চাউল, কণী, পইচা, খৰি আদি(আজিকালি সাধ্যানুসৰি অৰ্থও দিয়ে)দান কৰে৷ সংগ্ৰহীত সামগ্ৰীবোৰ এঠাইত জমা কৰি উৰুকাৰ দিনা ভেলাঘৰলৈ নি ভোজভাতত ব্যৱহাৰ কৰে৷ চিৰা,সান্দহ, মুড়ি, হুৰুম, ভজাচাউল, চুঙাচাউল আদিবোৰ তৈয়াৰ কৰাৰ বাবে সকলো জীয়াৰী বোৱাৰী ব্যস্ত হৈ পৰে।এই বিহুতেই  ‘মাঘ ঐ মাঘ, কঠাল ভৰি ভৰি লাগ’ , ‘মাঘ ঐ মাঘ, আম ভৰি ভৰি লাগ’এইদৰে গাই গাই গছবোৰত ধানখেৰ বন্ধা(মাঘ বন্ধা)ৰ আন এক পৰম্পৰাও আছে। জনামতে,গছত মাঘ বন্ধাৰ উপৰিও ঢেঁকী, ভঁৰাল, ঘৰৰ মূল খুটা, গোহালি আদিটো মাঘ বন্ধা হয়। এনে কৰিলে লাগনি গছবোৰ আৰু অধিক শ্ৰীবৃদ্ধি হয় বুলি বহুদিনীয়া বিশ্বাস এটা আছে। সকলোৱে গা ধুইহে মেজিৰ ওচৰলৈ যোৱাটো নিয়ম। 

                                             #মাঘবিহুৰ নদী খেদা  বা বিলখেদা পৰম্পৰা#                     

মাঘবিহুত বিভিন্ন জনগোষ্ঠীৰ লোকে নদী বা বিলত মাছ মাৰিবলৈ যায়,ইয়াকে নদী খেদা বা বিল খেদা বোলে। নদী খেদিবলৈ যোৱা কাৰ্যত ৰাইজে দলে দলে মাছ মাৰিবলৈ ওলাই গৈ হাঁহি স্ফূৰ্তিৰে মাছ মাৰে। মাছ মাৰোতে কাৰোবাৰ ভাগ্যত মাছ নপৰিলে লগৰীয়াসকলে তেওঁকো নিজৰ ভাগৰ পৰাই মাছ বিতৰণ কৰিছিল।

#ম’হযুঁজ,বুলবুলি যুঁজ,কুকুৰা যুঁজলৈ আইনী হস্তক্ষেপ#

অতীজৰে ফৰা এইখন অসমত মাঘবিহুত ম’হযুঁজ আৰু বুলবুলি যুঁজ হৈ আহিছে। পিছে দুহেজাৰ পোন্ধৰ চনৰ পৰা পৰা  আদালতৰ আইনী হস্তক্ষেপৰ বাবে ম’হযুঁজ আৰু বুলবুলি চৰাই যুঁজ বন্ধ হৈ আহিছে। এই যুঁজ স্তব্ধ হোৱাৰ পিছত কুকুৰা যুঁজো বন্ধৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।এই সম্পৰ্কীয় এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্তটো দিয়ে।ফলত ম’হযুঁজ,কুকুৰা যুঁজ আৰু বুলবুলি যুঁজ সম্প্ৰতি বন্ধ হৈ পৰিছে।

#উৰুকাৰ নিশাৰ এক সুকীয়া মাদকতা আছে#

উৰুকাৰ দিনা সন্ধিয়া দৰঙৰ ফালে  চুঙাপিঠা পোৰাৰ এক পৰম্পৰা আছে৷ বিজুলী, ভলুকা , কঁটাবাহৰ চুঙাত তিয়াই থোৱা বৰাচাউল ধুই ভৰোৱা হয় আৰু নতুন ধানখেৰেৰে সোপা দি  তামোল গছ নাইবা কটা কলগছত চুঙাবোৰ এফালৰ পৰা আওজাই দি তলত ধানখেৰ বা নৰাৰে জুই দিয়া হয়৷ এই জুই দি থাকোঁতে এসময়ত চুঙাবোৰত ভৰোৱা চাউল সিজে আৰু ই সুচ্চাদু পিঠা হয়গৈ।এয়াই চুঙাপিঠা৷ দৈ গাখীৰ আৰু জুলীয়া মিঠৈ বা চুৰাৰে ইয়াক খাবলৈ বৰ সোৱাদ লাগে৷  নিশালৈ ভেলাঘৰত জুই ধৰি জুই পুৱাই ভোজভাত খোৱা হয়।তাৰ পিছত বহুতে ওৰে নিশা ভেলাঘৰতে উজাগৰে কটায়। তাহানিৰ উৰুকাৰ সন্ধ্যাৰ জুইকুৰাৰ কথা মনত পৰিলে আজিও আমি নষ্টালজিক হৈ পৰো।

#উৰুকাৰ এদিন আগতেই কাপোৰ সিজাই  ধোৱা হৈছিল#

আমি সৰু থাকোতে দৰঙৰ গ্ৰাম্যাঞ্চলসমূহত  বিহু অহাৰ দুই তিনিদিন আগতেই মা বৰমাহতক ঘৰখনৰ ধুবলগীয়া কাপোৰবোৰ বাহিৰৰ মুকলি ঠাইত পতা উধনত এটা লোহাৰ কেৰাহী পাতি  তাত সিজাই পিছত ধোৱা দেখিছিলো। আমি বিহুৰ এসপ্তাহ মানৰ আগৰ পৰাই ধান খেৰ জ্বলাই ধান বহোৱা ডাঙৰ কেৰাহীত কাপোৰ ধোৱা চাবোন বা কলাখাৰ খাৰ দি বা খাৰণী সৰাই  বিছনা চাদৰ, লেপৰ কভাৰ, কটনৰ আঠুৱা আদি সিজাই পিছত কাপোৰ ধোৱা দেখিছিলো,আনকি সিজোৱা কাপোৰবোৰ ওচৰৰ পুখুৰী বা নদীৰ পাৰলৈ নি তাত জোৰে জোৰে আচাৰি ধুইছিল।

জনগোষ্ঠীয় মাঘবিহু

*************

গোৱালপাৰাৰ কোচ ৰাজবংশী আৰু দেশী মুছলমানসকলে মাঘৰ দোমাহীক ‘পুষণা’ বুলি কয়। বড়ো জনগোষ্ঠীৰ লোকসকলে মাঘ বিহুক ‘মাগৌ’ বোলে। দেউৰীসকলে পালন কৰা মাঘ বিহুক কেমাচি বিচু উৎসৱ বোলে। অসমৰ চাওতালসকলে মাঘ বিহুক ‘ছাকৰাত’ বোলে।ডিমাছা সকলে মাঘ বিহু সাতদিন পাতে, এইকেইদিনত ৰাতি উজাগৰে থাকিবৰ বাবে বাহ,খেৰ,নৰা আদিৰে হাৰলি ঘৰ সাজে।প্ৰত্যেকটো হাৰলি ঘৰৰ আকৃতি বেলেগ  বেলেগ।মিছিংসকলে মাঘ বিহুক ‘মাঃগ্’ বোলে। ঘাইকৈ  জনগোষ্ঠীটোৱে দুটা মেজি সাজে,এটা ওখ মেজি আৰু আনটো চাপৰ মেজি।ওখ মেজিটোক  মতা মেজি আৰু চাপৰ মেজিটোক মাইকী মেজি বোলা হয়।মেজি সজা কাৰ্যক ‘মাঃগ্ পাঃনাম্’ বোলে।এমাহমান আগৰ পৰাই নৈৰ দাঁতিৰ  পৰা শুকান ইকৰা,খাগৰি,নল আদি  সংগ্ৰহ কৰি মেজি সাজে।উৰুকাৰ নিশা ভোজ ভাত খোৱা প্ৰথা মিছিং সমাজত নাছিল।বড়োসকলে অতীজৰে পৰা মাঘ বিহুত তিনিটা মেজি সজা দেখা যায়। এটা ঘাই মেজি বা দৰা মেজি,এটা মাজ বা কন্যা মেজি আৰু শেষৰটো সৰু মেজি বা গা ধোৱা মেজি। উৰুকাৰ দিনা ভোজ ভাত খাই সৰু মেজিটো জ্বলোৱা হয়,পিছদিনাহে বাকী দুটা মেজি জ্বলোৱা হয়।

☆ ★ ☆ ★ ☆

One comment

  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল। বহুত কথা জানিব পাৰিলো

    Reply

Leave a Reply

Your email address will not be published.