ফটাঢোল

আমোৰেমিঅ (মোৰ প্ৰিয় – মূল : জ্যোতির্ময় সেনগুপ্ত ) – অনুবাদ – চবিনা ইয়াচমিন

সাগৰৰ ঢৌবোৰ যদিও পৰিচিত, যদিও বালিৰ ওপৰত প্ৰতিটো ঢৌৱে বহুৱাই যায় সিহঁতৰ কোমল সাঁচ, কিন্তু প্ৰতিটো ঢৌৱে আঁকি যায় বালি-শিলত একোখনকৈ মানচিত্ৰ, প্ৰতিদিনাই এইবোৰ নতুন যেন লাগে মেৰী ডি-কোষ্টাৰ চকুত৷ ঢৌবোৰক ভাল পায় তেওঁ গান গায়……কিন্তু সেই গান কোনো চাৰ্চ বা অভ্যৰ্থনা সভাত নাগায়৷ আগতে গাইছিল তেওঁৰ মাতৃৰ স’তে, মাতৃবিয়োগৰ পিছত মজিয়াৰ পিয়ানোৰ সমুখত বহি তেওঁ অকলশৰে গায়৷ দক্ষিণৰ দেৱালৰ খিৰিকীৰে সাগৰখন দেখা গৈছিল, ….এতিয়াও দেখা যায়৷

তাত বহি কত দিন অমিতাভৰ হাতত হাত থৈ তেওঁ জিনাত আমানৰ দৰে গান গাইছিল, “দো লবজোঁ কি হ্যায়….” সাগৰৰ ঢৌত সেই গান উটি-ভাঁহি যায়৷ তেওঁৰ কৈশোৰ কালত জন ডী-কোষ্টায়ো যেন সকলো এৰি ক’ৰবালৈ উটি-ভাঁহি গৈছিল! তাৰ পিছৰ পৰা মাকেও সেইদৰে আনমনা হৈ সেন্দূৰীয়া আবেলিটোত কেতিয়াবা কেতিয়াবা তেওঁৰ কাষত বহি এটা গান গায় শুনাই……ঠাকুৰৰ৷

আজি, এই মুহূৰ্তত খিৰিকীৰে সাগৰৰ উচ্ছল ৰূপ চাই চাই মাকৰ সেই গানটো মেৰীৰ পিয়ানোত বজাবলৈ মন গৈছে….

“ও মোর দরদিয়া ……”

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.