ফটাঢোল

আশীৰ্বাদ : নাজিফ হাজৰিকা

: ঐ ল’ৰা ৰ ৰ ৰ৷ এইফালে আহ!

অতুল নাথ ছাৰে ইমৰাণক দেখি বাইকখন ৰখাই তাক মাতিলে৷

: ছাৰ কওক৷

: তোৰ নিউজটো বাপেৰক দিলিনে নাই?

: ছাৰ নাই কোৱা ঘৰত৷

: কিয়? ঘৰৰ পৰা কথা লুকুৱাবলৈ আহিছ? ৰহ মই ফোন কৰি কওঁ, নহ’লে নাজিবুলে মোকেই দোষ দিব।

: ছাৰ, প্লিজ ঘৰত নক’ব। দেউতাৰ গাটো একেবাৰে ভাল নহয়, দুইটা কিডনী বিকল হৈ পৰিছে, এনে অৱস্থাত ঘৰত এইবোৰ কথা কৈ মা-দেউতাহঁতক টেনশ্যন নিদিব ছাৰ৷ মই কথা লুকুৱাবলৈ বিচৰা নাই, ইচ্ছা কৰিয়ে কোৱা নাই৷ ছাৰ মই ভুল কৰিছিলোঁ, উপযুক্ত শাস্তিও পাইছোঁ৷

: নাই, নাই বেটা। বেয়া কাম কৰিবি, আৰু কথা লুকুৱাবি? তোৰ বাপেৰ মোৰ বাল্য বন্ধু হয় বুইছ৷

নাথ ছাৰে ফোন লগালে,

: হেল্ল’ নাজিবুল তোমাৰ ল’ৰাৰ কাণ্ড গম পোৱা নে? তাক হোষ্টেলৰ পৰা expelled কৰিলে নহয়৷ ৰাতি ৰাতি মনে মনে থিয়েটাৰ চাবলৈ গৈছিল৷

কথাখিনি কৈ অতুল নাথে ফোনটো ৰাখিলে। ইমৰাণলৈ চাই ক’লে,

: বাপেৰক ক’লোঁ, তোক কালিলৈ মাতিছে।

ইমৰাণে তলমূৰ কৰি ৰৈ থাকিল। অতুল নাথ ছাৰে তামোলৰ পিকখিনি ৰাস্তাত পেলাই বাইক চলাই গুচি গ’ল।
* * *
পিছদিনা ইমৰাণ তেজপুৰ আহিল (দেউতাকৰ চাকৰি ঠাই)। ঘৰত সোমায়েই প্ৰথম লগ পালে মাকক৷ মাকৰ চলচলীয়া চকুলো আৰু চিন্তাক্লিষ্ট মন দেখি ইমৰাণৰ মনটো হাহাকাৰ কৰি উঠিল।

: মা৷

: বাবা, তই বাৰু আমাৰ কথা অলপো চিন্তা নকৰ নে? আব্বাৰ এনেকুৱা এটা অৱস্থাতো তোৰ গাত অলপো কথা লগা নাইনে? কেতিয়া বুজিবি বাৰু!

ইমৰাণ মনে মনে তলমূৰ কৰি দেউতাকৰ ৰুমলৈ সোমাই আহিল। বিচনাত পৰি থকা দেউতাকলৈ চালে। চকুৱে চকুৱে পৰিল৷ দেউতাকে হাতখন দাঙি তাক ওচৰলৈ মাতিলে। সি আহি দেউতাকৰ কাষতে বহিল৷

: কি হ’ল বাবা? (এটা মৰম সনা মাতেৰে তাক সুধিলে)

ইমৰাণে হুকহুকাই কান্দি উঠিল৷ সি বিচাৰিছিল, দেউতাকে তাক গালি দিয়ক, এটা চৰ মাৰক৷ ইমান মৰমেৰে কিয় মাতিব লাগে তাক? ইমান মৰমৰ যোগ্য নহয় সি৷

: নাকান্দিবি বাবা, নাকান্দিবি। চাওঁ, মই বুজিছোঁ নহয় তই যিদৰে ভুল কৰিছিলি, সেইদৰে অনুতাপো কৰিছ। চাওঁ আহ ওচৰলৈ।

ইমৰাণে এইবাৰ নিজকে ৰখাব নোৱাৰিলে। দেউতাকৰ বুকুতে সোমাই জোৰেৰে কান্দি উঠিল৷ তেজপুৰৰ হজৰাপুখুৰীৰ পাৰৰ চৰকাৰী আবাসত, মীন উন্নয়ন বিষয়াৰ বুকুত সোমাই এটা ১৯ বছৰীয়া ল’ৰাই কান্দিছে৷ ৫ ফুট ৯ ইঞ্চি ওখ ল’ৰা এটাই এইদৰে কন্দা দৃশ্যটো ৰাস্তাইদি গৈ থকা মানুহে জুমি জুমি চাই গৈছে৷

: চাওঁ বাবা ইমান ডাঙৰ ল’ৰাই নাকান্দে নহয়।

দেউতাকে নিজৰ সোঁহাতখন ইমৰাণৰ মূৰৰ ওপৰত থ’লে। ইমৰাণৰ কান্দোন কমিল। দেউতাকৰ হাতখন মূৰৰ ওপৰত থ’লে সি বৰ সকাহ পাই। পৰিস্থিতি চম্ভালিবলৈ দেউতাকে তাৰ চুলিখিনি চুই চুই ধেমালি কৰিলে,

: তই দেখোন তপা হৈ গৈছ। নিজৰ যত্ন ল’বি আকৌ, নহ’লে মই ইয়াত কেনেকৈ থাকিম?

ইমৰাণে একো নকৈ মনে মনে দেউতাকৰ বুকুতে পৰি থাকিল।
* * *
ইতিমধ্যে এটা বছৰ পাৰ হৈ গ’ল। ইমৰাণ দেউতাকহঁতৰ লগতে বেছিকৈ থাকিবলৈ ল’লে। মাজে মাজেহে কলেজ আহে। কৰ্তব্য, দায়িত্ব আৰু দেউতাকৰ প্ৰতি থকা মৰমে তাক তেজপুৰতে ৰাখি থোৱা হ’ল৷ লাহে লাহে দেউতাকৰ গাটো বেছি বেয়া হৈ পৰিল। সপ্তাহত তিনিদিন ডায়েলাইছিছ কৰিবলৈ গুৱাহাটী যাব লগা হয়৷ ইমৰাণৰো ব্যস্ততা বাঢ়িল৷ ৰাতিপুৱাই গাড়ী চলাই দেউতাকক গুৱাহাটী লৈ যায়, সন্ধিয়া আহি তেজপুৰত থৈ আকৌ পিছদিনা দেড়গাঁও দৌৰ মাৰে কলেজলৈ বুলি। এইদৰে চলি থাকিল ইমৰাণহঁতৰ জীৱন। এদিন সি কলেজত থাকোঁতে ফোন আহিল মাকৰ ।

: বাবা দেউতাৰ গাটো বেছি বেয়া, আমি গুৱাহাটী লৈ গৈছোঁ। তই আহিব পাৰিবি নেকি?

: ৰ’বা মা মই গৈ আছোঁ।

আধাঘণ্টামান পিছত সি বাছত উঠিবলৈ লওঁতেই তালৈ ফোন এটা আহিল৷

: বাবা তই বোকাখাটতে ৰৈ দে, গুৱাহাটী আহিব নালাগে (বহুত ধৈৰ্য্য ধৰি মাকে তাক কথাকেইটা ক’লে)

: কিয় মা?

মাকে একো নক’লে (ভগা ভগা মাত এটা আহিছিল )
ইমৰাণৰ বুকুখন চিৰিংকৈ মাৰিলে। বোকাখাত আহি নিজৰ ঘৰত সোমাল, ইতিমধ্যে মানুহ গোটখাইছিল সিহঁতৰ ঘৰত। ইমৰাণৰ বুজিবলৈ বাকী নাথাকিল কথাটো। ধাৰাসাৰে চকুলো বৈ আহিল তাৰ। খুড়াকহঁতে সান্তনা দিবলৈ চেষ্টা কৰিলে।

দুঘণ্টামান পিছত দেউতাকৰ মৃতদেহ আহিল। মাক আৰু বায়েকৰ মুখলৈ চাব নোৱাৰিলে সি (দুয়োজনীৰ কান্দোনক সি বাধা দিব নোৱাৰে)। আগফালৰ ৰুমত থৈ দিয়া মৃতদেহটোলৈ সি তভক মাৰি চালে। লাহে লাহে তাৰ দেউতাকৰ ওপৰত অভিমান হ’ল, খং উঠিল। দেউতাকে তাক মাত নলগোৱাকৈ কিয় গুচি গ’ল? সি ইমান ভাল পোৱা মানুহজনে তাক একো এটা নোকোৱাকৈ কিয় গুচি গ’ল? সি নিজকে চম্ভালি ল’লে। নিজকে ক’লে সন্মুখত সেয়া মাত্ৰ এটা ডেডবডীহে, দেউতাক নহয়! গতিকে প্ৰেক্টিকেল হ’ব লাগে এতিয়া।
সি ৱাজীৱক মাতিলে,

: ঐ ৱাজীৱ, এইফালে আহ।

: কওক ইমৰাণ দা।

: এই তিনিশ টকা ল, কালিলৈ ৰাতিপুৱা লখিমী টেণ্ট হাউচৰ পৰা চকী অলপ লৈ আনিবি। পইচা আৰু লাগিলে মোৰ নাম ক’বি, পিছত দি দিম৷

: বাৰু ঠিক আছে।

এইবাৰ সি জালিমক লগ ধৰিলে।

: জালিম দা কথা এটা শুনক।

: কোৱা।

: কবৰস্থান নিবলৈ চাঙিখন যে বনাব লাগিব! তাৰ কাৰণে বাঁহ লাগিব নহয়?

: উম লাগিব৷

: আমাৰ ঘৰৰ যিকেইটা বাঁহ আবুহঁতৰ ঘৰৰ ফালে হাউলি গৈছে, সেইকেইটা কাটি দিব৷ হালিম, কৰিমহঁতক লৈ আপুনি কামটো কৰিব৷ সেইটো দায়িত্ব আপোনাক দিলোঁ।

: বাৰু ঠিক আছে।

এইবাৰ সি নেকিবক মাতিলে।

: ঐ নেকিব৷

: ক৷

: মোৰ লগত ব’লচোন। বৰফ আনিব লাগিব।

: ব’ল।

ইমৰাম এতিয়া সম্পূৰ্ণ প্ৰেক্টিকেল৷
* * *

পিছদিনা ইছলাম ধৰ্মীয় প্ৰথামতে মৃতদেহটো গা ধুৱাই কাপোৰ দি মেৰিয়াই দিয়া হ’ল। ইমৰাণ আজিও প্ৰেক্টিকেল৷ নাকান্দে সি, কিয় কান্দিব? মতা মানুহে কান্দে নেকি কিবা? ডেকা ল’ৰাই কান্দে নেকি কিবা?
আৰু দেউতাকে দেখোন তাক মাত নিদিয়াকৈয়ে গুচি গ’ল৷ ইতিমধ্যে চাঙিখনত মৃতদেহটো উঠোৱা হ’ল।

: ইমৰাণ তুমি সোঁফালে ধৰা যোৱা। পুতেকে সোঁফালে ধৰিব লাগে। (এজনে ক’লে)

ইমৰাণে সোঁফালে ধৰি দাঙিলে। মৃতদেহটো লৈ যোৱা হ’ল কবৰস্থানলৈ৷ জানাজা ঘৰত জানাজা পঢ়া হ’ল।
আকৌ লৈ যোৱা হ’ল কবৰৰ ওচৰলৈ। ইমৰানে পুনৰ সোঁফালে ধৰি দাঙিলে। কবৰৰ ওচৰ পাওঁতেই হঠাৎ ঘটনা এটা ঘটিল। মৃতদেহ মেৰিয়াই থোৱা কাপোৰখন ঢিলা হৈ দেউতাকৰ সোঁহাতখন ওলাই আহিল৷ সোঁহাতখন আহি ইমৰাণৰ মূৰৰ ওপৰত পৰিল৷

: এই ধৰ ধৰ …ভৰাই দে ভৰাই দে৷

দুজন মানে পটাপট ভৰাই দিলে হাতখন৷ ইমৰাণৰ চকুলো বৈ আহিল৷ সি ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে।

: এয়া ডেডবডী নহয়, এয়া মোৰ আব্বা হয়!

: ইমৰাণ, ইয়াত নাকান্দে নহয়। শান্ত হোৱাচোন।

এজনে টানকৈ ক’লে।

ইমৰাণ কবৰত নামিল। আলফুলে দেউতাকৰ মৃতদেহটো ধৰি কবৰত শুৱাই দিলে৷ লাহে লাহে মাটি দি ঢাকি দিয়া হ’ল কবৰটো৷ মানুহবোৰ ঘূৰি গ’ল ঘৰলৈ। ৰৈ গ’ল ইমৰাণ। হাতত কোৰখন লৈ ৰৈ থাকিল সি৷ কোনোবাই যেন তাৰ কাষত আহি ক’লে,

“বাবা মই জানিছিলোঁ তই মোৰ ওপৰত অভিমান কৰিবি, তোক যে মাত লগাই যাবলৈ সময়েই নাপালোঁ৷ মৃতদেহৰ মাজেৰে আহি হাতখন মূৰৰ ওপৰত ৰাখিলোঁ। পাৰ্থিব জগতৰ এয়াই আছিল মোৰ শেষ আশীৰ্বাদ…..
যাওঁ বাবা, শেষ বিদায় …..”

দেউতাকৰ কবৰৰ ওচৰত ৰৈ থাকিল ইমৰাণ। তাৰ চকুলোৱে এতিয়া কাৰো বাধা নামানে৷

☆ ★ ☆ ★ ☆

5 Comments

Leave a Reply

Your email address will not be published.