ফটাঢোল

আহক, ওলাই যাওঁ অকণ – ৰুবী বৰা বৰদলৈ

বৰ গৰম পৰিছে। গেলেপা লগা গৰমত দিনটো ব্যস্ত থকাৰ পাছত আবেলিলৈ মনটোৱে ইচাট্-বিচাট্ কৰে। কি কৰোঁ কি নকৰোঁ কৰে। ঘৰৰ, কৰ্মক্ষেত্ৰৰ বন্ধ আৱহাৱাৰ পৰা অকণমান মনটো মুকলি হ’বলৈ বিচাৰে।

আহকচোন, গাটো ধুই কম্ফৰ্টেবল ড্ৰেচ এটা কৰি লওক। আপোনাৰ পচন্দ মতে ডিঅ’, বডি স্প্ৰে’, পাৰফিউম যি লয় অকণ সানি লওক আৰু আহক, অকণ ওলাই যাওঁ।

এইটো পথেৰে যাওঁ আহক। পথটোত বৰকৈ ভিৰ নাই, গতিকে হুলস্থূলো নাই। অলপ আগতেই সেইখন পাৰ্ক।যদিও চিলড্ৰেন পাৰ্ক, আমিও সোমাব পাৰিম। চিলড্ৰেন নহ’লেও আমিওতো চিলড্ৰেনৰ মাক-দেউতাক দিয়কচোন! বেছি সময় নৰওঁ নহয়! ভিতৰৰ ফুটপাথেদি এপাক খোজ কাঢ়ি ওলাই আহিম৷

আহক, সেয়া দেখিছে, কণমানিকেইটাক লৈ যে সৰু ছোৱালীজনী সিহঁতৰ লগতে ঘূৰি ফুৰিছে, আপুনি আকৌ ভুল নুবুজিব সেয়া সিহঁতৰ বায়েক বুলি।মাকহে। বৰ ভাল লাগে দেখি, নহয়নে? সৌ বিহগুটিকেইটা দেখিছে! গোটেইখন টহিলং কৰি ফুৰিছে। আইঐ দেহি! দিনটো মাকজনীয়ে চাগে কিমান সহ্য কৰে! আবেলি অকণ উলিয়াই আনিছে পাৰ্কলৈ।মাকজনীয়ে তেও অকণ উশাহ ল’ব পাৰিছে। এইফালে চাওক, ককাক-আইতাকে নাতিয়েকহঁতক উলিয়াই আনিছে। নাতিহঁত আচিলাহে। আচলতে ওলাই আহিবলৈ লাগে তেখেতসকলকহে। কিমান আৰু বন্ধ ঘৰত সোমাই থাকিব দিনৰ দিনটো! জন্মৰ পৰা, জীৱনৰ এডোখৰৰ পৰা লগ পোৱা ওচৰ চুবুৰিয়াসকলক এৰি এতিয়া ফ্লেটৰ বাসিন্দা। এই বয়সত এনে জীৱনে নুসুজে এওঁলোকক। ককা আৰু নাতিল’ৰাৰ এনে মধুৰ দৃশ্য আজিকালি বিৰল। চাই লওক ক্ষন্তেক ইয়াতে। সৌফালে চাওক, এওঁলোক নিজৰ মাজতে কিমান বিভোৰ! মনৰ কথা এষাৰ পাতিবলৈ লগ এটা লাগে, নিৰিবিলি পৰিৱেশ এটা লাগে নহয়! ওলাই আহিছে ইয়ালৈকে অকণ। পাৰ্কৰ পৰিৱেশটোও বৰ মনোমোহা। ধুনীয়াকৈ ৰখা ফুলগছবোৰ, পৰিষ্কাৰ ঘাঁহনিখন, মসৃণ ফুটপাথটো, খেলা সঁজুলিবিলাক আৰু সুন্দৰকৈ সাজি-কাজি অহা লোকসকল। হাই-উৰুমিও তুলনামূলক ভাবে কম।ডাষ্টবিনৰ লেতেৰা গোন্ধ, ধূলি আদিৰ পৰাও পৰিৱেশটো মুক্ত। পথৰ ঢেঁকুৰাকেইটাৰো প্ৰৱেশ নিষেধ ইয়াত। গৃহস্থহীন গৰু-গাইবোৰো সোমাবলৈ নিদিয়ে চকিদাৰে। গতিকে বেয়া লগা নাই, নহয়নে বাৰু!

এপাক ঘূৰি আহি এয়া গেট পালোহিয়েই। পাতলকৈ কিবা এটা খাব নেকি? আইচক্ৰীম? কি ক’লে? হেই!!গুল্লী মাৰক ক’ৰ পানী, কোনে কেনেকৈ বনাইছে।ৰাস্তাৰ কাষত ব্ৰেণ্ডেড আইচক্ৰীম ক’ত পাব? একো নহয়, খাবলৈ মন গ’লে খাব লাগে। খাওঁতে এটা কথাই ভাবিব, শীতলাঙ্কৰ তলত সকলো বীজাণু ধ্বংস হয়।নহ’লে চানাচুৰ খাব পাৰে। ইই্! গৰমত চানাৱালাৰ গাৰ ঘাম মিহলি হোৱাৰ কথা কৈছে? নেমু টুকুৰা চেপি চেপি হাতৰ নখ চাফা হৈ গৈছে! একো নাই। লেতেৰাখিনি প্ৰথমকেইবাৰতে শেষ। এতিয়া সকলো চাফা। নহ’লে ফুচকা খাওঁ আহক। সেয়া! আকৌ একেই আপত্তি। ঘাম আৰু বীজাণু। বুজিছে, আমি যি পৰিৱেশৰ বাসিন্দা, সেই পৰিৱেশৰ লগত মিলি থাকিব লাগে।তেতিয়াহে চাৰ্ভাইভ কৰিব পাৰিব। নহ’লে সাধাৰণ পানীলগা জ্বৰ এটাতে কেতিয়াবা চেটেপ হ’ব, বুজিছে৷

হ’ব বাৰু দিয়ক, একো নাখায় যদি নালাগে খাব। পাৰ্কৰ পৰা ওলাই আহিলোৱেই যেতিয়া আগবাঢ়োঁ ব’লক। এয়া ষ্টেডিয়ামৰ বাহিৰ ফালটো। চাওকচোন, কিমাম ভাগৰুৱা হৈ ল’ৰা-ছোৱালীহঁত খেল প্ৰেক্টিচ কৰি ঘূৰি আহিছে! ইহঁত সকলো স্কুলীয়া ল’ৰা-ছোৱালী। স্কুলৰ পৰা আহিয়েই ভাতকেইটা খাই উঠি ইয়ালৈ দৌৰে। কিছুমান নিজৰ গাড়ীত আহে। আহোঁতে গাড়ীতহে ভোকৰ ভাতকেইটা খায়। নহ’লে সময় মিলাব নোৱাৰে। এতিয়াও ইয়াৰ পৰা গৈ কিছুমান টিউশ্যনত বহিবগৈ। ইহঁতে দুখ-ভাগৰৰ কথা চিন্তা কৰিলে নচলে। ৰুটিন মেইনটেইন কৰিব লাগে, বচ্।মাক-দেউতাকবোৰৰ যত হেঁপাহ, সকলো ইহঁতৰ গাতে থুছি দিয়ে। কিছুমানৰ আকৌ আন কাৰোবাৰ লগত কম্পিটিশ্যন—তেওঁলোকৰবোৰে পাৰিছে, আমাৰবোৰে কিয় নোৱাৰিব? কিছুমানক বডি ফিটনেছ আৰু ফ্লেক্সিবিলিটি লাগে। কিছুমানে ওচৰৰ ল’ৰা-ছোৱালীৰ লগত মিলামিছা কৰাবলৈ বেয়া পায়। কিছুমানৰ আকৌ সমবয়সীয়া লগ নাই, খেলিবলৈ মুকলি ঠাই নাই। গতিকে সাতে-সোতৰই মিলি ষ্টেডিয়ম। ইহঁতৰ শতকৰা ৯৫ ভাগৰে, ভৱিষ্যতে এজন সুদক্ষ খেলুৱৈ হোৱাৰ মটিভ নাই। নহ’লে ইমানবোৰ ল’ৰা-ছোৱালীৰ মাজৰ কোনোবা এটাৰ নামো আমাৰ ঠাইখনৰ পৰা দেশৰ খেলুৱৈৰ তালিকাত নেদেখিলোহেঁতেননে! আইঐ দেহি! চাওকচোন ইহঁতৰ মুখ কেইখনলৈ! ৰঙা-ক’লা পৰি আহিছে দেহি! ঘৰত গৈ এতিয়া পঢ়া-শুনা কৰিবলৈ মন কৰিব নে বাৰু? এনেকৈয়ে অৱশ্যে ইহঁতৰ কষ্ট কৰাৰ মানসিকতা এটা গঢ় লৈ উঠিব পাৰে।

চাব চাব, চাৰিআলি এইটো। চাই-চিটি পাৰ হ’ব। বহুত ট্ৰেফিক জাম হয় ইয়াত। কাষতে সেইটো আস্থান। ইয়াত চকু, কাণ, নাক, মগজুক অলপ ৰেহাই দিয়ক। অতিমাত্ৰা চিঞৰ-বাখৰ। যিকোনো মাত শুনিব ইয়াত।আমাৰ ভাষাৰ চাবেক মাতকেইষাৰতো আৰু ক’বই নালাগে। তললৈ বৰকৈ নাচাব। নহ’লে ঘৰত ভাতকেইটা মুখৰ আগত লৈ বহোঁতেই এই দৃশ্য মনত পৰিবলৈ হ’লে ভাত পেটলৈ নাযাব। থু-খেকাৰ, তামোল-পান, কে’পি, গুটখা, বিমল, শিখৰ সকলোৰে বাৰে-ৰহনীয়া পিক সেয়া। আপুনি ইয়াতেই প্ৰমাণ পাব, এই বস্তুবোৰ যে বন্ধ হোৱা নাই। দেশখনত যে কিমান কফ্, পালীলগা বেমাৰী আছে, তাৰো প্ৰমাণ এইখিনিতে পাব।

চাব দেই, টাউনখনত সকলোতে লাইট জ্বলি থকা যেন লাগিলেও কিছুমান ঠাই এতিয়াও অতি আন্ধাৰ।ফুটপাথৰ মেনহ’লত সোমালে মই আপোনাক চিনি নাপাওঁ আকৌ! হাঃ হাঃ হাঃ! ধেমালি কৰিছোঁ বন্ধু।সাৱধান হ’ব। ইয়াৰে এটাত সোমাই ল’লে শৰীৰৰ চাল-বাকলি ইয়াতে এৰি থৈ যাব লাগিব।

আহক, আগবাঢ়োঁ। দেখিছে, কি সুন্দৰ সুন্দৰ শ্বপিং মল, ৰেষ্টুৰেণ্ট, ৰাজপথত শেহতীয়া মডেলৰ গাড়ী, গাড়ীৰ ভিতৰত সুন্দৰ সুখী মুখবোৰ। কাৰোবাৰ গাড়ীৰ পিছৰ চিটত ধুনীয়া বেল্টেৰে বন্ধা বিদেশী কুকুৰে খিৰিকীৰ আইনাৰে মুখ উলিয়াই নগৰৰ দৃশ্য উপভোগ কৰিছে। কাষতে বহি গৈছে গিৰিহঁত-গিৰিহঁতনী বা তেওঁলোকৰ সন্তানসকল। কি গৌৰৱান্বিত মুখ তেওঁলোকৰ! সকলো ওলাই আহিছে সান্ধ্য ভ্ৰমণত অথবা নিজৰ খন্তীয়া-খুচুৰীয়া কাম লৈ। এওঁলোকক দেখিলে দেশখনত কিবা সমস্যা, দুখ-দৰিদ্ৰতা আছে যেন লাগেনে! নাই বুলি নাভাবিব। আছে। তাৰ মাজতো মানুহে নিজৰ সময় উপভোগ কৰিব বিচাৰে ক্ষন্তেক এইবোৰৰ পৰা আঁতৰি৷

অ’হ, কি হ’ল? উজুতি খালে? ইছ্! সৰুতেই মা-দেউতাই শিকাইছিল, মানুহৰ গাত ভৰি লাগিলে ‘কৃষ্ণ’ বুলি সেৱা এটা কৰিবলৈ। কৰক, নাপায়। ভিক্ষা কৰি খালেও তেখেতো মানুহ। আছে যদি কিবা এটা থালখনতে দি থৈ আহক। মোৰ আকৌ আজি খুচুৰা নাই বুইছেনে!মহানগৰৰ এওঁলোকো চিনাকি বাসিন্দা।অলপ সময়ৰ পাছতে দিনটোৰ উপাৰ্জনেৰে এওঁলোকে কিবা এটা কিনি খাব। তাৰ পাছত গাত থকা শতচ্ছিন্ন বস্ত্ৰখন মেৰিয়াই কোনোবা দোকানৰ খটখটিতে টোপনিত ঢলি পৰিব। সুখী আৰু নিশ্চিন্ত জীৱন এওঁলোকৰ। ভিক্ষাৰী হ’ব লগা হোৱাৰ গ্লানি প্ৰথম কেইদিনতে শেষ হৈছে এওঁলোকৰ। জীয়াই থাকিবলৈ হ’লে এইবোৰ অদৰকাৰী ইম’শ্যন বাদ দিব লাগিব। “সবাৰ ওপৰে জীৱন শ্ৰেষ্ট, তাহাৰ ওপৰে কেও নাই।”

এইখিনিতে অক্কমান সাৱধান হৈ অলপ ওপৰলৈ চাওকচোন! দেখিছে, সুদৃশ্য আইনাৰে বেঢ়ি থোৱা সেইবোৰ সুদৃশ্য হল। তাৰ ভিতৰৰ জীৱন অতি ৰঙিন।কেৱল পোহৰ ৰঙিন নহয় তাৰ। ভিতৰৰ সকলো ৰঙিন। ক্ষন্তেকীয়া। হওক। আধুনিক জীৱনৰ টেনশ্যন ভৰা সময়ৰ কিছু ৰঙিন মুহূৰ্ত এয়া। ইয়াতে বহুতে বহুত কিছু হেৰুৱাবলৈ আহে আৰু বহুতে কিছু পাবলৈ আহে। ইচ্ছা আৰু অকণ পিয়াৰ অভ্যাস আছে যদি আপুনিও এদিন ইয়ালৈ আহি জুতি লৈ চাব পাৰে। টকা-পইচাৰ কি কথা আছে! চব্ হাতৰ মলি। আজি আছে, কাইলৈ নাই। আজি নাই, কাইলৈ আহিব!জীৱনত মন যোৱা সকলোৰে টে’ষ্ট লৈ চাব লাগে।নহ’লে এয়া কি জীৱন!মনে মনে কৈ থওঁ, সেই তাহানিৰ আমাৰ ককা-আইতাহঁতে খোৱাৰ ষ্টাইলত ধোঁৱাও খাব পাৰি ইয়াত। তেখেতসকলে যে তাহানিখনতে ইমান ষ্টেণ্ডাৰ্ড বস্তু খাইছিল, এতিয়াহে অনুভৱ কৰিব পাৰিছোঁ বুইছেনে! পিচে কেতিয়াবা আহে যদি অলপ সাৱধান হ’ব। আপোনাৰ চিনাকি কোনোবা স্কুল-কলেজৰ সৰু-সৰু ল’ৰা-ছোৱালীও পাই যাব পাৰে ইয়াত। তেওঁলোকৰ একো নাই। আপোনাৰহে নাক-কাণ যাব।বোলে কেনি যাওঁ গোপাল, ক’লৈ পলাওঁ কৃপাল! হাঃ হাঃ হাঃ!

আমি আগবাঢ়োঁ আহক। কিবা কিনিব লগা আছিল নেকি আপোনাৰ? পাচলি? আচ্ছা, কিনক। বহুত দাম পাচলিৰ। বানপানী হৈছে যে! কিন্তু আচৰিত, বানপানী হ’লে খেতি-পথাৰ নষ্ট হয়। শাক-পাচলিৰ পৰিমাণ কমে। তেতিয়া দাম বাঢ়ে। আজিকালি কিন্তু বছৰৰ কোনো সময়তে শাক-পাচলিৰ কমি নাই। মাত্ৰ দামহে বাঢ়ে। লওক, এক কে:জি: ল’ম বুলি ভবা বিধৰ এপোৱা লওক। এপোৱা ল’ম বুলি ভবা বিধ আজি ল’বলৈ বাদ দিয়ক। দাম কমিলে খাব। যেতিয়া আমাৰ গাঁৱৰ খেতিয়ক কেইজনে নিজৰ বাৰীৰ পাচলিকেইটা বজাৰলৈ উলিয়াই আনিব, তেতিয়া দাম কমিব। এতিয়া এইবোৰ ব্যৱসায়িক ভিত্তিত কৰা খেতিৰ পাচলি।খেতিয়কে নেবেচে। মধ্যভোগীৰ হাতৰ পৰাহে বজাৰলৈ ওলাই আহে। গতিকে দাম হ’বই দিয়কচোন!

ইমান দূৰ খোজ কাঢ়ি ফুৰিলোঁ, গৰমত, পিয়াহত অণ্ঠ-কণ্ঠ শুকাইছে। সৌৱা আইচক্ৰীম পাৰ্লাৰ। সোমাব নেকি? সেই যে পাৰ্কৰ সন্মুখত দেখিছিলোঁ আইচক্ৰীম, এটা বাতিত পোন্ধৰ বা বিশ টকা, তেনে এটা বাতিৰ দাম ইয়াত চল্লিশ টকা। এ’চিৰ হাৱাত, ধুনীয়া টুল এখনত বহি খাব পাৰিব। পিচে এই ঘামত জুৰুলি-জুপুৰি হোৱা কাপোৰেৰে তাত সোমাব নোৱাৰি। তাত বহি থকা মানুহখিনিৰ আগত মান-সন্মানৰ কথা আছে দিয়কচোন৷

যি হ’ল হ’ল। গৰমেহে গৰম কাটে! সৌ তাতে ৰৈ ঠিয়ৈ ঠিয়ৈ একাপ চাহকে খাওঁ আহক। লগত আপুনি পিয়াঁজী,পকৰী, জেলেপি, চিংৰা, চাট্, চপ, কাটলে’ট, বয়ল কণী, ৰ’ল, পুৰী-ভাজি যি ইচ্ছা খাব পাৰে।সকলোৱে খায়। চাওক, সেইবোৰ প্ৰাইভেট হোষ্টেলত থকা ল’ৰা-ছোৱালী, ভাড়াঘৰত থকা ফ’ৰ্চড বেচ্ছেলৰ মানুহ নাইবা ঘৰৰ বাহিৰত কিবা এটা খাই সন্ধ্যাটো কিছু ব্যতিক্ৰম কৰিব খোজা নগৰৰ সাধাৰণ মানুহ।আহক, ইয়াতে চাহ একাপ খাওঁ। ইয়াত কোনেও আপোনাৰ গাৰ কাপোৰ, ঘামৰ গোন্ধ, ষ্টে’টেচ চিম্বল নাচায়। উপযাচি যিকোনো মানুহৰ লগতে এষাৰ কথা পাতিব পাৰিব, ডাঙৰকৈ হাঁহিবলৈ মন গ’লেও হাঁহিব পাৰিব। সময় সুবিধা চাই ওলোৱা আপোনাৰ প্ৰিয় মাতষাৰো ইয়াতে আপুনি নিঃসংকোচে মাতিব পাৰিব।ইয়াত ৰ’বলৈ দাম দিব নালাগে। ৰওক, খাওক, কথা পাতক, মানুহ চাওক কাৰো অসুবিধা নোহোৱাকৈ।লওক। গৰম, চাব আকৌ। লাগিলে আন এটা গিলাচ লৈ লওক। গাৰ ঘাম বৈ আছে! বৈ থাকিবলৈ দিয়ক আৰামত।

এতিয়া তামোল খায়নে পাণ এখন খায়? খাওক, পাণেই খাওক। মই খুৱাম। পিক পেলাবলৈ চিন্তা কৰিব নালাগে। স্বচ্ছতাৰ শ্ল’গান এতিয়াও আমাৰ মুখে মুখেহে। সম্পূৰ্ণ কাৰ্য্যকৰী হ’বলৈ সময় আছে। আমাৰ পিছৰ প্ৰজন্মই হয়তো উইলিংলি সেয়া কাৰ্য্যকৰী কৰিব। পিচে, আমাৰ ধদুৱা অভ্যাস সলনি হোৱাটো ইমান সহজ নহয়।

টাউনখন এপাক মাৰিলোঁ। গা আকৌ জেপজেপীয়া হ’ল। ধুবগৈ লাগিব। পিচে আপোনাৰ লগত আজিৰ সন্ধ্যাটো কটাই ভাল লাগিল। ওলাব লাগে কেতিয়াবা এনেকৈ। মনে বিচৰা লগ এটা পালে বহুত সময় এনেদৰে কটাই দিব পাৰি। এইখিনি সময় নষ্ট হোৱা বুলি নাভাবিব। একঘেয়ামী জীৱনত এইবোৰেইতো সঞ্জীৱনী সুধা। চাব লগা আৰু বহুত থাকিল। আজি এৰাএৰি হওঁ দিয়ক। আকৌ এদিন এনেদৰেই ওলাই আহিম আপোনাৰ লগত। ফুৰিম, কথা পাতিম, ক’ৰবাত ক্ষন্তেক ৰ’ম, চাম, খাম আকৌ ঘূৰি যাম ঘৰলৈ। আহোঁ তেনেহ’লে! যাওক, লগ পাম আকৌ দিয়ক৷

☆★☆★☆

Leave a Reply

Your email address will not be published.