ফটাঢোল

আহিন বুলীয়া অনুভৱ : সমীৰ সূৰ্য্যনীল বৰা

প্ৰকৃতিয়ে সময়ে সময়ে আৱৰণ সলায়, তাৰেই মূৰ্ত প্ৰকাশত পৃথিৱী এক নতুন ৰূপত দৃশ্যমান হয়, সমগ্ৰ জীৱসমাজেই অনুভৱৰ গভীৰ জোৱাৰত পৃথিৱীক ভাল পাবলৈ শিকে আৰু সেই পৰিবৰ্তিত সময়ৰ লগত নিজকে খাপ খুৱাই জীৱনটোক এক নতুন গতিৰে সজাই আগুৱাই লৈ যোৱাৰ এক প্ৰেৰণা বিচাৰি পায়৷ কেতিয়াবা ফাগুনৰ গভীৰ অনুভৱেৰে জীৱনক বিচাৰি চোৱাৰ হেঁপাহ, কেতিয়াবা বহাগৰ উতলা অনুভৱত জীৱনৰ প্ৰতিটো বসন্তক চুই চোৱাৰ এক গভীৰ মাদকতা আৰু কেতিয়াবা শাওনৰ উত্তাল বৰষাত সেউজীয়াৰ সপোনেৰে জীয়াই থকাৰ বাসনা। এনেকৈয়ে প্ৰকৃতিৰ বুকুলৈ সময়ে সময়ে ঋতুৰ আগমন হয় আৰু এই ঋতুৱেই প্ৰকৃতিৰ আৱৰণ সলনি কৰি পৃথিৱীক এক নতুন ৰূপ দিয়ে। তাৰ জোৱাৰতে পৃথিৱী যেন আৰু ধুনীয়া আৰু আকর্ষণীয় হৈ পৰে। ঠিক সেইদৰে ন-অনুভৱেৰে, ন-আশাৰে শাৰদী সুবাস লৈ পৃথিৱীৰ বুকুলৈ আহিন আহে। শৰতৰ প্ৰাণ পাই চাৰিও দিশে ভাললগা এক নীৰৱ নিৰ্জন পৰিবেশে আগুৰি ধৰে, বাৰিষাৰ অশান্ত নদীও শান্ত তথা নীৰৱধি হৈ নিজৰ সোঁতৰ দিশত ব’বলৈ ধৰে। মানুহ, জীৱ-জন্তু আৰু চৰাই-চিৰিকটিয়েও এক নীৰৱ পৰিবেশ গঢ়ি তোলে। পদূলিৰ শেৱালিজোপাই শাৰদী সুগন্ধিৰে আহিনৰ বতৰা বিলাই ফুৰে, বালিমাহীজনীও বালিত গা ধুবলৈ ক’ৰ পৰা আহে জানো!

মানুহৰ হৃদয়ত আহিনে ঠাই লোৱাৰ মূলতে হ’ল শৰৎ।এই সময়ছোৱাতেই সমগ্ৰ জীৱসমাজে জীৱন এক নিয়মিত আৰু শান্তিপূৰ্ণ ৰূপত উদযাপন কৰা স্বচক্ষে পৰিলক্ষিত হয়। কোনো কোনোৱে খৰালীৰ সৰিয়হ, আলু-পিয়াঁজ আদি খেতিৰ বাবে যা-যোগাৰ কৰাত ব্যস্ত হৈ পৰে, আইসকলেও আবেলি নামঘৰত ভগৱন্তৰ শ্ৰীচৰণত গুণানুকীৰ্তন কৰি এক সতেজ চিন্তাৰে ঘৰখনক সুন্দৰকৈ আগুৱাই লৈ যোৱাৰ প্ৰেৰণা বিচাৰি পায়।

আহিন বুলিলেই যেন সকলোৰে মনত এক গভীৰ অনুভৱৰ প্ৰশ্ন, কাৰোবাৰ দুচকুত গভীৰ অনুভৱবোৰে যেন বিচাৰি ফুৰে দুৰ্গা পূজা কেতিয়া! পূজাত ক’ত কেনেকৈ উপভোগ কৰিব! আপোনজনৰ লগত বিশাল উৎসৱৰ মাজত সুখৰ বন্যাৰে নিজকে উটুৱাই দিয়াৰ এক গভীৰ অনুভৱে দুচকু আৱৰি থাকে সকলো সময়তে। সকলো বয়সস্থ ব্যক্তিয়েই যেন ব্যস্ত হৈ পৰে দুৰ্গা পূজাৰ নৱ পৰিকল্পনাত। দেৱী প্ৰতিমা আৰু মণ্ডপ নিৰ্মাণত শিল্পীৰ ব্যস্ততা, তেনেকৈ আন কোনোবা নতুন উদ্দীপনাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোত্সব মহা উলাহেৰে আকৌ এবাৰ পালন কৰাত উঠিপৰি লাগে৷ সত্ৰ-নামঘৰ ভক্তি ৰসৰে ভৰি পৰে, ভাওনাৰ আখৰা আৰু নাম কীৰ্তনৰ ধ্বনিয়ে ভক্তি ৰস বোৱাই দিয়ে। গায়ন-বায়ন, বৰগীত, নাম-প্ৰসংগৰ ধ্বনিত এই ধাম আকৌ এবাৰ বৈকুণ্ঠপুৰীলৈ পৰিবৰ্তন হয়। গুৰুজনাৰ জন্মোত্সৱৰ পিছতেই ভগৱান শ্ৰীকৃষ্ণৰ জীৱন সম্বলিত ৰাস মহোৎসৱৰ প্ৰস্তুতি চলায়। এনে এক সাংস্কৃতিক বাতাবৰণে সকলোৰে মনত হাঁহি আৰু আনন্দ বৃদ্ধি কৰি তোলে। লগতে মানুহবোৰৰ মাজত একটা আৰু সমন্বয়ৰ এনাজৰীডাল আৰু দৃঢ় হৈ পৰে৷

আহিনৰ দিনবোৰত বিভিন্ন সময়ত পালন হৈ অহা উৎসৱ-পাৰ্বনৰ বাবেই যে এই দিনকেইটা ভাললগা হৈ পৰে তেনে নহয়, এই সময়খিনিৰ পৰিবেশৰাজি প্ৰকৃতিয়ে এনেভাৱে ভাল লগাকৈ ৰচনা কৰিছে যে তাক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। নদী কাষৰীয়া কেঁকুৰিবোৰত শুভ্ৰ কঁহুৱা ফুলবোৰো বতাহৰ তালত যেন প্ৰকৃতিৰ গীত গাই গাই সুৰৰ মূৰ্চনাত বিলীন হৈ পৰে, শিলৰ পৰিধি ফালি দ্ৰুত বেগেৰে বৈ অহা ঝৰণাবোৰেও অবিৰাম নৃত্যৰ তৰঙ্গ সৃষ্টি কৰে। কৃষিজীৱী সমাজেও ৰোৱা-তোলাৰ পৰা আজৰি হৈ জিৰণি লৈ জীৱনটো অলপ ব্যতিক্ৰমিকভাৱে সজাই তুলিবলৈ সময় পাই, পথাৰত ঠন ধৰি উঠা সেউজীয়া ধাননীয়ে, পুৱা দুবৰিত জীপাল হৈ থকা নিয়ৰৰ টোপালবোৰেও মনত এক অনন্য অনুভৱ সিঁচি দিয়ে, খুন্দা তামোলৰ জুতি লৈ একেলগে আইতা সকলো বিয়ানাম, আইনামৰ আখৰাত ব্যস্ত। খেলাৰ উৎকৃষ্ট সময় বাবে শিশুৰ পৰা যুৱকসকলৰ মাজত এই সময়ছোৱাত খেলাৰ প্ৰতি আগ্ৰহ বেছি লগতে নানান খেলত ব্যস্ত হৈ থকা দেখা যায়। পুৱাৰ নিয়ৰ সেমেকা দূৱৰি গছকি দোকমোকালিকো হাঁহি আৰু সুখৰ অনুভৱেৰে সকলোৱে সতেজ কৰি তোলে। শান্ত হৈ পৰা নৈখনত নাভাগৰা মাছমৰীয়া ডেকা-গাভৰুহঁতৰ হাঁহিৰ ৰোল, বিহুগীত আৰু ঐনিতমৰ সুৰে পৰিবেশটো মধুৰ কৰি তোলে। ল’ৰালিৰ দৰা-কইনা, ৰজা-ৰাণী, লুকা-ভাকুৰ খেলত লুকাই থাকে মচিব নোৱৰা নষ্টালজিক মাদকতা, জোনাক নিশা তৰাভৰা আকাশলৈ জুমি চোৱাৰ মাদকতা, আইৰ কোলাত মূৰ থৈ সাধুকথাৰ মাজত বিলীন হৈ পৰা নাইবা নিশা একেলগে চোতালত বহি ৰেডিঅ’ত নাটৰ কাহিনীৰ মাজত বিলীন হৈ পৰা নষ্টালজিক অনুভৱবোৰ বাৰে বাৰে মনলৈ আহি এক সুখৰ অনুভৱেৰে ভৰাই তোলে।

এই সময়বোৰে সকলোকে নষ্টালজিক কৰি তোলে, ভাললগা পুৰণি সময়বোৰ এক ৰঙীন অনুভৱ হৈ বাৰে বাৰে মনৰ কোঠা ভৰাই তোলে, সেয়ে হয়তো আহিনৰ এই সময়বোৰ ভাল লগা হৈ নষ্টালজিক অনুভৱেৰে মনৰ সাঁচিপাত ৰঙীন কৰি তোলে।

☆★☆★☆

One comment

  • প্ৰদীপ বৰা

    সুন্দৰ আহিনৰ প্ৰতিচ্ছবি

    Reply

Leave a Reply

Your email address will not be published.