ফটাঢোল

আহ ঐ আহ- দিপংকৰ মল্ল বৰুৱা

কণপায়ে বৰ খৰধৰকৈ ক’ৰবালৈ গৈ থকা দেখি চিঞৰি মাতিলোঁ,”হেৰৌ ইমান দৌৰা-দৌৰিকৈ ক’লৈ যাৱ?”
সি অলপপৰ ৰ’ল৷ মুখ বিকটাই সি ক’লে,”ভাল কাম এটালৈ ওলাইছোঁ৷ দিলে নহয় টেপেৰকৈ পিছপিনৰ পৰা মাতি৷ বৰ বেয়া কাম কৰিলে দাদা৷”
-“হেৰৌ, কিনো ভাল কাম কৰিবলৈ ওলাইছ মোকো কচোন৷”
-“অইনে খোলো খোলোকৈ নোখোলেহে, নোখোলেহে৷ ভাবিছোঁ, ময়েই খুলি দিওঁ নেকি!”
-“আনে খোলা নাই, তই খুলিবি? কি খুলিবি নকৱ কিয়?”
কণপায়ে ওচৰলৈ আহি ফুচফুচাই ক’লে,”বহুত কামৰ বস্তু দাদা৷ এবাৰ খুলি ল’ব পাৰিলে আৰু চিন্তা নাই৷ আপুনিও আহক দাদা৷ চাকৰি কৰি যিমান ঘটিছে, মোৰ কথা মানিলে তাৰ তিনিগুণ ঘটিব পাৰিব৷”
-“হেৰৌ, বস্তুটো কি সেইটো নকৱ কিয়?”
-“কম ৰ’বহে, ভাল শব্দ দুটামান ভাবকচোন, যিটো শুনিলে অসমৰ মানুহৰ গাৰ তেজ গৰম হৈ যায়, মানুহে ঘৰৰ পৰা ৰাস্তালৈ ওলাই আহে৷”
-“আহৈ আহ, ওলাই আহ।”
-“ৱাহ দাদা ৱাহ৷ একদম বঢ়িয়া নাম হ’ব, আহ ঐ আহ ৷ ৱাহ! প্ৰতীকটো মোৰ মনলৈ আহিলেই৷”
-“কিহৰ নাম, কিহৰ প্ৰতীক?”
-“প্ৰতীক হ’ব বাৰ্ণিং টায়াৰ, জ্বলি থকা টায়াৰ৷ উফ,কি যে বঢ়িয়া হ’ব৷ একদম ফালি দিম দাদা, চাই থাকক৷”
-“কণপাই, তই কি কৈ আছ মই বুজিব পৰা নাই৷ ভালদৰে বুজাই কচোন৷”
-“দাদা, আপুনিও একেবাৰে বুৰ্বক৷ বুজিয়ে পোৱা নাইনে মই কি খোলাৰ কথা কৈছোঁ?”
-“নাই অ’৷ কি খুলিবি ভালকৈ ক?”
-“ৰাজনৈতিক দল দাদা৷”
-“ৰাজনৈতিক দল খুলি কি কৰিবি?”
-“নিৰ্বাচন খেলিম আৰু কি কৰিম!”
-“ইমানবোৰ দল থাকোঁতে তোৰ দলক কোনে ভোট দিব? আকৌ নতুন দল  কেইবাটাও গঠন হ’ব বুলিও শুনিছোঁ৷”
-“সেই কাৰণেতো খুলিম দাদা৷ সকলোৱে যদি একোটা দল খোলে ভোটবোৰ ভাগ নহ’ব নেকি? তাতে আকৌ দলৰ নাম হ’ব ‘আহ ঐ আহ’৷ আমাৰ প্ৰতীক ‘বাৰ্ণিং টায়াৰ’ সকলোৰে চিনাকী, ভোট আমিয়েই বেছি পাম৷”
কোনে জানে এই কণপাই অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হৈয়ো যাব পাৰে!
☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.