ফটাঢোল

আৰে ৰাৱণ ভাই! কি খবৰ – সোণটো ৰঞ্জন বৰুৱা

: আৰে ৰাৱণ ভাই! কি খবৰ?

: ফাটাফাটি…তোমালোকৰ কৃপাত৷ এইমাত্ৰ দেহত জুই লগাই আহিছোঁ৷

: জুই লগাই? মানে?

: আৰে ভাই, ৰাইজেচোন প্ৰতি বছৰে বিজয়াদশমীত মোক জ্বলাই দিয়ে ন৷

: জ্বলাই দিয়ে? কিন্তু তোমাক দেখিলেচোন ধৰিব নোৱাৰি?

: হাঃ হাঃ হাঃ… মোক মানে মোৰ পুতলা জ্বলাই, মোক জিন্দা জ্বলোৱাৰ সাহস এই কাপুৰুষচবৰ কাৰো নাই৷ হাঃ হাঃ হাঃ….

: তেন্তে তুমি পুতলা জ্বলোৱাৰ সময়ত ক’ত আছিলা?

: তাতে….ভীৰৰ মাজতে সেনাবাহিনীৰ সৈতে ময়ো আছিলোঁ৷

: আৰে….ময়ো আছিলোঁ তাত৷ কি আচৰিত! না তোমাক দেখিলোঁ না তোমাৰ সেনাবাহিনীক৷

: হাঃ হাঃ… সকলো আণ্ডাৰকভাৰত থাকোঁ৷ সতকাই কাকো চিনি নাপাবা৷ আহা এবাৰ পুতলা জ্বলোৱা ঠাইৰ পৰা আহোঁগৈ৷ তাত কাম অলপ আছে৷

মন্ত্ৰমুগ্ধৰ দৰে ৰাৱণৰ পিছ ল’লোঁ৷ তাত এতিয়াও বহুত ভীৰ৷ ৰাৱণক দেখাৰ লগে লগে ভীৰে বেৰি ধৰিলে৷ হেঁচা ঠেলাৰ কোবত মই ক্ৰমাৎ ৰাৱণৰ পৰা বিচিন্ন হৈ একাষ পালোঁগৈ৷ দূৰৰ পৰা দেখিলোঁ কিছুমানে গৰ্বৰে ৰাৱণৰ ভৰি চুইছে, কিছুমানে হাঁহি হাঁহি কৰমৰ্দন কৰিছে, ছেলফী তুলিছে৷

: কোন হয়, ইমান পপুলাৰ৷

কাষতে থকা দুজন লোকৰ ফুচফুচনি কাণত পৰিল৷

: তুমি চিনি পোৱা নাই? ৰাৱণদা৷ তামাম পাৱাৰফুল, বিৰাট ধনী, প্ৰপাৰ্টিৰ হিচাপ নাই৷ তেখেতৰ ঘৰ, সোণৰে সজোৱা৷ তেখেতৰ আহ্বানত মানুহ মৰিবলৈও কুণ্ঠাবোধ নকৰে৷

: তেখেতৰ নিজা ঘৰ কেনেকৈ হ’ল? শুনিছোঁ কুবেৰৰ পৰা কাঢ়ি লৈছিল৷

মাজতে মই মাত লগালো৷

: সম্পত্তিৰ কথা ভাই, আমি বুজি নাপাওঁঁ৷ কুবেৰৰ নামত প্ৰপাৰ্টি থাকিলেও শুনিছোঁ তাত পুৰা টকা ৰাৱণদাই লগাইছিল৷ গতিকে কুবেৰক খেদি নিজা কৰি ল’লে৷

ভীৰ পাতল হোৱা দেখি পুনৰ ৰাৱণৰ কাষ চাপিলোঁ৷

: কি আচৰিত, একো বুজিয়ে পোৱা নাই৷ অলপ আগত একেখিনি মানুহে আপোনাৰ পুতলা জ্বলাইছে আৰু এতিয়া একেখিনি মানুহেই আপোনাৰ ভৰি চুই সেৱা কৰিছে৷

মই তুমিৰ পৰা আপুনি সম্বোধনলৈ অজানিতেই গতি কৰিলোঁ৷

: এই দুনিয়া এনেকুৱাই বাবা৷ হাঃ হাঃ হাঃ! ইয়াৰ মানুহে ৰাৱণৰ পুতলা জ্বলায় কিন্তু আচল ৰাৱণৰ ভৰি চুৱে৷ ৰামৰ পুতলাৰ ভৰি চুই সেৱা কৰে কিন্তু আচল ৰামৰ….. আৎসা…. ৰামক ক’ৰবাত দেখিছানে…

চাৰিওফালে চালোঁ৷ গোটেই ফিল্ডখনৰ ক’তো চকুত নপৰিল৷ হঠাৎ গেট এখনেৰে আমন জিমনকৈ বাহিৰলৈ ওলাই যোৱা নিমাখিত মানুহ এজন দেখিলোঁ৷ জুম জুম মানুহৰ কাষেৰে পাৰ হৈ গৈছে যদিও কোনেও মাত দিয়া নাই৷ সেইজনেই ৰাম আছিল৷

: এই যাষ্ট ওলাই যোৱা দেখিলোঁ৷ খোজকাঢ়ি৷ কিন্তু বাটত কোনোৱেই মাত এষাৰ নিদিলে যে?

: এতিয়া বুজিলানে বুদ্ধু? এইয়া ৰাম লীলা হয়, ৰামলীলা৷ লীলা শেষ, ৰামৰ প্ৰয়োজনো শেষ৷

: ?

: হাঃ হাঃ হাঃ! মৰ্য্যাদাপুৰুষোত্তম ৰাম, কাৰো একোডাল ফালিব নোৱাৰে বুলি ৰাইজে ভালদৰে জানে৷ মোৰ কোনো মৰ্য্যাদাৰ লগত সম্পৰ্ক নাই, আৱশ্যক হ’লে যিকোনো স্তৰলৈ নামিব দিব পাৰোঁ৷ গতিকে সকলোৱে ভয় কৰে৷ সকলোৱে মোৰ লগত কাৰবাৰ কৰিলৈ বিচাৰে৷ মোৰ শিষ্য হ’বলৈ বিচাৰে৷

: কিন্তু ৰামৰ খং উঠিলে? তেখেততো ভগবানৰ অৱতাৰ৷ তোমাকোতো হত্যা কৰিছিল৷

: টেনচন লৈ লাভ নাই৷ এই সম্ভ্ৰান্ত, মৰ্য্যাদা থকাবোৰৰ খং কেতিয়াবাহে উঠে৷ যুগৰ মুৰত এবাৰ দুবাৰ৷ যেতিয়া খং উঠে তেতিয়া দেখা যাব আৰু৷

: আৰু এই পুতলা জ্বলোৱা নাটকখন? এইখন আকৌ কিমান দিনলৈ চলিব?

: আপ টু এণ্ড অৱ কলিযুগ৷ তুমি পুতলা জ্বলোৱা লৈ ইমান টেনচন কিয় লৈছা? নিজৰ পুতলা জ্বলাই মই যুগ যুগ ধৰি জীৱিত আছোঁঁ৷ হাঃ হাঃ হাঃ৷ কিন্তু মোৰ শিষ্য হৈ তুমি এনেদৰে টেনচন লোৱা একেবাৰে শোভা নাপায়৷

: আপোনাৰ শিষ্য! কেনেকৈ? অসম্ভৱ, বন্ধু হিচাপে চিনি পাওঁ আপোনাক, সিমানেই৷

: হাঃ হাঃ হাঃ….. আৎসা শিষ্য নোহোৱা? কালি ৰাতি সোমৰসৰ নিচাত যে মানুহজনীক লেতেৰা লেতেৰা গালি দিছিলা, সেয়া কি আছিল? আৰু সপ্তাহ আগতে আদালতত দিয়া মিছা সাক্ষ্যবোৰ কি আছিল?

: নিচাৰ কোবত কি ক’লোঁ নিজেই নাজানো৷ নিচা ফটাৰ পাছত মনত পৰি বৰ অনুশোচনাত ভুগিলোঁ৷ আগতেতো মই এনেকুৱা নাছিলোঁ, ক’ৰ পৰা যে কি হৈ গ’ল৷

: হাঃ হাঃ হাঃ! ভাই কথা এইটোৱেই৷ মোৰ আধাতকৈও বেছি শিষ্যই নাজানে যে কেতিয়া সিহঁতে মোৰ শিষ্যত্ব গ্ৰহণ কৰিলে৷

কথাষাৰ কৈয়ে ৰাৱণ নিজৰ গাড়ীত বহিল৷ কুটিল হাঁহি মাৰি তেখেতে মোক তেখেতৰ গাড়ীলৈ দুৱাৰ মেলি আমন্ত্ৰণ জনালে৷ মন্ত্ৰমুগ্ধৰ দৰে মই তেখেতৰ পিছ ল’লোঁ তেখেতৰ গাড়ীলৈ…….

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.