ফটাঢোল

আৰ্ট অৱ ইটিং- উজ্জ্বল দিপলু গগৈ

চাকৰিত সোমাইছোঁ নতুনকৈ৷ লগৰ প্ৰায়বোৰেই চাকৰি পাইছে লাহে লাহে৷ বিশ্ববিদ্যালয়ৰ হোষ্টেলত চুপাৰ চিনিয়ৰ হিচাপে খুউব ডিমাণ্ড, সেই ডিমাণ্ডৰ কোবতেই মাহেকৰ দৰমহাৰ পইচাকেইটাৰ ভাল শৰাধ পতা যায়৷ এদিনাখন আদ্দা চলি আছিল, কোনোবা এটাই প্ৰস্তাৱ ৰাখিলে কিমাননো সৰু-সুৰা হোটেলবোৰত সদায় খাই থাকিম, গুৱাহাটীৰ কোনোবা দামী ৰেষ্টুৰেণ্ট এখনলৈ যাওঁ এদিন৷ বন্ধুবৰ্গই শলাগিলে ‘হয়হে, লৱাৰ ক্লাচবোৰত প্ৰায় সদায়েই খোৱা হয়, মিডল ক্লাচবোৰত গাৰ্লফ্ৰেণ্ডৰ লগত যোৱা যায়, কিন্তু হাই ক্লাচ!! ওহোঁ কেতিয়াও ভৰি দি পোৱা নাই৷’ পিচে তাৰমাজতো ব্যতিক্ৰম ওলায়৷ দুটামানে লাহেকৈ মাত দিলে ‘মই মানে ব্ৰহ্মপুত্ৰ অশোকাত গৈ পাইছোঁ; কোনোবা এটাই ক’লে মই লেণ্ডমাৰ্কত এবাৰ কফি একাপ খাই পাইছোঁ, এটাই তেনেতে অলপ ওপৰত দিলে মই এদিন ড’না প্লেনেটৰ মাচানত পাৰ্টী এটাত গৈছিলোঁ৷’ সিহঁতৰ কথাবোৰ বিশ্বাস-অবিশ্বাসৰ মাজত আলোচনা চলি থাকোঁতেই মাচানলৈ খাবলৈ যোৱাটোৱে ক’লে ‘এইটো শনিবাৰে গোটেইবোৰ খাবলৈ মাচানলৈকে যাওঁ নে কি? ডিনাৰত বাফেট থাকে যাৰ যি মন খাম, বেছিও নাযায় পকেটৰপৰা পাৰ হেড 700মানকৈ যাব৷’ কথামতেই ডিচিশ্যন লোৱা হ’ল “আমি মাচান যাম, ওৰে ৰাতি দগৰি খাম৷”

শনিবাৰ আহি উপস্থিত হ’লহি৷ পুৱা সেইদিনা আমি প্ৰায়বোৰেই ব্ৰেকফাষ্ট নকৰিলোঁ৷ দুপৰীয়াৰ সাজো নাখাওঁ বুলিয়েই আছিলোঁ, কিন্তু গেচৰ টেবলেট খাই খাই স্বাস্থ্যবিষয়ক উপযুক্ত জ্ঞান আহৰণ কৰা এজনে ক’লে ‘হেৰৌ গাধহঁত, কিবা এটা খাই দে, নহ’লে টেঙাপানী জমা হৈ গেচ হ’লে তাত একোডাল খাব নোৱাৰিবি৷’ গেচৰ ডাক্টৰৰ কথা শুনি বিশ্ববিদ্যালয়ৰ কেণ্টিনত চাউমিন অৰ্ডাৰ কৰি খালোঁ যদিও সেইখিনি তাতে আধাতে এৰিলোঁ। কাৰণ মনটো যে তেতিয়া হাইক্লাচ ৰেষ্টুৰেণ্টত৷ গধূলি যাবলৈ আমি 15টা ল’ৰা ৰেডী হ’লো৷ চাৰিটামান গ’ল বাইকত, বাকী আটাইবোৰ তেতিয়াৰ দিনত চলা মেক্স কেবত৷ ড’না প্লেনেট গৈ পাওঁ মানে প্ৰায় সাতমান বাজিল৷ গিৰিপ গাৰাপকৈ 15টা ল’ৰা ৰেষ্টুৰেণ্টত সোমাই যোৱা দেখি মেনেজাৰৰ চকু কপালত উঠিল, ৱেইটাৰ এজন আহি সংকোচেৰে সুধিলে আপোনালোকৰ কিবা পাৰ্টী আছে নেকি? ভদ্ৰলোকৰ ঠাই, আৰু হোষ্টেলত থকা ল’ৰাই ভালদৰে জানে ক’ত কিমান জোখত ভদ্ৰ হ’ব লাগে৷ আটাইবোৰ গহীন হৈ ৰ’লো৷ কোনোবা এটাই গলগলীয়া মাতেৰে ক’লে ‘আমাৰ কাৰণে টেবুল দেখাই দিয়ক, ডিনাৰৰ কাৰণে আহিছোঁ৷’

টেবুল লাগিল৷ আমি ভাগে ভাগে বহিলোঁ৷ ৱেইটাৰৰ ম্যেনু দিয়াৰ ষ্টাইলটো প্ৰথমবাৰৰ বাবে মুখামুখি হ’লো ‘হেল্ল’ জেণ্টলমেন্, হোৱাট ডু ইউ লাইক ট্যু হেভ্ ইন ইউৰ ষ্টাৰ্টাৰ!’ মেন্যুখন হাত পাতি ল’লো আমি, মই মনতে ভাবিলোঁ মেইন খানাটো খোৱাৰ আগত ষ্টাৰ্টাৰ বুলি বস্তু এবিধ থাকে মানে৷ চকু ফুৰালোঁ, ঢেৰ কিবাকিবি চকুত পৰিল৷ এক্সপাৰ্ট কেইটাৰ বাহিৰে বাকীবোৰে এটাই আনটোৰ চকুলৈ চোৱা-চুই কৰি অৰ্ডাৰ দিলোঁ৷ ষ্টাৰ্টাৰ আহিল; কাৰোবাৰ প্লেটত চিকেন, কাৰোবাৰ চিকেন উইংচ, কাৰোবাৰ ফিচ অগৰং-বগৰং, কাৰোবাৰ প্ৰ’ন আৰু পাছত কিবাকিবি উপাধি থকা বস্তুবোৰ৷ ষ্টাৰ্টাৰৰ ফাৰ্ষ্ট টিপ গ’ল; প্ৰতিটোৱে এটাই আনটোৰ খোৱা বস্তুৰ টেষ্ট সুধিলোঁ৷ সকলোৱে ভাল ভাল বুলি ক’লে৷ আমাৰে কোনোবা এটাই ক’লে ”ৰ’হ ৰিপিট কৰিবলৈ দিওঁ৷” ৱেইটাৰক ৰিপিট কৰোৱাৰ লগে লগে আমাৰ টেবুলবোৰ পুনৰ ষ্টাৰ্টাৰেৰে ভৰ্তি হৈ গ’ল৷ ৰিপিটৰ আৰম্ভণি হৈছিল এবাৰ এটাই ৰিপিট প্লিজ বুলি উচ্চাৰণ কৰোঁতে, ৰিপিট ষ্টপ হওঁতে ৱেইটাৰ কেইজনে 12টা ৰাউণ্ড মাৰিলে৷ তেতিয়ালৈ আমাৰ লাজ ভাঙিছিল, তাতে কোনোবা এজনে ক’লে দস্তুৰমত পইচা দি খাবলৈ আহিছোঁ কিডাল লাজ কৰিবলৈ আছে৷ জৌশ্ব আহি গৈছিল, ষ্টাৰ্টাৰকে মেইন কৰ্চৰ খাদ্য হিচাপে গ্ৰহণ কৰি ইতিমধ্যে আমাৰ দুজন লগৰে ৱেইটাৰক সুধি বিলাসী বিষ্ঠাত্যাগ গৃহটো আৱিস্কাৰ কৰি লৈছিলগৈ আৰু দুজনমানে পেটৰ পজিচন থানথিত লগাবলৈ ৰেষ্টুৰেণ্টৰ ভিতৰতে খোজ কাঢ়ি অলপ হজম কৰি লৈছিল৷

“উই আৰ্ ৰেডী ফৰ্ দ্যা মেইন কৰ্চ, লেডীজ এণ্ড জেণ্টলমেন প্লিজ ষ্টাৰ্ট ফৰ্ম দিচ চাইড” কথাষাৰ শুনাৰ লগে লগে আমি সাজু হ’লো৷ আন আন টেবুলবোৰৰপৰাও মানুহবোৰ আহি লাইন পাতিছিলহি৷ এফালৰপৰা সকলোকে লৈ ল’বলৈ দিলোঁ, তাৰপাছত আমি আমাৰ ৰেলৰ ডবা যেন লাইনটো পোন কৰিলোঁ৷ কোনোবা এটাই মেনেজাৰক ক’লে ‘আপোনালোকৰ প্লেটবিলাক বৰ সৰু সৰুহে৷’ মেনেজাৰে মুখ বেঁকা কৰি হাঁহি এটা মাৰি একো নামাতিলে৷ সন্মুখত থকাজনে পাছলৈ ঘূৰি চাই আমাক ক’লে ‘ভাত আৰু দাইলটো খাই পেটৰ জেগাখিনি এনেই ব্লক নকৰিবি৷’ প্লেটত বস্তুবোৰ তুলি গ’লো ‘পোলাও, ফ্ৰাইড ৰাইচ, কুলচা, বাটাৰ তন্দুৰী নান, চাপাটি, চাউমিন, চিকেন মাচালা, চিলি চিকেন, চিকেন তন্দুৰী, মাটন ক’চা, মাটন মাচালা, লেম মীট, ফিচ ফ্ৰাই, প্ৰ’ন ফ্ৰাই, জিৰা পটেট’, মিক্সড ভেজ যিমান পাৰোঁ সকলো৷ আমি প্ৰায় নিশ্চিত আছিলোঁ যে আমি সেইয়া 700টকাৰ খাদ্যৰ ঠাইত প্ৰায় 7000টকীয়া পাৰ হেড খানা খাব লৈছিলোঁ৷ আঁৰচকুৰে মেনেজাৰলৈ চাইছিলোঁ, কাউণ্টাৰৰ এচুকত বহি আমালৈ ট টকৈ চাই চলি থকা মিউজিকৰ চাউণ্ডটো কমাই আছিল৷

ইতিমধ্যে আমি ৰেষ্টুৰেণ্টৰ সকলোৰে দৃষ্টিগোচৰ হৈছিলোঁ৷ পাহাৰ যেন লাগি আমাৰ প্লেটবোৰ, তাতে কোনোবা এটা উঠি আহি আকৌ কিবা এটা লৈ যোৱা বকাসুৰৰ কাৰবাৰবিলাক দেখি কোনোবা ছোৱালী দুজনীমানে আমি শুনাকৈ ক’লে “এইচা লৌগ ক্যাহা চে আতে হ্যে৷” আমাৰ বাবে সেইয়া অপমানসূচক আছিল৷ চিকেন এটুকুৰা মুখত সোমাই ৰাখিয়েই এজনে উত্তৰ দি দিলে “যাহা তাহা চ্যে আতা হ্যে, অপনা পইচা চে খাতা হ্যে, গাঁও ম্যে ঘৰ হ্যে, খানা ন্যেহী মিলতা, প্ৰব্লেম হ্যে ক্যা?” সেইভাগ মহান বাণী শুনি দুইজনীয়ে সেইফালেই তাপ মাৰিলে৷

যি কি নহওক, খাদ্য আমাৰ খাই শেষ হৈছিল৷ বস্তুবোৰ লৈ থাকোঁতে ডেজাৰ্টত ঢেৰ বস্তু দেখিছিলোঁ গাজৰ হালৱা, গোলাব জামুন, বেলেগ বেলেগ ফ্লেভাৰৰ আইচক্ৰীম আৰু আমি নাম নজনা কিবাকিবি৷ ল’বলৈ গৈ দেখোঁ, মেনেজাৰে দাঁত নিকটাই আমালৈ চাই কৈছে ‘বেয়া নাপাব ছাৰসকল, গাজৰ হালৱাখিনিৰ বাহিৰে আমাৰ বাকী ডেজাৰ্ট শেষ হৈ গ’ল৷’ একো নাই দিয়ক চিন্তা কৰিব নালাগে বুলি কৈ আমি গাজৰ হালৱাখিনি ৰেষ্টুৰেণ্টৰ নষ্ট হ’বলৈ নিদিয়াকৈ উদৰস্থ কৰিলোঁ৷

মানুহবোৰ গৈ শেষ হৈছিলগৈ৷ আমি দহমিনিটমান পেটকেইটাক ৰেষ্ট দিবলৈ ৰৈ দিছিলোঁ৷ মেনেজাৰে আমাক বহি থকা দেখি কাণ থিয় কৰি ৰৈ আছিল আকৌ কিবা খাবলৈ বিচাৰোঁ নেকি ভাবি৷ ৱেইটাৰৰ হাতত সম্পূৰ্ণ বিলৰ পইচা পৰিশোধ কৰাৰ পাছত মেনেজাৰে আমাক কপালৰ ওচৰলৈকে হাত দুখন নি নমস্কাৰ দি বিদায় দিলে৷ ঘূৰি আহোঁতে সেইদিনা আমি যোৱাৰ সময়ত লোৱা টেক্সিতকৈ এখন বেছিকৈ বুক কৰিবলগা হৈছিল৷

☆ ★ ☆ ★ ☆

10 Comments

  • Abhijit Goswami

    ভাল লাগিল দেই

    Reply
    • উজ্জ্বল দিপ্লু

      ধন্যবাদ আপোনাক৷

      Reply
  • আদিত্য

    বঢ়িয়া লাগিল ।

    Reply
    • উজ্জ্বল দিপ্লু

      ধন্যবাদ আপোনাক

      Reply
  • Ishan Jyoti Bhardwaj

    Buffet মানেনো কি আমাৰ দৰে হোষ্টেলৰ আবাসীয়ে হে জানো 🤣🤣🤣🤣

    Reply
    • উজ্জ্বল দিপ্লু

      হা হা ঠিকেই৷

      Reply
  • Pranita Goswami

    হাঃঃ হাঃ, পইচা উচল হৈ গৈছিল তাৰমানে।
    মেনেজাৰেও সেইদিনটোৰ অভিজ্ঞতা দিনলপিত লিপিবদ্ধ কৰি ৰাখিছিল চাগে….

    Reply
    • উজ্জ্বল দিপ্লু

      মেনেজাৰৰ হোটেল মেনেজমেণ্ট কৰ্চৰ চাৰ্টিফিকেটে সেইদিনা হাত দাঙি দিলে বাইদেউ৷

      Reply
  • Swakshyar saurav talukdar

    মনত পেলাই দিলে। কেইদিনমান পিছত সেইখন বন্ধ হৈ থাকিল।

    Reply
  • অতনু মেধি

    তামাম

    Reply

Leave a Reply

Your email address will not be published.