ফটাঢোল

আৰ্হি-দীক্ষিতা বৰা

নিজৰ ষ্টাডি টেবুলখনত বহি কিছু লিখা পঢ়াত মগ্ন হৈ আছে মানুহগৰাকী, পিছদিনাৰ সভাখনৰ বাবে ভাষণ সাজু কৰি আছে। লেপটপটোত কিবা অলপ চাই, মাজে মাজে ম’বাইলত স্ক্ৰ’ৰ কৰে, আকৌ সমুখৰ কাগজখনত টুকি যায় কিছুমান কথা। অভ‍্যস্ত হাত দুখন খৰকৈ চলাইছে যদিও কম সময়তে বেছি কাম সামৰিবলগীয়া হোৱাৰ বাবে বৰ খৰধৰ লাগিছে মানুহগৰাকীৰ।

মানুহগৰাকী মানে মিচেচ সঞ্জনা চলিহা। চহৰখনৰ এটা চিনাকি নাম। সভা সমিতিত সহজেই দেখিবলৈ পোৱা চেহেৰা। আচলতে তেখেত ‘মহিলা আৰু শিশু কল‍্যাণ সমিতি’ এখনৰ সভানেত্ৰী, বহুতো সামাজিক অনুষ্ঠানৰ লগত জড়িত। গাঁৱৰ মইনামেলত গান গাওঁতে পিছৰ শাৰীত থিয় হোৱা ছোৱালীজনী চহৰৰ এটা উল্লেখযোগ্য নাম হৈ পৰাটো সহজ নাছিল। নিজেই নিজৰ নাম ‘বনাই’ আনক আঁতৰাই নিজকে ওপৰৰ শাৰীলৈ লৈ গৈছে তেওঁ। গতিকে যথেষ্ট আত্মবিশ্বাসী তেওঁ। সমাজৰ সুধীবৃন্দ, সমাজসেৱক, বুদ্ধিজীৱী, ৰাজনৈতিক নেতা… সকলোৰে সৈতে তেখেতৰ সু-সম্পৰ্ক আছে। এনেধৰণৰ ‘সমাজসেৱী’ৰ সৈতে সু-সম্পৰ্ক বৰ্তাই ৰখাটো যে কিমান প্ৰয়োজনীয়, সেইটো অৱশ্যে বুদ্ধিজীৱীসকলে এনেও ভালদৰেই বুজে। পিছদিনা তেনে সুধীবৃন্দৰ সমাবেশ ঘটিবলগীয়া এখন বিশেষ সমাজ সচেতনতামূলক সভাৰ বাবে নিমন্ত্ৰণ পাইছে মিচেচ চলিহাই। মহিলাৰ সুৰক্ষা তথা সামাজিক অৱদানৰ বিষয়টোত আলোকপাত কৰি তেখেতৰেই চিনাকি আন এগৰাকী সমাজকৰ্মীয়ে ভাষণ প্ৰদান কৰিব বুলি জানিব পাৰি মিচেচ চলিহাই শিশু অধিকাৰৰ বিষয়টো বাচি লৈছে।

“বিখ্যাত সংগীতজ্ঞজনে যে কৈ গৈছে,
মানুহে মানুহৰ বাবে
যদিহে অকণো নাভাবে

ভাবিব কোনেনো কোৱা….

পশুৱেও দল বান্ধি চলা ফুৰা কৰে, এটাৰ বিপদত আনটোৱে সহায় কৰে। তেন্তে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমাৰ জানো দায়িত্ব নহয় হাতে হাত ধৰি আগুৱাই যোৱাৰ? জ‍্যেষ্ঠজনে, যাৰ জীৱন সংগ্ৰাম বিষয়ক, সংসাৰ বিষয়ক অভিজ্ঞতা হৈছে, তেখেতেও বাৰু কিবা প্ৰকাৰে জীৱনক আগুৱাই নিয়াৰ এটা পথ বিচাৰি লয়। কিন্তু শিশুসকল, ভগৱানৰ সৃষ্টি সেই নিষ্পাপ প্ৰাণবোৰ…! পৃথিৱীৰ জটিলতাৰ বিষয়ে সিহঁতৰ জ্ঞানেই বা কিমান! এই জটিলতাত সংগ্ৰাম কৰি যাব পৰাকৈ সিহঁতৰ সামৰ্থনো কিমান! বছৰি কিমান শিশু অনাহাৰে, অৰ্ধাহাৰে মৃত‍্যুমুখত পৰে; কিমান শিশু আছে যি আনৰ ভোগ বাসনাৰ স্বীকাৰ হয়; তাৰ হিচাপ আমি ৰাখিব নালাগেনে? কম বয়সতে পৰিয়ালৰ খৰচ চলাবলৈ কাম কৰিবলৈ যোৱা শিশুহঁতক শ্ৰমিকৰ শাৰীলৈ পৰ্যবসিত হোৱাৰ পৰা ৰক্ষা কৰি আমি সিহঁতক এটা সৰল শৈশৱ উপহাৰ দিব নোৱাৰোঁ জানো? পাৰোঁ, নিশ্চয় পাৰোঁ।

দুৰ্বল মানুহে যদি
জীৱনৰ কোবাল নদী
পাৰ হয় তোমাৰে সাহত

তুমি হেৰোৱাবা নো কি?….”

: বাইদেউ চাহ।

ঘৰৰ বন কৰা ছোৱালীজনীয়ে চাহ একাপ আনি টেবুলখনত থৈ গ’ল।

গীত কবিতাৰ পংক্তিৰে ৰসাল ভাষণ দি মানুহক মুগ্ধ কৰি ৰাখিব পৰাৰ বিশেষ কলাভাগ মিচেচ চলিহাৰ আছে। কাব‍্যৰসেৰে ভৰা কথাবোৰৰ মাজেৰে তথ‍্য সমৃদ্ধ কথা কিছুমান কৈ মানুহক সামাজিক চেতনাৰে উদ্বুদ্ধ কৰি তুলিব পৰাৰ দক্ষতাও আছে। গতিকে স্বভাৱসুলভ তেনে এটি ভাষণ প্ৰস্তুত কৰি পিছদিনা সভাত দৰদী কণ্ঠেৰে যাতে শুনাব পাৰে, তাৰ কামতেই তেখেত বৰ্তমান নিমগ্ন। ক্ষন্তেক পৰৰ পিছত তেওঁ চাহকাপত চুমুক দিলে। লগে লগেই তেওঁৰ ভ্ৰূ-কুঞ্চিত হৈ পৰিল। কামৰ হেঁচাত ভাগৰুৱা মুখখন আক্ৰমণাত্মক হৈ উঠা যেন দেখা গ’ল।

: মালতী, ঐ মালতী, ক’ত মৰিলিগৈ?

চিঞৰৰ ভমকত দৌৰাদৌৰিকৈ ওলাই আহিল চাহ দি যোৱা বাৰ-তেৰবছৰীয়া ছোৱালীজনী। ভয়াৰ্ত মুখখনে বুজি উঠা নাই তেতিয়াও তাইৰ ভুল ক’ত।

: এইসোপা কি দি থৈ গৈছ তই? গ্ৰীণ-টি বনাই দিবলৈ কৈছিলোঁ আৰু তই এয়া চেনীয়ে গাখীৰে গ্ৰীণ-টি বনাই আনিছ। মই কালিয়েই তোক বুজাই থোৱা নাছিলোঁ নে কোনটো চাহ কেনেকৈ বনায়? মূৰত কি আছে তোৰ? যা, ভালকৈ একাপ বনাই আনগৈ এতিয়াই আৰু এইসোপা তয়েই খা।

কথাখিনি ভালকৈ বুজি উঠাৰ আগতেই গৰম চাহৰ ফোৱাৰা এটা আহি ছোৱালীজনীৰ কলাফুলতে পৰিল। চিঞৰ এটা ওলাই আহিবলৈ বিচাৰিছিল তাইৰ মুখেৰে, কিন্তু অট্টালিকাৰ অভিজাত বতাহজাকৰ হেঁচাত সি ডিঙিতেই ৰৈ গ’ল। কাপ-প্লেটযোৰ তুলিলৈ আঁতৰি গ’ল ছোৱালীজনী। তাইৰ চকুহাল হয়তো অলপ জলজলীয়া হৈছিল। কিন্তু সেইবোৰলৈ মন দি থাকিবলৈ মিচেচ চলিহাৰ সময় নাই। এই জাবৰৰ দ’মৰ পৰা তুলি অনা মানুহবোৰক মূৰত উঠাই লোৱাৰ কোনো প্ৰয়োজন নাই। দিনে ৰাতিয়ে খাবলৈ পাইছে, থাকিবলৈ পকী ঘৰ পাইছে, তাৰপিছতো নিজৰ কামকেইটা ভালকৈ কৰিব নোৱাৰিলে নহ’ব নহয়। ঘৰখনত মানি চলিবলগীয়া সকলো নীতি-নিয়ম এনেও আগদিনা তাই আহোঁতেই মিচেচ চলিহাই বুজাই থৈছে। গতিকে নিজৰ কাম ভালকৈ কৰিবলৈ যিমান সোনকালে শিকিব, সিমানেই তাইৰ কাৰণে ভাল৷

মালতীয়ে পিছৰবাৰ গ্ৰীণ-টি কাপ আনি দিয়ালৈ তেখেতৰ ভাষণটো লিখি শেষ হ’ল। চাহকাপ খাই খাই তেওঁ বস্তুবোৰ সামৰিলে। এই পঢ়া শুনা নজনা, মূল্যবান বস্তু দেখি নোপোৱা মানুহবোৰৰ হাতত লেপটপ, ম’বাইল, তেখেতৰ অধ্যয়নৰ কিতাপ আদি সামৰি থোৱাৰ দৰে দায়িত্ব তেওঁ কেতিয়াও নিদিয়ে, এই ক্ষেত্ৰত যথেষ্ট সজাগ তেওঁ।

: চিণ্টু ক’ত আছে, নিজৰ ৰূমতে নে?

কাৰ্পেটত পৰা চাহৰ দাগবোৰ মচি মচি চাফা কৰিবলৈ চেষ্টা কৰি থকা মালতীক সুধিলে তেওঁ।

: মই নাজানো বাইদেউ।

মালতীয়ে ভয়ে ভয়ে উত্তৰটো দিলে, মাতত তাইৰ তেতিয়াও কিছু জড়তা।

খং এটা আকৌ উঠি আহিলেও ল’ৰাটোৰ ওচৰলৈ যাবলৈ ওলোৱাৰ বাবে তাইক সৰুকৈ ধমক এটা দি খং সম্বৰণ কৰি ওলাই গ’ল মিচেচ চলিহা।

: চিণ্টু…চিণ্টু…কি কৰিছা? মই লিখিবলৈ দিয়াখিনি লিখিলানে?

পিচে চিণ্টু কোঠাত নাছিল, টেবুলৰ ওপৰত খেলিমেলি হৈ পৰি আছিল তাৰ কিতাপ বহি কিছুমান। মিচেচ চলিহাই আকৌ মালতীক মাতিলে,

: ঐ মালতী, শুনিছনে… এইফালে আহ সোনকালে।

: কি হ’ল বাইদেউ?

: মই তোক কালিয়েই কৈছিলোঁ নে চিণ্টু বাবাৰ খোৱা-বোৱা, ৰূমত আছেনে নাই, খেলিবলৈ যোৱা এই সকলো কথাত ভালকৈ মন দিবলৈ? আৰু এয়া কি তাৰ টেবুলত যে ইমান খেলিমেলি, কিতাপ বহীখিনি জাপি থোৱাৰ দায়িত্ব তোৰ হয় নে নহয়? এতিয়া ক’লৈ গ’ল ল’ৰাটো?

: মই নাজানো বাইদেউ।

: আৰৰে… (প্ৰচণ্ড ভাৱে খং এটা উঠি আহিল তেখেতৰ) নাজানো বুলি থৰ লাগিলি যে? এতিয়াই যা আৰু তাক বিচাৰি আনগৈ। য’তেই থাকক মই মাতিছোঁ বুলি ক গৈ। পঢ়া শুনা এৰি সৱ সময়তে এনেকৈ খেলা-ধূলা কৰি থাকিলে তাৰ মগজটোও তোৰ নিচিনাই একো কামত নহা হ’বগৈ। তাৰ ভৱিষ‍্যতটো মই নষ্ট হ’বলৈ দিব নোৱাৰোঁ নহয়। মোৰ ল’ৰা হৈ ড্ৰাইভাৰৰ ঘৰৰ কেঁচুৱাকেইটাৰ লগত খেলি থাকিলেগৈ নহ’ব নহয় সি। যা একদম, মাতি আন তাক।

মালতী কোঠাৰ পৰা ওলাই গ’ল চিণ্টুক বিচাৰি। তাইৰ দৰে পঢ়া শুনাৰ মূল্য নুবুজা এজনীয়ে আৰু কি পঢ়া টেবুল সামৰিব! গতিকে মিচেচ চলিহাই নিজেই তেওঁৰ একমাত্ৰ সু-পুত্ৰৰ কিতাপ বহী, স্কুলবেগ আদি সামৰিবলৈ লাগিল। বাকীবোৰ জাপি থোৱাৰ পিছত চিণ্টুৱে আধা লিখাকৈ এৰি যোৱা বহীখন তেতিয়াও টেবুলখনৰ মাজতে মেলি থোৱা আছিল য’ত লিখি থোৱা আছিল এশাৰী বাক্য ‘উপদেশতকৈ আৰ্হি ভাল’৷ ভাষণটো ৰেডী কৰিবলৈ যোৱাৰ আগতে মিচেচ চলিহাই তাক হাতৰ আখৰ লিখিবলৈ দি গৈছিল।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.