ফটাঢোল

আৱৰ্জনাত জীৱিকাৰ সন্ধান : ডা° পার্থসাৰথি ভূঞা

বৰ্তমান চহৰে নগৰে সতকাই এটা দৃশ্য চকুত পৰে। ৰাস্তাৰ কাষত থুপ খাই থকা আৱৰ্জনাৰ মাজত, হাতত একোটা বস্তালৈ খুচৰি খুচৰি পেলনীয়া বস্তু বিচাৰি থকা কিছুমান মানুহ, যাৰ ভিতৰত বেছি ভাগেই শিশু। পৌৰ সভাৰ ডাষ্টবিন, গেৰেজ, বাছ ষ্টেণ্ডৰ কাষৰ সৰু সৰু হোটেল, ৰেল ষ্টেচন আদিৰ ওচৰত এইসকলক প্ৰায়ে দেখা যায়। পেলনীয়া সামগ্ৰী পুনৰাই গোটাই লৈ যোৱা এইসকলৰ অসমীয়াত কোনো নিৰ্দিষ্ট নাম আছে বুলি মই জ্ঞাত নহয়, ইংৰাজীত এওঁলোকক ৰেগ পিকাৰ( Rag Picker) বা Chiffonnier বুলি কোৱা হয়।

ৰেগ পিকাৰেনো কি বুটলে :

আচলতে এওঁলোকে খাদ্য আৰু পুনৰ কামত লগাব পৰা বস্তুৰ( recyclable materials) সন্ধান কৰে। অতি দুখীয়া এই লোকসকলে পেটৰ ভোকত, ৰেল ষ্টেচনত, বিশেষকৈ যিবিলাক ৰেলত যাত্ৰীক খাদ্য দিয়ে সেইবিলাকত অথবা সৰু সুৰা হোটেল আদিৰ আশে পাশে পেলনীয়া খাদ্য বস্তুৰ সন্ধান কৰে। কিছুমান পেলনীয়া খাদ্য বা পাচলিৰ বাকলি আদি আকৌ সাৰ উৎপাদন কৰিবলৈও ব্যৱহাৰ কৰা হয়। গতিকে এইবিলাকো তেওঁলোকে সংগ্ৰহ কৰে।

আকৌ জাবৰৰ দমৰ মাজত পুনৰ ব্যৱহাৰৰ কৰিব পৰা সামগ্ৰী যেনে লোহা, ষ্টীল, গ্লাছ, বটল, কাপোৰ, চামৰা আদি খুচৰি বিচাৰি উলিয়াই, সেইবিলাক নিজৰ থকা ঠাইলৈ লৈ গৈ, চাফা কৰি ভাগে ভাগে ৰাখি, আকৌ এই সামগ্ৰীবিলাক কিনা বেপাৰীৰ ওচৰলৈ নি কিলো হিচাপে বিক্ৰী কৰে। তেনেদৰেই তেওঁলোকে জীৱিকাৰ সন্ধান উলিয়াই।

ভাৰতীয় ৰেগ পিকাৰৰ ছবিখন :

বিশ্বৰ প্ৰায় সকলো দেশতেই এওঁলোকৰ অৱস্থিতি আছে। পিছে বৰ্তমান উন্নত দেশবোৰৰ তুলনাত তৃতীয় বিশ্বত ৰেগ পিকাৰ বেছিকৈ দেখিবলৈ পোৱা যায়। আমাৰ ভাৰততে, যদিও নিৰ্দিষ্ট তথ্য নাই, তথাপিও প্ৰায় ১.৫ ৰ পৰা ৪ মিলিয়ন ৰেগ পিকাৰ আছে বুলি কোৱা হয়। দিল্লী আৰু মুম্বাইৰ দৰে মহানগৰত যাৰ সংখ্যা সৰ্বাধিক। দিল্লীতে এক জৰীপৰ মতে প্ৰায় ৫ লাখ ৰেগ পিকাৰ আছে।

এইসকলৰ গৰিষ্ঠসংখ্যকেই ৬ বছৰৰ পৰা ১৫ বছৰ বয়সৰ ভিতৰৰ শিশু। আচলতে বিভিন্ন বস্তি অঞ্চলত বসবাস কৰা শ্রমিক শ্ৰেণীৰ মানুহৰ ল’ৰা-ছোৱালী এইবোৰ। এনে পৰিয়ালত বাপেকে কোনো কল কাৰখানা আদিত কাম বা দিন হাজিৰা কৰে, সন্তানক স্কুল নপঠিয়াই আৰু দিনটো এইবিলাক বুটলি ফুৰিবলৈ লগায়। পাছত, তেওঁলোকৰ থকা ঠাইত এই বস্তুবিলাক মাকৰ লগ লাগি চাফা চিকুণ কৰি, ভাগ ভাগ কৰি ৰখাৰ পিছত বাপেকে, এই বস্তুবোৰ কিনা বেপাৰীৰ ওচৰত বিক্ৰী কৰি দুপইচা উলিয়াই। অৱশ্যে কেৱল এই কামটোকে জীৱিকাৰ সমল হিচাপে লোৱা বহু প্ৰাপ্তবয়স্কলোকো আছে।

মাজতে এটা ছাৰ্ভেৰ পৰা দেখা গৈছিল যে আমাৰ অসমত দেখা পোৱা ৰেগ পিকাৰসকল স্থানীয় নহয়, পশ্চিম বংগ, বিহাৰ, উৰিষ্যা আদিৰ পৰা অহা লোক।

ৰেগ পিকাৰে আমাক কৰা উপকাৰ :

ভাৰতত প্ৰতি বছৰে যথেষ্ট মাত্ৰাত আৱৰ্জনা বা পেলনীয়া বস্তুৰ সৃষ্টি হয়। এটা সমীক্ষাৰ মতে, যি হাৰত মানুহৰ সংখ্যা তথা উন্নত জীৱন যাপনৰ হাৰ বাঢ়িছে তাৰ লগে লগে আৱৰ্জনাও বাঢ়িছে আৰু ২০৫০ চনলৈ প্ৰায় ৪৫০ মিলিয়ন টন জাৱৰ প্ৰতি বছৰে উৎপন্ন হ’ব৷

পৌৰ সভাসমূহৰ এই আৱৰ্জনাক গতি লগোৱা কাম যদিও, মাত্ৰ ৬০ ৰ পৰা ৮০ শতাংশ মান জাৱৰহে পৌৰসভাবিলাকে আঁতৰাই আহিছে, তাকো যিবিলাক ঠাইত পৌৰসভাই ভাল কাম কৰি আছে। ৰেগ পিকাৰসকলে প্ৰতি বছৰে প্ৰায় ৬২ মিলিয়ন টন জাৱৰ, তেওঁলোকৰ কামৰ দ্বাৰা লোকচক্ষুৰ আঁৰতে নিষ্কাশিত কৰি আহিছে। কিন্তু তেওঁলোকৰ এই কামৰ নাই কোনো মৰ্যাদা, স্বীকৃতি আৰু সুৰক্ষা।

বৰ্তমান চলি থকা স্বচ্ছ ভাৰত অভিযানলৈ তেওঁলোকৰ অৱদান যথেষ্ঠ, কিন্তু চৰকাৰী ভাৱেও তেওঁলোকৰ এই কামৰ স্বীকৃতি দিয়া হোৱা নাই। কিছু দেশৰ চৰকাৰে ৰেগ পিকাৰসকলৰ ৰেজিষ্ট্ৰেচন কৰিছে আৰু তেওঁলোকক পৰিচয় পত্ৰ দি, উৎসৰ পৰা পেলনীয়া সামগ্ৰী সংগ্ৰহৰ অনুমতি দিছে। অৰ্থাৎ ধৰক, আমাৰ ঘৰত ওলোৱা পেলনীয়া সামগ্ৰীবোৰ, যিবোৰ আমি ওচৰৰ পৌৰসভাৰ ডাষ্টবিনত পেলাব লাগে, সকলোৱে তাত গৈ নেপেলাই বাবে য’তে ত’তে জাবৰৰ দ’ম হয়। এই বস্তুবোৰ তেওঁলোকে ঘৰৰ পৰাই লৈ যায়। তাৰ লগতে চৰকাৰী পৰিচয় পত্ৰ থকা বাবে এনে লোকক মানুহে সন্দেহৰ চকুৰে নাচাই।

ৰেগ পিকাৰসকলে সন্মুখীন হোৱা অসুবিধা সমূহ :

আগতেও কৈছোঁ যে, যিহেতু এই লোকসকলৰ কোনো পৰিচয় নাই, গতিকে প্ৰায়ে তেওঁলোকক মানুহে সন্দেহৰ চকুৰে চাই। এওঁলোকৰ মাজত দুষ্ট চৰিত্ৰৰ মানুহ থকাটো অসম্ভৱ নহয়, কিন্তু আমাৰ মানুহে প্ৰায় সকলোকে চোৰ বা বদমাছ আৰু কোনো ভিতৰুৱা অঞ্চলত এনে মানুহক সোপাধৰাৰ সন্দেহত মাৰপিটো কৰে। ইয়াৰ উপৰিও কিছুমান দুষ্টলোকে এইদৰে ঘূৰি ফুৰা ৰেগ পিকাৰ সৰু ল’ৰা-ছোৱালীক হাৰাশাস্তি কৰে।

কিন্তু ৰেগ পিকাৰসকল সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে স্বাস্থ্য সম্পৰ্কীয় সমস্যা। দেখিলেই গম পোৱা যায় যে তেওঁলোকে কেনে লেতেৰা পৰিবেশত কাম কৰে। ইয়াৰ ফলত দেখা যায় যে প্ৰায় ৯০ শতাংশই শ্বাস প্ৰশ্বাহৰ ৰোগত ভোগে। বুকুৰ সংক্ৰমণ হৈ পানী জমা হোৱা, বহুদিনলৈ ভাল নোহোৱা কাহ আৰু টিউবাৰকিলচিছ বা যক্ষ্মা ৰোগত আক্ৰান্ত হয় আৰু সঠিক চিকিৎসাৰ অভাৱত মৃত্যুমুখত পৰে।

দ্বিতীয়তে দেখা যায় ছালৰ ৰোগ। লেতেৰা বস্তুৰ মাজত থাকি ছালৰ ইনফেক্টচন হয় আৰু কেতিয়াবা ছালত হোৱা ভয়াবহ বেক্টেৰিয়াৰ সংক্ৰমনে শৰীৰৰ আন অংগকো ৰোগাক্ৰান্ত কৰি তোলে।

তৃতীয়তে, পেটৰ নানা ধৰণৰ সমস্যা। কিছুলোকে পেলনীয়া খাদ্য খোৱাৰ ফলত পেটৰ অসুখত ভোগে আৰু আন কিছুমানে লেতেৰা বস্তু খুচৰি ভালকৈ হাত নোধোৱা বাবে বীজাণু হাতৰ পৰা মুখলৈ গৈ পেটৰ ইনফেক্টচন আৰু কৃমি আদিৰ সংক্ৰমণত ভোগে। এইবিলাকৰ পৰা আকৌ এওঁলোকৰ দেহত পুষ্টিহীনতাৰ সৃষ্টি হয় আৰু পুষ্টিহীনতাৰ ফলত হ’ব পৰা আনুষংগিক বেমাৰৰ কৱলত পৰে।

চতুৰ্থতে, মেডিকেল টাৰ্মত যাক কোৱা হয় acquired infections অৰ্থাৎ ক’ব পাৰি নিজে মাতি লোৱা বিপদ। আৱৰ্জনা খুচৰি ফুৰোঁতে ভঙা গ্লাছ আদিয়ে হাত ভৰি কাটে, ফলত ইনফেক্টচন হয় আকৌ কেতিয়াবা মামৰে ধৰা তাঁৰ বা গজাল আদিয়ে বিন্ধি টিতেনাচৰ দৰে জটিল ৰোগ হৈ মৃত্যু মুখত পৰে।

হস্পিটেল, ক্লিনিক আদিৰ পেলনীয়া সামগ্ৰী কিদৰে পেলাব লাগে, তাৰ বাবে চৰকাৰে কঠোৰ নিয়ম কৰিছে যদিও বহুতে এইবিলাকো য’তে ত’তে পেলোৱাৰ ফলত, দূষিত বেজী আদিৰ পৰা অসাৱধানতাত খুচ খাই নানা বেমাৰৰ বীজাণু তেওঁলোকৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে।

গতিকে দেখা গ’ল যে, আমাৰ অজ্ঞাতেই আমাৰ উপকাৰ কৰি অহা এইসকল লোকে জীৱিকাৰ তাড়নাত কেনে কষ্টকৰ জীৱন নিৰ্বাহ কৰি আহিছে। ভাৰতৰ বিভিন্ন ঠাইত কিছু স্বেচ্ছাসেৱী সংগঠনে এইসকলৰ বাবে মাজে মাজে স্বাস্থ্য শিবিৰৰ আয়োজন আৰু ল’ৰা-ছোৱালীবোৰক স্কুললৈ পঠিয়াবৰ বাবে কিছু কাম কৰিছে যদিও সি যথেষ্ট নহয়।

সেয়ে আশাকৰোঁ যাতে স্বচ্ছ ভাৰতৰ বাণী লৈ আগবঢ়া চৰকাৰে, এই ৰেগ পিকাৰসকলৰ প্ৰতি দৃষ্টি দিব আৰু সমাজত ভালদৰে জীয়াই থাকিবলৈ তেওঁলোকৰ কৰ্মক স্বীকৃতি আৰু সুৰক্ষা (সামাজিক আৰু স্বাস্থ্যজনিক) আৰু স্কুললৈ নগৈ এক অস্বাস্থ্যকৰ পৰিৱেশত কাম কৰা শিশুসকলৰ পুনৰসংস্থাপনৰ দিশত ভাল পদক্ষেপ ল’ব৷

☆ ★ ☆ ★ ☆

5 Comments

  • দেৱজিত বৰুৱা

    সুন্দৰ

    Reply
  • পঢ়ি খুবেই ভাল পালোঁ।

    Reply
  • Tishna good Bora

    সুন্দৰ ।তেওলোকৰ বাবে কিবা কৰাৰ মন থাকিলেও কৰা নহয় ।আচলতে চৰকাৰেও তেওলোকৰ বাবে কিছু হলেও কৰিব লাগে ।

    Reply
  • ঈশ্বৰ বৰা

    মাজে মাজে তেনে লোকক অলপ চলপ সহায় কৰি আহিছোঁ । চৰকাৰৰ কথানো কি কম !

    Reply
  • Anonymous

    Teolokako somajot sikriti dibo lage.

    sorkaror soku nai heiphale….dangor dangor onusthanor babe bohut toka khotabo pare, kun2 tahator babe eku nai.

    Reply

Leave a Reply

Your email address will not be published.