ফটাঢোল

ইংলিছ স্কুল – নিলাক্ষী কাকতি

এইকেইদিন বৰুৱাৰ ঘৰত এক উৎকণ্ঠাময় পৰিৱেশে বিৰাজ কৰিছে৷ ঠিক ‘লগান’ চিনেমাখনৰ ক্লাইমেক্সটোৰ দৰে-বলটো বাউণ্ডেৰীৰ বাহিৰত পৰিল নে ফিল্ডৰ ভিতৰত থকা খেলুৱৈজনৰ হাতত!! এক চেঁপা উত্তেজনাই বৰুৱাৰ ঘৰখনক যেন গ্ৰাস কৰিছে৷ ৰ’ব, ৰ’ব আপোনালোকে বৰুৱাহঁতৰ ঘৰত কাৰোবাৰ দূৰ্ঘটনা হোৱা বা তেওঁৰ পৰিয়ালৰ কোনোবাই হস্পিতালত পৰি যমৰাজৰ সাম্ৰাজ্যত প্ৰৱেশ কৰিবলৈ টিকট কাটিছে বুলি নাভাবিব৷ আজি চিংকিৰ ৰিজাল্ট দিব৷ চিংকি বৰুৱা দম্পত্তীৰ তিনি বছৰীয়া জীয়ৰী৷

সমীৰণ বৰুৱা নতুন চহৰখনলৈ চাকৰি সূত্ৰে বদলি হৈ অহা মাত্ৰ এমাহ হৈছে৷ তেওঁ চহৰখনৰ ৰাষ্ট্ৰীয়কৃত বেংকটোৰ সহকাৰী শাখা প্ৰৱন্ধক৷ পৰিয়াল বুলিবলৈ তেওঁৰ পত্নী ৰীমা আৰু কণমানি চিংকি৷ বদলি হৈ অহাৰ পিছত অকণমান থান-থিত লাগিছিল হে৷ আহিল নহয় উফৰা জেঙৰ দৰে নতুন সমস্যাটো!মানে চিংকিক বিদ্যালয়ত ভৰ্তি কৰাৰ কামটো৷ ভাবি চালে এইটো এটা সাধাৰণ আৰু স্বাভাৱিক প্ৰক্ৰিয়া৷ কিন্তু বৰুৱা দম্পত্তীৰ মাজত চিংকি কি মাধ্যমত পঢ়িব তাক লৈ মতানৈক্য৷

:: হেৰা, আমি কি অসমীয়া মাধ্যমত পঢ়া নাছিলোঁ নে? আমি দেখোন অসমীয়া মাধ্যমত পঢ়িয়েই মই বেংকত চাকৰি কৰোঁ আৰু দাদাই ইংৰাজী বিভাগৰ অধ্যাপক__বৰুৱাই বৰুৱানীক উদ্দেশ্যি ক’লে৷

:: থোৱা থোৱা সেই ৰামো নাই সেই অযোধ্যাও নাই৷ মোক সেই মান্ধাতা যুগৰ কাহিনী নুশুনাবা৷ মোৰ ছোৱালীয়ে অসমীয়া স্কুলত পঢ়ি নাদৰ ভেকুলী হৈ থাকিলে কি তুমি ভাল পাবা? দেখিছানে নাই মোৰ দাদাৰ ল’ৰা ছোৱালী দুটাই ইংৰাজীত কি ফৰফৰাই কথা পাতে!

:: হেৰা, কথা পতাটোনো কি ডাঙৰ কথা?জ্ঞানখিনিহে আচল৷ অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীয়ে ইংৰাজী ব্যাকৰণ বৰ শুদ্ধকৈ জানে৷

:: থোৱা হেৰৌ! গছত গৰু উঠা কথা নক’বা৷ আমাৰ কি অকনো ষ্টেণ্ডাৰ্ড নাই! আমাৰ চিংকিয়ে মুখফুটাই সমাজত এটা কথা ক’ব নোৱাৰিব, দুপৰীয়া হ’লে স্কুলত খিচিৰি খাবলৈ হাতত থাল লৈ লাইন কৰিব আৰু এইবিলাক কি মই চাই থাকিম? খবৰ কৰা ইয়াত ক’ত ভাল ইংলিছ স্কুল আছে৷ নোৱাৰা যদি মোক কোৱা মই বিচাৰিম৷

অৱশেষত বৰুৱানীৰ কথাই ৰখিল৷ নতুনকৈ চিনাকী হোৱা প্ৰতিবেশী আৰু বেংকৰ সহকৰ্মী সকলৰ পৰা খা-খবৰ লৈ গম পোৱা গ’ল যে চহৰখনত ‘চানফ্লাৱাৰ মডাৰ্ণ স্কুল’খনেই অন্য কেইখন স্কুলতকৈ ভাল৷ চহৰখনৰ অভিজাত ঘৰৰ সন্তানসকল তাত পঢ়ে৷ তাত পঢ়িলেই স্বয়ংক্ৰিয়ভাবে মান বাঢ়ি যায়৷ আফটাৰ অল টকা পইচা মাক বাপেকে সন্তানৰ কাৰণেইটো আৰ্জে!

খবৰ কৰি গম পোৱা গ’ল যে আৰু মাত্ৰ তিনিদিনৰ পিছতেই স্কুলত কেজি ক্লাচৰ বাবে ফৰ্ম দিব৷ বেংকৰ কেচিয়াৰ হাজৰিকাই আগতেই বৰুৱাক কৈ থৈছে যে ফৰ্ম দিয়াৰ দিনা সাংঘাটিক ভীৰ হয়৷ গতিকে পাৰিলে ৰাতিপুৱাতেই গৈ শাৰী পতাই ভাল৷ বৰুৱাই মনে মনে ভাবিলে-এওঁৰ কথা শুনা৷ কোনোবাই ডিচেম্বৰ মাহৰ এই মৰ ঠাণ্ডাত ইমান সোনকালে লাইন পাতিব! যি কি নহওক বৰুৱাই নিৰ্দিষ্ট দিনা ৰাতিপুৱা ছয় বজাত স্কুলত উপস্থিত হ’ল৷ ইমান ভীৰ! গাড়ীখন পাৰ্ক কৰিবলৈ ঠাই বিচাৰোঁতেই প্ৰায় পোন্ধৰ মিনিট সময় লাগিল৷ গাড়ীখন পাৰ্ক কৰি বৰুৱাই আহি দেখে যে প্ৰায় আঢ়ৈশমান মানুহে সাপৰ দৰে অকাই পকাই এটা লাইন কৰিছে৷ লাইনটো দেখিয়েই বৰুৱাৰ মূৰটো আচন্দ্ৰাব ধৰিলে৷ ডেৰ ঘণ্টামান পিছত ফৰ্ম দিয়া আৰম্ভ হ’ল৷ দূৰৰ পৰা বৰুৱাই মুখত হাঁহি এটা লৈ হাজৰিকাক আহি থকা দেখিলে৷

:: হাজৰিকা আপুনি ইয়াত?

:: অঁ বৰুৱা চাৰ! মানে মই ভাগিনটোৰবাবে ফৰ্ম নিব আহিছিলোঁ৷

:: ফৰ্ম পালেনে?

:: হয় পালোঁ৷ চাৰি বজাতে আহিলোঁ নহয়৷ আপুনি দেৰি কৰিলে হ’বলা?মইতো আপোনাক আগেয়ে কৈছিলোঁ সোনকালি আহিবলৈ৷ বাৰু আপুনি ৰওক৷ মই আহোঁ৷ পাচঁদিন পিছত ফৰ্ম জমা ল’ব৷ সেইদিনা দেৰি নকৰিব৷

:: বাৰু!

কাষেদি ফৰ্ম পোৱাসকলে অলিম্পিকত মেডেল পোৱাৰ দৰে হাঁহি মাৰি ওলাই গৈছে৷ সৰ্বমুঠ চাৰে তিনিঘন্টা পৰ দি অৱশেষত বৰুৱাই এখন ফৰ্ম পালে৷ ককাঁলৰ বিষত ভৰি দুখন নাই নাই যেন লাগিছে তেওঁৰ৷

:: অঁ তুমি ইমান দেৰি কৰিলা যে!ক’ৰবাত কোনোবা বিচাৰি পালা নেকি আড্ডা মাৰিবলৈ?

:: হেৰাপানী এগিলাচ দিয়া৷ আজি আৰু মোৰ অফিছ যোৱা নহ’ব৷ কথা কোৱাৰ শক্তি নাইকীয়া হৈছে__বৰুৱাই ফৰ্মখনৰ তলত জিলিকি থকা ‘seven hundred only’ বাক্যটো চাই চাই ক’লে৷

:: কিয় ইমান দেৰি কৰিলা?

:: তাকেই! ৰাস্তাত দুটামান মাছে উজানত আহিছিল৷ ধৰি আছিলোঁ৷ পাঁচদিন পিছত ফৰ্ম জমা ল’ব৷ সেইদিনা তুমি ওলাবা৷

:: হেহ!এ নে একেবাৰে বিশ্বযুদ্ধ কৰিবলৈ গৈছে! কিবা কামৰ লায়ক হ’লেহে তুমি!

পাঁচদিনৰ পিছত ফৰ্মখন জমা দিবলৈ বৰুৱাই বেংকৰ পিয়ন নাথক ঠিক কৰিলে৷ আগদিনা ৰাতি ভাত পানী খোৱাই ৰাতি ‘ডিঙি তিয়াঁবৰ’ বাবে দুশ টকাও দিলে৷ পিছদিনা নাথে দুঘণ্টা লাইনত থিয় দি ফৰ্ম জমা দি আহিল৷

তিনিদিনৰ পিছত সাক্ষাৎগ্ৰহণ৷ মানে ল’ৰা ছোৱালীৰ লগতে মাক দেউতাকৰো সাক্ষাৎগ্ৰহণ৷ এইকেইদিন মুখেৰে আখৈ ফুটি থকা বৰুৱানীৰ মুখত মাত নাই৷ দুখনমান সাধাৰণ জ্ঞানৰ কিতাপো কিনি আনিছে৷ ইফালে চিংকিকো কিবাকিবি প্ৰশ্নৰ উত্তৰ ক’বলৈ শিকাইছে৷ মৰম, ধমকি, বুজনি, চকলেট, চিপচৰ উপঢৌকন সকলোৰে সমাহাৰ ঘটিছে৷ মুঠতে এক যুদ্ধৰ বাবে প্ৰস্তুত হোৱা সমৰ সজ্জাৰ পৰিৱেশ! এইকেইদিন পিছে বৰুৱাৰ দিন ভাললৈ আহিছে৷ বৰুৱানীয়ে এই কেইদিন টিভিত চিৰিয়েল নোচোৱাত তেওঁ অফিছৰ পৰা আহি নিজ ইচ্ছামতে বাতৰি আৰু খেল চাবলৈ পাইছে৷

সাক্ষাৎগ্ৰহণৰ দিনা মাত্ৰ পঞ্চাছটা চিটৰ বাবে প্ৰায় দুশমান ল’ৰা ছোৱালীক মতা হৈছে৷ লগত সকলোৰে মাক দেউতাক৷ সকলোৰে চকুৱে মুখে উৎকণ্ঠা৷ যিয়েই সাক্ষাৎগ্ৰহণ কোঠাৰ পৰা ওলাইছে বাকী ৰখি ঠকা সকলে তেওঁলোকক আগুৰি ধৰি জানিব বিচাৰে ভিতৰত কি হ’ল৷ প্ৰায় এঘণ্টা পিছত বৰুৱা দম্পত্তীক ভিতৰলৈ মতা হ’ল৷

:: আপোনাৰ নাম? তিনিজন সাক্ষাৎগ্ৰহণকাৰীৰ ভিতৰৰ এজনে শুধিলে৷ বাকী দুজন কাগজ-পাতি চোৱাত ব্যস্ত৷

:: সমীৰণ বৰুৱা৷

:: আপোনাৰ?

:: ৰীমা বৰুৱা৷

:: আপুনি কি কৰে?

:: মই বেংকত চাকৰি কৰোঁ৷

:: আপোনাৰ বছৰেকীয়া উপাৰ্জন কিমান? বৰুৱাক থতমত খোৱা যেন দেখি আন এজনে ক’লে-“নহয় মানে আমি ল’ৰা ছোৱালীৰ বেকগ্ৰাউণ্ডো চাব লাগিবটো! হেঃ হেঃ৷

:: আপুনি কওকচোন চানিয়া মিৰ্জা কাৰ লগত বিয়া হৈছে? বৰুৱানীক উদ্দেশ্যি প্ৰশ্ন৷

:: মানে মানে—-

:: বাৰু কওকচোন বডিগাৰ্ড ফিল্মখনৰ হিৰো কোন আছিল?

:: চ-ল-মা-ন খান৷

:: কাৰেক্ট৷

আপোনালোকক এনে প্ৰশ্ন সোধাৰ অৰ্থ হৈছে আমাৰ শিক্ষাৰ্থী সকলৰ অভিভাৱকৰ সাধাৰণ জ্ঞান জুখি চোৱা৷
আৰু দুটামান প্ৰশ্ন সোধাৰ পিছত তেওঁলোকক যাব দিয়া হ’ল৷ বাহিৰত ৰৈ থকা এজাকমান অভিভাৱকে তেওঁলোকক আগুৰি ধৰিলে৷

:: কি কি প্ৰশ্ন শুধিলে? টান প্ৰশ্ন শুধিছে নেকি? ডিচেম্বৰ মাহটো দুয়ো ঘাম মচি মচি বাহিৰ ওলাল৷

আজি সেই আকাংক্ষিত দিনটো৷ আজি চিংকিৰ ৰিজাল্ট দিব৷ নমান বজাতেই বৰুৱাই ওলাই গৈছে স্কুলৰ বৰ্ডত আৰি দিয়া লিষ্টখন চাবলৈ৷ ইফালে ঘৰত বৰুৱানীয়ে এবাৰ ঘৰৰ ভিতৰ আৰু এবাৰ গেটৰ ওচৰত ভুমুকিয়াই তাঁতবাটি কাঢ়ি আছে৷ এঘন্টা পিছত বৰুৱাই ফোনযোগে চিংকিয়ে স্কুলখনত চিট পোৱা খবৰটো দিলে৷ বচ্‌ আৰু কোনে পায়! আম্বানীৰ জিঅ’ চিমৰ সুবিধাকন লৈ বৰুৱানীয়ে পৰিয়ালৰ সকলোকে খবৰ দিয়াত লাগি গ’ল৷

এডমিছনৰ আগদিনা বৰ্ড এখনত ফিজ সম্বন্ধে লিখি দিয়া হ’ল৷ কেজিৰ বাবে এডমিচন ফিজ পাঁচহাজাৰ, কিতাপ-বহীৰ বাবে সাতাইশ, টাই-বেজ- বেল্টৰ বাবে এহেজাৰ, আগতীয়াকৈ তিনি মাহৰ ফিজ তিনি হাজাৰ, কম্পিউটাৰৰ বাবে মাহে ডেৰ হাজাৰ, অন্যান্য দুই হাজাৰ৷ মুঠতে উনৈশ হাজাৰ সাঁতশ৷ লগতে চাৰি যোৰ ইউনিফৰ্ম৷ স্কুলে ক’ত চিলাব লাগিব সেয়া ঠিক কৰি দিব৷ পিছদিনা এটিএমৰ পৰা টকা বিশ হাজাৰ উলিয়াই বৰুৱা স্কুল পালেগৈ৷ দুঘন্টা লাইন কৰি তেওঁ টকাখিনি কাউণ্টাৰত জমা দিলে৷

:: এইখন শ্লিপ লওক৷ আপুনি এতিয়া আমাৰ উপাধ্যক্ষ মহোদয়ক লগ কৰি যাব৷

:: আকৌ কি হ’ল? বাৰু৷

এইবাৰ বৰুৱা উপাধ্যক্ষৰ কোঠা পালেগৈ৷

:: সোমাব পাৰোঁনে?

:: অঁ আহক আহক৷ কওকচোন৷

:: অ‍ঁ মানে মোৰ ছোৱালীজনীক এই স্কুলত কেজিত নাম লগাই দিলোঁ৷ কাউণ্টাৰত আপোনাক লগ পোৱাৰ কথা কৈছে৷

:: হুম৷ বহক৷ মানে আমাৰ স্কুলত এইবাৰ আমি পোন্ধৰ হাজাৰকৈ বিল্ডিং নিৰ্মাণৰ বাবে অনুদান লৈছোঁ৷ গতিকে আপুনি ও দিব লাগিব৷ উপায় নাই ব্যক্তিগত বিদ্যালয়৷ খৰছ-পাতিও ধেৰ৷

:: পোন্ধৰ হাজাৰ আকৌ!

:: আমাৰ বিদ্যালয়ত পঢ়াবলৈ এতিয়াও ৱেটিং লিষ্টত বহুত কেণ্ডিডেট আছে যি সকলৰ মাক দেউতাকে পঞ্চাছ হাজাৰলৈ দিবলৈ ৰাজী৷ কোনো কথা নাই আপুনি কাইলৈ আহি দি যাব৷ আৰু এটা কথা এডমিচনৰ ফিজ ঘূৰাই দিয়া নহয়৷ কি কৰিব আৰু! আজিকালিৰ কথাই সুকীয়া৷

বাহিৰত ওলায়েই বৰুৱাই বৰুৱানীক ফোনত গোটেই ঘটনাটো ক’লে৷

:: হেৰা কি কৰোঁ! আৰু পোন্ধৰ হাজাৰ?

:: কি কৰোঁ মানে? বেংকৰ পৰা টকা উলিয়াই জমা কৰি আহাঁ আকৌ৷

:: হেৰা এইৰ এডমিচনৰ নামত কেজিতেই যিমান যাব মোৰ গোটেই জীৱনত কলেজলৈ সিমান যোৱা নাই হে!

:: তুমি নিজকে চিংকিৰ লগত তুলনা কৰিছা? ঢাৰি পৰা স্কুলৰ লগত এইখন স্কুলৰ তুলনা হয় নেকি? এইৰ এডমিচন নহ’লে মই পৰিয়ালৰ কাৰো ওচৰত মুখ দেখোৱাব নোৱাৰিম৷ এজনীয়েই ছোৱালী–উ উ উ(ফোনত কান্দোনৰ শব্দ)

:: হ’ব হ’ব৷ তুমি গংগা যমুনা বোৱাব নালাগে৷ চিংকি ইয়াতেই পঢ়িব৷

ঘৰত আহি বৰুৱা ধপচ্‌কৈ চোফাখনতে বহি পৰিল৷ তাৰ পিছত মোবাইলটোত ডেবিট হোৱা টকাৰ মেচেজটো চালে৷

:: হেৰা, আজি যে মোৰ ইমান স্ফূৰ্তি লাগিছে৷ তোমাৰ বাবে মাছৰ টেঙা বনাইছোঁ৷ চিংকিক মনে বিচৰা ধৰণে স্কুলত পঢ়াম৷ আমাৰো ষ্টেণ্ডাৰ্ড বাঢ়িল৷ তাই ফটফটাই ই’ৰাজী ক’ব৷ আৰু কি লাগে৷

:: হ’ব যোৱা ভাত বাঢ়াগৈ৷ মই মুখ হাত ধুই লওঁ৷

:: তোমাক কথা এটা কওঁ৷

:: কোৱা৷

:: আমি এতিয়া দ্বিতীয় সন্তানটোৰ কথা ভাবিব লাগে৷ চিংকি স্কুল যাব পৰা হ’ল৷ তিনি বছৰ পিছত দুয়ো একেলগে স্কুললৈ যাব৷ কিমান ভাল লাগিব ন!

:: আৰু——!!! হেৰা মোৰ উশাহতো চুটি হৈ আহিছে দেখোন!

☆★☆★☆

15 Comments

  • ৰিতন বৰুৱা

    সুন্দৰ., দৈনন্দিন

    Reply
  • Bagmita Rajkhowa

    নিলাক্ষীবা বঢ়িয়া লাগিল

    Reply
  • Nabajit Baishya

    সুন্দৰ ব্যঙ্গ

    Reply
  • পূৰ্ণময়ী

    একদম ৰূঢ় বাস্তৱ

    Reply
  • Mridula

    বঢ়িয়া লাগিল

    Reply
  • মাধুৰ্য

    ভাল লাগিল নিলাক্ষীবা।

    Reply
  • ডলী

    বঢ়িয়া লাগিল।বাস্তব ঘটনা

    Reply
    • দীপজ্যোতি চহৰীয়া

      সাৱলীল ভাষাত সুন্দৰভাৱে উপস্থাপন কৰা বাবে লিখনিৰ শলাগ ল’লো৷

      Reply
  • HEMANTA KAKATI

    তামাম নীলাক্ষী৷ ইউ আৰ অ’চাম এজ অলৱেজ! বৰ ভাল লিখিছা৷

    Reply
  • কংকন বৰা

    সুন্দৰ……. বহুত ভাল লাগিল পঢ়ি

    Reply
  • সুকুমাৰ গোস্বামী

    বঢ়িয়া

    Reply
  • চেমিন

    বঢ়িয়া। পঢ়ি ভাল লাগিল নিলাক্ষী।

    Reply
  • Purabi baruah

    হাঃ হাঃ খিছিৰি খাবলৈ নিদিওঁ।বঢ়িয়া লিখনি।

    Reply
  • হিৰণ্যজ্যোতি দাস

    বৰ্তমান সময়ৰ অভিভাৱক সকলৰ চৰিত্ৰ নিখুত ভাৱে ফুটাই তুলিছে ৷ ভাল লাগিল ৷

    Reply
  • Rituparna

    ব্যেংগৰ মাজেদি বৰ্তমান অভিভাৱকসকলৰ অৱস্থাৰ সুন্দৰ উপষ্ঠাপন।ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published.