ফটাঢোল

ইংৰাজী চাৰ-নীলাক্ষী কাকতি

:বচোৱা বৰুণ মোক বচোৱা৷

:মই ধৰিছো ৰীমা৷ তুমি মাত্ৰ মোৰ হাতখন নেৰিবা৷

: অ মা –মা–৷ কি হ’ব মোৰ এতিয়া? বিয়া নোহোৱাকৈয়ে মৰিম মই এতিয়া৷ পাটৰ কাপোৰ, সোণৰ গহণা পোৱাৰ  চব আশা মোৰ এনেয়ে গ’ল৷

:ধেই নিচিঞৰিবা৷ মই আছো নহয়৷

:আ..আ পৰিলোঁ৷

ক’তা? মই পৰা নাইচোন! পানী ক’ৰ পৰা আহিল? ৰীমাই চকু মোহাৰি মোহাৰি চাৰিওফালে এবাৰ চালে৷

:অই অসনীজাতী৷ বেলি মূৰৰ ওপৰত উঠিল৷ মহাৰাণীৰ বিচনাৰ পৰা উঠিবই হোৱা নাইনে?

: অহ! মোক মানে আজিও মাদাৰ ইণ্ডিয়াই পানী ঢালিলে৷ ধেই৷ ইমান ধুনীয়াকৈ বৰুণ ধাৱানে মোক হাতত ধৰিছিল ঐ৷ সাঁততলা বিল্ডিংৰ পৰা পৰিবলৈ ওলাইছিলোঁ সেইটো বেলেগ কথা৷ মায়ে বাৰু ললিতা পাৱাৰৰ ভাওটো সপোনতো কিয় লয়?

:অই পটেশ্বৰী এই যে তই বৰুণ বৰুণ চিঞৰি আছিলি কোন অ? আমাৰ সেই ঠিকাদাৰ ধনটিৰ পুতেকটো নেকি ? মাৰক বুজি ল’বি কিন্তু৷ কিবা লটৰ পটৰ দেখিলে চিধাই নি কোঁদো বৰলৰ বাঁহত নি বান্ধি থম৷

: ইহ একেবাৰে ফুলনদেৱী জনী৷ মোক বৰলৰ বাঁহত বান্ধি থব যাওঁতে তেওঁক যেনিবা বৰলে মৰম কৰিব?

: অই ছাগলী৷ মুখে মুখে কথা নক’বি৷ আগতে ক বৰুণ কোন?

: নকঁও৷ তোমালোক ধৰ্মেন্দ্ৰৰ দিনৰ মানুহে  ধাৱান বৰতাৰ পুতেকৰ কথা ক’ত জানিবা?

: কোন ধাৱান বৰতাৰক পালি?

: অ মা প্লিজ৷ এই ৰাতিপুৱাই ৰাতিপুৱাই তোমাৰ আৰম্ভ হ’লনে? এটা কাম কৰা৷ তুমি তোমাৰ গালিবোৰ ৰেকৰ্ডিং কৰি থৈ দিয়া৷ যেতিয়া মন যায় তেতিয়া লগাই দিলেই হ’ল৷ তোমাৰ কষ্টও কমিব দিয়াচোন৷ একেখিনি কথা বকি বকি তোমাৰোটো মুখ বিষাই দিয়াচোন৷ অ আচ্ছা৷ তুমি বৰুণ কোন সুধি আছিলা৷ মই সপোনত হিৰো বৰুণ ধাৱানক দেখি আছিলোঁ৷ মোৰ গাত তুমি পানী নাঢালা হ’লে তুমি অলপ সময় পিছতেই ডেভিদ ধাৱানৰ বিয়নী হ’ব পাৰিলা হয়৷ নিজেই ভাবা কি মিচ কৰিলা!

: অই চটাই পাখৰী ৷ উঠিলিনে বিচনাৰ পৰা৷ এইবাৰ যদি তই পৰীক্ষাত ফেইল কৰিলি তোক মই এনেয়ো যদুৰামৰ সেঙুননকাটোৰ লগত বিয়া দিম৷ যদি নিদিও মই তোৰ মাৰ নহয়৷ উঠিলিনে উঠিলি ? –  এপাত চেণ্ডেল তুলি লৈ মাকে ৰীমাক দেখুৱালে৷

: উঠিলোঁ  উঠিলোঁ৷ এনেও তুমি মোৰ মা হয় নে নাই মোৰ সন্দেহ আছে৷ দেখা নাই মই কেনে ঢকঢকীয়া বগা আৰু তুমি –?

: থাচ্ ৷ চেণ্ডেলপাত গৈ চিধাই ৰীমাৰ গাত পৰিল৷

: অ মা গলোঁ গলোঁ৷

: হেৰা কি হৈছে হে ? ইমান ৰাতিপুৱাই চিঞৰ বাখৰ কৰি আছা যে ? মাজনী ক’ত ?- ৰীমাৰ দেউতাকে সুধিলে ৷

: আপুনিয়ে চাই আহক আপোনাৰ ৰাজকুমাৰী ক’ত৷ মই আৰু ঘৰ সংসাৰ বাদ দিম ৷ দিনৰ দিনটো লেদেনা উকটি থাকিম ৷ মহাৰাণীয়ে ধুনপেচ মাৰি ঘূৰি ফুৰিব৷ কামৰ নামতটো কুটা এগচো ইফাল সিফাল নকৰেই পঢ়া শুনাও বাদ দিছে ৷ একেখন ঘৰৰে বৰতাকৰ জীয়েক ববী কিমান বেলেগ তাইত কৈ৷ পঢ়া শুনাতো ভাল৷ বাইদেউ আৰু মোক কামতো সহায় কৰি দিয়ে৷ এইবাৰ যদি এই হায়াৰ চেকেণ্ডাৰীত ফেইল কৰে মোক আৰু আপুনি নাপাব৷ আৰু এজনী আনি আপুনি চপাই ল’ব৷

: হেৰা মুখত যি আহে তাকে কৈ নাথাকিবাচো৷ মানুহে শুনিব৷ ধৈৰ্য ধৰাচোন৷ মই কালি এইৰ বাবে ইংৰাজীৰ টিউচন এটা ঘৰতে থিক কৰিছোঁ৷ চ’কতে তাৱৈক কালি লগ পালোঁ৷ সিহঁতৰ ঘৰতে বোলে ভাড়া লৈছে শিক্ষকজনে৷ আমাৰ দক্ষিণফালৰ হাইস্কুল খনত টেট পাচ কৰি সুমাইছে৷ তিনিবছৰ হ’ল ইয়াত চাকৰি কৰা৷ আগতে অলপ দূৰত আছিল৷ দুমাহ আগৰ পৰা সিহঁতৰ ৰুম এটা ভাড়ালৈ লৈছে৷ গোলাঘাটৰ ফালৰ৷ টিউচনো কৰে৷ বৰ অমায়িক বোলে৷ মই একেবাৰে তাৱৈৰ ঘৰত গৈ তেওঁক এইক পঢ়ুৱাবৰ বাবে ঠিক কৰিয়ে থৈ আহিলোঁ ৷ কালিৰ পৰা পঢ়াব৷ সপ্তাহত তিনিদিন আহিব৷ চাওঁ এইক মাতাচোন৷

: মাজনী অ মাজনী৷

: অ দেউতা গৈছোঁ৷

: কালিৰ পৰা তোক ইংৰাজী পঢ়াবলৈ  শিক্ষক এজন আহিব৷ চঞ্চলামি বাদ দি ভালদৰে পঢ়িবি৷

:অ শেষেই৷ মোৰ লিপিকাহঁতৰ লগত আড্ডা মাৰি মাৰি টিউচন যোৱাৰ মুধা মৰিল৷ উফ্ ৰামচৰনৰ চানাও খাব নাপাম সন্ধিয়া৷ মনতে ভাবিলে ৰীমাই৷

: কি হ’ল ? একো নক’লি যে?

: হ’ব দেউতা৷ ভালকৈ পঢ়িম৷

: হুহ৷ মুখত দৈ জমা কৰিছে তাই এতিয়া৷ নাগেৰীয়ে পঢ়িব৷ তাইৰ ভমকত মাষ্টৰ নদৌৰিলেই হ’ল৷ মাকে ক’লে৷

: হেৰা হ’ব দিয়া৷ তাই পঢ়িব৷

       *********

পিচদিনা আবেলি-
: কেৰ–ৰ–ৰ

গেটখন খোলাৰ শব্দ শুনিয়ে ৰীমাৰ বুকুখন ঢপকৈ মাৰিলে৷ ‘ চাৰজন নেকি ? ’- মনতি ভাবিলে তাই৷ পৰ্দাখন আতঁৰাই খিৰিকিৰ ফাঁকেৰে তাই গেটৰ ফালে চাই পঠিয়ালে৷ ” অ মা এয়া মই কি দেখিছো! “- নিজৰ চকুকে তাই বিশ্বাস কৰিব পৰা নাই৷ বগা টি চাৰ্ট, ব্লু জিঞ্চেৰে এজন ডেকা ল’ৰা৷ ভৰিত জোতা৷ গেটৰ বাহিৰত বাইকখন থৈছে৷ “এইজন চাৰজন হয় জানোঁ ?” মনতে ভাবিলে তাই৷ ” নে কোনোবা বেলেগ? কাৰোবাৰ ঘৰ বিচাৰি আহিছে নেকি?” আগদিনাৰ পৰাই চাৰজন দেখাই শুনাই কেনে হ’ব তাকে ভাবি আছিল৷ নিশ্চয় সিহঁতৰ কলেজৰ ইংৰাজীৰ তালুকদাৰ চাৰৰ দৰে পেটুৱা আৰু হাই পাৱাৰৰ চচমা পিন্ধাই হ’ব৷ কথাই প্ৰতি ” হেই য়ু ষ্টেণ্ড আপ” বুলি কোৱা নহ’লেই হ’ল৷ এনেদৰে কথাবোৰ ভাবি থাকোতেই কলিং বেল বাজিল৷

: টিং টং৷

: আহক ৷ আহক ৷ দেউতাকে দৰ্জাখন খুলি মাত দিলে৷

: বহক মই ৰখিয়ে আছিলো আপোনাৰ বাবে৷

: হ’ব হ’ব দিয়ক খুৰা৷ আপুনি মোক তুমি বুলিয়ে ক’ব৷

: হেৰা এইফালে আহাচোন৷ মাজনী অ মাজনী৷ চাওঁ এইফালে আহ৷

: অ দেউতা আহিছোঁ৷ ৰীমাৰ হাত ভৰি কপিব ধৰিলে৷ অথনিৰে পৰা তাই কিমান কথা যে ভাবিলে৷ কিন্তু চিন্তা কৰি থাকোতে  ভাল চুৰিদাৰ এযোৰো পিন্ধা নহ’ল৷ এতিয়া ষ্টাইল মৰাৰ সময়ো নাই৷ চুলিখিনিকে ঠিক কৰি ল’লে তাই৷ হিটলাৰৰ কথা ভাবি থাকোতে সাক্ষাৎ বৰুণ ধাৱানে এন্ট্ৰি মাৰিব বুলি কোনেনো জানিছিল! তাই ড্ৰয়িংৰুমলৈ ওলাই আহিল৷

: অ মাজনী৷ এয়া বিপ্লৱ বৰা চাৰ৷ আজিৰ পৰা তোক ইংৰাজী পঢ়াব৷

: নমস্কাৰ চাৰ৷ তাই লাজ লাজকৈ ইংৰাজী শিকাবলগীয়া চাৰজনক চালে৷

: নমস্কাৰ৷ কি নাম তোমাৰ?

: ৰীমা শইকীয়া৷

: ক’ত পঢ়ি আছা?

: আমাৰ টাউনৰ ডি কে বি কলেজত৷

: ঠিক আছে৷ ইংৰাজী বিষয়টো কেনে লাগে তোমাৰ?

: হে প্ৰভু৷ ডাইৰেক্ট ইংৰাজীতে ধৰিলে৷ মনে মনে ভাবিলে তাই৷

: চাৰ এই ইংৰাজীত ভু পণ্ডিত৷ ফাৰ্ষ্ট ইয়েৰত ইংৰাজীত কাণে কাণ মাৰিহে পাচ কৰিছে৷ ইংৰাজী বুলিলে তাইৰ জ্বৰে বিষে উঠে৷ মাকে ভিতৰৰ পৰা পানী এগিলাচ আনি চেন্টাৰ টেবুলখনত থৈ কথাষাৰ ক’লে৷

: এই মা জনীক কিবাকৈ মিউট কৰি থ’ব পৰা কিবা এটা যদি ওলালে হয়! সদায় মোৰ ইজ্জতৰ ফালুদা নকৰালৈ হেপাহে নপলাই মাৰ৷ মা নহয় যেন ললিতা পাৱাৰহে ৷ মনতে ওঁঠটো কামুৰি তাই ভাবিলে৷

: অ এয়া বিপ্লৱ৷ মোৰ পত্নী ৰেৱতী৷ এইক লৈ এওঁৰ বৰ চিন্তা৷

: চাৰ এজনীয়ে ছোৱালী আমাৰ৷ পঢ়াৰ গতি এয়া৷ এতিয়া আপুনিয়ে এইৰ কিবা গতি লগাওঁক৷ আপুনিয়ে আমাৰ ভৰষা এতিয়া৷ হওঁতে যোৱাবাৰো তাইক লগৰ কেইজনীমানৰ লগত টিউচন এটা দিছিলোঁ৷ মাষ্টৰে পঢ়াই ঘড়ী ঘন্টা চাই এঘন্টা৷ ইফালে চানা-চিপচ্‌ খাই কথাৰ মহলা মাৰি মাৰি ঘৰ আহি পাওঁতে তাইক লাগে দুঘন্টা৷ ৰিজাল্ট দিয়াৰ দিনা মই থাওকতেহে মুৰ ঘূৰাই নপৰিলোঁ৷

: হ’ব হ’ব খুৰী৷ আপুনি চিন্তা নকৰিবচোন৷ মই কি পৰিব লাগে কৰিম৷ আপুনিও মোৰ চাৰ বুলি নামাতি বিপ্লৱ বুলিয়ে মাতিব আৰু তুমি বুলি ক’ব৷ বাৰু ৰীমা তোমাৰ পঢ়া টেবুললৈ ব’লা৷ অলপ আলোচনা কৰোঁ ন৷

: হ–হয় চাৰ৷ বলক৷

মাকে বনোৱা তাইৰ ইজ্জতৰ চাটনিখিনিৰ কথা ভাবি তাই ক’লা নীলা পৰিছিলেই৷ যেনেতেনেহে তাই মাতটো ডিঙিৰ পৰা উলিয়ালে৷

নাই এই কথাই কথা নহয়৷ আজিৰ পৰা ভালকৈ পঢ়িব লাগিব৷ হেৰুৱা সন্মান তাই ঘূৰাই আনিব৷ ইংৰাজী দিনে ৰাতিয়ে পঢ়িব৷ মাকক দেখুৱাই দিব৷ ইফালে চাৰৰ ওচৰত ইম্প্ৰেছনৰো কথা আছে৷ মনতে ভাবিলে তাই৷ ওচৰৰ বীকি হঁতৰ ঘৰত সেই সময়ত বাজি আছিল-

“ মন যায় মোৰো মন যায়৷”

আজিকালি ৰীমাই যেতিয়াই মন যায় তেতিয়াই ইংৰাজী পঢ়ে৷ মনতে ভাৱে চাৰেনো সপ্তাহত গোটেই কেইদিন আহিলে কি হয়? তাই চাৰক দেখাও হ’ব লগতে ইংৰাজী শিকাও হ’ব৷  আবেলি সময়খিনি আজিকালি ভাল লগা হৈছে তাইৰ৷ ৰামচৰনৰ চানাও এইকেইদিন তাইৰ খাবলৈ মন যোৱা নাই৷ ইংৰাজী ভাষাতো উদ্ধাৰৰ দায়িত্ব যেন তাইৰ হাততে পৰিছে৷ ঘৰৰ সকলোৱে তাইৰ এই পৰিৱৰ্তন দেখি সস্তিৰ নিশ্বাস এৰিছে ৷ মাত্ৰ এগৰাকীক বাদ দি৷

: অই তই আজিকালি অলপ বেছিয়ে ষ্টাইল কৰিব ধৰিছ নেকি? ববীয়ে মাত দিলে ক’লৰ পাৰত৷

: চবে ষ্টাইল কৰে৷ মই অলপ কাজলহে সানোঁ৷ তাতো তোৰ চকু গ’ল নে?

: হ’ব মই কিবা লক্ষ্য কৰি থকা নাইনে? বাহিৰত ফুৰিব যোৱা টপ, চুৰিদাৰ পিন্ধিও টিউচন কৰ যে? চাবি আকৌ কিবা ইফাল সিফাল হ’লে৷ খুৰীয়ে পিঠিত বাবৰি ফুল বাচিব ৷ নিজৰ বুলি সকিয়াই থলোঁ৷

: হ’ব মন্থৰা৷ তোৰ বাবেই মই মাৰ গালি খাই থাকো৷ আজিকালি মায়ে গালি নপৰা হৈছে কাৰণে জ্বলিব আৰম্ভ কৰিছ৷ মই মোৰ কাম কৰিছোঁ৷ তই তোৰ কাম ক’ৰ৷ মোৰ বাবে ভাবিব নালাগে৷ উচাৎ মাৰি তাই ভিতৰলৈ সোমায় আহিল৷

লাহে লাহে ঘৰখন আৰু ঘৰখনৰ মানুহখিনিৰ লগত বিপ্লৱ চাৰ মিলি গ’ল৷ ঘনিষ্ঠতা বাঢ়িল৷ টিউচন শেষ হোৱাৰ পিছত ৰীমাৰ দেউতাকৰ লগত তেওঁ আজিকালি টিভিত ক্ৰিকেট চায় ,দেশ দুনীয়াৰ খৱৰ লয়৷ মাকেও টিফিনত মাছ- মাংস বা ভাল কিবা বনালে দি পঠা ৷ ইফালে ৰীমাৰ সপোনেও পুলি পোখা মেলিছে৷ ইংৰাজী চাৰে কি খাই ভাল পায়,আজৰি সময়ত কি কৰি ভাল পায় সকলো তাইৰ নখ দৰ্পনত৷ কিয়নো ভৱিষ্যতৰ বাবে তাই এইবোৰ জনাটো বৰ জৰুৰী৷  তাইৰ বৰ ডাঙৰ লক্ষ্য নাই৷ কিবা কৰি ডিগ্ৰীটো লৈ বিয়াত বহিব পাৰিলেই হ’ল৷ আনকি তাই সিঁহতৰ ল’ৰা ছোৱালী হালৰো নাম ভাৱে আজিকালি৷

: ৰীমা কি ভাৱি আছা? চাৰে মাত লগালে৷

: না–নাই ৷ এনেয়ে৷ মুংগেৰীলালৰ হচিন চপনেৰ পৰা উভতি আহি তাই থতমতকৈ মাত দিলে৷

: তোমাক আজি এটা কথা সুধিম৷ উত্তৰটো দিবাচোন৷

: হে ভগৱান৷ মোৰ সপোন আজি পূৰ্ণ হ’বই নেকি? মোক যদি আজি চাৰে প্ৰপ’জ কৰে মই লগে লগেই মান্তি হ’মনে নে অলপ ভাবি লওঁ বুলি এনেয়ে অলপ সময় ল’ম! তাই আকৌ ভাৱৰ দুনীয়াত উৰা মাৰিলে৷

: ৰীমা আ ৰীমা ৷ সেয়া তুমি আকৌ ভাবিব ল’লা৷ কোৱা আকৌ৷ ক’বানে?

: ক’ম চাৰ৷ সোধকচোন৷

: মানে কথাটো হ’ল মোৰ ঘৰত মাৰ বাহিৰে কোনো মাইকী মানুহ নাই৷ মই এজনেই ল’ৰা৷ তাৰ উপৰি মোৰ কোনো বান্ধৱীও নাই৷ গতিকে ছোৱালীৰ পচণ্ডৰ সম্পৰ্কে মোৰ বিশেষ একো  জ্ঞান নাই৷ মই জানিব বিচাৰিছো ছোৱালীয়ে বেছিকৈ কোনটো ৰং ভাল পায়?

: ধেই অকৰাটো৷ ডাইৰেক্ট মই কোনটো ৰং ভাল পাওঁ সেইটো সুধিলেই হয়চোন৷ মিচাকৈয়ে জেলেপী পাকটো কিয় দিব লাগে? মোক চাগে চাৰে নেইল পলিচ নাইবা লিপষ্টিক গিফ্ট দিব৷ তাই মনতে ভাবিলে৷

: আচলতে ছোৱালীয়ে বিশেষকৈ কিবা ৰং ভাল পোৱা বুলি কোনো কথা নাই৷ কিন্তু বোধকৰো গোলপীয়া ৰঙটো সকলো ছোৱালীয়ে ভাল পায়৷ ময়ো ভাল পাওঁ৷ তাইৰ আজি বেছি ধৈৰ্য নাই কথাবোৰ ঘূৰাই পকায় থাকিব৷ সেয়ে চিধাই মনৰ কথাটো পৰোক্ষভাৱে কৈয়ে দিলে৷

: বহুত ধন্যবাদ তোমাক৷ বাৰু যি নহওঁক৷ মই আজি তোমাক নপঢ়াও৷ দুদিনমানৰ বাবে মই আজিয়ে নাইট চুপাৰত ঘৰলৈ যাম৷ মোক ঘৰত মাতিছে৷

: চাৰ হঠাতে ওলালে যে? কিয়?

: ক’ম বাৰু৷ চাৰপ্ৰাইজ দিম তোমালোকক৷

: অ মা৷ চাৰে নিশ্চয় মোৰ কথা ঘৰত কৈছে৷ সেয়ে বিয়া ফিক্স কৰিব ঘৰত মাতি পঠিয়াইছে৷ বিশেষ একো জীৱনত কৰিব নোৱাৰিম যদিও ডিগ্ৰীটো শেষ কৰিব পৰা হ’লে ভাল আছিল৷ ইমান সোনকালে!

: ৰীমা কি হ’ল আকৌ? কি ভাবিছা?

: নাই চাৰ একো নাই৷ সম্বিত ঘূৰাই পায় তাই ক’লে৷

      ***

তিনিদিন পিছত-

: মাজনী এইফালে আহচোন৷ চাৰ আহিছে৷

: হয় নেকি? কিয় জানো তাইৰ আজি অলপ লাজ লাগিছে৷ এই ৰুমটোনো তাইৰ আৰু কিমান দিনৰ বাবে নিজৰ হৈ থাকিব? চুৰিদাৰযোৰ অলপ ঠিকঠাক কৰি তাই ওলাই আহিল৷ ড্ৰয়িংৰুমত চাৰৰ লগত মাক দেউতাকে হাঁহি হাঁহি কথা পাতি আছে৷ মাকৰ হাতত মিঠাইৰ টোপোলা৷

:  চাৰ পালেহি?

: অ আহিলোঁ৷ ভালে আছা?

: মাজনী বিপ্লৱে ভাল খৱৰ আনিছে

: ভাল খৱৰ! মা হতেঁও মানে মোক ইমান সোনকালে বিয়া দিব মান্তি হ’ল! এ হ’ব আৰু৷ এনেয়ো মই পঢ়ি শুনি কিদাল ফালিম! মনতে ভাবিলে তাই৷ লাজতে এবাৰ চাৰৰ ফালে চাই তাই তলমূৰ কৰিলে৷

: মাজনী বিপ্লৱে এইবাৰ ঘৰলৈ গৈ তাৰ বিয়া ঠিক কৰি থৈ আহিল ৷ ছোৱালী খুমতাইৰ৷ বহাগতে আঙুঠি পিন্ধাব বোলে৷

: অ ৰীমা৷ তোমালোকক যে সেইদিনা চাৰপ্ৰাইজ দিম বুলি কৈছিলোঁ যে৷ মায়ে আঙুঠি পিন্ধোৱাত দিব লগীয়া পাটৰ কাপোৰ যোৰৰ বাবে কি ৰঙৰ ল’ব লাগিব সুধি আছিল৷ মই ছোৱালীৰ পচণ্ড কথা বৰ বিশেষ নাজানো বাবে তোমাক সুধিছিলোঁ৷ অৰ্ডাৰো দিলো গোলপীয়া ৰঙৰ পাটৰ কাপোৰ এযোৰ৷ খুৰা খুৰী আপোনালোকো যাব লাগিব আঙুঠি পিন্ধোৱাত৷

ৰীমাৰ কাণত পিছৰ কথাখিনি নোসোমাল৷ কাণত যেন বৰলে বিন্ধিছে৷ চাৰক আজি তাইৰ বৰুণ ধাৱানৰ ঠাইত ভিলেইনৰ ৰোল কৰা নৱাজুদ্দিন চিদ্দিকি যেন লাগিছে৷ দূৰত তেতিয়া বাজি আছিল –

” এনেকৈয়ে ভাঙেনে সপোন

এনেকৈয়ে চিগেনে—–৷”

☆ ★ ☆ ★ ☆

7 Comments

  • খনিন্দ্ৰ

    বা অ’ 😂😂

    Reply
  • পূৰ্ণময়ী

    ঠন ঠন কৈ ভাঙি গ’ল ও💔

    Reply
  • HEMANTA KAKATI

    উফ! নাপায় এনেকৈ মন ভাঙিব৷ বৰ বেয়া এণ্ডিং কৰিলা৷ খং উঠি গৈছে৷ কমেদী এণ্ডিং হলে যে কি ভাল লাগিল হেতেন৷

    Reply
  • অভিজিত কলিতা

    মৰম লগা গল্প এটা। বহুত ভাল লাগিল।

    Reply
  • সকলোকে ধন্যবাদ ৷

    Reply
  • Pranita Goswami

    বেচেৰী ৰিমা…

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ভাল লিখনি৷ ৰীমালৈহে বেয়া লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.