ফটাঢোল

ইইইইইই- অমিতাভ মহন্ত

শুবলৈ পালে মোক একো নালাগে৷ য’তে ত’তে,  যেতিয়াই তেতিয়াই যি কোনো পৰিস্থিতিতে টোপনি মৰা কলা আয়ত্ব কৰি মই এই টোপনি মৰা কামটোক মোটামুটি শিল্পৰ পৰ্য্যায়লৈ লৈ গৈছোঁ‌৷

গভীৰ ৰাতি নৈশ বাছৰ যাত্ৰা, কাণত হেডফোন লগাই কুচি মুচি শুই নাকৰ শব্দত কাষৰ কেইজনক শুব নিদিয়াটো এই প্ৰকাৰ খাটাং৷ আনকি পৰীক্ষাহলত লিখিবলৈ বিশেষ মনঃপুত একো নাথাকিলে শুই যোৱাই শ্ৰেয় বুলি ভবা বিধৰ শাৰীত পৰোঁ‌ মই৷

কিন্তু অন্যৰ দৰে মোৰ বিছনাত আটাইতকৈ ভাল টোপনি নহয়৷ মই আটাইতকৈ ভালদৰে টোপনি মাৰিব পাৰো ক্লাচৰূমত৷ চাৰে অন্তৰ, মগজুৰ সকলো জ্ঞান উজাৰি দি পঢ়ুৱাই আছে আৰু এইফালে মই পৰম আনন্দেৰে মুখখন মেলি লেলাউটি উলিয়াই টোপনি মাৰি আছোঁ‌৷ লগৰবোৰে মোক আঁৰ-বেৰ কৰি ৰাখি বচাবলৈ চেষ্টা কৰিলেও, কেতিয়াবা মোৰ বেড লাক আৰু কেতিয়াবা মোৰ নাকৰ শব্দই মোক বিপদত নেপেলোৱা নহয়! কিন্তু চাৰহঁতেও ভালদৰে জানে, মই ময়েই৷

কমাৰ্চ কলেজৰ এম কম শ্ৰেণীকোঠাৰ বিশেষত্ব হ’ল সংখ্যাগৰিষ্ঠা ছাত্ৰীবাহিনী৷ আমাৰ শ্ৰেণীৰ ৬৩ জন শিক্ষাৰ্থীৰ মাজৰ ৪৫ জনীয়েই ছাত্ৰী৷ মানে গাইপতি এজন ল’ৰাৰ বাবে আঢ়ৈটাকৈ অপচন৷ কিন্তু মন, মগজু,   চকু হিলাই দিয়া একো অপচন যোৱা এবছৰে চকুত নপৰিল৷ পৰীক্ষাৰ আগতে নোটবোৰ ফটোষ্টেট কৰাৰ সময়তেই যি অলপ কথা-বাৰ্তা হয়৷ আৰু এইফালে ৰূমমেট মনোজৰ গাৰ্লফ্ৰেইণ্ডজনী ৰূমলৈ আহিলে যি অলপ-অচৰপ কথা হয়৷ এইক্ষেত্ৰত আচলতেই আজিলৈকে কোনো আগ্ৰহ জন্মা নাই৷ অৱশ্যে দিনটো ক্লাচত টোপনি মাৰি থাকিলে এইবোৰত আগ্ৰহ জন্মিবলৈ সময়নো ক’ত!

কিন্তু সেইদিনাৰ পৰা ক্লাচৰ প্ৰথম বেঞ্চত চুপচাপ বহি থকা, কাজল সনা চকুৰ, জনছন বেবী পাউডাৰৰ গোন্ধত মলমলাই থকা, পুৰুষ সঙ্গ বিৱৰ্জিত সেইজনীয়ে মোৰ দৃষ্টি আকৰ্ষণ আৰু নিদ্ৰা দূৰীকৰণত বিশেষ ভুমিকা পালন কৰিছে৷ না না, প্ৰেম পিৰিতিৰ একো ঘটনা নহয়৷ ঘটনা বেলেগ৷

যুগল চাৰ ওৰফে বাঘ হাজৰিকাৰ ক্লাচ৷ এই ক্লাচত শোৱা আৰু বুলেট ট্ৰেইনৰ আগত জঁ‌পিয়াই দিয়াৰ মাজত বৰ এটা পাৰ্থক্য নাই৷ তথাপি আগে পিছে দুই এবাৰ অন্তৰৰ আহ্বানত কামটো নকৰা নহয়৷ পিচে আজি সেই অনাও নেচেল৷ পলমকৈ অহা বাবে বৰ্তমান মই প্ৰথম বেঞ্চত বিৰাজমান৷ গতিকেই মই মেৰুদণ্ড পোন কৰি চকু দুটা কোনোমতে মেলি বৰ্ডত চলি থকা ডেবিট ক্ৰেডিটৰ খেলখনত ভাগ লৈছোঁ‌৷

পিছৰ ক্লাচটো পৰাণ চাৰৰ৷ বিভিন্ন মুদ্ৰাৰে অঙ্গী-ভঙ্গী কৰি চাৰে কৰা ক্লাচটোত শুবলৈ আটাইতকৈ মজা৷ চাৰ অহাৰ আগতেই ক্লাচৰ মোৰ পেটেণ্টেড চুকটোত যাবলৈ সাজু হ’লোঁ‌৷ বেঞ্চৰ পৰা উঠোঁ‌তেই কলমটো মাটিত পৰি গ’ল৷ কাষৰ বেঞ্চখনৰ তলত কলমটো পৰি আছে৷ তলত হালি লৈ তুলিবলৈ লওঁতেই এটা শব্দ শুনা পালোঁ‌৷

– ইইইইইই…

ডেস্কৰ তলত বহি থকা অৱস্থাত মই৷ মোৰ হাতত কলম৷ কলমৰ পৰা এহাত দূৰত দুখন নোদোকা ভৰি৷ ভৰিৰ মালিকনীৰ ডিঙিটোৰ পৰা ভাহি আহিছে সেই আৰ্তনাদ৷……

উঠিলোঁঁ।‌ প্ৰকাণ্ড চকু দুটা আৰু প্ৰকাণ্ড কৰি সন্দেহজনক চাৱনিত মোৰ ফালে চাই আছে ময়দা সুন্দৰীয়ে৷ কলমটো পতাকাৰ  দৰে উত্তোলন কৰি ঘোষণা কৰিলোঁ‌,

– এইটো ল’বলৈহে আহিছিলোঁ৷

“আব্বে চনে চেনী খাইছে চা…”
বেকগ্ৰাউণ্ডত সেইটো মাইকেল৷

ছেহ! পৰাণ চাৰ ক্লাচত সোমালেই৷ পিছৰ বেঞ্চলৈ যোৱাৰ সুযোগেই নাপালোঁ৷ চাৰৰ লগত দৃষ্টি বিনিময় হ’ল৷ চাৰৰ চকু অনুসৰণ কৰি খালী ঠাই অলপ দেখিলোঁ‌৷ তাতেই বহিলোঁ‌৷ বতাহত ভাঁহি আহিল জনছন বেবী পাউডাৰৰ গোন্ধ৷ উৎস বেঞ্চমেট ময়দা সুন্দৰী৷ এই চাৰৰ ক্লাচত অনায়াসে শুব পাৰি, প্ৰথম বেঞ্চত হ’লেও৷ কিন্তু কিয়বা টোপনি নহা হ’ল দেখোন! তাইৰ কাণফুলি, নতুনকৈ ফুটোৱা নাক, মাজে মাজে খোলা চুলিত হাতেৰে কৰা খেলা, চাৰৰ কথাত মূৰ দুপিওৱা…… ধেই গুলি মাৰ টোপনি৷

ক্লাচত দেখোন সদাই দেখোঁ‌৷ এইজনী কেতিয়ানো ইমান ধুনীয়া হ’ল৷ ময়দাৰ প্ৰলেপো আমি ভবাৰ দৰে ইমান নহয় দেখোন৷ প্ৰেম নেকি?

আৰে নাহ্!

বচ সেইদিনাৰ পৰা আৰম্ভ৷ ইমান টোপনি মাৰি থাকিবলৈ মই কুম্ভকৰ্ণনে? যেতিয়াই তেতিয়াই দেখোন ‘তেৰে নাম’ৰ চলমানৰ দৰে বাহিৰৰ দোকানৰ বেঞ্চত বহি থাকিবলৈ মন যায়৷ তাইৰ বেবী পাউডাৰৰ গোন্ধত দীৰ্ঘশ্বাস পৰে, বুকুখন অলপ বিষায়৷ পণ্ডছ’ৰ ‘উগলি ৱুগলি ৱুছ’ এডটো এনেই মাজে মাজে মনত পৰে৷

বৰুৱা চাৰে ৰোল কল কৰি আছে৷ মই এটা সুযোগৰ আপেক্ষাত৷ কেতিয়া চাৰে বোৰ্ডলৈ চাব আৰু মই পিছফালৰ দৰ্জাৰে পলাম৷

চাৰ ঘূৰিল, ময়ো পজিচনত৷ এখন ঠেং বাৰাণ্ডাত, এখন ক্লাছত৷ চকুৱে চকুৱে পৰিল৷ কিছুসময় মোলৈ চাই চকুৰেই তাচ্ছিল্য কৰি  ক্লাচত মন দিলে তাই৷ কিনো কৰিম আৰু? সুৰসুৰকৈ বেঞ্চলৈ ঘূৰি আহিলোঁ‌৷

“চন গ’ন কেছ বে… বল আমিয়েই আণ্টীৰ দোকানত টাকি দিওঁগৈ৷ ই হেনৰী ফেয়ল হৈ মেনেজমেণ্ট থিয়ৰী লিখিব দে৷”

বাহিৰৰ পৰা মাইকেলৰ ক্ষোভিত কণ্ঠ৷

দুটামান প্ৰক্সী কা‌হ মাৰি মই যে শ্ৰেণীত আছোঁ‌ তাৰে উমান ৰাইজক দিলোঁ‌৷ এপাকত মোলৈ চালে৷ একেবাৰে ‘হেৰাফেৰি’ৰ ৰাজুৱে বাবুৰাওৰ ফালে চাই মৰা হাঁহিটো তাইক উপহাৰ দি বৰ্ডত মেনেজমেণ্ট বুজা আৰম্ভ কৰিলোঁ‌৷

“মই এটা গাঁত খান্দি পানী এমগ ঢালি দিওঁ৷ তাতে ডুবি মৰি যা৷”

কালিৰ আড্ডাত খৰিয়ে দিয়া ডাইলগটো মনত পৰিল৷

যা বে…… প্ৰেম কি বস্তু তহঁ‌তে  বুজিলেহে৷

পিছৰ দিনা ক্লাচত হাজিৰ হৈ দেখোঁ‌ তাই দেখোন মাজৰ বেঞ্চত৷ আজি আকৌ এইজনীৰ হ’ল কি? কিবা ইংগিত? ৰহ্ আজি হেস্ত নেস্ত এটা কৰিবই লাগিব৷ লাহেকৈ পাঁচ টকীয়া বহীখন পকেটৰ পৰা উলিয়াই তাইৰ বেগটোৰ কাষত থৈ বহিবলৈ সাজু হ’লোঁ‌৷ আকৌ দুই চকুৰ মিলন৷ নাক- মুখ কোঁচাই চেলাউৰি দুডাল দুই ইঞ্চিমান ওপৰত উঠাই মোৰ ফালে চাই আছে৷ এইজনীৰ সমস্যা কি বাৰু? এদিন মোক হাঁহি এটা উপহাৰ দিলে কিনো যায় তাইৰ৷ চেলাউৰি গৈ তিনি ইঞ্চি ওপৰত অৱস্থান কৰিছে৷ হাতেৰেই বুজাই দিলোঁ‌,

“মাই, নবহো তোৰ লগত৷ সেই দুডাল নমা আৰু৷” ছেণ্ডেল চোঁচৰাই শেষৰ বেঞ্চলৈ গতি কৰিলোঁ‌, বিষন্ন বদনে, আকুল নয়নে, ব্যাকুল হৈ…

“কেনে লাগিল হেনৰী ফেয়ল? যা তাতে বহি ক্লাচ কৰ৷”

বেকগ্ৰাউণ্ডত ভালুক।

– ৰাতি পাৰ্টী কৰোঁ‌ দে৷

– ক’ত?

– পঙ্কজৰ মেচত৷

– দাৰু?

– দুটা ফুল?

– কম হ’ব৷ লগত এটা হাফো লাগিব৷

ৱাইন শ্বপৰপৰা ওলাই আহিছোঁ‌ মাত্ৰ৷ বাপেকৰ বাজাজ চুপাৰৰ পিছৰ চিটত তাই৷ তীৰ্য্ক চাৱনিৰে মোক পাৰ কৰি গুচি গ’ল৷

ৰাতি পঙ্কজৰ ৰূমত৷

– আঢ়ৈটা ফুল কি কৰিবলৈ আনিলি তেন্তে?

– খা তঁহতে৷ এটাই দেখোন অকলে এটাকৈ টান? আজি কি হ’ল?

– আমাৰ কি হ’ল বাদ দে৷ তই মিৰিণ্ডা লৈ কিয় বহি গ’লি? কিবা ময়দাৰ কেচ?

– ধুৰ! বেকাৰ নাকামুৰিবি৷

স্কুটাৰৰ পিছৰ চিটত তাই৷ বতাহত চুলিবোৰে তাইক আমনি কৰিছে৷ সেইবোৰ চম্ভালিবলৈ গৈ তাই হৈ পৰিছে অনিন্দ্য সুন্দৰী৷ আস্!

গধুলিৰ স্মৃতিত মই আপোন পাহৰা৷ খাব জানিলে মিৰিণ্ডাতো নিচা লাগে৷

– মাল এৰিলোঁ‌ মই৷

– এৰ এৰ৷ টোপনি এৰিলি, মাল এৰিলি৷ তাইৰ লাথ খাবৰ পিক টাইম হৈছেই৷ লাথ খাই উঠি গুৱাহাটী এৰি ক’ৰবাত পাহাৰে পৰ্বতে ধ্যান কৰি থাকিবি৷

– ধুৰৰ্৷ বেকগ্ৰাউণ্ডত সদায় তয়েই কিয় থাক বে মাইকেল৷

আজি জোচত আছোঁ‌! কোনোদিনে কৰিব সাহস নকৰা কামটো কৰি দিলোঁ‌৷ তাইক পাত্তা নিদিয়াকৈ তাইৰ কাষতে বহি লৈছোঁ‌ বাপ্পেকে৷ বহি উঠি আকৌ দাঁত নিকটাই তাইৰ ফালে চাই হাঁহি এটাও মাৰি দিছোঁ‌৷ তাইৰ প্ৰতিক্ৰিয়া? আৰে মাৰ গুলী৷

পৰাণ চাৰে মেনেজমেণ্ট স্কিল বুজাই আছে৷ চকু দুটাই লাহেকৈ আমনি কৰিছে৷ হঠাৎ গালত কিবা এটাই খুন্দা মাৰি গ’ল৷ এটা চকু মেলি তাইৰ ফালে চালোঁ‌৷ নাই তাই মৰমতে চুমা তুমা খোৱা নাই, তাই ক্লাচত ব্যস্ত৷ তলত কাগজৰ বল এটা পৰি আছে৷ আকৌ দুটা নতুন বল৷ শেষৰ বেঞ্চৰ পৰা মাইকেল, খৰি আৰু আন্ধাৰৰ সন্মিলিত আক্ৰমণ৷ মাটিৰ পৰা বল দুটা তুলি ল’লোঁ‌৷ চকুৱে মুখে শক্তি কাপুৰৰ হাঁহি৷ মাইকেললৈ এইম কৰি থাকোঁ‌তেই চেলাউৰি দুডালে ভেটা দিলে৷ দুই ইঞ্চি ওপৰত অৱস্থান কৰিছেই৷ সামান্য অপ্ৰস্তুত হৈ মেনেজমেণ্ট স্কিল বুজাত লাগিলোঁ‌৷

আকৌ একেলগে দুটা বল৷ এইবাৰ ৰক্ষা নাই, মালিঙ্গা ষ্টাইলত এটেক দি দিলোঁ‌৷ ৱাইড বল৷ বল গৈ সুন্দৰীৰ নাকত৷ ঘোপাকৈ চাই তাই বলটো তুলি ল’লে৷ একলব্যৰ একাগ্ৰতাৰে মই ব্যস্ত মেনেজমেণ্ট স্কিল বুজাত৷ ক্লাচ শেষ হ’লে ছ’ৰী এটা ক’ব লাগিব৷ লগতে শেষৰ বেঞ্চৰ বানৰ সেনাকো ফালিব লাগিব৷

– চাৰ!

চাৰে তাইৰ ফালে চোৱাৰ আগতেই মই তাইৰ ফালে চালোঁ‌৷ এই আপীয়ে কৰে কি? মান ইজ্জত খেদালে আজি মোৰ৷ ধেইৎ তেৰি, ইম্মান ইমমেচ্যুৰড্৷

– চাৰ, এইখিনি ভালকৈ বুজি নাপালোঁ‌৷ আকৌ এবাৰ বুজাই দিব নেকি?
কৈয়েই পুনৰ নিজৰ ঠাইত বহিল তাই৷

– ইইইইইই!

বত্ৰিশটা দাঁত বাহিৰ কৰি তাইৰ প্ৰতি এক কৃতজ্ঞতাৰ হাঁহি মাৰি আছোঁ‌৷

গল্প শেষেই আৰু! পোন্ধৰ চেকেণ্ডমান বাকী আছে-

মোৰ ফালে চালে তাই৷ চেলাউৰি কোঁচাই নহয়, মৰমৰে! হাঁহিলে ইমান ধুনীয়া লাগে তাইক! বাটাৰৰ দৰে গলি শেষেই হৈ যাওঁ নেকি?

“এতিয়া হাঁহোতেই জীৱন যাব বাছা৷ ডেটিং, মাজৰাতিৰ ফোন আৰু কত যে কি! সোনকালে চিখৰ খাই লেতেৰা কৰা দাঁতকেইটা ডাক্টৰৰ তাতে চুঁচি মাজি চাফা কৰাই ল’বি৷”

বেকগ্ৰাউণ্ডত এইবাৰ নিজৰেই অন্তৰাত্মা!

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published.