ফটাঢোল

ইন্সপেক্টৰ হাজৰিকা – সুকুমাৰ গোস্বামী

ঘটনাটো ১৯৯৬ চন মানৰ কিজানি! দেশৰ পৰিস্থিতি বৰ এটা সুবিধাজনক নহয়, চাৰিওফালে আলফা বিচৰাৰ নামত পুলিচ মিলিটাৰি পিয়াপি দি ফুৰে৷ ঘৰৰ পৰা বাহিৰ ওলালেই মা দেউতাৰ সাৱধানবাণী, বেছি দেৰি বাহিৰত নাথাকিবি, দেশৰ পৰিস্থিতি ভাল নহয়, সোনকালে ঘৰ ল’বি ইত্যাদি৷ হ’লেও সন্ধিয়াৰ আড্ডা মিছ কৰাৰ প্ৰশ্নই নাহে৷ ফাকুৱাৰ আগদিনা সন্ধিয়াৰ আড্ডা পাওঁমানে এইবাৰ ফাকুৱা অলপ ব্যতিক্ৰমী ৰূপত উদজাপন কৰাৰ ৰোমাঞ্চকৰ পৰিকল্পনা এটা চলি আছিল৷ আধাৰ পৰা শুনিলোঁ যদিও মোটামুটি পৰিকল্পনাতো বুজিবলৈ বেছি সময় নালাগিল৷ প্ৰস্তাৱক বিষ্ণুৱে ইমান সাৱলীল ভাবে অভিযানৰ বিভিন্ন স্তৰৰ বিষয়ে বুজাই দিলে যে বিপদজনক বুলি জানিও না কৰাৰ প্ৰশ্নই নাহে৷ এইটো পৰিকল্পনা সফল হ’লে নিশালৈকে এক কল্পনাতীত বৰভোজৰ জোখেৰে টকা সংগ্ৰহ হৈ যাব, মাত্ৰ আধা ঘণ্টাৰ কাম৷
পিছদিনা দুই কিলোমিটাৰ মান চাইকেল মাৰিয়েই বন্ধুৰ ঘৰ পালোঁ৷ বন্ধুহঁতৰ পুৰণি হাউলি কেইটা এতিয়াও আমাৰ অঞ্চলত ঠিকনা বিচৰাৰ লেণ্ডমাৰ্ক হিচাপেই ব্যৱহাৰ হৈ আহিছে৷ দুটা পুৰণি পুৰণি প্ৰকাণ্ড অট্টালিকা, তাৰ এটা প্ৰায় অব্যৱহৃত আৰু আমাৰ আজিৰ অভিযান আৰম্ভ হ’ব সেই অট্টালিকাৰ প্ৰথম মহলাৰ এটা কোঠালিৰ পৰা৷ গোটেই কেইজন একলগ হওঁ মানে ঘড়ীৰ কটাই ১০.৩০ মান স্পৰ্শ কৰিছিল কিজানি! পোন্ধৰ মিনিট ব্ৰীফিঙৰ পিছত দ্বিতীয় মহলাৰ আন এটা কোঠালৈ গোটেইকেইজন আগবাঢ়িলোঁ৷ দৰ্জাখনত এটা মান্ধাতাযুগৰ প্ৰকাণ্ড তলা ওলমি আছিল৷ বন্ধুৱে লগত অনা এজাপ চাবিৰ পৰা এটা এটাকৈ পকাই পকাই তলা খোলাৰ যতন কৰা হ’ল৷ অৱশেষত আৰু দুটামান পকাবলৈ বাকী থকাৰ সময়ত খটপ কৈ শব্দ এটা কৰি তলাতো খুলি গ’ল৷ বহু দিন অব্যৱহৃত হৈ থকা দৰ্জাখন এটা ঠেলাতে খোল খালে আৰু আমি এজন এজন কৈ আলিবাবাৰ কাহিনীত ডকাইতৰ গুহাত প্ৰবেশ কৰাৰ নিচিনাকৈ ভিতৰলৈ খোজ দিলোঁ৷ এন্ধাৰ কোঠালিটোৰ ভিতৰত কেচেমা-কেচেম গোন্ধ আৰু চাৰিওফালে মকৰাৰ জালৰ উপস্থিতি মূৰে গায়ে লগা পদাৰ্থবোৰৰ স্পৰ্শত অনুভৱ কৰিলোঁ৷ ইফাল সিফালে চাই চুইছ বৰ্ডখন যেনিবা বিচাৰি পালোঁ, খপৌজপৌতে লাইটৰ চুইছ বুলি ফেনৰ চুইছ চলাই দিয়াত ইমান দিনে সঞ্চিত হৈ থকা সমগ্ৰ ধূলি-বালি আৰু এলান্ধূৱে মোটামুটি গিলি পেলোৱাৰ দৰে অৱস্থা৷ দ্বিতীয় প্ৰচেষ্টাত যেনতেনে লাইটতো জ্বলি উঠিল৷ কোঠালিটোৰ চাৰিওফালে লাংখা-লিংখি হৈ পৰি আছে অজস্ৰ বস্তু, বেছিভাগেই ভ্ৰাম্যমাণ থিয়েটাৰৰ চেটিংছ বনোৱাত ব্যৱহৃত সামগ্ৰী৷ ক’ৰবাত যদি নায়ক নায়িকাই ৰোমাণ্টিক গীত গোৱা পাৰ্কৰ গছডাল আন ক’ৰবাত আকৌ চাহ বাগিচাৰ মালিক মিষ্টাৰ দুৱৰাই পাইপ হুপি হুপি নামি অহা সেই বিখ্যাত চিড়িটো৷ আচলতে বন্ধুৰ খুড়াকে এটা সময়ত থিয়েটাৰ প্ৰযোজক আছিল আৰু থিয়েটাৰৰ ব্যৱসায় বন্ধ কৰাৰ পিছত এইদৰেই বছৰ বছৰ ধৰি এইবোৰ সামগ্ৰী অব্যৱহৃত ভাবে পৰি আছে৷ ব্ৰীফিঙত বুজোৱা ধৰণে আমাৰ লক্ষ্য আছিল কোঠালিটোৰ কোনোবা এটা কোণত পৰি থকা ট্ৰাংক কেইটা হে, সেই ট্ৰাংকৰ ভিতৰতে আছে আজিৰ পৰিকল্পনা সফল কৰাৰ সমল সমূহ৷ তিনিটা ট্ৰাংক ইফাল সিফাল কৰি অৱশেষত আমাৰ ইপ্সিত সামগ্ৰীবোৰ পালোঁ, লণ্ডভণ্ড কৰা সকলোবোৰ সা-সামগ্ৰী পুনৰ আগৰ দৰে পৰিপাটি কৈ থৈ আমাৰ দৰকাৰী সামগ্ৰী কেইপদ লৈ প্ৰথম মহলাৰ মন্ত্ৰনা কক্ষ পালোঁহি৷ ব্ৰেইন বিহাইণ্ড দা বিজনেছ হিচাপে বিষ্ণুৱে আগতেই কৈ থৈছিল যে এই অভিযানৰ নেতৃত্ব সিয়েই পোৱা উচিত আৰু অৱধাৰিত ভাবে আমিও তাৰ নেতৃত্ব মানি ল’বলৈ মান্তি হৈছিলোঁ৷ সেই বন্ধ কোঠালিটোৰ পৰা উলিয়াই অনা ইঞ্চপেক্টৰ পি হাজৰিকাৰ পোচাকযোৰ সিয়েই পিন্ধাতো খাটাং৷ সকলোৱে নিজৰ নিজৰ ভাগৰ একোজোৰ কৈ খাকি পোচাক বাহিৰ কৰি পিন্ধা আৰম্ভ কৰিলোঁ৷ পিছে লাগিল নহয় এইখিনিতে পয়মাল, মানুহ হ’লোঁ পাঁচজন আৰু পোচাক আছে চাৰিযোৰা৷ এসাজ পোচাক এতিয়া ক’ৰ পৰা মিলাওঁ! গ্ৰুপটোৰ আটাইতকৈ নিমাখিত যদু মহাজনৰ বাবে পোচাকৰ অভাৱ৷ বেচেৰাক তই নেলাগে দে যাব বুলি ক’লে মনত আঘাট লৈ হ’লেও “হ’বদে, মোৰ এনেও ইচ্ছা নাছিল” বুলি ক’ব বুলি জানো যদিও তাক সেইটো দুখ দিয়াৰ ইচ্ছা নহ’ল৷ অৱশেষত সিদ্ধান্ত আমাৰ হাজৰিকা ছাৰেই ল’লে, সিদ্ধান্ত মানে চৰম বলীদান তাকো নিজৰ চিনিয়ৰিটি জলাঞ্জলি৷ হ’ব দে, ই চিভিল ড্ৰেছত থাকিব, ঐ তই আমাৰ ডি এছ পি ছাৰ বুলি কৈ বিষ্ণুৱে সমস্যাৰ সমাধান সূত্ৰ বাহিৰ কৰিলে৷ নিজে নেতৃত্ব ল’ব লগা অভিযানৰ দায়িত্ব ডি এছ পি যদু কলিতাৰ হাতত অৰ্পণ কৰাটো ক’ম চেক্ৰিফাইছ নে!
কেটেঙা ডি এছ পি ছাৰৰ মুখখন অজানিতে উজ্জ্বল হৈ পৰিল৷ সম্পূৰ্ণ পুলিচৰ গেট আপত প্ৰস্তুত হৈ মুখ কেইখন আইনাত ভালদৰে চাই লৈ পুলিচি ঢঙত চিড়িৰে তললৈ নামি আহিলোঁ৷ ইঞ্চপেক্টৰ পি হাজৰিকাই কঁকালত পিষ্টলতো ওলোমাই ল’ব নাপাহৰিলে৷ মোৰ ভাগত পৰিল ৰঙা টুপী আৰু এডাল লাঠী, নেমপ্লেটত জিলিকি আছে
ম: পিয়াৰ আলী৷ একেবাৰে শেষত চুচুকচামাক কৈ ডি এছ পি যদু কলিতা৷ বিল্ডিঙৰ তলত ৰৈ থকা পুৰণি জিপখনত ইঞ্চপেক্টৰ চাহাব এক্কে জাপতে উঠি ল’লে আৰু আমি তিনিজন চিপাহী স্বাভাৱিক ভাবে পিছফালে বহিলোঁ৷ ডি এছ পি চাহাবে পুৰণি স্বভাৱ মতে পিছফালৰ আসনতে টিকাটো ৰাখিছিল হে মাথোঁঁ ইঞ্চপেক্টৰ চাৰৰ ধমকি খাই চিধাই গৈ চালকৰ কাষৰ আসন পালেগৈ৷ ডি এছ পি ক’ত বহে নাজন নেকি গাধ বুলি গেজেৰা মাৰি উঠি নিজৰ ডুপ্লিকেট Ray-Ban যোৰো আগবঢ়াই দিলে৷ হোহোকা পিচলা কৰি ছাৰে চানগ্লাছযোৰ পিন্ধি আমাৰ ফালে চাই যিটো হাঁহি মাৰিলে গোটেইকেইটাৰ হাঁহি হাঁহি পেটৰ নাড়ী ডাল ডাল হোৱাৰ দৰে অৱস্থা৷ সুপণ্ডীৰ দৰে মুখখনত প্ৰকাণ্ড চছমাযোৰেৰে কি যে কিম্ভুট কিমাকাৰ লাগিছিল ঐ! হাজৰিকা ইঞ্চপেক্টৰে আমাক সোঁৱৰাই দিলে “এইদৰে নিজৰ ভিতৰত হঁহা-হাঁহি কৰি থাকেলে পৰিকল্পনা ফ্লপ হোৱাটো ১০০% নিশ্চিত, তহঁতে আজিৰ কাৰণে ইয়াক আচল ডি এছ পি বুলি ধৰি ল৷” পৰিকল্পনা ফ্লপ হোৱাৰ আকংশাত আমিও বহু কষ্টৰে হাঁহি বন্ধ কৰি যিমান পাৰোঁ পুলিচি ঢং এটা দেখুৱাবলৈ যত্ন কৰিলোঁ৷ ইতিমধ্যে আমাৰ জিপ মন্থৰ গতিত আগ বাঢ়ি বাঢ়ি মন্ত্ৰনা কক্ষৰ পৰা তিনি কিলোমিটাৰ মান পালেহি৷ বাটত একো হানি-বিঘিনি নোহোৱাকৈ উভতিও আহিলোঁ৷ ফাকুৱাৰ আনন্দত মতলিয়া ডেকাবোৰৰ ওচৰ পালে জিপৰ গতিবেগ আৰু মন্থৰ হৈ যায়, চালকৰ আসনৰ পৰা হাজৰিকা ডাৰগাই এনেই ধমকি এটা মাৰি দিয়ে আৰু পিলিঙা ল’ৰাবোৰ ফৰিং চিটিকা দিয়ে৷ এইটো আছিল আমাৰ ড্ৰেছ ৰিহাৰ্ছেল৷ অৰ্থাৎ অভিনয় একদম নিপুণ হৈছে, ইঞ্চপেক্টৰ হাজৰিকাই মাত দিলে আৰু আমি হয় ছাৰ বুলি শলাগ ল’লোঁ৷ ইতিমধ্যে পেট্ৰোলিং সমাপ্ত কৰি আমাৰ দলটো আহি পূৰ্ব নিৰ্ধাৰিত স্থানত উপস্থিত হ’লোঁ৷ পৰিকল্পনা মতে জিপখন ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ গছৰ তলত পাৰ্ক কৰি ডি এছ পি চাহাবক তাতে বহুৱাই আমি নিজৰ নিজৰ কাম আৰম্ভ কৰিলোঁ৷ তীব্ৰ বেগত আহি থকা দুৰণিবতীয়া বাছ আৰু ট্ৰাকবোৰ এক হুইছেল বাজনত ৰখাই দিয়াৰ সময়ত নিজকে সঁচা-সঁচি পুলিচ যেনেই অনুভৱ হৈছিল, মানে মোৰ ভাগত সেইটো দায়িত্ব পৰিছিল৷ ৰৈ যোৱা গাড়ীবোৰৰ অনুজ্ঞাপত্ৰ আৰু আন আন কাগজ পত্ৰ চোৱাত ব্যস্ত হাজৰিকা ডাৰগা৷ কাগজ থাকক নাথাকক ফাইন দিবই লাগিব, ঠিক ফাইন নহয় ফাকুৱাৰ খৰছ৷ এনেই ফাইন ২০০ টকা হয়, ছাৰৰ লগত কথা পাতি লওক কিবা এটা কৰি দিব বুলি প্ৰস্তাৱ দিয়াৰ দায়িত্ব দ্বীপ চৌধুৰী ওৰফে কনিষ্টবল ধৰ্মেশ্বৰ তালুকদাৰৰ, ছাৰে অলপ দেমাকি দেখুৱাই শেষত ১০০ টকাত মান্তি হয়৷ আধা ঘণ্টা মানৰ ভিতৰতে আমি আশা কৰাতকৈ বেছি টকা সংগ্ৰহ হৈ গ’ল৷ জিপৰ পৰা ডি এছ পি চাহাবে লাহেকৈ ৰিঙিয়াই দিলে “আজিৰ কাৰণে হ’ব নেকি, খানাৰ যোগাৰ দেখোন হৈয়েই গ’ল!” অফিচিয়েল হায়াৰাৰ্কি পাহৰি হাজৰিকা ছাৰে ডি এছ পি ছাৰৰ কথালৈ গুৰুত্বই নিদিলে৷ এনেকুৱা ক্ষমতা দেখুওৱাৰ সুবিধা কাৎচিত হে পোৱা যায়, ক্ষমতাৰ ৰাগীত ইঞ্চপেক্টৰ হাজৰিকা মাতাল৷ কোনোবা গাড়ীৰ ড্ৰাইভাৰ কণ্ডাক্টৰে তৰ্ক বিতৰ্ক কৰিলে গাড়ী চাইদত লগাই দে বুলি দুখন গাড়ী ৰখাই ও থ’লে৷ গুৱাহাটীৰ দিশৰপৰা অহা বাছ এখনৰ যাত্ৰী এজন দুজনে মাজতে কোনখন থানৰ টিম সুধি গ’ল৷ আমিও নিকটতম থানাখনৰ পৰা বুলি গহীনাই উত্তৰ দি নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিলোঁ৷ এইদৰে প্ৰায় এঘণ্টা মানৰ ভিতৰত কালেকছনে দুইহাজাৰৰ অংক পাৰ কৰিলে, সেই সময়ৰ হিচাপত বহুত টকা৷ টকাৰ নিচাতকৈ ক্ষমতাৰ নিচাই হে আমাক উন্মাদ কৰি তুলিছিল আৰু শেষৰ ফালে জৰিমনাতকৈ কাগজ পত্ৰ নথকা বাহনৰ চালক পৰিচালকৰ বেবেৰিবাং উত্তৰবোৰ আৰু হাজৰিকা ছাৰে প্ৰত্যুত্তৰৰ দিবলৈ গৈ দিয়া ধমকিবোৰেহে বেছিকৈ আমোদ দিছিল৷ হঠাৎ হাজৰিকা ডাৰোগাৰ পিঠিত থপৰিয়াই কোনোবা এজনে সুধিলে “হেৰী, কিহৰ চেকিং চলি আছে হে!” আগন্তুকৰ মুখলৈ নোচোৱাকৈয়ে ডাৰোগা বাবু গৰজি উঠিল “ঐ বৰ্দিত হা’ত নিদিবি।” হঠাৎ জিপত বহি থকা ডি এছ পি চাহবৰ চিঞৰ শুনিলোঁ “ঐ পলা, আচল পুলিচ আহিছে।” ইফাল সিফাল চোৱাৰ সময় নাই দিলোঁ ভিৰাই লৰ৷ একেবাৰে আগত ইঞ্চপেক্টৰ হাজৰিকা তাৰ পিছে পিছে চিপাহী চন্তৰী, একদম শেষত চিভিল ড্ৰেছত থকা ডি এছ পি যদু কলিতা আৰু তাৰ পিছত গোটেই দলটোক খেদি আহি থকা তিনি চাৰিজন আচল পুলিচ৷ ঘাইপথৰ পৰা গাঁৱৰ ভিতৰে ভিতৰে দৌৰি কিমানদূৰ পালোঁগৈ ঠিকনা নাই, কেবল দৌৰি আছোঁ আৰু দৌৰি আছোঁ, এয়া যেন জীৱন মৰণৰ যুঁজ৷ গাঁৱৰ মানুহে ঘৰৰ পৰা ওলাই ওলাই চাইছে এই দৃশ্য৷ জীৱনৰ তাৰণাত ইমানেই দিগবিদিগ হেৰুৱাই দৌৰিছিলোঁ যে ইতিমধ্যে আচল পুলিচ কেইটাই যে আমাক ধৰাৰ আশা বাদ দি কেতিয়াবাই উভতি গ’ল খবৰেই নাই৷ এতিয়া আগে আগে চাৰিজন খাকি পোচাকধাৰী দৌৰি আছে আৰু পিচে পিচে সাধাৰণ পোচাকত যদু কলিতা৷ ইফালে যদুৰ ঘৰত হাহাকাৰ অৱস্থা৷ মাকক হেনো কোনোবাই খবৰ দিলে যে তহঁতৰ যদুৱে চাৰিজন পুলিচক দৌৰাই লৈ ফুৰিছে৷ নিশকতীয়া অজলা পুতেকৰ ভয়ত নো কিদৰে চাৰিজন হৃষ্টপুষ্ট পুলিচৰ দৌৰি পলাব লগিয়া অৱস্থা হ’ল তাকে ভাবি ভাবি মাকে ৰাউচি জুৰি কান্দিব ধৰিলে, মানে ওচৰ চুবুৰীয়াই সান্ত্বনা দি দি তৎ নোপোৱা অৱস্থা হেনো! মনৰ ভাৱ, ক’ৰবাত কিবা দেও ভূতেই লম্ভিলে নেকি! দৌৰি দৌৰি ভাগৰ লগাত কোনোবা এজনে পিছফালে এবাৰ ঘূৰি চাই আচল পুলিচৰ চিনচাব নেদেখি আন কেইজনক কথাটো অৱগত কৰিলে৷ তেতিয়া হে গোটেইকেইটাৰ অলপ থমকি ৰ’লোঁ৷ তথাপিও পুলিচৰ কথা, ক’ত কেনেকৈ চোপ লৈ আছে ধৰিব নোৱাৰি বুলি ভাবি হাজৰিকা ছাৰে অলপ সময়ৰ বাবে গাঁৱলীয়া ৰাস্তাৰ কাষৰ হাবিখনতে সোমোৱাটো সঠিক হ’ব বুলি ক’লে, বিশ্ৰামো হ’ব লগতে আত্মগোপনো হ’ব৷ দলপতিৰ আদেশ পোৱাৰ লগে লগে ইফাল সিফাল নোচোৱাকৈ দিলোঁ গোটেইকেইটাই জংঘলৰ ভিতৰত জঁপিয়াই৷ দৌৰাদৌৰিত লক্ষই কৰা নহ’ল সেইখন যে চোৰাতনী হাবি আছিল৷ আই ঐ দেহী, সোমাবহে পালে, গোটেইখন চিৰাল চিৰাল কৈ দাকি বখলিয়াই দিলে৷ দুখ কষ্ট সহ্য কৰি ঘণ্টাৰ পিছত ঘণ্টা চোৰাতনীৰ পিছফালে মহৰ কামোৰ খাই খাই অপেক্ষা কৰি ভোকে পিয়াঁহে আতুৰ হৈ লাহে লাহে সন্ধিয়া সময়ত বিষ্ণুৰ ঘৰ পালোঁহি৷ তাৰ ঘৰত ৰাজহুৱা ককৰ্থনাৰ ভাগ লৈ সন্ধিয়ালৈ আহি নিজৰ নিজৰ ঘৰ পালোঁ৷ অৱশ্যে জীপখন মোকলোৱাৰ সময়ত পোৱা জ্বালাৰ বাবে ইঞ্চপেক্টৰ হাজৰিকাই বহুদিনলৈকে ককায়েকৰ ককৰ্থনা শুনিব লগা হৈছিল৷

বি.দ্ৰ: বাছৰ পৰা কোনখন থানাৰ টিম বুলি ৰিঙিয়াই যোৱাজন হেনো নিকটৱৰ্তী থানৰ চিপাহী আছিল৷ সেই জহনীটোৱে গৈ লগাই দি গোটেইখন খেলিমেলি কৰি দিলে৷

☆ ★ ☆ ★ ☆

2 Comments

  • HEMANTA KAKATI

    এইটো জবৰদস্ট কাম কৰিছিলা কিন্তু, মানিব লাগিব৷

    Reply
  • সাংঘাটিক অভিজ্ঞতা। বৰ ৰস পালোঁ।

    Reply

Leave a Reply

Your email address will not be published.