ফটাঢোল

ইঞ্চুৰেন্স-অভিজিত কলিতা

নম্বৰটো অচিনাকি যদিও তাৰ ৰেহৰূপৰ পৰা গম পোৱা যায়, কোনোবা কল চেণ্টাৰৰ নাম্বাৰেই হ’ব। অফিচ বন্ধ, দেৰিলৈকে শুম বুলি আগদিনাৰ পৰাই আয়োজন কৰা হৈছিল যদিও, সাত বজাত যি সাৰ পালোঁ, আৰু টোপনি নহা হ’ল। ভোক লাগিল- গতিকে শুই উঠাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰি দিব লগা হ’ল। আৰু চাৰে দহ বজাত সমগ্ৰ প্ৰক্ৰিয়াটো সমাপ্ত কৰি আকৌ বিছনাতে হেলান দি পৰি ভাৱি আছিলোঁ- এতিয়া কি কৰা যায়? তেনেতে আহিল ফোনটো। সাধাৰণতে এনেকুৱা ফোন পোনেই ৰিজেক্ট কৰোঁ, কিন্তু আজি কি ভাৱি জানো, সেউজীয়া বুটামটো সোঁফালে ঠেলি দিলোঁ। মোৰ অনুমান ভুল নাছিল।

: হেল্ল’ ছাৰ। মেঁ মেন্‌কা ব’ল ৰহী হুঁ৷ পি আই চি কোম্পেনী চে। ক্যা মেঁ আপচে বাত কৰ চকতী হুঁ?”

যিমানেই ফ্ৰ’ড যেন নুশুনাওক কিয়, জীৱনত যিমানেই ৰাম ঠগন নেখাওক কিয়- মিঠা যুৱতী কণ্ঠই ‘ছাৰ’ বুলি সম্বোধন কৰি কিবা অনুৰোধ কৰিলে, কোনো পুৰুষৰ বাবেই ফোনটো ঠেকেচা মাৰি থোৱা সম্ভৱ নহয়। তাতে মোৰ এতিয়া বয়সো আধা শতিকা হ’ল, এই বয়সততো এনে আহ্বান আৰু বেছি আকৰ্ষণীয়।

: অকে। কওকচোন৷

: থেংক ইউ ছাৰ! মানে আমাৰ কোম্পানীটো নতুনকৈ আৰম্ভ হৈছে, আমি কিছুমান বিশেষ ‍ক্ষেত্ৰত কাম কৰিছোঁ। আপুনি যদি মোক ৫ মিনিট সময় দিয়ে, মই কথাখিনি আপোনাক বুজাই ক’ব পাৰিম।

৫ মিনিট সময় মোৰ হাতত আছে। গতিকে মেনকাৰ মিঠা মাতটোকে শুনি থকাত আপত্তি কি!

: ঠিক আছে, কৈ যাওক।

: ছাৰ, আপুনি মেডিকেল ইঞ্চুৰেন্স নিশ্চয় কৰিছে।

: অঁ, কৰিছোঁ। বহুদিনৰ পৰাই চালাই আহিছোঁ।

: ছাৰ, মই আপোনাক এটা প্ৰশ্ন সুধিব খোজোঁ, আমাৰ স্কীমটো বুজিবলৈ আপুনি এই প্ৰশ্নটোৰ একেবাৰে সঁচা উত্তৰ দিয়াটো প্ৰয়োজন। কওকচোন ছাৰ, আপুনি মেডিকেল ইঞ্চুৰেন্স কিয় কৰিছে?

: কিয় কৰিছে মানে? কিয় নকৰিম আকৌ। আজিকালি চিকিৎসাৰ যিহে খৰচ, তাতে কি কি নতুন বেমাৰ ওলাই আছে। মোৰ যাতে অসুখ বিসুখ হ’লে পইচা-পাতিৰ একো সমস্যা নহয় সেইকাৰণেই কৰিছোঁ। সকলোৱে সেইটো কাৰণতেই মেডিকেল ইঞ্চুৰেন্স কৰে। তাত আকৌ মিছা মাতিবলৈ কি আছে?

: বুজিছোঁ ছাৰ, কিন্তু সেইটো মোৰ প্ৰশ্নৰ প্ৰকৃত উত্তৰ নহ’ল।

: কি ক’ব খুজিছা তুমি?

: ৰ’ব ছাৰ মই বুজাই দিছোঁ। আপুনি মেডিকেল ইঞ্চুৰেন্স কৰাৰ একমাত্ৰ কাৰণ হ’ল- যাতে আপোনাৰ অসুখ বিসুখ হ’লে একো অসুবিধা নহয়, …নহয় জানো

: অঁ। হয়।

: কিন্তু ছাৰ আপোনাৰ অসুখ বিসুখ কিয় হ’ব?

: মানে?

: মানে আপোনাৰ, আপোনাৰে নহয় বাৰু, আন সকলোৰে, এই যে বেমাৰবোৰ হয়, কিয় হয়?

কিয় হয়?

: কি আচৰিত প্ৰশ্ন আকৌ এইটো? নানান কাৰণত বেমাৰ হ’ব পাৰে, ইনফেকচন, জন্মগত কাৰণ, প্ৰদুষণ, পলিটিকচ, ব্যৱসায়, স্বভাৱ…বেমাৰৰ হাজাৰটা কাৰণ আছে৷ এই এতিয়া কৰোণাকে ধৰা… কৰবাত কোনোবাই এইটো ভাইৰাছ উলিয়ালে, এতিয়া পৃথিৱী থৰহৰি কম্পমান৷ আকৌ কালিলে আন কিবা এটা ওলাব৷ মেডিকেল ইঞ্চুৰেন্স নহ’লে আমি চলিম কেনেকৈ?

: ছাৰ, কৰোণাৰ কথা বাদ দিয়ক! বেমাৰৰ আন কিছুমান কাৰণো আছে বুলি মই জানো, কিন্তু আজিৰ দিনত বেমাৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু বিপদজনক কাৰণটো কি জানেনে?

: কি?

: ক’ম বাৰু মই, তাৰ আগতে মোক কওকচোন, আপোনাৰ কি কি বেমাৰ আছে?

: সেইটো মই কিয় ক’ম তোমাক, এইটো মোৰ পাৰ্চনেল কথা।

: ঠিক আছে, আপোনাৰ বেমাৰৰ কথা নেলাগে বাৰু।  এনেই আপুনি চিনি পোৱা, আপোনাৰ বয়সৰ মানুহবোৰৰ কি কি বেমাৰ বেছিকৈ আছে, গড় হিচাপ এটা লগাই কওকচোন।

: হমমমম! মই চিনি পোৱাবিলাকৰ প্ৰায়বোৰৰে হাই প্ৰেছাৰ আছে, চুগাৰ আছে, কাৰোবাৰ কাৰোবাৰ ট্ৰইগ্লিচাৰাইদ বাঢ়িছে, ইউৰিক এচিড, ফেটি লিভাৰ প্ৰায়বোৰৰে আছে, গেচৰ সমস্যা আছেই…. আৰু দুই এজনৰ কেন্সাৰ ফেন্সাৰো হৈছে।

: এতিয়া আপুনি লাইনত আহিছে ছাৰ। গড় হিচাপে যিবোৰ বেমাৰ বেছিকে হয়- আপুনি মূলতঃ সেইবোৰ বেমাৰৰ ভয়তে ইঞ্চুৰেন্স কৰে, হয় নে নহয়? এটা প্ৰমাণ দিওঁ৷ মই গেৰাণ্টি দি ক’ব পাৰোঁ, আপুনি প্ৰথমবাৰ মেডিকেল ইঞ্চুৰেন্স কৰোঁতে আপুনি এই পৃথিৱীত কৰোণা বুলি বেমাৰ এটা আছে বুলি নেজানিছিলেই। হয়নে নহয়?

: অঁ… কথাটো হয় বাৰু।

: গতিকে আপুনি মেডিকেল ইঞ্চুৰেন্স কিনাৰ বাবে কৰোণাক জগৰীয়া কৰিব নোৱাৰে, পাৰিব জানো?

: নাই নোৱাৰিম।

: আপোনাক মেডিকেল ইঞ্চুৰেন্স কিনিবলৈ বাধ্য কৰোৱা বেমাৰবোৰ হ’ল প্ৰেছাৰ, চুগাৰ, আদিবোৰহে।

: মানি লৈছোঁ, ঠিক কৈছা তুমি।

: এতিয়া আপুনি লাইনত আহিছে ছাৰ। আপুনি নিশ্চয় জানে- এই যিকেইটা বেমাৰৰ কথা আমি পাতিছোঁ সেইবোৰ হোৱাৰ কাৰণ কোনো ভাইৰাছ-ফাইৰাছ নহয়, এইবোৰৰ কাৰণ হ’ল আপোনাৰ জীৱনটোৱেই। আপুনি কি খায়, কেনেকে থাকে, কি ভাৱে, ….এই কথাবোৰৰ মাজতে এই বেমাৰবোৰৰ কাৰণ লুকাই আছে। এইবোৰক সেইবাবে লাইফষ্টাইল ডিজিজ বুলিও কোৱা হয়।

: সেইবোৰ কথা মই জানো, তুমি তোমাৰ স্কীমৰ কথা কোৱা।

: কম ছাৰ, তাৰ বাবেই এইখিনি পাতনি মেলাৰ আৱশ্যক হৈছে। ছাৰ আপুনি আৰু এটা কথা জানেনে এই লাইফষ্টাইল ডিজিজবিলাকত যিমান মানুহ মৰে, তাৰ তুলনাত আপোনাৰ এই মহামাৰী-বিশ্বমাৰী এইবোৰ একোৱেই নহয়।

: হে, হয় নেকি?

: হয় ছাৰ। আৰু এই বেমাৰবোৰ আমি আমাৰ লাইফষ্টাইল সলনি কৰি সহজতে ভাল কৰিব পাৰোঁ৷ সুষম খাদ্য, নিয়মীয়া জীৱন, মাদক দ্ৰব্য বৰ্জন, অলপমান সৰু সুৰা ব্যায়াম, প্ৰাণায়ম- এইবোৰ কৰি থাকিলে লাইফষ্টাইল ডিজিজ হ’ব নোৱাৰে বুলি আজিকালি পেন্দুকণা ল’ৰা এটায়ো জানে। বৰ কঠিন কামো নহয়। কিন্তু আপুনি নকৰে, আপুনিয়ে নহয় ছাৰ, পৃথিৱীৰ প্ৰায়বোৰ মানুহেই নকৰে। দৰকাৰ হ’লে গাঁঠিৰ ধন ভাঙি মেডিকেল ইঞ্চুৰেন্স কৰিব, তথাপি লাইফষ্টাইল সলনি নকৰে। হয়নে ছাৰ?

: হেঃ হেঃ হেঃ! এইবোৰ বাদ দিলেও আকৌ কিবা নীৰস যেন হৈ পৰিব নহয় জীৱনটো।

: এক্সেক্টলি ছাৰ। মই যদি কথাবোৰ চিধা চিধিকৈ কওঁ, যে মানুহে আচলতে দিনে ৰাতিয়ে মদে-গাহৰিয়ে, ভাতে-বিৰিয়ানিয়ে, ভাঙে-চিগাৰেটে টেটুগুৰিলৈকে গিলি,  একো কাম বন নকৰি শুই শুই জীৱন কটাব খোজে, আৰু তাৰ বাবে হ’ব পৰা অসুখ, আৰু সেই অসুখে আনিব পৰা সমস্যা বিলাকৰ বাবেই মেডিকেল ইঞ্চুৰেন্স কৰে, তেনে কিবা ভুল হ’ব নেকি?

: হেহ মইনো কি কম? হয়েই চাগে। হেঃ হেঃ….

: ধন্যবাদ ছাৰ, আপুনি পোনে পোনে কথাখিনি মানি লোৱাৰ বাবে। আপোনাক এতিয়া আমাৰ স্কীমটো বুজাবৰ বাবে অসুবিধা নহ’ব যেন পাইছোঁ। ছাৰ আচলতে আমাৰ কোম্পানীয়ে তেনে ধৰণৰ ইঞ্চুৰেন্স স্কীম এটাই উলিয়াইছে। আমাৰ স্কীমটো ল’লে আপুনি ইহজনমত ইঞ্চুৰেন্সৰ পৰা পোৱা সুবিধাবিলাক পৰজনমতো পাই থাকিব।

: কি? কি পাগলৰ দৰে কথা কৈছা হে?

: ছাৰ এক মিনিট, ইমান দেৰি আপুনি মোৰ সৈতে কথা পাতিলেই যেতিয়া, আৰু ৫ মিনিট কথা পাতিলে আপুনি মোৰ কথাখিনি ভালদৰে বুজি উঠিব। স্কীম লয় নে নলয় আপোনাৰ কথা, কিন্তু ছাৰ প্লীজ, মোৰ এইমাহৰ টাৰ্গেট একেবাৰে বেয়া, ছাৰ, ইনচেনটিভটো বাদেই, দৰমহাকেইটাৰ বাবেই টনাটনি হ’ব যেন পাইছোঁ। ছাৰ প্লীজ ফোনটো নেকাটিব।

ইয়াৰ পাছত মোৰ ফোন কটাৰ ক্ষমতা নাছিল বুলি মই নিজেই বুজি উঠিলোঁ।

: অ’কে, কোৱা বাৰু। এনেই তোমাৰ ঘৰত কোন কোন আছে?

: চৰি ছাৰ, বেয়া নেপাব। আমি ব্যক্তিগত কথা পাতিব নোৱাৰোঁ ইয়াত।

: একো নাই, ইয়াত নেলাগে। মোৰ ফোন নাম্বাৰটো তোমাৰ আছে, কেতিয়াবা ফ্ৰী থাকিলে ফোন কৰিবা, এনেই আড্ডা মাৰিম। তোমাৰো ভাল লাগিব, মোৰো। নে কি কোৱা?

মেনকা কিছু সময় মনে মনে থাকিল। এসময়ত দীঘলকৈ উশাহ এটা লৈ, ডিঙিটো পৰিষ্কাৰ কৰি আকৌ ক’লে,

: নিশ্চয় ছাৰ। চেষ্টা কৰিম। এতিয়া মই আপোনাক আমাৰ স্কীমটোৰ কথা কওঁ, আপুনি ইণ্টাৰেষ্টেড নে?

: আৰে তুমি ইণ্টাৰেষ্টেড হ’লে মই কিয় নহ’ম। কোৱা আকৌ।

: ছাৰ, আমাৰ কোম্পানীটোৰ পুৰা নাম হ’ল “পৰকাল ইঞ্চুৰেন্স কৰ্পৰেচন- পি আই চি”- মানে আমি মৃত্যুৰ পাছত হ’ব পৰা অসুবিধাবিলাক কভাৰ কৰোঁ।

: মৰাৰ পাছত আকৌ কি অসুবিধা থাকে?

: ছাৰ, আপুনি জানিও নজনাৰ ভাও কিয় ধৰিছে? মই অলপ আপোনাক গাইড কৰোঁ বাৰু৷ ছাৰ! আমাৰ সকলোতকৈ বেছি ভয় লাগে মৃত্যুলৈ, হয়নে? কিন্তু কিয় লাগে? ভাল হে, মৰিলে সকলো লেঠা শেষ, আৰু বাকী পৰিয়াল, ল’ৰা-ছোৱালীৰ বাবে এল আই চি আছেই। তথাপিও আমাৰ ভয় লাগে- কিয়?

: কিয় মানে? ভয় নেলাগিব নেকি? সকলোৰে লাগে… মোৰো লাগে৷ আমি সৰুৰ পৰা তাকে শিকিছোঁ।

: ঠিক কৈছে ছাৰ। মৰাৰ পাছতো ধেৰ সমস্যা থাকি যায়… এই ধৰক সাতুৰিব নেজানিলেও গৰু এজনীৰ নেজত ধৰি বৈতৰণী পাৰ হ’ব লাগে, তাৰ পাছত যমদূতৰ জেৰা, চিত্ৰগুপ্তৰ বিচাৰ, আৰু শেষত স্বৰ্গ বা নৰকৰ জাজমেণ্ট। হয়নে ছাৰ?

: হয় হয়, বহুত লেঠা এইবোৰ। তাতে আকৌ কেনেবাকৈ নৰকত পৰিব লাগিলে শেষেই- গৰম তেল, সৌকা, নানানটা সমস্যা। ঠিক কৈছা তুমি, মানুহ মৰাৰ পাছতো লেঠা নিছিগেচোন, বাঢ়েহে। কথাটো ভবাই নাছিলোঁ মই।

: হয় ছাৰ। সেয়ে আমাৰ কোম্পানীয়ে এই ক্ষেত্ৰত কাম কৰিবলৈ আগবাঢ়িছে, সামান্যতম অৰিহণাৰ বিনিময়ত আপুনি মৃত্যুৰ পাছত স্বৰ্গ বা নৰক য’তেই নপৰক, তাত আহিব পৰা সকলো অসুবিধাৰ প্ৰতি আমি লক্ষ্য ৰাখিম আৰু আপোনাৰ মৃতজীৱন যাতে সুখকৰ হয়, তাৰ ব্যৱস্থা কৰিম।

: কিন্তু কেনেকৈ? সেইবোৰ ভগৱান, যম, পাপ-পূণ্য কিবা তেনেধৰণৰ খেলা নহয় জানো? তোমালোকে কেনেকৈ মেনেজ কৰিবা সেইবোৰ?

: গুড কুৱেচন ছাৰ। আমাৰ সেইবোৰ লিংক আছে বাবেইতো এইটো কোম্পানী খুলিব পাৰিছোঁ। আজিকালি ব্যৱসায়ৰ আচল মূলধনেই হ’ল কানেকচন৷ আপোনাৰ যিমানেই কানেকচন থাকিব, সিমানেই ব্যৱসায় বাঢ়িব। আমাৰ খুব ভাল লিংক আছে ছাৰ। আমাৰ এজেণ্টসকল সদায় স্বৰ্গ আৰু নৰক পি আৰ আৰু ইউটিলিটি ৱিং বিলাকৰ টাচ্চত থাকে। যমদূত বা দেৱদূত সকলে কাৰোবাক নিবলৈ মৰ্ত্যলৈ আহিব লগা হ’লে তেওঁলোকক ভি আই পি ট্ৰিটমেণ্ট দিয়ে, ওৰে ৰাতি পাৰ্টি কৰোৱাই, গধুৰকৈ গিফ্ট আদিও দিয়ে। আৰু এটা ভিতৰুৱা কথা কওঁ ছাৰ, আমাৰ এজেণ্টসকলে তেনে ৰে’ভ পাৰ্টিবিলাকত কিবাকিবি ভিডিঅ’ও বনাই থৈছে বহুতৰ, কিবা তেৰিমেৰি কৰিলে সেইবোৰ ভিডিঅ’ ভাইৰেল কৰি দিম বুলি ধমকিও দিয়ে। গতিকে ছাৰ আপুনি নিচিন্ত থাকক, স্বৰ্গ আৰু নৰকত আমাৰ কানেকচন একদম বঢ়িয়া।

: হে, তাতো স্বৰ্গ- নৰকতো তেনেকুৱা কাম চলে নেকি?

: ছাৰ আজিকালি সকলোতে চলে। আচ্ছা ছাৰ, আপুনি বাৰু কি ভাৱে, আপুনি মৰাৰ পাছত স্বৰ্গলৈ যাব নে নৰকলৈ যাব?

: হমমম! সেইটো এতিয়া তেনেকৈ ঘপহকৈ কৈ দিবলৈ মস্কিল নহয়, কি কি বা ক্ৰাইটেৰীয়া আছে, এবাৰ চাব লাগিব, তেহে অনুমান কৰিব পাৰিম। মই আকৌ পৰকালৰ কথা ভাবিবৰ হৈছে বুলি ভবাই নাই নহয়, এতিয়াও দেখোন মনটো ডেকা হৈয়েই আছে।

: অফ কৰ্চ ছাৰ। আপুনি ডেকা হৈ আছে, এশ বছৰলৈ ডেকা হৈ থাকিব কিন্তু এসময়তো যাবই লাগিব, গতিকে তাৰ বাবে সময় থাকোঁতেই পৰিকল্পনা কৰা কি বেয়া? আচ্ছা আকৌ সেইটো কথালৈ ঘূৰি আহোঁ, আপুনি ব্যক্তিগতভাৱে ক’লৈ যাবলৈ পালে ভাল পাব-স্বৰ্গ নে নৰক?

: ধেই, কি কোৱাহে। নৰকলৈ কিয় যাম? যেনেতেনে স্বৰ্গত মূৰটো সুমুৱাব লাগিব। ঘোকোট গাঁৱৰ পৰা আহি গুৱাহাটীত মাটি বাৰী ঘৰ মেনেজ কৰিব পাৰিছোঁ যেতিয়া, সেইটোও কেনেবাকে মেনেজ কৰিব পাৰিম বুলি ভাবোঁ। মৰাৰ সময়ত অজামিল টাইপ কিবা এটা কৰি হ’লেও স্বৰ্গলে যাব লাগিব। নৰকত গৈ গৰম তেল, সৌকা…নাই নাই নোৱাৰি দেই। মই এচি নহ’লেই থাকিব নোৱাৰোঁ গৰম তেল কেনেকৈ সহ্য কৰিম? অসম্ভৱ!

: বুজিছোঁ ছাৰ, আপুনি নহয় আচলতে কোনেও নৰকলৈ যাব নোখোজে, আনকি আমাৰ ৰাজনীতিকসকলেও নিবিছাৰে, যদিও জানে চান্স একেবাৰে কম, তথাপিও সকলোৱে মৰাৰ পাছত স্বৰ্গই আশা কৰে। আচলতে ভুলটো তাতেই হয় মানুহৰ। ছাৰ, আমি বহুত দিন ধৰি স্বৰ্গ আৰু নৰকৰ লগত ডীল কৰিছোঁতো, আমি ভালকৈ জানো- আচলতে স্বৰ্গ আৰু নৰকৰ একো বিশেষ পাৰ্থক্য নাই। এইবোৰ সকলো স্বৰ্গৰ পি আৰৰ কামাল। অতীজৰে পৰা স্বৰ্গৰ এডভাৰ্টাইজ কৰি কৰি- মানুহক আভুৱা ভাৰি আহিছে তেওঁলোকে। একো নাই স্বৰ্গ বা হেভেন বা বেহেস্তত, সকলোতে আপোনাৰ মোৰ দৰে আম আদমীৰ জীৱন একেই, এই  পৃথিৱীৰ দৰেই। মানুহে তাকে বুজি নেপায়। আৰু সেই স্বৰ্গ বেহেস্তৰ লালসাত মানুহে কি কি কাম কৰি ফুৰে, কেইটামানে ৭২ জনী হুৰ পাম বুলি এনেই নিৰ্দোষী মানুহক মাৰে, কেইটামানে ধৰ্মৰ নামত ডাংগা ফচাদ কৰে, মুঠতে স্বৰ্গৰ লালসাই মানুহৰ জীৱন নাৰকীয় কৰি পেলাইছে। হয়নে নহয়?

: কিন্তু নৰক মানে দোজখত সেই তেল চেলবোৰ নাই জানো…সেইবোৰ কি হ’ব?

: হাঃ হাঃ! ঠিক কথা সুধিছে, নথকা নহয় আছে। আচলতে এই পৃথিৱীত পাপ কৰা সকলক শাস্তি দিবলৈকে নৰকৰ স্থাপনা কৰা হৈছিল, তাত নানান শাস্তিৰ ব্যৱস্থাও আছিল, এতিয়াও আছে। কিন্তু আজিকালি সময় সলনি হ’ল- আমি সেই ব্যৱস্থাবোৰ হে’ক কৰিবলৈ সক্ষম হ’লোঁ।

: মানে, মই বুজা নাই।

: ছাৰ আৰু বেছি বুজিব নেলাগে আপুনি। আপুনি কেৱল আমাৰ পলিচি লওক, তাৰ পাছত যিমান মন যায় পাপ কৰি ফুৰক। শেষত আপুনি নৰকত পৰিবই- আৰু তেতিয়াই আমাৰ কোম্পানীয়ে কাম আৰম্ভ কৰি দিব। আমি প্ৰথমতে আপোনাৰ এই শাস্তিৰ ব্যৱস্থাটো বাই পাছ কৰি দিম। মানে আপুনি কাগজে পত্ৰই যথাযোগ্য শাস্তিয়েই পাব কিন্তু ফিজিকেলি কোনেও আপোনাক একো নকৰে। সেইখিনি আমি মেনেজ কৰিম। এই যে ধৰক- আমাৰ ডাঙৰ ডাঙৰ মানুহবোৰে ঘোটালা কৰি পুলিচ,  চিবিআইৰ হাতত ধৰা পৰিলেই হাৰ্ট এটেক হৈ হস্পিটেলত সোমাই যায়, আৰু ৰাইজ মেডিয়াই ঘটনাটো পাহৰিলেই মনে মনে বেইল লৈ ওলাই আহি আকৌ কামত মন দিয়ে তেনেকুৱা ধৰণেই কামটো কৰা হ’ব। একো নাই, সহজ কাম আজিকালি।

: শাস্তিৰ পৰা বাৰু বাচিলোঁ কিন্তু পিছৰ সেই নাৰকীয় জীৱন…সেইটোৰ কি হ’ব?

: নাৰকীয় জীৱন বেয়া বুলিনো আপোনাক কোনে ক’লে?  আপোনাৰ ভুল ধাৰণা সেইবোৰ। তথাপিও কিছুমান ৰেষ্ট্ৰিকচন নথকা নহয়, কিন্তু আমাৰ কোম্পানীয়ে সেই সকলো নিষিদ্ধ বস্তু আপোনাক মনে মনে যোগান ধৰিম…. সেই গধূলি খোৱা ঘুটুং পানীকণ- ৰজনী-তুলসী, ভি পি এন, ৪ জি নেটৱৰ্ক, মোবাইল ফোন, সকলো আমাৰ কোম্পানীৰ ফালৰ পৰা বিনামূলীয়াকৈ যোগান ধৰা হ’ব। আৰু আন কিবা মনোৰঞ্জন লাগিলেও আপুনি আমাৰ এজেণ্টক জনাব পাৰিব৷ তেওঁ সম্ভৱপৰ সকলো কৰিব আৰু সেইবোৰ এভেইলেবল হ’লে নাৰকীয় আৰু স্বৰ্গীয় জীৱনৰ মাজত একো পাৰ্থক্যই নেথাকিব। মইতো কওঁ ছাৰ, নৰকৰ লাইফ স্বৰ্গতকৈ বহুগুণে ভাল…. স্বৰ্গৰ দৰে বৰিং ঠাই নাই। একো এটা মনখুলি ক’ব নোৱাৰি, এথনিক মাংস অকণ খাব নোৱাৰি৷ অনবৰত ভাল ভাল কথা শুনি থাকিব  লাগে৷ গছিপ কৰিব নোৱাৰি৷ সেইটো আৰু জীৱন হ’লনে? মহাত্মা গান্ধী টাইপ মানুহৰ লগত সদায় উঠা বহা কৰি জীৱন কটাব পাৰিব আপুনি? তাতকৈ নৰকৰ ৰেষ্ট্ৰিকচনবোৰেই ভাল৷ আমাৰ পৃথিৱীৰ দৰেই সকলো বাই পাছ কৰিব পাৰি আৰু বিন্দাছ থাকিব পাৰি।

: তোমাৰ কথাবোৰ কিন্তু মোৰ ভাল লাগিছে৷ ঠিকেই কৈছা তুমি।

: তেন্তে ছাৰ আপুনি আমাৰ পলিচি কিনিবলৈ ঠিক কৰিলে?

: হমমম!! কিনিম হয়তো৷ মোক অলপ ভাবিবলৈ সময় দিয়াচোন৷ মানে অহা সপ্তাহ মানে..চাওঁচোন।

: ছাৰ চাওক! আপুনি সকলো বুজাৰ পাছতো হোঁহোকা পিছলা কৰি থাকিলে কিন্তু আপোনাৰে অসুবিধা হ’ব। আজিৰ ভিতৰত পলিচি বুকিং কৰিলে আপোনাক ১৫% ডিচকাউণ্টো দিয়া হ’ব। কিন্তু ছাৰ আপুনি সিদ্ধান্ত লোৱাত কোনখিনিত অসুবিধা পাইছে মোক কওকচোন৷ মই কথাখিনি আকৌ এক্সপ্লেইন কৰি  দিওঁ৷ মানে ছাৰ আপুনি আজি পলিচি ল’লে কমিচনখিনি মোৰ নামত আহিব৷ পিছত ল’লে আকৌ কোন চেলচ এক্সিকিউটিভে পাই কি ঠিক? মোৰ আপোনাৰ লগত কথা পাতি ভাল লাগিছে৷ আপুনি বুদ্ধিমান মানুহ৷ হেণ্ডচামো হ’ব যেন লাগে৷ আপোনাৰ মাতটো বেছ পুৰুষসুলভ৷ ছাৰ আপুনি যদি এতিয়াই কনফাৰ্ম কৰে, আমি কেতিয়াবা ভৱিষ্যতেও কথা পাতিব পাৰোঁ, নে কি কয় ছাৰ? আৰু ছাৰ আজি মই মোৰ নিজৰ ফালৰ পৰাও আপোনাক আৰু ৫% ডিচকাউণ্ট দিম৷ লৈ লওক ছাৰ। পৰকালৰ বিষয়বোৰত পলম কৰা অনুচিত৷ ছাৰ প্লীজ…

: হ’ব দিয়া৷ লৈয়েই লওঁ তেনে৷ তুমিও ইমান জোৰকৈ ধৰিছা যেতিয়া। কোৱাচোন মই কি কৰিব লাগিব? বাই দা ৱে, তোমাৰ নামটো কি আছিল? পাহৰিলোঁ নহয়…

: মেনকা ছাৰ! এতিয়া আমাৰ একাউণ্টচ চেকচনে আপোনাৰ পলিচি কেনেকৈ কিনিব লাগে- কেনেকৈ পে’মেণ্ট কৰিব লাগে সেইবিষয়ে গাইড কৰি দিব। আপুনি একো কৰিব নেলাগে, ঘৰতে বহি থাকিলেই সকলো হৈ যাব। বহুত ধন্যবাদ ছাৰ, মই এতিয়া কলটো ট্ৰেন্সফাৰ কৰি আছোঁ- একাউণ্টচ চেকচনলৈ….

: হে! তুমি যোৱাই নেকি?

: হয় ছাৰ। মই এতিয়া যাব লাগিব। বাই দ ৱে, ভাল লাগিল আপোনাৰ লগত কথা পাতি। এটা কথা কওঁ ছাৰ- আপুনি যেতিয়া পলিচি ল’লেই, আচলতে আমাৰ এই ইঞ্চুৰেন্স ব্যৱসায়টোৰ লগতে আন এটা উদ্দেশ্যও আছে। আপোনাক জানব পাৰি আৰু এতিয়া,

: কি উদ্দেশ্য আকৌ… কোৱাচোন কোৱা।

: ছাৰ, আপুনি দেখিছেই, এই মানুহবোৰে স্বৰ্গৰ লালসাত পৃথিৱীখনৰ কি অৱস্থা কৰিছে, চাৰিওপিনে কেৱল ধ্বংস, হত্যা, অত্যাচাৰ, দুৰ্নীতি, ঠগবাজী… ভাল মানুহ যি দুই এজন আছে, তেওঁলোক ভয়তে তাপ মাৰি থাকিব লগা হৈছে। এফালে আকৌ স্বৰ্গ লাগে, আনফালে দিনে ৰাতিয়ে পাপৰ পয়োভৰ, জয়জয় ময়ময়। ছাৰ, এতিয়া যদি আমি  মানুহৰ মনত স্বৰ্গ এৰি নৰকৰ লালসা জাগ্ৰত কৰিব পাৰোঁ, কি ঠিক, হয়তো পৃথিৱীখন আজিতকৈ কম নাৰকীয় হ’ব।

☆ ★ ☆ ★ ☆

6 Comments

  • হেমন্ত কাকতি

    তামাম অভিজিত৷ বহুদিনৰ মূৰত তোমাৰ ধমাকাদাৰ লেখা এটা পঢ়িলো৷ দিল খুচ ব্ৰ’

    Reply
  • rintumoni dutta

    বহুতদিনৰ পিছত আপোনাৰ এণ্ট্ৰি, একদম ধামাকাদাৰ

    Reply
  • ডলী

    বঢ়িয়া লাগিল দাদা। বহুত দিনৰ মুৰত পঢ়িলো আপোনাৰ লেখা।

    Reply
  • Amitabh

    Superb

    Reply
  • বন্দিতা জৈন

    সুন্দৰ গল্প

    Reply
  • বন্দনা হাজৰিকা

    বহুত ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.