ফটাঢোল

ইটছ অল বিজনেছ – পার্থ প্ৰতীম শৰ্মা

বাহিৰত মানুহৰ শাৰী দেখি আমাৰ কাকতিদাই তবধ মানিলে। ঔ আই, তাৰমানে আমাৰ দত্তই দিয়া খবৰটো সঁচা। অৱশ্যে আজিলৈ দত্তই দিয়া প্ৰতিটো খবৰ সঁচা হৈয়েই ধৰা দিছে। তথাপিও কাকতিদা অভিজ্ঞ মানুহ হোৱাৰ বাবে খুপি খুপি খোজ দিয়ে। আজিও তাৰ ব্যতিক্ৰম হোৱা নাই। ইতিমধ্যে তেওঁ এই গোটেই প্ৰজেক্টটোৰ বিষয়ে যিমান পাৰি পঢ়ি আহিছে। প্ৰজেক্টটোৰ ফেচবুক পেজটোৰপৰা আৰম্ভ কৰি তাৰ ফলোৱাৰৰ দিতেইলছলৈ কাকতিদাই সকলো বিচাৰি উলিয়াইছে। গ্ৰউথ বহুত ভাল। কিন্তু প্ৰজেক্টটোৰ কাৰ্যপ্ৰণালী সম্পৰ্কত কাকতিদাই একো শুংসূত্ৰ উলিয়াবপৰা নাই। দত্তক সোধাত দত্তয়ো তেওঁক “আপুনি গৈ চাওকচোন” বুলি কৈ থৈ দিলে। কাকতিদাই জানে আজিৰ দিনত ইমান সোনকালে ‘গ্ৰো’ কৰা ‘নৈতিক বিজনেছ’ নাই। যিহেতু এইটো প্ৰজেক্ট ইমান ধুনীয়াকৈ লাভৰ দিশে বাঢ়ি আহিছে, হয় কিবা দুই নম্বৰী ধাণ্ডা, নাইবা কোনোবা পলিটিকেল প্ৰপাগাণ্ডা থকা প্ৰজেক্ট হ’ব।  

এতিয়া কাকতিদাই, সেই চিভিল চাৰ্ভিছৰ পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ৰ বুদ্ধিবোৰ উলিয়াবলৈ ধৰিলে। দা মেথদ অফ এলিমিনেছন। অৰ্থাৎ, এম.চি. কিও প্ৰশ্নত যেতিয়া শুদ্ধ উত্তৰটো জনা নাযায়, তেতিয়া অশুদ্ধ বুলি খাটাং হোৱা উত্তৰবোৰ অপসৰণ কৰি কৰি শুদ্ধ উত্তৰ উলিয়াব পাৰি। সেয়ে, কাকতিদাই প্রথমে প্ৰথম বিকল্পৰ বিষয়ে ভাবিলে-

এই গোটেই প্ৰজেক্টটো এটা ভেল্কীবাজি নহয়তো? মানে ধৰক, চাৰ্ভিছ দিম বুলি টকা লৈ উধাও হোৱা বিধৰ নহয়তো? যোৱাবাৰ “শাৰদীয় চিট ফাণ্ড”ত কাকতিদাৰ ইতিমধ্যে লোকচান হৈছে। আৰু সেইবোৰত সোমাব নোৱাৰি। কিন্তু দত্তই প্রেচক্ৰাইব কৰিছে যেতিয়া তেনেকুৱা একো হ’ব নালাগে দেখোন। 

এটা সম্ভাৱনা কেঞ্চেল হ’ল। ইতিমধ্যে কাকতিদা কুপন কাউণ্টাৰৰ শাৰীত থিয় হ’লগৈ। মনে মনে তেওঁ আকৌ ভাবিছে, “দত্তই কোৱামতে ইয়াত এক্সত্ৰিম এণ্ডৰ মানুহ অৰ্থাৎ বামপন্থী হ’লে, তীব্ৰ বামপন্থী আৰু সোঁপন্থী হ’লে তীব্ৰ সোঁপন্থীক অগ্ৰাধিকাৰ দিয়া হ’ব। কোনোবা পলিটিকেল পাৰ্টিৰদ্বাৰা পৰিচালিত প্ৰজেক্ট হোৱা হ’লে মাত্ৰ এটা পন্থাক গুৰুত্ব দিলেহেঁতেন। কিন্তু দুয়োটাকে গুৰুত্ব দিছে মানে এইটো তেনেকুৱা প্ৰজেক্ট নহয়। 

এইটো বাৰু হাতীৰ দাঁতৰ লেখীয়া প্ৰজেক্ট হ’ব পাৰে নেকি? মানে মানুহৰ চকুত কেৱল এনেকুৱা কামবোৰ কৰে, কিন্তু ভিতৰি কিবা ভয়ানক কুকৰ্ম চলি থকা ধৰণৰ! নাৰী চক্ৰ? নাই নাই। দত্তই সেইবোৰ লেঠাত অন্ততঃ কাকতিদাক নেপেলায়। সেইখিনি বিশ্বাস আছে তেওঁৰ ওপৰত। কিন্তু যদি দত্তয়ো নজনাকৈয়ে কিবা হৈ আছে!

 

কথাষাৰ ভাবিয়েই কাকতিদাৰ গাৰ নোম শিয়ঁৰি উঠিল। কঁপালৰ ভ্ৰূ কোঁচ খাই আহিল। ঠিক তেনেতে কাউণ্টাৰৰপৰা ছোৱালীজনীৰ মাত আহিল- 

: আই কাৰ্ড দিয়ক। 

মিঠা হাঁহি মাৰি কাকতিদাই আধাৰ কাৰ্ডখন আগবঢ়াই দিলে। কাউণ্টাৰৰ ছোৱালীজনীৰপৰাই কিবা কথা উলিয়াব পাৰি নেকি বুলি ভাবি নিজৰ স্বভাৱসুলভ মিঠা হাঁহিটো মাৰি কাকতিদাই ক’লে,

: মাইনা, ভিতৰত কিমান মানুহে প্ৰশ্ন সোধে বাৰু? কি বিষয়ত সোধে? 

: ৰূম নম্বৰ দহলৈ যাওক। তাত নিজেই দেখিব। 

ছোৱালীজনীৰ ৰুক্ষ মাতে কাকতিদাক ৰুষ্ট কৰিলে। তেওঁ মনতে ভাবিলে, “হুহ, কাকতিক ইগনৰ কৰে। কিমান মানুহে মোৰ লগত ফটো এখন উঠিবলৈ বুলি হেঁপাহত মৰি থাকে।”

পিচে আজি আৰু সেইবোৰত লাগি থাকিবলৈ কাকতিদাৰ সময় নাই। আজি মুঠতে এই প্ৰজেক্টৰ তলা-নলা সকলো উলিয়াইহে কাকতিদাই শান্তিৰ উশাহ ল’ব।

কৰিডৰ এটাৰ মাজেৰে কাকতিদা দহ নম্বৰ ৰূমলৈ আগবাঢ়িল। কৰিডৰটোৰ বাওঁফালে প্ৰায় পঞ্চাশগৰাকীমান মানুহে কম্পিউটাৰ টেবুলত বহি কিবা কৰি আছে। যেন একদম কোনোবা ছফ্টৱেৰ কোম্পানীৰহে ছেট আপ। কল চেণ্টাৰ টাইপ কিবা নেকি বাৰু? নে চেলিং এজেণ্ট ?

কিন্তু সোঁফালে চোৱাৰ লগে লগে কাকতিদাৰ ভুল ভাঙিল। সমান পৰিমাণৰ মানুহে সোঁফালে নিজা নিজা মেজত বহি কিবাকিবি লিখি আছে। কোনোবাই পেপাৰ পঢ়ি আছে, কোনোবাই কিবা ছবি(কাৰ্টুন) আঁকি আছে। কাকতিদাই একো ধৰিবই পৰা নাই কি হৈছে!

অলপ আগবঢ়াৰ লগে লগে তেওঁ দেখিলে কোনোবা এজনে কেমেৰাৰ আগত কিবা ৰেকৰ্ডিং কৰি আছে। তেওঁ ক্ষন্তেক ৰৈ কথাখিনি শুনিলে। আচ্চা, এওঁলোকে এয়া কোনোবা ৱেব পৰ্টেলৰ ভিডিঅ’ বনাই আছে।

কম্পিউটাৰ, লেখা-মেলা, ভিডিঅ’! একোৱেই লিংক কৰিবপৰা নাই কাকতিদাই। এইবোৰ ভাবি ভাবিয়েই তেওঁ ৰূম নম্বৰ দহ পালেগৈ। কোঠাত নক কৰাৰ লগে লগেই ভিতৰৰ পৰা মাত এটা আহিল,

: আহক কাকতিদা আহক। আপোনালৈয়ে ৰৈ আছিলোঁ। 

: সঞ্জীৱ তুমি? কি এইবোৰ? মোক দত্তই এবাৰো কোৱা নাই তোমাৰ কথা। 

দত্ত, কাকতিদা, সঞ্জীৱ, অলকেশ, বিজয়, অভিজিৎ এওঁলোক বহুদিনৰ পুৰণি চিনাকি। ফেচবুকৰ গ্ৰুপ এটাৰ জৰিয়তেই আটাইবোৰ চিনাকি। সেয়ে সঞ্জীৱক দেখি কাকতিদা আচৰিত হোৱাৰেই কথা!

: আৰে কাকতিদা, চাওক আপুনি ইয়ালৈ অহাৰ আগেয়ে কেৱল মোৰ চিনাকি দাদাহে আছিল। মোৰ বিজনেছ পাৰ্টনাৰ নাছিল নহয়। গতিকে আপোনাক সকলো কথা কেনেকৈ ক’ম! 

: বাৰু সঞ্জীৱ, এতিয়া মই আহিলোঁ যেতিয়া মোক বুজাই কোৱা। 

: বাৰু কাকতিদা। আপোনাক ইমানদিনে মই যিমান বুজিছোঁ, আপুনি ইয়ালৈ অহাৰ আগেয়েই নিজৰ হোমৱৰ্ক কৰি আহিছে নিশ্চয়। গতিকে আমাৰ ইয়াৰ টাৰ্ন অভাৰ, মাৰ্কেট পেনিট্ৰেচন আপুনি অলৰেদি পঢ়ি আহিছে। হয়নে?

: হয়, কিন্তু..

কাকতিদাক কথাটো সম্পূৰ্ণ কৰিবলৈ নিদি সঞ্জীৱে আকৌ কৈ উঠিল,

: কিন্তু আপুনি ধৰিবপৰা নাই যে আমি কৰি কি আছোঁ, যাৰ বাবে আমাৰ ইমান প্ৰফিট? ৰাইট?

: উম। ৰাইট। 

: ঠিক আছে। আহক। আপোনাক দেখুৱাই দিওঁ। 

সঞ্জীৱে কাকতিদাক বাহিৰৰ কাম কৰি থকা মানুহবোৰৰ ওচৰলৈ নি লাহে লাহে সকলো বুজাবলৈ ধৰিলে। 

: চাওক কাকতিদা, আমি মূলতঃ কি কৰোঁ জানে? আমি মানুহক ইনফৰ্মেচন দিওঁ। কিন্তু কি ইনফৰ্মেচন আমি মানুহক দিম সেয়া নিৰ্ভৰ কৰিব আমাৰ কাষ্টমাৰৰ প্ৰয়োজনৰ ওপৰত। আৰু আমাৰ কাষ্টমাৰ বুলিলে সেয়া কোনোবা স্পেচিফিক পাৰ্টি নহয়। মানে এই পাৰ্টিয়ে টকা দিলে আমি এই পাৰ্টিৰ কাম কৰিম, সেই পাৰ্টিয়ে টকা দিলে আমি সেই পাৰ্টিৰ কাম কৰিম। আমি হ’লোঁ “আচল নিউৎৰেল” হাঃ হাঃ হাঃ! কিন্তু আমি ফেক ইনফৰ্মেচন নিদিওঁ। আমি কেৱল ইনফৰ্মেচনৰ সময় আৰু টাৰ্গেট ফিক্স কৰিম। মানে ধৰক, ৰাহুলৰ যে আলু-সোণৰ ভিডিঅ’টো, সেইটো এতিয়া আপুনি নেদেখে। কিন্তু নিৰ্বাচন আহিলেই সেইটো সকলোতে আহি যাব চাব। বুজিছেনে?

এইটো আমাৰ ৱেব পৰ্টেল চেক্সন। ইয়াত ভিদিঅ’ৰ গোটেই কামখিনি কৰা হয়। সেইটো হ’ল- আমাৰ চছিয়েল মিডিয়া চেক্সন। তাতে, ফেচবুক, টুইটাৰ ইত্যাদিত কি ট্রেণ্ডত আছে, আমি কি ট্রেণ্ড জেনেৰেট কৰিম, কোনটো এ’জ গ্ৰুপক এটেক কৰিম সকলো ডিছাইড হ’ব। ৱেব পৰ্টেল আৰু চছিয়েল মিডিয়া চেক্সনৰ মাজত সমন্বয় ৰক্ষা কৰাটো বহুত দৰকাৰী। আপুনি শুনি আচৰিত হ’ব, এই গোটেই কামখিনিৰ তত্বাৱধান কোনে কৰে জানে? আমাৰ অলকেশদাই। 

: অলকেশ! তাক যেতিয়াই সুধোঁ সময় নাই বুলি কৈ থকা অলকেশে ইয়াৰ কামৰ বাবে সময় উলিয়াব কিন্তু ঠিকেই পাৰিছে ন!

: টকা, কাকতিদা টকা। টকাই মানুহ টানে। যি নহওক, এইটো আমাৰ প্ৰিণ্ট মিডিয়া হেণ্ডল চেক্সন। লেখাবোৰ আমি প্ৰয়োজন অনুযায়ী লিখোঁ। মুঠতে কি জানে কাকতিদা, এই যে আপোনালোকে এটা ৱেভ দেখে মিডিয়াত! উই ক্ৰিয়েট ডেট। জনসাধাৰণে কি চাব মোদী নে ৰাহুল, কি লিখিব #couplegoal নে #farmbill , কি কৰিব; পঢ়িব নে চিনেমা চাব, কি খাব; ডালগুণা কফী নে অপৰাজিতা চাহ! সকলো আমি ডিছাইড কৰোঁ। আৰু তাৰ বিনিময়ত আমি পাওঁ এটা মোটা অংকৰ ধন। গতিকে আপুনি কওক। আমাৰ লগত আছেনে? 

কাকতিদাই অলপ সময় চিন্তা কৰি উত্তৰ দিলে,

: মই অকলে তোমাৰ লগত নাই। মোৰ লগতে আন বহুত মানুহ লাগিব। অভিজিৎ কলিতা, ভাস্কৰ বৰুৱা, ভাস্কৰ দাস, দেৱজিত, ধুৰ্জ্জতি, নিলাক্ষী, ৰাজশ্ৰী, পার্থ সকলোৱে আমাৰ হৈ কাম কৰিব। কিন্তু তেওঁলোকে নাজানিব যে তেওঁলোকে আমাৰ হৈ কাম কৰিব। লেটছ মেক দিছ হিউজ। মই আছোঁ।

: ডেটছ হাও কাকতিদা স্পীক্স। আপুনি এতিয়া তেন্তে ইণ্টাৰডিপাৰ্টমেণ্টেল মেনেজমেণ্টৰ কামখিনি চাব। প্লাছ আৰ এণ্ড দি। আৰ এণ্ড ডিত আপোনাৰ প্ৰিয় ভাই দত্ত আছেই!

: ঔকে। লেটছ দু ইট….

☆ ★ ☆ ★ ☆

7 Comments

  • কাবেৰী মহন্ত

    সুন্দৰ গল্প দেই৷ তোমাৰ লেখা নেৰোঁ মই

    Reply
    • পার্থ প্ৰতীম শৰ্মা

      ধন্যবাদ বা।

      Reply
  • দুলুমণি গগৈ

    😀😀😀বিজনেছ অব ইণ্টেলেক্সুৱেলচ

    Reply
    • পাৰ্থ প্ৰতীম শর্মা

      সময় উলিয়াই পঢ়াৰ বাবে অশেষ ধন্যবাদ।

      Reply
  • বাগ্মিতা

    কাকতিদাৰ লগত মইও আছোঁ দেই😉 ভাল লিখিছা পার্থ

    Reply
  • পার্থ প্ৰতীম শর্মা

    একদম বাৰবীবা।
    সময় উলিয়াই পঢ়াৰ বাবে অশেষ ধন্যবাদ।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    চাওঁ চোন বিজনেছ কিমান উধাব পাৰোঁ আটায়ে মিলি। বঢ়িয়া লিখিলা পাৰ্থ।

    Reply

Leave a Reply

Your email address will not be published.