ফটাঢোল

ইনড’ৰ শ্বুটিং — ৰঞ্জু হালৈ মুনি

চিনেমাত অভিনয় কৰাৰ কাৰ মন নাই বাৰু কওকচোন? মোৰো বিৰাট হেঁপাহ, কেমেৰাৰ সন্মুখত এবাৰ হ’লেও মুখখন যেনে তেনে উলিওৱাৰ। কিমান মানুহে যে মোৰ অভিনয় দেখি মুগ্ধ হ’ব। মোক বিগ বেনাৰৰ ছবিৰ বাবে চুক্তিবদ্ধ কৰিব। তেনেকুৱা সুযোগ এটা আহিল সেইদিনা।

ইউ টিউবৰ যুগ। সকলোৱে ভ্লগ খুলিছে, ইউ টিউব চেনেল খুলিছে মুঠতে সকলো ব্যস্ত। তলাবন্ধৰ সময়তে প্ৰায় দহ হাজাৰ মানে ইউ টিউব চেনেল খুলিছে। আমাৰ গাঁৱৰ ইউ টিউবাৰকেইজনো বহি থকা নাই। ঘৰে ঘৰে অনুৰোধ কৰি ফুৰিছে বোলে লাইক কৰক, শ্বেয়াৰ কৰক। নিজৰ বুলি সকলোৱে কৰিছেও। সেইদিনা ল’ৰাকেইজনে আমাৰ ঘৰলৈ আহি ক’লে বোলে,

:ইনড’ৰ শ্বুটিং আজি ইয়াতেই কৰিম।

মই বোলো,

: মোকো চাঞ্চ অকণ দিয়া। যিহেতু শ্বুটিং ভাগ আমাৰ ঘৰতেই হ’ব।

তেওঁলোকে কৈছে,

: আছে তেনেকুৱা ৰোল।

লগালগ কোঠাটো সজাই-পৰাই ধুনীয়া কৰি দিছোঁ‌। সজাইপৰাই মানেনো কি সেই নতুন বেডকভাৰ এখন পাৰি দিছোঁ‌। কাৰেণ্ট নাই বাবে খিৰিকীৰ পৰ্দাকেইখন দাঙি দিয়াত কোঠাটো যেনিবা পোহৰ হৈ পৰিল।ইফালে ধাৰাষাৰ বৰষুণ। নিজৰ বাবেও অনলাইনত অৰ্ডাৰ কৰি অনা কাপোৰ এযোৰ উলিয়াই লৈছোঁ‌।চিনেমাত অভিনয় কৰাৰ কথা যে। ভাবিছোঁ‌ নায়িকাৰ বান্ধৱী-চান্ধৱী ৰোল এটা দিব। তেতিয়া মোৰ মুখ্য ভূমিকা হ’ব চিঠিৰ আদান-প্ৰদান কৰা। আজিকালিৰ যুগতনো ক’ত চিঠিৰ যোগান ধৰিব লাগিব। চিঠি দেখোন কোনোৱেই নিলিখে। মোৰ ৰোলটো কি হ’ব তেতিয়া হ’লে! ভাবি ভাবি একো উৱাদিহ পোৱা নাই। মাৰ হতুৱাই চুলিখিনিৰ দুডাল বেণী গুঠি লৈছোঁ‌। বেণী গুঠাই দেখোন মধুবালাহেন দেখা হ’ল? নহ’ব, এইবাৰ চুলিখিনি খুলি সোমাজেদি সেওঁ‌তা ফালি ঐশ্বৰ্য্য ৰায়ৰ লুক এটা আনিবলৈ চেষ্টা কৰিছোঁ‌। নিমিলেহে নিমিলে।শেষত যেনিবা মেৰিয়াই মেৰিয়াই খোপা এটা বান্ধি কিবাকৈ মিলাই থৈ দিলোঁ‌।

নায়িকাই চাহ খোৱা দৃশ্য এটা আছিল বাবে চাহ বনাই আনি গোটেইকেইজনকে খাবলৈ দিলোঁ‌। লঘোনে -ভোকে দিনটো শ্বুটিং কৰি আছে। মাজে মাজে সুধি আছোঁ‌,

: মই কেতিয়া ওলাবলৈ পাৰিম। মোৰ ৰোলটো কি?

: অলপ পিছত, অলপ পিছত

বুলি তেওঁলোকে কয়। সেই ‘অলপ পিছত’ সময়খিনিহে আহি নাপায়। অৱশেষত আহিল সেই মধুৰ ক্ষণটো।উৎকণ্ঠাৰ অন্ত পেলাই মোক ক’লে বোলে,

: গাড়ীত বহা।

ক’বলৈ পাহৰিছোঁ‌ তেওঁলোকে গাড়ী এখনো আনিছে শ্বুটিঙত লাগিব হেনো।

: গাড়ীত আকৌ কিয়?

ভেবা লাগি চাইছোঁ‌ তেওঁলোকৰ মুখলৈ। ঘৰৰ ভিতৰৰ শ্বুটিং ভাগ বাহিৰলৈ আহি পালে। তাকো গাড়ীৰ ভিতৰ। মই বুজি নোপোৱা দেখি তেওঁলোকে কৈছে বোলে,

: এইবাৰ গাড়ীৰ ভিতৰত ইনড’ৰ শ্বুটিং হ’ব।

: গাড়ীৰ ভিতৰত ইনড’ৰ শ্বুটিং! কেচ কি?

: আমাক গাড়ীত বহি থকা মানুহো লাগে যে। ধৰি লোৱা এইখন উবেৰ আৰু তুমি আমাৰ যাত্ৰী।

:কি?

:অঁ‌।

: তেতিয়াহ’লে মই ড্ৰাইভাৰৰ কাষৰ ছিটটোত বহিম।

:সেইটো ছিটত নায়িকা বহিব। তুমি পিছৰ ছিটত বহা।

:পিছৰ ছিটত বহিলে মোক কোনে দেখিব?

তিনিটা জাঁ‌প মাৰি দিলোঁ‌ দৌৰ

:ইয়ো কিয় তেনেকুৱা কৰিছা। মানুহে তোমাকো দেখিবতো।

পৰিচালকজাতীয় ল’ৰাজনে ক’লে।

: সংলাপ নোহোৱা চৰিত্ৰ তাতে আকৌ কোনেও মোক নেদেখিব। গতিকে মই অভিনয় নকৰোঁ‌।

: আমাক গাড়ীৰ ভিতৰত বহা মানুহো লাগে। তোমাক বঢ়িয়াকৈ কভাৰ কৰি দিমতো।

: নাহ, নহ’ব।

মোৰ চিনেমাত অভিনয় কৰাৰ আশা তেনেকৈয়ে অসমাপ্ত হৈ ৰ’ল।

☆★☆★☆

2 Comments

  • প্ৰদীপ বৰা

    এঃ বৰ দুখ লাগিল দেও

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ভাল লাগিল পঢ়ি৷

    Reply

Leave a Reply

Your email address will not be published.