ফটাঢোল

ইনষ্টলমেণ্টত ৰসগোল্লা- অশোক কুমাৰ নাথ

মানুহজন গজংগজংকৈ হোটেলখনলৈ সোমাই আহি ডাইৰেক্ট মালিকক সুধিলে – “ৰসগোল্লা এটাৰ দাম কিমান?”

হোটেলৰ মালিকে গহীনাই উত্তৰ দিলে – “২০ টকা।”

“ইনষ্টলমেণ্টত পোৱা যাবনে?”

অনাকাংক্ষিত প্ৰস্তাৱটো শুনি মালিকৰ একেসময়তে অকণমান খং আৰু হাঁহি উঠিল।

“কিনো কথা ক’বলৈ আহিছে হে এই পুৱাই পুৱাই?”

আগতকৈও উচ্চ স্বৰত মানুহজনে ক’লে – “ঠিকেই শুনিছে আপুনি! ইনষ্টলমেণ্টত ৰসগোল্লা এটা লাগে মোক – দিব নে নাই সেইটো কওক?”

“নিদিওঁ।” – মালিকৰ এইবাৰ সঁচাকৈয়ে খং উঠিল।

“সঁচাকৈয়ে নিদিয়ে?”

“অঁ, নিদিওঁ!”

“আপুনি মোক চিনি পোৱা নাই! মন্ত্ৰীৰ লগত হাত আছে মোৰ। এতিয়াই মন্ত্ৰীৰ হতুৱাই থানালৈ ফোন কৰাই আপোনাক টানি লৈ যাব পাৰোঁ থানালৈ। গম পাইছে?”

হঠাতে হুলস্থূলীয়া পৰিৱেশ এটাৰ সৃষ্টি হ’ল। উপস্থিত মানুহ হতবাক হ’ল। মন্ত্ৰী আৰু পুলিচৰ কথা শুনি হোটেলৰ মালিক ক’ব নোৱৰাকৈয়ে অকণমান নৰম হ’ল। কিয় নৰম হ’ল, তেওঁ নিজেও নুবুজিলে।

“হেৰি ডাঙৰীয়া! ঠিক আছে, দিম দিয়ক।”

আচৰিত মানুহজন শান্ত হ’ল। আনন্দৰে সুধিলে – “ডাউন পেমেণ্ট কিমান দিব লাগিব?”

“আপুনি যি দিয়ে।”

“ঠিক আছে – ডাউন পেমেণ্ট ৫ টকা দিম আৰু বাকী ১৫ টকা ১৫ টা কিস্তিত কমপ্লিট কৰিম; মানে এবছৰ ৩ মাহত। হ’ব?”

“হ’ব। ঐ, এখেতক ৰসগোল্লা এটা বান্ধি দেচোন।”

আচৰিত মানুহজনে পুনৰ আৰম্ভ কৰিলে – “পৰঠা কাটি বেচেনে?”

মালিকৰ আকৌ টিঙিচকৈ খংটো উঠিল – “হেৰি পৰঠা জানো কাটি বেচে কওকচোন?”

“কিয় বেচিব নোৱাৰে? ছাগলী, গাহৰি, ব্ৰ’ইলাৰ মুৰ্গী যদি কাটি বেচিব পাৰে, তেন্তে পৰঠাও কাটি বেচিব পাৰিব লাগিব। এতিয়াই মিডিয়া মাতি হুলস্থূল লগাই দিম, গম পোৱা নাই! কাটি বেচিব নোৱাৰে, কথা ক’বলৈ আহে! দিয়ক দিয়ক – মোক আধা পৰঠা বান্ধি দিয়ক। এটাৰ দাম কিমান?”

কি এটা মানুহৰ পাল্লাত পৰিলোঁ বুলি ভাবি হোটেলৰ মালিকৰ ভিতৰি ভিতৰি সাংঘাতিক খং উঠিল। কিন্তু খংটো নিয়ন্ত্ৰণ কৰি সদ্যহতে মানুহজনক সোনকালে বিদায় দিয়াই শ্ৰেষ্ঠ উপায় বুলি তেওঁ ভাবিলে। নম্ৰভাৱে তেওঁ হোটেলৰ কৰ্মী এজনক ক’লে – “এখেতক আধা পৰঠা বান্ধি দেচোন।”

কিংকৰ্তব্যবিমূঢ় হৈ হোটেলৰ কৰ্মচাৰীজনে মুখ মেলি মালিকলৈ চাই থাকোতেই মালিকে চকুৰ ইংগিতেৰে পুনৰবাৰ আধা পৰঠা দিবলৈ ক’লে।

আচৰিত মানুহজনে ৰসগোল্লা আৰু আধা পৰঠা লৈ হোটেলৰপৰা বেচ ফূৰ্তিৰে ওলাই গ’ল। হতবাক-বিস্ময়ত উপস্থিত লোকসকলে মানুহজন যোৱাৰ ফালেই থৰ লাগি চাই ৰ’ল। কিন্তু কেইমুহূৰ্তমান পাছতেই হঠাৎ মানুহজন আকৌ ওলালহি। হোটেলৰ মালিকক উদ্দেশ্যি খুব আনন্দ মনেৰে তেওঁ ক’লে – “এইখিনিতে ১ টকা এটা হেৰাই পালোঁ! ভাবিলোঁ ৰসগোল্লাৰ প্ৰথম ইনষ্টলমেণ্টটো দি থৈয়ে যাওঁ। এইটো লওক ১ টকা। ৰসগোল্লাৰ প্ৰথম ইনষ্টলমেণ্টটো দি দিলোঁ। ভালকৈ লিখি থওক।

গজংগজংকৈ পৃথিৱীৰ এজন আচৰিত মানুহে এটা আচৰিত তথা ৰহস্যময় হাঁহি মাৰি আচৰিত ভংগীমাৰে খোজ পেলাই পেলাই এখন হোটেলখনৰপৰা এইমাত্ৰ ওলাই গ’ল।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.