ফটাঢোল

ইয়াতকৈ বেদনা লাগেনে ঐ জানমনি – উৎপলা শইকীয়া

জীৱন অনুপম৷ সুখ দুখ হাঁহি কান্দোনৰ মাজেৰেই ই আগবাঢ়ি গৈ থাকে মৃত্যুক লক্ষ্য কৰি৷ সুখ-দুখ জীৱনৰ সহচৰ৷ এদিন হয়তো পৰিস্থিতিৰ বাবে কান্দিছোঁ তথাপি হাঁহিটোক সদায় আগত ৰাখিয়েই পাৰ কৰিবলৈ চেষ্টা কৰিছোঁ এই অনুপম যাত্ৰাৰ প্ৰতিটো ক্ষণ৷ আজি কিছুদিনৰ পৰা দুখবোৰ আঁতৰাই ৰাখি যিমান পাৰোঁ জীৱনটোক উপভোগ কৰিবলৈ চেষ্টা কৰিছোঁ৷ নিশা জলমলাই থকা অপৰাজিতা হ’ব নোৱাৰিলেও কণমানি পোহৰ কিন্তু সুবাসিত হৈ ৰোৱা বকুল হ’বলৈয়ে যত্নৰ ত্ৰুটি কৰা নাই কাহানিও৷

জ্যেষ্ঠ সকলে কোৱাৰ দৰে জীৱনে দিওঁ চাই আৰু নিওঁ চাই৷ মোৰ জীৱনটোতো একেই ঘটনাই ঘটি থাকে প্ৰায়েই৷ কেতিয়াবা লক্ষ্য কৰোঁ আৰু কেতিয়াবা হয়তো জীৱনক সেইবোৰক লৈ মূৰ ঘমাবলৈ সুযোগ নিদিওঁ৷ সেইবুলি এইয়া মোৰ কোনো সচেতনতা বা উচ্চাকাংক্ষাৰ ফলশ্ৰুতিত নহয়৷ সময় সাপেক্ষে ই মোৰ চূড়ান্ত বেখেয়ালী আৰু এলেহুৱা জীৱন-যাপনৰহে প্ৰভাৱ বুলি ক’ব খুজিম৷

বাৰু এতিয়া আহোঁ জীৱনে দিয়া নিয়াৰ খেলটোলৈ৷ কৰ্মব্যস্ততাৰ কথাকে চেলু হিচাপে লৈ শাৰীৰিক পৰিশ্ৰমলৈ পিঠি দিয়া মইজনী লাহে লাহে কি হ’বলৈ গৈ আছোঁ সেইয়া মই নক’লেও যোৱা এবছৰ মানত মোক দেখি থকা সকলে গম পাবই৷ আজিকালি প্ৰায়েই কিছুমান বিশেষ কমপ্লিমেণ্ট(? ) বুকু ফিন্দাই আহৰণ কৰিবলে সক্ষম হৈছোঁ৷ তাৰ ভিতৰত সকলোতকৈ বেছি পোৱাটো “ঐ বান্দৰী, আৰু শকত নহ’বি৷ নহ’লে কোনোবাদিনা গণেশগুড়িৰ বজাৰৰ ভিৰত ধৌওমকে ফুটিবি”৷ এইয়া হ’ল লগৰ কেইজনীৰ কমেণ্ট৷ কোনোবাজনীয়ে আকৌ এদোপ ওপৰত গৈ৷ ৰাতি ৰুটি খাবলৈ আৰু লগতে কি ব্ৰেণ্ডৰ আটা খাব লাগিব তাকো উপদেশ দিবলৈ নেৰে৷ উফ্ মানুহবোৰৰ পৰা যে ক’তো শান্তি নাই৷ মইহে জানো ডায়েটিঙৰ নামত ৰাতি আল্ট্ৰাশ্লিম ৰুটি দুখন খাই মোৰ কি অৱস্থা হয়৷ ইফালে কাৰোবাৰ সমুখত ডায়েটিংৰ ফিতাহি মাৰি ধৰা পৰাৰ ভয়ত এন্ধাৰে-মুন্ধাৰে বিস্কুটৰ টেমা বিচাৰি পাকঘৰলৈ যোৱা ৰাস্তাত কেইদিন যে বেচিনটোতে ধুমুহকৈ মাৰি হাতখনত দুখ পাইছোঁ৷ কিবাকৈ বিস্কুট এসোপা আৰু পানী ঢোকাঢোকে খাইহে টোপনিটো আনিব পাৰোঁ৷ সেইবুলি আকৌ মোৰ এই কুকুৰীকণা হোৱাৰ ৰাম কাহিনী সিহঁতৰ আগত কোৱাৰ পৰা বিৰত থাকোঁ সদায়৷ সেই একে কেইজনী ছোৱালীয়েই আকৌ অফিচৰ পিছত দিগন্ত চুইটচৰ বাৰাণ্ডাত বহি মাৰা চাহৰ আদ্দাত ভাষ্য সলনি হৈ যায়৷ এজনীৰ মন্তব্য “ঐ আমুক ডিপাৰ্টমেণ্টৰ আমাৰ বেটচৰ যে তাই(নাম প্ৰকাশ কৰাত লেখিকা অপাৰগ) ইম্মান বেছি ক্ষীণ ন?” আন এজনীৰ মন্তব্য “হয় দেই৷ ক্ষীণ কাৰণে তাইক আজিকালি এইজটো বেছি যেন লগা হৈছে ন? কিবা একো পিন্ধিলেও ফুটি নুঠে দেখোন৷” মনতে ভাবোঁ, অশান্ত আত্মা সোপা৷ ইহঁতৰ পৰা কাৰো শান্তি নাই৷ না শকতৰ শান্তি, না ক্ষীণৰ তথাপি মইয়ো সিহঁতৰ লগতে মূৰ হিলাও অন্ততঃ আজি মই শকত চেহেৰাটোক লৈ চিন্তা কৰিব নালাগে বৰং গৰ্বহে কৰিব পাৰোঁ৷ পিছে হ’লে কি হ’ব? বিধিয়ে দিওঁ চাই নিওঁ চাই৷ মূৰটো দুপিয়াই কিবা এষাৰ ক’বলৈ নাপাওঁঁতেই সদায় ৰাতিপুৱা পাঁচটা বাজিতে মোক মৰ্ণিং ওৱাকৰ বাবে ফোন কৰি কামোৰ দিয়া দিমাচা বান্ধৱীজনীয়ে টেপেৰকে মাত দিয়ে -“ঐৱে তুত আপনা চৰ হিলানা বন্ধ হী কৰ৷ ৱ’ পতলী হে ত’ ক্যা হুৱা ওচকাতৌ চাঞ্চেচ হে বঢ়নে কা৷ লেকিন তেৰাত’ ঘত্না দূৰ কী বাট৷ দিন ৱ দিন মৌতী হ’তী যা ৰহী হে৷ উপৰচে চুৱহ ফোন কৰণে চে ভী উঠনেকা নাম নেহী লেতি” মই বুজি পাওঁ তাইৰ খঙৰ কাৰণ৷ মই শকত হোৱাটোত তাইৰ যিমান খং অন্ধবিশ্বাসী তাইজনীৰ ৰাতিপুৱাটো তাইৰ ভাষাত “স্পইল” হ’ল বুলি মোৰ ওপৰত বেছি খঙত থাকে তাই সেইদিনা৷ মইয়ো মাজে মাজে তাইক অসমীয়াতে উত্তৰ দি নিজক প্ৰটেক্চন দিওঁ৷ থ থ মৰতি, তোৰ কাৰণে ফোনটো ভলিউমত ৰাখি মোৰ দোকমোকালিৰ টোপনিকণ বিসৰ্জন দিব নোৱাৰোঁ দেই৷ তোৰ কামোৰ খাইহে মই ৰাতিপুৱা যাম বুলি সদায় মিছা কওঁ তোক৷ আৰু মোৰ ওজন মই দাঙিছোঁ৷ তই দাঙি মৰা নাই নহয় যাহ৷ মোৰ কথা দুই এটা তাইৰ মূৰৰ ওপৰেদিয়ে যায় প্ৰায়ে৷ শকত বুলি মনত পোৱা দুখটো পাতল কৰি দিয়ে সিহঁতৰ এই মৰমবোৰে৷ সিহঁতক নেদেখুৱাওঁ যদিও মনে মনে শকত হোৱাৰ বাবে চিন্তা এটা পুহিবলৈ ধৰোঁ৷ হয় দেই লগৰ দুজনীমান আছে দুনীয়াৰ বাটাৰ দিয়া মছালা ফছালা দিচবোৰ খালেও সেই কেটেঙীজনীয়ে হৈ থাকে আৰু মই পৰাপক্ষত কম মছলা, কম তেল খোৱাজনীৰ আক’ চেহেৰা বাঢ়া বন্ধ নহয়৷ সৰু মানুহ৷ সৰু সৰু সুখ, সৰু সৰু দুখ৷ এইবাৰ কিন্তু মোৰ দুখ সৰু যদিও মোক অলপ ভবাই পেলাইছে৷ লাহে লাহে যেন মই ডিপ্ৰেচনত ভুগিবলৈ লৈছোঁ৷ চেহ্ ক্ষীণাবলৈ কিবা এটা কৰিব লাগিব এইবাৰ৷ কিবাকে এই সপ্তাহটো যাওক, ইত্যাদি ইত্যাদি অনেক পৰিকল্পনা ৰাতিৰ শোৱাপাতিতে আৰম্ভ হৈ ৰাতিপুৱালৈ শেষ হয়৷

এনেকৈয়ে ভগৱানে সৰু সৰু দুখ আৰু সৰু সৰু সুখৰ মাজেদিয়ে মোৰ সৰু জীৱনটো আগবঢ়াই নিছে৷

সিদিনা গুৱাহাটীত পিনকাথন বুলি এটা মহিলা আৰু ছোৱালীৰ মাৰাথন দৌৰত লগৰ কেইজনীৰ উৎসাহতে অংশ ল’লোঁ৷ ৰাতিপুৱা ৪: ৩০তে উঠি যাবলৈ ৰেডি হৈছোঁ৷ লগৰজনীৰ বাৰে বাৰে ফোন আহিল৷ “ঐ তু উঠা কী নেহী৷” পুৱাৰ টোপনিকণৰ জলাঞ্জলি দি যোৱা বাবে মনটো অলপ গধুৰ হৈ আছিল৷ তাত গৈ অলপ দেৰি বডি ৱাৰ্ম আপ কৰোৱাৰ বাবে নাচৰ ব্যৱস্থা কৰিছিল৷ মইয়ো সুযোগ পাই মন ভৰাই নাচি মোৰ প্ৰতিভা দেখাই দিলোঁ লগৰ কেইজনীক৷ তেনেতে অফিচৰ কলিগ বা এজনী তেখেতৰ ছোৱালী ৰ’ইনাক লৈ ফিল্ডলৈ সোমাই আমাৰ ওচৰলে আহিল৷ বাক মাত দিবলৈ নাচা বন্ধ কৰি মই অবাক৷ ৰ’ইনাই দৌৰি আহি মোক সাৱতি ধৰিলেহি “আইয়ু আমাৰ পৰিনীতি চোপ্ৰাজনী৷” কণমানিজনীৰ কথাষাৰ শুনি হাঁহিমনে কান্দিম লাগিছিল৷ এই আচলতে মোক সঁচাকৈয়ে মৰমত কথাষাৰ কৈছেনে নে চকলেটৰ ধাণ্ডাত! মোৰ চাৱনি বুজি পাই মাকে মাত লগালে৷ ঐ ছোৱালী হয় দে৷ ভাগিনিয়েৰে মোৰ লগত তোৰ ফটো যেতিয়াই দেখে তেতিয়াই এইটো কথা কয়৷ তই বোলে পৰিনীতি চোপ্ৰাৰ দৰে দেখিবলৈ৷ ইচচচচ্ লগেলগে মোক মোটি, পেটলী ইত্যাদি বিশেষণ দিবলৈ কুণ্ঠাবোধ নকৰা মোৰ ডিমাচা বান্ধৱীজনীলৈ চালোঁ৷ মোৰ মুখত এটিটিউড তামাম ফুটিছে৷ বোলো মোক মোটি কৱ মৰতি? এতিয়া চা মোৰ ফেন ফ’ল’ৱিং কিমান দূৰলৈ গৈ পাইছে৷ তাই লাহেকৈ ক’লে “হা তৌ, তুম ৱেচে কুচ কম কিউট নেহি হৌ৷” তাইৰ মুখৰ পৰাও প্ৰশংসা পাই মই একেবাৰে সাতখনমান স্বৰ্গৰ একমাত্ৰ অপেশ্বৰীজনীৰ দৰে ফিল কৰিলোঁ৷ পিনকাথন শেষ কৰি ঘৰলৈ বুলি বাছত উঠিলোঁ৷ এগৰাকী অন্য মহিলাৰ লগত বহিবলৈ চিট এটা পালোঁ৷ বাছখনৰ চিটটো অলপ ঠেক আৰু সহযাত্ৰী গৰাকীও একেবাৰে ক্ষীণ জাতৰ নাছিল৷ সেয়ে দুয়ো অলপ টনা-আজোৰাকৈয়ে বহিলোঁ৷ মহিলা গৰাকীয়ে বৰ অস্বস্তিত মুখখন ইকটা বিকটা কৰি থাকি আগৰ ষ্টপেজত নামি গ’ল আৰু ভোৰভোৰাই কৈ গ’ল “শকত মানুহৰ লগত বহিলে বৰ অশান্তি দেই৷” লগে লগে মোৰ সমানে সমানে থকা চিটটোত বহা লগৰজনীলে চালোঁ৷ তাই খুকখুককৈ হাঁহি আছে৷ অলপ দেৰি আগৰ সেই অপেশ্বৰী টাইপ ফিলিংটো কৰ্পূৰৰ দৰে বতাহত উৰি গ’ল৷ মনতে ভগৱানক ক’লোঁঁ, হ’ল বুলিনো সুখকণ দি ইমান সোনকালে নিব লাগেনে প্ৰভু৷

দুসপ্তাহৰ মুৰত দুদিন বন্ধ পাওঁ আৰু বন্ধত সদায় নগাঁৱৰ ঘৰখনলৈ যাব লগা হয়৷ এইবাৰো ৰাসৰ সময়ত বন্ধ মিলাই তিনিদিন থকাকৈ গ’লোঁ৷ আমাৰ নগাঁৱৰ ফালে আকৌ মূল ৰাস পূৰ্ণিমাৰ দিনাই সকলো ঠাইতে ৰাস নাপাতে৷ কিছুমান ঠাইত ৰাস দেৰিকৈয়ো পাতে৷ আমি ঘৰলৈ যোৱা পিছদিনা সেইখন গাওঁৰ ৰাসৰ বাবে চান্দা তুলিবলৈ গাঁৱৰ জীয়ৰী মহিলা সকল আহিল৷ ইমান দিনৰ পিছত গাঁৱৰ মহিলাসকল ঘৰলৈ আহিছে৷ সেয়ে ময়ো চাহপানী এটোপা খাব বুলি বহিবলৈ দি চান্দা আনিবলৈ ভিতৰলৈ গ’লোঁ৷ ওলাই আহি দুৱাৰমুখ পাওঁতেই বাইদেউ এগৰাকীয়ে তপককৈ ক’লে “বোৱাৰী ৰাস চাবলৈ আহিবা কিন্তু দেই৷ তুমি ইয়াতে থকা হ’লে তোমাক কংসৰ ভাওটোকে দিলোঁ হয়৷ শকতে আৱতে একেবাৰে খাই পৰিলা হয়৷” বটাখন আগবঢ়াই দি সেৱাটো কৰিলোঁ আৰু মানুহখিনিয়ে যাবলৈ উৎপাত কৰা বাবে মইয়ো চাহ খাবলৈ আৰু জোৰ নকৰিলোঁ৷ গোপীনীসকল গ’ল কি নগ’ল ইফালে এজনে চিঞৰি চিঞৰি গাবলৈ ধৰিলে,
“ইয়াতকৈ বেদনা লাগেনে ঐ জানমনি…”

গোপীনীয়ে চাহ নাখাওঁ বুলি কোৱাত ইজনলৈকে চাহটোপা কৰোঁ বুলি গেছত চচপেনটো উঠাই দিছিলোঁ৷ খঙৰ ভমকত হুঁহ নুখুৱাওঁ যাহ কাকো চাহ-তাহ বুলি গেছ অফ কৰি থ’লোঁ!

উপসংহাৰ∶

জীয়ৰী অৱস্থাত গাঁৱৰ ৰাসত যেতিয়াই নাচিছোঁ তেতিয়াই কৃষ্ণই নাচিছিলোঁ৷ এবাৰ হেনো তেৰাইয়ো চাইছিলগৈ আমাৰ গাঁৱত৷ এতিয়া দিনে দিনে বাঢ়ি অহা মোৰ চেহেৰাটোৱে মোক কৃষ্ণৰ পৰা একে কোবে কংসলৈ ডিমোচন দি দিলে৷ তাকে দেখি এজনে মোক কাট মাৰিয়ে অন্ত কৰিব পৰা নাছিল৷ বোলে, এনেকৈ হ’লে অহাবাৰলৈ তোমাৰ ভাগত পুতনাৰ ভাওটো ফিক্স৷ তেখেতৰ কথা শুনি মইয়ো মনে মনে গুণগুণালোঁঁ, “ইয়াতকৈ বেদনা লাগেনে ঐ জানমনি…৷” সন্ধিয়াৰ চাহকাপৰ লগতে দুয়ো হাঁহিত ফাটি পৰিলোঁ৷ লাহিপাহি কৃষ্ণৰ পৰা কংস, কংসৰ পৰা পুতনা…মোৰ মনত এই শৃংখলটো ঘূৰি থাকিল মোৰ হাঁহিটোৰ লগে লগে!

☆ ★ ☆ ★ ☆

8 Comments

  • ভাল লাগিল মাইনা। খোৱাবোৱাটো নেৰিবা সেইটোৱেই মেইন।

    Reply
  • Rintumoni Dutta

    বঢ়িয়া লাগিল পঢ়ি উৎপলা

    Reply
  • মজ্জা লাগিল উৎপলা ।

    Reply
  • manoj bora

    ভাল লাগিল পঢ়ি।

    Reply
  • আঈঝৌ জানমনি

    Reply
  • মুকুট ভট্টাচাৰ্য্য

    শকত হব পাৰি ক্ষীণাব নোৱাৰি , এইটো সাৰমৰ্ম লিখনিটোৰ । ভাল লাগিল পঢ়ি ।

    Reply
  • সকলোকে ধন্যবাদ জনালোঁ

    Reply
  • Mridula Das

    মোৰ মৰমৰ বা জনীয়ে লিখিছে বুলি জানিও গল্পৰ দৰেহে পঢ়িলোঁ । ক’তা, সিদিনা ৰাসৰ পাছদিনা লগ পাইছোহে, মই না শকত দেখিলো, না ক্ষীণ । ঠিকেই দেখিছোঁ ।

    Reply

Leave a Reply

Your email address will not be published.