ফটাঢোল

ই-মেইল আইডি (মূল: ৰাজীৱ আনন্দ) – পুৰবী এম কটকী

গধূলিৰ পৰা বহি বহি ৰাতি হৈ গ’ল। চিকুৱে উত্তেজিত মুখ আৰু খেলিমেলি হৈ থকা চুলিখিনিৰে সৈতে মাক-দেউতাকৰ কোঠাত সোমাল। মাক দেউতাকে শুৱলৈ লৈছিলেই। ভনীয়েকে বিচনাতে পৰি থমাচ হাৰ্দিৰ উপন্যাস ‘ফাৰ ফ্ৰম দা মেদনিং ক্ৰাউদ’ৰ হিন্দী অনুবাদ ‘কোলাহল চে দূৰ’খন পঢ়ি শেষ কৰাৰ কাষ চাপিছিল।

: তুমি ইমান দেৰিলৈকে লেপটপৰ সম্মুখত কিয় বহি আছিলা? চিকুৰ অৱস্থাটো দেখি মাকে আচৰিত ভাৱে চাই সুধিলে। তুমি আজি কালি লেপটপৰ সম্মুখত বহি কি কৰি থাকা চিকু?

: আৰে মা নুসুধিবা মই এনেকুৱা হ’ব বুলি ভৱাই নাছিলো, অকল্পনীয় হয়। চিকুৱে বৰ জোৰেৰে হাঁহিলে কঁপি গ’ল যেন তাৰ সমগ্ৰ সত্ত্বা। যেন তাৰ সুখখিনিৰ তুলনাত তাৰ শৰীৰে সহনক্ষমতা হেৰুৱাই পেলাইছে।

: আশ্চৰ্যজনক তুমি ….তুমি ভাবিৱও নোৱাৰা। চোৱা বুলি কৈ চিকুৱে দৌৰ মাৰি গৈ নিজৰ ৰূমৰ পৰা লেপটপটো লৈ আহিলে। উপন্যাসখন দলিয়াই ভনীয়েক চিঙ্কিয়ে জাঁপ মাৰি লেপটপৰ ওচৰত ৰৈ ক’লে…,”আৰে…লেপটপটো দাঙি আনিলা কিয়? তোমাক অলপ বেলেগ বেলেগো লাগিছে

: কাৰণ কাৰণ আজি মই সেইজন হৈ গ’লো। যিজনক কেৱল ভাৰতবৰ্ষই নহয়, গোটেই বিশ্বই চিনি পায়, গোটেই বিশ্বই…
এতিয়া কেৱল মোৰ চুকৰ মানুহে মোক চিনি নাপায় মা, আজি মোক গোটেই বিশ্বখনেই চিনি পায়। চিকুৱে চঞ্চল হৈ এটা কোঠাৰ পৰা আন এটা কোঠালৈ দৌৰিৱলৈ ধৰিলে, অলপ ৰৈ বহি পৰে। কিন্তু তাৰ চেহেৰাত প্ৰকাশ পাইছিল তাৰ উত্তেজনা।

: হঠাৎ এনেকুৱা কি হ’ল যে গোটেই বিশ্বখনেই তোমাক চিনি পোৱা হ’ল? চিকু গোটেই কথাখিনি ভালকৈ কোৱা! মাকে সুধিলে।

: উফ্! অ কেনেকুৱা গাঁৱলীয়া মানুহ তোমালোক! তাৰ ওচৰত ৰৈ থকা ভনীয়েকক, তাক অবাক হৈ চাই থকা মাক-দেউতাকক উপলুঙা কৰি, চিকুৱে পুনৰ ক’লে, “কেতিয়াও নেট চেটিংটো নকৰাই, নেটৰ লগতটো কোনো সম্বন্ধ নাইয়েই। আৰে নেটত কিমান কথা আহে।

চিকুৰ মাকে ক’লে, “এই নেটৰ মানুহবোৰৰ পৰা একো কথা লুকুৱাটো সহজ নহয়!”

: জানা মা নেটত কেৱল চেলিব্ৰেটি আৰু ডাঙৰ ডাঙৰ লোকৰ নাম ছপা হয় আৰু আজি….আজি সকলো এফালে আৰু মই এফালে। আজি মোৰ নাম, তাকো ৱেলকাম সহিতে আহিছে নেটত।

: মানে..? ক’ত? ভয়ত চিকুৰ দেউতাকৰ মুখৰ ৰং উৰি গৈছিল। মাকে মনে মনে ভগৱানৰ নাম ল’লে। ভনীয়েকে চিঞৰিবলৈ লৈ মুখ মেলি ৰৈ গ’ল আৰু নিজৰ ককায়েকৰ সলনি হোৱা ৰেহ-ৰূপ বৰ আচৰিত ধৰণে চাৱলৈ ধৰিলে।

: অঁ নেটে মোক ৱেলকাম কৰিলে। এতিয়া গোটেই পৃথিৱীয়ে মোক চিনি পাব। তুমিও চাই লোৱা মা, পাপা আপুনিও চাই লওঁক। তুমিও চাই লোৱা চিঙ্কী। নেটত মোৰ নাম “ৱেলকাম চিকু” বুলি চাই লোৱা। এইটো কোনো সাধাৰণ কথা নহয়।

চিকুৰ দেউতাকে ভয়ত কঁপি থকা হাতদুখনে চছমাখন পিন্ধি লেপটপটো নিজৰ ফালে ঘূৰাই ভালকৈ চালে, পঢ়ি ক’লে,”আৰে তুমি তোমাৰ ইমেইল আই ডি, জিমেইলত খুলিছা চিকু। আইডি হ’ল বাবেই জিমেইলে তোমাক ৱেলকাম কৰিছে। চিকুৰ দেউতাকৰ তেতিয়াহে মুখলৈ পানী আহিল।

বেৰত ওলোমাই থোৱা ভগৱানৰ ফটোখনৰ কাষ চপা মাকে চলচলীয়া চকুকেইটা চাদৰৰ আঁচলে মোহাৰি, দেউতাকৰ মুখলৈ চাবলৈ ধৰিলে।

: এতিয়া তোমালোকে দেখিলা নহয় মোৰ নাম নেটত, দিয়া মোৰ লেপটপটো দিয়া।
আৰু চিকুৱে লেপটপটো বৰ সাৱধানে লৈ এই বুলি কৈ আঁতৰি গ’ল যে, “ইমেইল আই ডিয়ে লাগিলে নহওঁক কিয়, মোৰ নামটো নেটত আহি গ’ল। এতিয়া গোটেই পৃথিৱীয়ে মোক চিনি পাবই।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.