ফটাঢোল

ঈশ্বৰৰ অনুভৱ- মণিষা কাকতি

মুখ্য সম্পাদকৰ কোঠাৰপৰা মিষ্টাৰ চলিহা ফো-ফোঁৱাই ওলাই গ’ল। মাস্ক পিন্ধি থকা বাবে মুখৰ অভিব্যক্তি বুজাত অসুবিধা হ’লেও ওলাই যোৱাৰ ধৰণ দেখি সকলোৰে বুকু চিৰিংকৈ মাৰিলে। আজি বা কি অথন্তৰ ঘটিল! সি ৰাতুলৰ ফালে চালে। ৰাতুলে তাৰ ফালেই চাই আছিল। দুয়ো দুয়োৰে মনোভাৱ বুজি পালে। লেপটপটো সামৰি সি ৰাতুলৰ ওচৰ পাইগৈ মানে কাৰ্যালয়ৰ পিয়নটোৱে জনালেহি — “সকলো কৰ্মচাৰীকে মুখ্য সম্পাদকৰ কোঠালৈ মাতি পঠিওৱা হৈছে।”

চাৰিমাহ আগতেও মিষ্টাৰ চলিহা এদিন এনেকৈয়ে ওলাই গৈছিল। একদম ছেইম মেজাজত। আৰু সেইদিনা সকলোকে নিজ কোঠালৈ মাতি নি মুখ্য সম্পাদকে কমচেকম এঘণ্টা জাৰিছিল। খঙাল আৰু কাঢ়া প্ৰধান শিক্ষকৰ সন্মুখত শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ যেনেকৈ বেঙে মূতা গৰুৰ লেখীয়া অৱস্থা হয়, সিহঁতৰো ঠিক তেনে অৱস্থাই হৈছিল। মুখেৰে টু-শব্দ নকৰাকৈ, তলমূৰ হৈ এফালৰপৰা গালিবোৰ হজম কৰি গৈছিল। ‘এডিটৰ কী আদালত’ত মৌখিক ভাষ্যৰ ভিত্তিত সেইদিনা আক্খা অফিচ ষ্টাফ্ ‘অকৰ্মণ্য’, ‘অলায়ক’ আৰু ‘অজ্ঞানী’ বুলি প্ৰমাণিত হৈছিল। ঘণ্টাৰ ভিতৰতে ‘খবৰ পেইদা’ কৰোৱাৰ ফৰমান জাৰীৰে প্ৰত্যেককে ‘সমান’ শাস্তি বিহা হৈছিল। উফ্! এটা পাহৰিব নোৱাৰা দিন। দুজনমানে “লাগিলে নাখাই মৰিম, তথাপি এনে তিৰস্কাৰ সহ্য নকৰোঁ।” বুলি একেদিনাই চাকৰি এৰি গুছি গৈছিল। সেইদিনাখনৰপৰা ক’ৰবাত কোনোবাই ‘অ’ বুলি মুখ মেলিলেই, আনকি সৰু ল’ৰা-ছোৱালীয়েও অ-ৰে ‘অমিতা’ বুলি পঢ়া শুনিলেও বুকুৰ ভিতৰত অজানা বিষ এটা সাৰ পাই উঠে। যেন কিবা পোকেহে কামুৰিছে, তেনেকুৱা লাগে তাৰ।

মিষ্টাৰ চলিহা হৈছে ৰাতুল আৰু সি চাকৰি কৰা অসমীয়া নিউজ চেনেলটোৰ মালিক। তেখেতে কাৰ্যালয়ত মাহেকে-পষেকে ভিজিট দি থাকে। বাকী কৰ্মচাৰীবোৰৰ লগত বৰ এটা মিলামিছা নকৰে। গাড়ীৰপৰা নামি কাৰোফালে নোচোৱাকৈ চিধাই মুখ্য সম্পাদকৰ কোঠাত সোমায়। মানুহজন চহকী, হাত-দীঘল আৰু মেজাজী প্ৰকৃতিৰ বুলি সি শুনিছে। তাৰ মাজে মাজে ভাৱ হয় চহকী মানুহবোৰ হাত-দীঘল আৰু মেজাজী হোৱাটো নিয়মেই চাগৈ। মানে এটাৰ লগত দুটা ফ্ৰী।

সকলো কৰ্মচাৰী মুখ্য সম্পাদকৰ কোঠাত হাজিৰ হ’ল। হাৱ-ভাৱ দেখি চাৰিমাহ আগৰ দিনটোৰেই পুনৰাবৃত্তি হ’বলৈ গৈ আছে যেন বোধ হ’ল তাৰ। সম্পাদকৰ চকুত নপৰাকৈ ৰাতুল আৰু সি সকলোতকৈ পিছত থিয় দি ৰ’ল। টাইমপাছ কৰিবলৈ মোবাইলটো উলিয়াই ল’লে। ভাগ্য ভাল, জ’কছ্‌ পঢ়ি বা জমনি মিম্ চাই হাঁহি উঠিলেও মাস্কখনে এইবাৰ বচাব। আন নহ’লেও ক’ৰ’নাই অন্ততঃ মানুহক এইখিনি কৰুণা কৰিছে। সম্পাদকে মুখ মেলিলে,

: চেনেলটোৰ প্ৰতি আপোনালোকৰ সামান্যতমো দায়িত্ববোধ নাই নেকি? মনত ৰাখিব, চেনেলৰ টিআৰপি নাবাঢ়ে মানে আপোনালোকৰ দৰমহাও নাবাঢ়ে। টক শ্ব’ৰ নামত চাৰ্কাছ দেখুৱাই দেখুৱাই মই অকলে কিমান চম্ভালিম? মালিকে চাফ-চাফ কৈ দিছে, no TRP, no increment।

মানুহৰ হাতত এতিয়া ঢেৰ সময়। ছিৰিয়েল-চিনেমা কিমান চাব? ঘৰত বহি বহি নিউজ চেনেলৰ বাতৰি চাই ফে’চবুকত বিতৰ্ক কৰিবপৰাকৈ মানুহে হাতত পৰ্যাপ্ত সময় পাইছে। ক’ৰ’না, লকডাউনৰ দৰে এনেহেন সোণালী সুযোগ বাৰে বাৰে নাহে। সকলো আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰিছে। ক’ৰপৰা, কেনেকৈ, কি উপায়েৰে খবৰ ‘জন্ম’ দিয়ে সেয়া আপোনালোকৰ কথা। যাওক এতিয়া। হাতে-কামে লাগকগৈ। এনেকুৱা খবৰ লৈ আহক যাতে চলিত আনলক-এ আমাৰ চেনেলৰ টিআৰপিৰ বন্ধ দুৱাৰখনো ‘আনলক’ কৰি দিয়ে।

এজন-এজনকৈ সকলো সম্পাদকৰ কোঠাৰপৰা ওলাই আহিল। মুকলি বতাহৰ আশাত ৰাতুল আৰু সি একেবাৰে কাৰ্যালয়ৰ বাহিৰ পালে। এচিৰ হাৱাই সিহঁতক ছ্যুট নকৰে। ৰাতুলে পকেটত হাত ভৰাই ফিল্টাৰৰ পেকেট এটা উলিয়ালে। দুই ওঁঠৰ মাজত চিগাৰেট এডাল সুমুৱাই পেকেটটো তাৰ ফালে আগুৱাই দিলে। মূৰটো লৰাই অসন্মতি প্ৰকাশ কৰিলে সি। এই মুহূৰ্তত তাৰ মনলৈ ভাৱ আহিছে চাৰিমাহ আগতে চাকৰিটো এৰি গ’লেই শান্তিত থাকিব পাৰিলেহেতেঁন কিজানি। হয়তো ৰাতুলৰ মনো একেটা চিন্তাতে ভাৰাক্ৰান্ত। ৰাতুল আৰু সি একেদিনাই চাকৰিত জইন কৰিছিল। মুখ্য সম্পাদকৰ কোঠাতেই দুয়োৰে প্ৰথম চিনাকি হৈছিল। তেতিয়াৰপৰাই পাক্কা দোস্তি। সিহঁতৰ চাকৰিত পদবী বুলি বিশেষ নাই। সময় আৰু পৰিস্থিতি সাপেক্ষে যিকোনো কাম কৰিবলৈ সাজু থাকিব লাগে। দুয়ো একেলগে বাতৰি সংগ্ৰহ কৰে, ফটো উঠায়। ‘বিগ ব্ৰেকিং’ বাতৰিৰ শিৰোনাম দিয়াৰপৰা গ্ৰাফিক্সলৈকে সকলো কাম কৰে। লৰালৰিত কেতিয়াবা বানান দুই-এটা ভুল থাকি যায়। তাৰবাবে বহুদিন গালিও খাইছে। তথাপি, ‘মালিক’ নামৰ ভূমিকম্পৰ জোকাৰণি অনুভূত নোহোৱালৈকে সিহঁতৰ জিন্দেগী মোটামুটি গুলজাৰেই আছিল।

: চাল্লা! প্ৰতিদিনে ‘তাজা তাজা’, ‘গৰম গৰম’ খবৰ লাগে। খবৰ নহৈ যেন চিঙৰা বা জেলেপিহে। আৰে, চিঙৰা বা জেলেপি তৈয়াৰ কৰিবলৈ ৰেচিপি থাকে। ‘খবৰ’ৰ বাবে যে ৰেচিপিও নিজেই তৈয়াৰ কৰিব লাগে, সেইটো কোনে বুজিব কে**? এচি ৰূমত বহি খবৰ ‘পেইদা কৰ’ বুলি ক’বলৈ সহজ।

চিগাৰেটত শেহ টানটো মাৰি, দূৰলৈ দলিয়াই ৰাতুলে ক্ষোভ উজাৰিলে। মনৰ ক্ষোভবোৰ ধোঁৱা হৈ উৰি গ’ল। সিহঁতৰ ক্ষোভবোৰ চিগাৰেটৰ ধোঁৱাসদৃশ। সৰু মানুহৰ ক্ষোভ। ক্ষণস্থায়ী। ক্ষণিকতে বতাহৰ লগত মিলি যাবলৈ বাধ্য।

: কি ভাবি আছ কে**? মই যে অথনিৰেপৰা কিবা কৈ আছোঁ শুনিছনে নাই? কোন হাস্পাতালত খবৰৰ ‘ডেলিভাৰী’ কৰাৱ চিন্তা কৰ।” — প্ৰত্যুত্তৰ নাপাই ৰাতুল পুনৰ খঙত ফাটি পৰিল।

: ৰ, ৰ, মনলৈ এটা ৰেচিপি আহিছে। ‘খবৰ’ৰ ৰেচিপি। ব’ল, ছাৰৰ ৰূমলৈ।

বাউসীত ধৰি ৰাতুলক একপ্ৰকাৰ টানি নিয়াদি নিলে সি। মুখ্য সম্পাদকৰ কোঠালি অভিমুখে। অলপ বিৰক্ত হোৱা যেন দেখুৱালেও তেখেতে দুয়োকে ভিতৰলৈ সোমোৱাৰ অনুমতিকণ দিলে। দুয়ো গৈ সন্মুখৰ চকীত বহি পৰিল। অলপো সময় নষ্ট নকৰি সি আৰম্ভ কৰিলে,

: ছাৰ, কিমান আৰু স্বামী ঢুকুৱা পত্নীক, সন্তান হেৰুওৱা পিতৃ-মাতৃক, বন্যাৰ্তক “এই মুহূৰ্তত আপুনি কি অনুভৱ কৰিছে?” বুলি প্ৰশ্ন সুধি থাকিম! মানুহ পকি গৈছে এইবোৰ দেখি-শুনি। অন্য নহ’লেও আগতে খঙেৰেই প্ৰতিক্ৰিয়া জাহিৰ কৰিছিল। আজিকালি তাকো নকৰে। মানুহবোৰ দিনে-দিনে নিউজ চেনেলৰ নিউজৰ প্ৰতি reactless হৈ পৰিছে।

: উম-হু, কথাটো বাৰু হয়। কি ভাবিছা তোমালোকে? পৰিত্ৰাণৰ উপায় কি?

: ছাৰ, এইবাৰ আমি স্বয়ং ঈশ্বৰৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম। লকডাউনৰ ফলত প্ৰায় তিনিমাহ ঈশ্বৰ-গৃহৰ দুৱাৰ বন্ধ। ধৰ্মমূলক জনসমাবেশ বন্ধ। ঈদ, অম্বুবাচী, ব’ল ব’ম সকলো বন্ধ। জগন্নাথ ৰথ যাত্ৰাত এমুঠিমান মানুহ। চাওকচোন ছাৰ, ধৰ্ম বুলিলে বুলিবৰ নাই। তেনেস্থলত, ধৰ্মৰ এই অৱস্থা। ভগৱানে এইচাট কমটি শোক পোৱা নাই!

: বুজাই কোৱা! বুজাই কোৱা! — মুখ্য সম্পাদকৰ কথাত আগ্ৰহৰ ৰেশ পৰিস্ফুট।

: ছাৰ, লকডাউনৰ সময়ছোৱাত ভগৱান কিমান অকলশৰীয়া হৈ পৰিছে ভাৱকচোন। সকলোৱে, আনকি দিনটোত পঞ্চাশবাৰ ‘ৰাম নাম’ লোৱাজনেও ভগৱানক পাহৰি হাত ধোৱা, মাস্ক পিন্ধা, ছেনিটাইজাৰ লগোৱাত ব্যস্ত। স্কুল, কলেজ, অ’ফিচ-কাছাৰী বন্ধ পাই নাচোতাই কঁকাল ঘূৰাই নাচিছে, গান গোৱাই গলা ফালি গাইছে, ছবি আঁকোতাই ৰঙৰ বাহাৰ দেখুৱাইছে, ৰান্ধোতাই বিধে বিধে ৰান্ধিছে। ঈশ্বৰৰ আৰাধনা, ভোগ, দান-দক্ষিণা আদিৰ খবৰ কোনজনে ৰাখিছে? গণ্ডা-গণ্ডাই ফেচবুক পেজ, ইউটিউৱ চেনেল খুলি ভগৱান প্ৰদত্ত টেলেণ্ট প্ৰদৰ্শনত সকলো ব্যস্ত। ভগৱানৰ কথা হ’লে কাৰো মনত নাই। ভক্তৰে গিজগিজাই থকা উপাসনাস্থলীত ভগৱান আজি নিসংগ। কিমান উদাস অনুভৱ কৰিছে চাগৈ, অন্তৰত কিমান আঘাত পাইছে চাগৈ। গতিকে, আমি যাম ভগৱানৰ খবৰ ল’বলৈ। একমাত্ৰ আমাৰ চেনেল যাব ভগৱানৰ ওচৰলৈ। একমাত্ৰ আমাৰ কেমেৰা ঘূৰিব মন্দিৰ, মছজিদ, গীৰ্জাৰ দুৱাৰে দুৱাৰে।

: কিন্তু, ই কেনেকৈ সম্ভৱপৰ হ’ব? ঈশ্বৰৰ অনুভৱ…..

মুখ্য সম্পাদকৰ কথা আধাতে আজুৰি আনি সি ক’বলৈ ধৰিলে,

: ছাৰ, আপুনি নিশ্চিন্ত হৈ থাকক। ইতিমধ্যে মই সকলো পৰিকল্পনা কৰি পেলাইছোঁ। কাৰবাৰটো ইউটিউব চেনেলৰ দৰে হ’ব। চিনেমাৰ টাইটেল দেখায় এটা, ভিতৰত মাল থাকে বেলেগ। তেনেকুৱাই আৰু ছাৰ। এনেয়ো ঈশ্বৰ, আল্লা, গ’ডৰ নামত কিমান কি বিক্ৰী হৈয়েই আছে। কত বেইমানী ধান্দা চলিয়েই আছে। সেইবোৰো আমাৰ দৰে মানুহমখাই কৰি আছোঁ। আমি যেনিবা সাধাৰণ খবৰৰ ‘বেপাৰ’ এটাহে কৰিম।

ৰাতুল আৰু মই গুৱাহাটীৰ মন্দিৰ, মছজিদ, গীৰ্জাকেইটাত এপাক এপাক সোমাই আহিম। ফটো দুখনমান তুলিম। পূজাৰী বা যাকে লগ পাম, তেওঁৰ লগত অলপ-চলপ কথা পাতিম। ভগৱানে কিবা সপোন-চপোন দেখুৱাইছে নেকি জানিবলৈ চেষ্টা কৰিম। বচ্‌, আমাৰ এক্সক্লুছিভ নিউজ ৰেডী।

: হমম্‌! ঠিক আছে বাৰু। আনাচোন নিউজটো। দেখা যাওক, কি কৰিব পাৰি। পাৰিলে পৰিচালনা সমিতিৰ সভাপতি বা সম্পাদকৰ নাম আৰু নাম্বাৰো সংগ্ৰহ কৰি আনিবা। আৰু… হেৰি নহয়! গুৱাহাটীত গুৰুদ্বাৰো আছে নহয়। তাতো এপাক মাৰি আহিবা।

: হ’ব ছাৰ।
ৰাতুল আৰু সি ৰংমনেৰে মুখ্য সম্পাদকৰ কোঠাৰপৰা ওলাই আহিল। মুখত হাঁহি। দুয়োৰে মন ফৰকাল দেখা গ’ল।

(দুদিন পিছত)

“লকডাউনত কেনে আছে ঈশ্বৰ, আল্লা অথবা গ’ড? ভুগিছে নেকি অস্তিত্বৰ সংকটত? ভক্তই পাহৰি পেলালে নেকি ভগৱানক? ভগৱানৰ স্থান কৰ’নাই দখল কৰিব নেকি? তলা ওলমিব নেকি মন্দিৰ, মছজিদ নাইবা গীৰ্জাত? অহাবাৰ পূজাত দুৰ্গাদেৱীৰ সলনি কৰ’নাদেৱীৰ আশীষ ল’ব লাগিব নেকি ভক্তগণে? — এনে ধৰণৰ সকলো প্ৰশ্নৰ উত্তৰ একমাত্ৰ আমি দিম। চাবলৈ নাপাহৰিব। সন্ধিয়া সাত বজাত। মুখ্য সম্পাদক ধূৰ্জ্জটি কাকতিৰ সৈতে আমাৰ বিশেষ অনুষ্ঠান ‘ঈশ্বৰৰ অনুভৱ’।”

‘ডেইলী টাইম আচাম’ নিউজ চেনেলৰ সন্ধিয়া ছয় বজাৰ ‘প্ৰাইম টাইম নিউজ’ চলি থাকোঁতে টিভি স্ক্ৰীণৰ তলত ওপৰৰ শাৰীকেইটা অবিৰতভাৱে অহা-যোৱা কৰি থকা দেখা গ’ল। একাষত ডাঙৰকৈ জিলিকি থাকিল “Coming up next”।

 ☆ ★ ☆ ★ ☆

6 Comments

  • ধূৰ্জ্জটি

    বঢ়িয়া লিখিলা

    Reply
  • Pranita Goswami

    সুন্দৰ ব্যংগ। বৰ ভাল পালোঁ।

    Reply
  • হেমন্ত কাকতি৷

    As usual ফালি দিছা মনিষা৷ বঢ়িয়া লাগিল৷

    Reply
  • ৰিণ্টু

    বঢ়িয়া লাগিল অ’ মনিষা

    Reply
  • মানসী বৰা

    মজা দেই..

    Reply
  • জিতু

    এএ মজাআআ

    Reply

Leave a Reply

Your email address will not be published.