ফটাঢোল

ঈশ্বৰৰ মোহভংগ-কল্পনা শৰ্মা

এহাতেৰে বুন্দিয়া লাড়ুৰ টোপোলা এটা আৰু আনখন হাতেৰে দকচি দকচি পাঁচকেজিমান হৈ বাটে বাটে চেৰেলিয়াই, বতিয়াই অহা ভোকোলা এন্দুৰটোক  নেগুৰত ধৰি টানি চোচৰাই নি গৈ গৈ আমাৰ মৰমৰ গণেশ বাবা কৈলাশৰ ঠিক দুৱাৰমুখ পাওঁ পাওঁ হৈছেহে আৰু, এনেতে মুখামুখি হ’ল আমাৰ ইঞ্জিনীয়াৰ প্ৰভু বিশ্বকৰ্মা ককায়েকৰ। দূৰৈৰপৰাই বিশ্ব ককায়েকক দেখি গণ্ণু বাবাই ভাবিলে বোলে ৰক্ষা, ঘৰলৈ এইখণ্ড বাট ককায়েকৰ হাতীটোতে উঠি যাব পাৰিব যেনেতেনে। দুয়ো ওচৰা ওচৰি হোৱাত বিশ্ব কাইটিয়ে বোলে,

: কিহে গণ্ণু ভাইটি, তেনেই ঘামি জামি জুৰুলি জুপুৰি হৈ আহিছা যে, কথা কি? কেনে গ’ল তোমাৰ এইবাৰ?

: ধৈ বিশ্বদা, নক’ব আৰু বুজিছেনে। নাঘামিম মই! এই গেলা গৰমতো সংসাৰৰ ঘিঁউসোপাৰ লগত বুন্দিয়া লাড়ুসোপা খুৱাব মোক। গোটেই বছৰটো কত কষ্ট কৰি আধা ইঞ্চিমান কমাইছিলোঁ, মৰতত সেইমখাই খুৱাই খুৱাই ছয় ইঞ্চি বঢ়াই পঠিয়ালে। নিজে ডায়েটিং নে লোহা-টিংসোপা কৰি নেমুপানী, গ্ৰীণ-টি, চুগাৰফ্ৰি খাব আৰু অত্যাচাৰটো মোৰ ওপৰত কৰিব! ইফালে মিঠাতেল-সেন্দুৰ সানি সানি নাক ক’ত, পেট ক’ত চিনিব নোৱাৰা কৰিলে। এতিয়া মাৰ লগত যোৱা সময়লৈকেতো ভালদৰে দুবাৰমান স্পা ল’বই লাগিব। অ’ বিশ্বদা, ক’ত কেনে অফাৰ দিছে গম পাই নেকি? মানে পূজাৰ অত্যাচাৰত নেট ৰিচাৰ্জ কৰিব পৰা নাই মই, নহ’লে ফেচবুকত পালোঁহেঁতেন বাৰু।

বিশ্ব ককায়ে মিচিকিয়াই বোলে,

: সেই যে আমাৰ ৰম্ভাই যোৱাবছৰ খুলিছে সেইখন পাৰ্লাৰলৈ যাবা। পাৰ্লাৰ নুবুলি কিবা চেল’ন নে কি বোলে। নতুন বুলি অফাৰো ভাল দিছে তাই আৰু চাৰ্ভিচো বঢ়িয়া। মইতো তাৰপৰাই আহি আছোঁ। মোৰো মৰ্ত্য যোৱাৰ দিন চমু চাপিছে নহয়। মই হেয়াৰ কাট আৰু ফেচিয়েল কৰোৱাৰ বাবে অফাৰ হিচাপে পকা মোচকেইডাল উঘালি দিছে। ইফালে ইয়ো নেৰে বোলে মৰতত নিউজ চেনেলে তোমাৰ পূজাৰ নামত ধুনীয়া ল’ৰা বিচৰাৰ লগতে কি ঠিক এইবাৰ চালিয়া হাতীও বিচাৰিব পাৰে! গতিকে তাকো হেনো স্পা ফেচিয়েল কৰিবলৈ লাগে। ময়ো বোলো কৰ, বছৰত এদিনহে। তাৰপিছততো ফুটপাথত ঠেং চিগি পৰি থাকিলেও কোনোৱে নোপোচে। পিচে তলত মোৰ বাবে আয়োজন কেনে চলিছে গম পোৱানে কিবা?

: অঁতো, তামাম চলিছে আয়োজন। নাগাৰা নামৰ ৰিহাৰ্চেলতো একেবাৰে ফাটাফাটি। ইফালে বজাৰতো বোলে খিচিৰিৰ যোগাৰবোৰৰ দাম প্ৰায় দুগুণমান হৈছেই। তোমাৰেই ভাল দিয়া বিশ্বদা, বৰ খাতিৰ মৰতত তোমাৰ।

: ধুৰৰ, থোৱাহে, ঘটিটো খাতিৰ! দেখা নাই, চীনে মোৰ নাম নজনাকে সাগৰত দলং বন্ধাই পেলালে, জাপানে ফাই ফাই বুলেট ট্ৰেইন উৰাই আছে আৰু কতই কি। কিন্তু যিবোৰে মোক মাতি নিয়ে ”বিশ্বকৰ্মা মাইকী জয়” বুলি, সেইকেইটাই চাইকেলৰ চেইন পৰিলেও উঠাব পাৰিবনে নাই সন্দেহ আছে মোৰ। মোৰ নিজৰে সন্দেহ হৈ যায়, হেৰ’ কোনদিনা মাইকী আছিলোঁ বুলি। মোক মাতি নি পূজা কৰাৰ বাহানাত এচামে বাছ ষ্টেণ্ডত, অটো ষ্টেণ্ডত, ট্ৰাকৰ ওপৰত ফুল ভলিউমত “টু লগাইলে যব লিপিষ্টিক, হিলেইলা চাৰা দিষ্ট্ৰিক” বা “মৰি লং ধৰি লং, দিস্ক’ ভণ্টি” বজাই নিজকে চেলাই থোৱা টাইগাৰৰ ভায়েকটো বুলি ভাবি চোৰাতে ডকা নাচ নাচিব আৰু তাৰপিছত খিচিৰিয়ে, ৰঙা পানীয়ে মুখ মেলিলে দেখা পোৱাকে গিলি বমি কৰিব। কেইটামানে দুভাগ ৰাতিলৈকে নাগাৰা বজাব আৰু এজাকে সাজি কাচি দুৰ্গা পূজা চাবলৈ যোৱাৰ ৰিহাৰ্চেল কৰিব। কিন্তু এইখিনি সময়ত মোক মৰতত মাতি নিয়াৰ প্ৰয়োজন ক’ত জানানে গণ্ণু ভাই?

গণেশ বাবাই বিশ্ব ককায়েকৰ শান্ত মুখখনত ইমান খং জমা হৈ থকা দেখি কি ক’ব ভাবিয়ে নাপালে। বিশ্ব ককায়েকেও ভাগৰি জুগৰি যোৱা গণেশক বেছি কষ্ট নিদি নিজে নিজে কৈ গ’ল,

: আচল কাৰণ ময়ো জনা নাছিলোঁ আগতে। এতিয়াহে বুজিছোঁ নৰ মনিচৰ চতুৰালি। এই যে আৰু দহ পোন্ধৰ দিনৰ পিছতে তোমালোকে বছৰেকীয়া ফেমিলি হলিডে টুৰত তললৈ যাবা, আহোঁতে দেখিছাই কিজানি, তাৰ আয়োজন ইতিমধ্যে আৰম্ভ কৰি দিছেই তলত। এই যে তোমালোকক য’ত য’ত বহুৱাব তাৰে এক কিল’মিটাৰ আগৰেপৰা এক কিল’মিটাৰ পিছলৈ নেগুৰ থকা শংখৰপৰা ভেকুলিমুখীয়া চোটা ভীমলৈ, ৰজনীকান্তৰ ষ্টাইলত চক্ৰ ঘূৰাই থকা নাৰায়ণ খুৰাৰপৰা ত্ৰিশূল ঘূৰাই চাৰ্কাচ দেখুৱাই থকা তোমাৰ দেউতাৰাৰ আকৃতিত পোন্ধৰ দিন আগৰপৰা পোন্ধৰ দিন পিছলৈ যে চীনে বনোৱা টিপটিপনি লাইটসোপা জ্বলাই গোটেই বছৰত দৰকাৰ হোৱা কাৰেণ্ট চাৰি দিনতেই শেষ কৰিব, সেই ফেষ্টিভ ম’ড সিহঁতৰ আৰু চাৰি মাহলৈ চলিব। এয়া আৰম্ভণিহে। এই চাৰি মাহত লক্ষ্মী পূজা, কালী পূজা, দেৱালী গৈ খ্ৰীষ্টমাচ নিউ ইয়েৰ পাৰ হৈ একেবাৰে মাঘ বিহুলৈ যিমান চাইনীজ লাইট মোক মাতি নিয়াহঁতে জ্বলাব চীনতো নজ্বলে সিমান। গেৰাণ্টি নোহোৱা চাইনীজ লাইট জ্বলাবলৈও ইহঁতৰ ভয়, চৰ্ট টৰ্ট হৈ কিবা হ’ব বুলি। সেই ভয়তে লাইটৰ কানেকচন দিয়াৰ আগতে মোক মাতি নি অলপ তেল তুল মাৰি নিজে খিচিৰিয়ে নাগাৰা নামে এনজয় কৰে।

: হ’লেও বিশ্ব দা তোমাৰ খাতিৰ আছে দিয়া মৰতত। গোটেই বছৰটোতো পানী নেদেখা বাহনকেইখন তোমাৰ নামতে ধুই মালাই ফোটে জাতিষ্কাৰ কৰে।

: ধৈ! বছৰত এদিন মালা পিন্ধাই ফোট দিয়াতকে যদি ঠিকমতে এদিন পলিউচন টেষ্টটোকে কৰালেহেঁতেন। ক’লা ধোঁৱা ওলোৱা ট্ৰাকত উঠি কিমান ‘লিপিষ্টিক লগাইলে’ শুনিম আৰু। নিজকে কিবা হাপানী বেমাৰী হেন লাগে তললৈ গ’লে মোৰ। তাতকে মোক নিচিনা চীনেই ভাল। সিহঁতৰ লাইটৰপৰা ফাইটলৈ, খানাৰপৰা খেলনালৈ চব হিট।

: তাতকে বিশ্বদা এটা কামকে কৰোঁ দিয়া। অহা বছৰলৈ তুমি কৈ থকা সেই চীনখনতে পাক এটা মাৰিম। মোকো বুন্দিয়া লাড়ুৱে আমুৱাইছে। তাত দীঘল নুডলচো পাম আৰু বুঢ়া ভোকোলা এন্দুৰৰ সলনি কিবা মডাৰ্ণ বাহনো বিচাৰিম। তোমাৰতো সেই দেশত যিফালে চোৱা সিফালেই ঠিকনা, নে কি কোৱা?

: ভাবিম বাৰু অহাবাৰলৈ। এতিয়া তোমাক ঘৰত থৈ আহোঁ৷

এইবুলি দুয়ো বিশ্বদাৰ ফেচিয়েল কৰাই অনা হাতীটোত উঠিল।

☆ ★ ☆ ★ ☆

2 Comments

  • হেমন্ত কাকতি

    মজা লাগিল৷ এটা লাইনে চুই গ’ল-বছৰত এদিন মালা পিন্ধাই ফোট দিয়াতকে যদি ঠিকমতে এদিন পলিউচন টেষ্টটোকে কৰালেহেঁতেন।

    Reply
  • প্ৰদীপ বৰা

    বাস্তৱ সন্মত সুন্দৰ লেখা ৷

    Reply

Leave a Reply

Your email address will not be published.