ফটাঢোল

উইণ্ডো চিট – যোগেশ ভট্টাচাৰ্য্য

ৰাতিপুৱা আঠবজাত বাছখন বশিষ্ট চাৰিআলি ষ্টপেজৰ পৰা যাত্ৰা আৰম্ভ কৰিব যদিও মই সাত বজাতেই বাছ আস্থান পালোঁ। বৰপেটা যোৱাৰ কথা, ভাল চিট এটা নাপালে ইমান দূৰ যোৱাটো দিগদাৰ। ঠিয় হৈ যোৱাৰ প্ৰশ্নই নুঠে। গতিকে কোনো যাত্ৰী নুঠোঁতেই বাছখনত উঠি লৈ সয়ম্বৰত কইনাই বৰ পচন্দ কৰাৰ দৰে পচন্দৰ চিট এটাত বহি যাত্ৰা কৰিবলৈ ঠিক সাত বজাত বাছৰ ভিতৰত প্ৰবেশ কৰিলোঁ।

ভিতৰত সোমাই দেখিলোঁ যে মোতকৈও দূৰদৰ্শী মানুহ চাৰিজন ইতিমধ্যেই চাৰিটা খিড়িকীৰ কাষৰ চিট লৈ বহি আছে। এজনে পেপাৰ উলিয়াই পঢ়ি আছে, দুজন মোবাইলত ব্যস্ত আৰু এজনে এনেদৰে শুই আছে যেন তেওঁক ঘৰৰ মানুহে পুৱা নজগাই টোপনিতে দাঙি আনি বাছত বহুৱাই থৈ গৈছে। কোন মুহূৰ্তত সাৰ পাই টুথপেষ্ট ব্ৰাছ বিচাৰে ঠিক নাই।

আটাইতকৈ ভাল চিট সেই চাৰিটাই আছিল বুলি ধাৰণা এটা কৰি বিমৰ্ষ মনেৰে ভাল চিটৰ ভিতৰত পাঁচ নম্বৰ স্থানত থকাটোকেই বিচাৰিবলৈ আৰম্ভ কৰি দিলোঁ। দুটা মানত বহি চালোঁ, কিন্তু সন্তুষ্ট হ’ব নোৱাৰিলোঁ। এটা চিট ইমানেই ঠিয় যে তাত আমাৰ নিচিনা সাধাৰণ মানুহে আঁউজি বহাটো দূৰৰে কথা, পুৱাই উঠি ৰামদেৱৰ আসন কৰা মানুহেও বহিব নোৱাৰিব। আনটো চিট পিছফালে বেছিকৈ হালি থকাৰ বাবে আৰামত টোপনিয়াই যাম বুলি বহি চালোঁ, কিন্তু  আঁউজি দিয়াৰ লগে লগে ইমানেই হালি গ’ল যে আগৰ চিটটোত ধৰি কোনোমতেহে উঠি আহিব পাৰিলোঁ। হয়তো স্প্ৰিংডাল ঢিলা হৈছিল।

সেই দুটা চিট এৰি আন এটা চিটত বহি ল’লোঁ। বাওফালৰ পাঁচ নম্বৰ ইউণ্ডো চিটটো। খিড়িকীৰ কাষৰ চিট আছিল যদিও আগফালৰ আৰু পিছফালৰ দুখন খিড়িকীৰ মাজৰ অংশটো সেই চিটটোত পৰিছিল। এনেকুৱা হ’লে এটাই অসুবিধা যে মাজৰ বিটডালৰ বাবে বাহিৰলৈ ভালদৰে দেখা নাপায়। তাতকৈ ডাঙৰ কথা হ’ল খিড়িকী খুলিবলৈ আগৰ আৰু পিছৰ চিটৰ দুয়োপক্ষৰ লগত সমানে যুঁজ দিবলগীয়া হয়। তথাপি সেইটো চিটতে বহি লৈ খিড়িকী দুখনৰ এখন গ্লাছ আগলৈ আৰু এখন পিছলৈ ঠেলি দি আঁউজি বহি পৰিলোঁ। ইতিমধ্যে দুই এজনকৈ মানুহ উঠি খিড়িকী কাষৰ চিটবোৰ দখল কৰি পেলাইছিল।

মই বাছত উঠাৰ আগৰে পৰাই বহি থকা মানুহ এজন হঠাৎ নামি গ’ল। মই আটাইতকৈ ভাল বুলি অনুমান কৰা চাৰিটা চিটৰ ভিতৰত সেই মানুহজনে বহি থকাটোও আছিল। স্কুলত ক্ৰিকেট খেলোঁতে নিজৰ টিমৰ বেটচমেনজন আউট হোৱাৰ লগে লগে বেট ধৰিবলৈ দৌৰাৰ নিচিনাকৈ দৌৰি পিচফালে খালি হোৱা চিটটোৰ ওচৰ পালোঁগৈ। একদম মই ভবাৰ দৰেই বঢ়িয়া চিট আছিল সেইটো। খিড়িকীখনৰ সম্পূৰ্ণ এফাল আছিল চিটটোৰ কাষত, ইচ্ছামতে খুলিব জপাব পৰাকৈ। ঈশ্বৰক ধন্যবাদ দি বহিব খোজোঁতে দেখিলোঁ যে ভৰিখন নোযোৰে। আঁঠু দুটা আগৰ চিটটোত চাদ বনাওঁতে চাপোৰ্ট দিয়া বাঁহৰ দৰে কপকপীয়াকৈ লাগি ধৰিলে। তাতে আকৌ পিছচকাৰ ওপৰত হোৱা বাবে ফ্লৰখন ওখ হৈ আছিল। এনেকুৱা চিট এটাত মানুহজনে ইমান আৰামত কেনেকৈ বহি আছিল ভাবি নাপাওঁতেই হাতত তামোলৰ পেকেট এটা লৈ মানুহজন আকৌ উঠি আহিল। তেতিয়াহে দেখিলোঁঁ যে মানুহজনৰ উচ্চতা পাঁচফুটৰো অলপ কম আছিল। বেলেগ চিটত বহিলে ভৰিয়ে মজিয়া ঢুকি নাপাই কাৰণে চকাৰ ওপৰৰ ওখ ফ্লৰ থকা টিচটো লৈছিল। উপায় নাপায় মই উঠি দিলোঁ চিটটোৰ পৰা মানুহজনে কেৰাহিকৈ এবাৰ মোৰ পিনে চাই পুনৰ নিজৰ চিটত আৰামত আঁউজি বহি ল’লে।

“স্থান এৰিলে মান যায়” বোলা কথাষাৰৰ মহত্ব তেতিয়াহে বুজি পালোঁ যেতিয়া মই আগতে বহি থকা চিটটো নতুনকৈ উঠা মানুহ এজনৰ অধীনলৈ গ’ল। তেতিয়ালৈকে মাত্ৰ দুটাই উইণ্ডো চিট খালী আছিল। লাষ্টৰ পাঁচজনীয়া চিটটোৰ দুয়োকাষৰ দুটা।

নাই, লাষ্টত বহি থেকেচা খাই যাব নোৱাৰি। উপায় নাপাই মই আগতে বহি থকা উইণ্ডো চিটটোত বহি থকা মানুহজনৰ কাষতে বহি ল’লোঁ। আধাতকৈ বেছি চিট ভৰ্ত্তি হ’ল। গাড়ী চলিবলৈ ল’লে। অলপ দূৰ যোৱাৰ পিছতে মোৰ কাষৰ মানুহজনে চাদা উলিয়াই মলিবলৈ ধৰিলে। তিনিটা হাঁচ্চি মাৰি উঠি ভাবিলোঁ সময় থাকোঁতেই বেলেগ এটা চিট নল’লে বৰপেটা গৈ পোৱালৈকে হাঁচ্চিৰ ডাবল চেঞ্চুৰী কোবাব লাগিব। লগে লগে তাৰ পৰা উঠি পিছৰ উইণ্ডো চিট এটাত বহি থকা এজনৰ কাষত বহি ল’লোঁ।

কিন্তু ভাগ্য সদয় হ’লে পিজ্জাৰ লগত এক্সট্ৰা চিজ টপিং ফ্ৰী পায় বোলা কথাষাৰ তেতিয়াহে উপলব্ধি কৰিলোঁ যেতিয়া মোৰ কাষৰ উইণ্ডো চিটত বহা মানুহজন জালুকবাৰীত নামি গ’ল। লগে লগে উইণ্ডো চিটটো নিজৰ দখললৈ আনি উপলব্ধি কৰিলোঁ যে সেইটোৱেই বাছখনৰ আটাইতকৈ সুবিধাজনক চিট আছিল। আহল বহল ঠাইডোখৰত ভৰি মেলি বহি চিটটোত আলেকজেণ্ডাৰে পুৰুক হৰুৱাই সিংহাসনত বহাৰ দৰে আঁউজি বহি ল’লোঁ। কণ্ডাক্টৰৰ “খালী গাড়ী”, “ফুটবল খেলাৰ জেগা আছে” বুলি পৰিবেশন কৰা এডভাৰ্টাইজ শুনি এজন শকত আৱত মানুহ উঠি আহি মোৰ কাষত থকা অন্তিমটো খালী চিটত বহি ল’লে। বেচেৰাৰ ডেৰ তপিনাহে চিটটোত আটিছিল বাবে মোৰ পিনে চেপি বহিল। তথাপি মৰি যাম, হাৰি নাযাওঁ বুলি মানুহজনে আৰু ঠেলিব নোৱাৰাকৈ ভৰি দুখন বহলকৈ মেলি দিলোঁ। তেনেতে মানুহজনে কণ্ডাক্টৰজনক উদ্দেশি অদ্ভুত ভাষাত কিবা ক’লে।

: ঐ, ক’ক ফুকবল খেয়িব পয়া দেগা আসে বে?

প্ৰথমতে মানুহজনক খোনা বুলি ভাবিছিলোঁ যদিও পিছমুহূৰ্ততে বুজিব পাৰিলোঁ যে মুখত প্ৰকাণ্ড পাণ এখন ঠেলি হেঁচি ভৰাই লোৱা বাবে কথাখিনি স্পষ্টকৈ ফুটি ওলোৱা নাছিল। তেওঁ খোনাই খোনাই কণ্ডাক্টৰক গালি পাৰিলে এটা মাত্ৰ চিট থকাৰ পিছতো ফুটবল খেলিব পৰা জেগা আছে বুলি কৈ উঠোৱা বাবে। তেওঁৰ দুই তপিনা আটিবলৈ দুটা চিট লাগিছিল হ’বলা।

কণ্ডাক্টৰেও ক’লে,

: মই ফুটবল খেলিব পৰা ফিল্ড আছে বুলি কোৱা নাছিলোঁ নহয়, বহি বহি মোবাইলত ফুটবল খেলিব পৰাকৈ চিট এটা খালী আছে বুলিহে বুজাব খুজিছিলোঁ।

মানুহজনে মনে মনে থাকিল। কোৱাৰিয়েদি বৈ অহা পিকখিনি হাতেৰে মচি লৈ মোৰ কাষৰ খোলা খিড়িকীখনৰ পিনে মূৰটো আগুৱাই, “ইখখিউগ মি” বুলি কৈ পেৰেক কৈ পিক এসোপা বাহিৰলৈ মাৰি পঠিয়ালে। এক টোপ কিবাকৈ মোৰ আঁঠুত নপৰি আগৰ চিটটোত পৰি তললৈ বৈ আহি চিটটোৰ কাপোৰত বিলিন হৈ গ’ল।

তেনেকৈ তিনিবাৰ মান কাণে কাণ মাৰি পিকত ডুব যোৱাৰ পৰা কথমপি ৰক্ষা পৰি মানুহজনক ক’লোঁ,

: আপুনি খিড়িকীৰ কাষতে বহক, মই চাইডলৈ যাওঁ।

: খেংখিউ!

বুলি মানুহজনে মোক ওলাই আহিবলৈ দি নিজে উইণ্ডো চিটটোত বহি লৈ মোলৈ চাই মিচিকিয়া হাঁহি এটি মাৰি দিলে। এসোঁতা পিক আকৌ কোৱাৰিয়েদি বৈ গ’ল। চাংসাৰীত ওচৰৰ চিট এটা খালী হোৱাত ‘পাণসিং পিকমাৰে’ চাহাবক বিদায় দি টোপনিয়াই থকা মানুহ এজনৰ কাষত বহিলোঁ। তেওঁ মোৰ কান্ধখনক গাৰু বনাই লোৱাৰ আশংকা এটা কৰি অলপ গেপ ৰাখি বহিলোঁ।

মোৰ মনটো বিদ্ৰোহী হৈ উঠিল। কিমান দিন বাছত যাত্ৰা কৰিলোঁ। কোনোদিনেই কাষত ধুনীয়া ছোৱালী এজনী বহি নাপালে। সদায় পেটুৱা মানুহ, তামুলী মানুহ, চাদাখোৰ মানুহ, হাঁচ্চিয়াই কাহি থকা মানুহ, কান্দি থকা কেচুৱা লৈ থকা তিৰোতা এইবোৰেহে মোৰ কাষৰ খালী চিটটো দেখে। এদিন যদি এজনী সুন্দৰীৰ লগত বহি কথা পাতি যাব পাৰিলোঁহেঁতেন, ভগবান থকা বুলি মানিলো‌ঁহেঁতেন। এনেদৰে বিশ পচিশটামান কমপ্লেইন ভগবানৰ নামত মেইল কৰি উঠি বিৰক্তিকৰ যাত্ৰাটো চমু কৰিবলৈ মূৰটো চিটত আঁউজাই টোপনিয়াবলৈ ধৰিলোঁ৷

: এক্সক্যুজ মি!

হঠাৎ কাৰোবাৰ মাতত টোপনিৰ পৰা সাৰ পাই গ’লোঁ। দেখিলোঁ যে মোৰ কাষৰ উইণ্ডো চিটত দীপিকা পাদুকনৰ দৰে দীপলিপ ছোৱালী এজনী বহি আছে, আৰু মই তাইৰ কান্ধত মূৰ পেলাই টোপনিয়াই আছোঁ। লাজ পাই ধহমহকৈ মোৰ মূৰটো তাইৰ কান্ধৰ পৰা আঁতৰাই আনি তাইৰ পিনে ৰ লাগি চালোঁ। অলপ আচৰিতো হ’লোঁ, মোৰ কাষত বহি টোপনিয়াই থকা মানুহজন ক’লৈ গ’ল বুলি।

ছোৱালীজনীয়ে আকৌ ক’লে,

: লাষ্ট ষ্টপেজ পাবলৈ হৈছে। সেইকাৰণে আপোনাক মাতিলোঁঁ৷

: ইয়াতচোন বেলেগ এজন মানুহ বহি আছিল।‌

মই উৎসুকতাৰে সুধিলোঁ৷

: অ, তেওঁ বাইহাটা চাৰিআলিতেই নামি গ’ল। আপুনি টোপনি গৈ থকা বাবে মই নামাতিলোঁ। এতিয়া লাষ্ট ষ্টপেজ বৰপেটা ৰোড পাবলৈ হৈছে কাৰণে জগাই দিলোঁ আপোনাক। মই লাষ্ট ষ্টপেজৰ অকণমান আগতেই নামিম।

এইবুলি ছোৱালীজনীয়ে হাঁহি এটা মাৰি সন্মুখৰ গেটখনলৈ আগবাঢ়ি গ’ল। মই মনতে ভাবিলোঁ যে জীৱনত আজি প্ৰথমবাৰ ধুনীয়া ছোৱালী এজনীৰ কাষত বহি প্ৰায় আঢ়ৈঘণ্টামান সময় যাত্ৰা কৰিলোঁ। তাই খং কৰাৰ সলনি মোক টোপনিৰ পৰা নজগাই কান্ধত শুই যাবলৈ দিলে আৰু মই ঘেণ্টা একো গমেই নাপালোঁ। সাৰ পাই থাকিলে দুই এটা কথা পাতি যাব পাৰিলোঁহেঁতেন কমচে কম। নিজকে সেই কমাত থকা মানুহজনৰ নিচিনা লাগিল, যাৰ খবৰ ল’বলৈ আহি মানুহে ফুলৰ থোপা উপহাৰ দি যায়, বেচেৰাই গমকেই নাপায়।

☆ ★ ☆ ★ ☆

7 Comments

  • আদিত্য

    হাঃ হাঃ…..কপাল !!!

    Reply
    • J B

      গৰীৱ মানুহৰ এয়াই কপাল। ধন্যবাদ দেই।

      Reply
  • হেমন্ত কাকতি

    ধেত তেৰি দাতাই দিলেও বিধাতাই টোপনি লিখি থলে৷ বৰ দুখ পালো৷

    Reply
    • J B

      ধন্যবাদ দাদা। উপায় নাই আৰু।

      Reply
  • জয়ন্ত দাস

    ফাটাফাটি৷ বৰ ভাল লাগিল৷ পৰবৰ্তী যাত্ৰালৈ শুভকামনা যাছিলো৷ এইবাৰ টোপনি নামাৰিব৷

    Reply
    • J B

      ধন্যবাদ। নেক্সট টাইম টোপনি নাযাও আৰু।

      Reply
  • Anonymous

    টোপনি মেইন কিন্ত। ছোৱালী আহিব আৰু যাব😁😁😁

    Reply

Leave a Reply

Your email address will not be published.