ফটাঢোল

উচ্চাৰণ বিভ্ৰাট- মিতালী বৰ্মন

কেতিয়াবা নভবাকৈ যে কেনেধৰণৰ খেলিমেলি কিছুমান হয় নহয়, পাছত সেইবোৰ মনত পৰিলে এনেয়ে হাঁহি উঠি থাকে৷

মোৰ এজন বন্ধু আছে৷ নাম ইন্দ্ৰজিত৷ বন্ধুৰ লগত এতিয়ালৈ মোটামুটি এটা ভাল সম্পৰ্ক আছে৷ পূজা, বিহু বুলি ফোনৰ জৰিয়তে শুভেচ্ছাৰ আদান-প্ৰদানো চলে৷ ২০১০ চনৰ নবেম্বৰ মাহৰ কথা৷ দীপাৱলীৰ বতৰ৷ ফোনটো অনবৰত বাজিয়েই আছে৷ দীপাৱলীৰ শুভেচ্ছা জনাবলৈ কোনোবাই ফোন কৰিছে, কোনোবাই মেছেজ দিছে ইত্যাদি ইত্যাদি৷ তেনেতে মেছেজ এটা আহিল ইন্দ্ৰজিতৰ পৰা৷ ইংৰাজী ভাষাত লিখা দীপাৱলীৰ শুভেচ্ছা-বাৰ্তা এটা৷ মেছেজটো পঢ়ি উঠি শেষত দেখিলোঁ, “উইথ ৰিগাৰ্ডচ—– বব্বী৷ “ হাঁহি উঠি গ’ল মোৰ৷ ভাবিলোঁ, এইজনাই মেছেজটো ফৰৱাৰ্ড কৰোঁতে আগৰ চেণ্ডাৰজনৰ নামটো মোহাৰিবলৈ পাহৰি গ’ল কিজানি৷ সেই একেটা ভুলকে আনৰ লগত নকৰক বুলি ভাবি তেওঁলৈ ৰিপ্লাই এটা লিখিলোঁ—– “থেংক ইউ এণ্ড উইচ য়্যু দা চেম৷ কিন্তু কাৰোবালৈ মেছেজ পঠিয়ালে আগৰ প্ৰেৰকজনৰ নামটো ডিলিট কৰি দিব লাগে বুলি পাহৰিলা নেকি! “ গ’ল কথা গুছিল, ইন্দ্ৰজিতৰ আৰু একো ৰিপ্লাই নাহিল৷ ময়ো কথাটো পাহৰিলোঁ৷

সেইকেইদিনতে মা-দেউতাহঁত দিল্লীলৈ আহিছিল আৰু আমি জয়পুৰলৈ ফুৰিবলৈ যোৱাৰ কথা আছিল৷ মোৰ এজন চিনাকি টেক্সী ড্ৰাইভাৰ আছে৷ শিখ মানুহ, বিশ্বাসী মানুহ৷ আগে-পিছেও বহুবাৰ মই তেওঁৰ গাড়ীত উঠি বহু ঠাইলৈ গৈছোঁ৷ সেইবাবেই এইবাৰো দ্বিতীয়বাৰ একো নভবাকৈ তেওঁক ফোন কৰিলোঁ৷ ফোন কৰিবলৈহে পালোঁ, সিফালে কি উৎসাহ! ! ! মনতে ভাবিলোঁ, আজি আকৌ এইজনাৰ কি হ’ল! ! খুব ফুৰ্তিত ক’লে “নমস্তে মেডামজী৷ অউৰ মেডাম, উচদিন আপকা মেছেজ মিলা থা৷ বহত খুচী হুয়ী৷ “ এইবাৰ মোৰ আচৰিত হোৱাৰ পাল৷ মনত পেলাবলৈ চেষ্টা কৰিলোঁ, এওঁক মই কেতিয়া মেছেজ কৰিছিলোঁ? ? নাইতো, মনত পৰা নাই৷ মই অকণমান সময় ৰোৱা বাবেই নেকি তেওঁ মোক মনত পেলাই দিবৰ বাবে উঠি-পৰি লাগিল৷ ক’লে “মেডামজী ৱহ আপনে দিৱালী কে দিন মেছেজ কিয়া থা না৷ “ তথাপিও মনত পেলাব নোৱাৰি মই অলপ পৰ টলকা মাৰি ক’লোঁ “হা ভাইয়া কিয়া হোগা৷ “ এইবাৰ তেওঁ যিটো কথা ক’লে, শুনি মোৰ চকু কপালত উঠিল৷ ক’লে “মেডামজী, আপনে আচামিজ মে কুছ লিখ্খা থা৷ মুঝে বহত খুছী হুয়ী৷ অউৰতো অউৰ মেডামজী, মেৰে জিতনে চাৰে আচামিজ ফ্ৰণ্ডচ হে, চবকো মেইনে আপৱালী মেছেজ ফৰৱাৰ্ড ভী কৰ দিয়া৷ চবলোগ বহত খুচ হুৱে৷ “ এইবাৰ মোৰ টিউব লাইট জ্বলিল৷ হে ভগৱান, কি কৈ আছে এইজনাই! ! কথাটো আৰু বেছি দূৰলৈ নাটানি প্ৰসংগ সলালোঁ৷

গোলমালটো ক’ত কেনেকৈ হ’ল বুজিবলৈ আৰু বাকী নাথাকিল৷ আচলতে সেই ড্ৰাইভাৰজনৰ নাম ইন্দৰজিত৷ কিন্তু আমাৰ মাজৰে কোনোবা এটা খাৰ খোৱা অসমীয়াই প্ৰথমে যেতিয়া মোক তেওঁৰ কথা কৈছিল তেতিয়া নামটো ইন্দ্ৰজিত বুলি কৈছিল৷ পাছলৈ তেওঁৰ প্ৰকৃত নামটো মই জানিছিলোঁ যদিও একো কাৰণ নোহোৱাকৈ ফোনত শুদ্ধকৈ নামটো চেভ কৰা হোৱা নাছিল৷ লগে লগে ফোনৰ মেছেজ বক্স খুলি মেছেজটো আৰু তাৰ লগত অহা ফোন নম্বৰটো চাই দেখিলোঁ যে, দীপাৱলীত পোৱা সেই মেছেজটো মোৰ বন্ধু ইন্দ্ৰজিতৰ পৰা অহা নাছিল, আহিছিল ইন্দৰজিতৰ পৰাহে৷ মই বন্ধুৰ মেছেজ বুলি ভুল শুধৰাব গ’লোঁ আৰু এইজনে জানো ক’ৰ কিমান অসমীয়া মানুহক তাকেই ফৰৱাৰ্ড কৰিলে! ইমানবোৰ খেলিমেলি হ’ল এই “ইন্দ্ৰজিত“ নামটোৰ পৰাহে৷ আৰু এইফালে আচল ইন্দ্ৰজিতে গমেই নাপায়৷

পাছত কথাবোৰ মাহঁত আৰু বন্ধু ইন্দ্ৰজিতক কওঁতে তেওঁলোকৰ কি ফুৰ্তি, সোপাই হাঁহিত ফাটি পৰিছিল৷ মোৰহে ক’ত যাওঁ, কি কৰোঁ অৱস্থা হৈছিল৷ ছে: কি যে অংক-জংক-পংকখন হৈ গ’ল নহয়৷■■

2 Comments

Leave a Reply

Your email address will not be published.