ফটাঢোল

উদৰস্থ প্ৰেম- সৃষ্টি শ্বৱনম

ৰমেশৰ এইকেইদিন ভীষণ ট্ৰেজেদি। ৰমলাৰ লগত যি পকা কঁঠালৰ দৰে মলমলাই থকা পীৰিতি চলাই আছিল, মাজতে দুফাল হ’ল‌। হওঁতে তিনিমাহমান পাৰেই হ’ল। কিন্তু তাক এৰাৰ পৰা মৰতীয়ে ফেচবুকত যিহে ফটো দিবলৈ ধৰিছে। লগৰকেইটাই দেখুৱালে তাৰ গাটো গৰম তেলত পানী মাৰি পঠোৱাৰ দৰে ছটছটাই উঠে। নিজকে কাৰ্তিক বুলি ভবা ৰমেশে বুজি পোৱা নাই সদায় পেটুলি পেটুলি বুলি কৈ থকা ৰমলা তিনিমাহতে তাৰ বাৰীৰ পাছফালৰ কুমলীয়া বাঁহকেইডালৰ দৰে কেনেকৈ হ’ল? তাৰ লগত ৱাটছএপ কৰি থকা কেইজনীয়েও তাক এতিয়া গুৰুত্ব নিদিয়া হৈছে। সদায়নো একেসোপাকে কিমান পেৰি থাকিব। নাই কিবা এটা হেস্তনেস্ত কৰিবই লাগিব। ‘অল্ড ইজ গল্ড’.. তাৰ ধৈৰ্য আৰু শক্তি দুয়োটাই নোহোৱা হৈ আহিছে নতুনকৈ এজনীৰ লগত আকৌ আৰম্ভণিৰপৰা প্ৰেমৰ বচন গাবলৈ।

-‘ৰমলা.. তোমাক পাহৰিব পৰা নাই।মই সদায় তোমাৰ বাবে ৰৈ থাকিম। তোমাৰ দৰে ধুনীয়া মন এটি ক’তো বিচাৰি নাপাওঁ…….. পিলিজ এবাৰ মোক লগ কৰা। মোক দেখিলেই গম পাবা কিমান দুখত আছোঁ।………’

অলপ সময় পুৰণা কেছেটখন বজোৱাৰ পাছত ৰমলা মান্তি হ’ল তাক লগ কৰিবলৈ। ফটাপ্ৰেমৰ শোকত ৰমলাই প্ৰথমকেইদিন ধাৰাসাৰ চকুলো বোৱাইছিল, তাৰপাছতে ডিচেণ্ট্ৰি হ’ল। এমাহমান ভালকৈ খাব ব’ব নোৱাৰি পাঁচটকীয়া ডাঙৰ গোল বেলুনটোৰ পৰা আহি সাপ বেলুন হ’ল। বিনা ডায়েটিঙত পাতলা হোৱা দেহাটোৰ লগত লাগি থাকোঁতে ৰমেশৰ কথা পাহৰিলেই, তাতে এতিয়া ‘মাহ লাইফ মাহ ৰোলছ্’, ‘ইষ্ট অৰ ৱেষ্ট চিংগল ইজ দা বেষ্ট’ আদি কেপচন দেখি বহুকেইটা দাদা আৰু বেষ্ট ফ্ৰেণ্ড গোট খাইছে। ৰমেশে যোৱাবছৰ বাৰ্থ ডে’ত দিয়া টেডিটোৰ মুখলৈ চাই মাতি পঠিয়ালে টাউনলৈ। এঘণ্টা বাটকুৰি বাই আহি ৰমেশে জলকা লগা মূৰ্গীটোৰ দৰে ৰৈ আছে ৰমলাৰ কা‌ৰণে। অহাৰ আগতে দহবাৰ মান ইউটিউবত চাইও লৈছে দুখভৰা গান দুটামান। চুলিখিনি সি কেতিয়াবাহে ফণিয়ায়, তাৰ মতে চাৰ্মিং কাৰ্লি হেয়াৰ।

ৰমলাৰ তাক দেখি মনটো পমি গ’ল‌।

– ভালদৰে খোৱা-বোৱা কৰিছানে?

– একোয়েই খোৱা নাই। তোমাক চাবলৈ আহিলোঁ, বহুত মনত পৰে তোমালৈ। ৰাতি শুব নোৱাৰোঁ, খাব নোৱাৰোঁ, টোপনিও নাহে। আজিও একো খোৱা নাই, তোমাৰ কথাই ভাবি আছোঁ।

– হ’ব বাৰু। এতিয়া যোৱা। ফোনত কথা পাতিম।

ৰমেশ ঘূৰি অহাৰ পাছত ৰমলালৈ ফোন লগাই আছে তাই ধৰা নাই। সাজি কাঁচি অহা ৰমলাৰ মুখখন তাৰ আগত নাচি থাকিবলৈ ধৰিলে। নাই এনেকৈ নহ’ব, শেষ অস্ত্ৰপাত এৰিলে-

– ফোন কিয় ধৰা নাই? মই মৰি যাম। শ্লিপিং টেবলেট এক ফাইল খাই ৰাস্তাত বহি আছোঁ। ফোন ধৰ(অশ্লীল).. নহ’লে তইয়ে দায়ী হ’বি।

পোন্ধৰ মিনিটমান যোৱাৰ পাছত একো সাৰ-সুৰ নথকাত ফোনেই লগালে। সি মুখ মেলিবলৈ নাপাওঁতেই ৰমলাৰ কাণফলা চিঞৰ শুনিলে-

-অই মৰণ নোহোৱা, একো খাই অহা নাই নে কি? দাঁতত তোৰ ক’ৰপৰা সেউজীয়া পালেং নে লাই গোঁজ খাই সোমাই আছিল তেন্তে? পোন্ধৰ মিনিট হৈ গ’ল এক ফাইল শ্লিপিং টেবলেট খাইও মৰা নাই নে এতিয়ালৈকে? মুখখন মেলি দিছ’ বন্ধাকবিৰ ভাজি হেন গোন্ধাইছে, মৰি থাক্। খটক্।

ৰমেশৰ বুকুখন ধমহ্ কৈ মাৰিলে। লিটুৱে ৰূমত ৰন্ধা পালেং আৰু মাছৰ জোলকণ টকালি পাৰি খাই আহিছিল। সিয়েই সৰহভাগ খালে। হওঁতে সি বহুতদিন দাঁত ব্ৰাছ নকৰাকৈ থাকে। তাক অতদিনে লগৰকেইটাই লেতেৰা, লেতেৰা বুলি কৈ থকা কথাটো আজি চেৰেং চেৰেং কৈ মনত পৰিল।

 -ছেহঃ…. পেটটো উকট্ পাকট্ কৰিছে।

– তোৰ পেটটোৱে লাজ পাইছে  আৰু দাঁতকেইটাই বদহজম হ’ বুলি গালি দিছে।

কাষতে ৰাতিৰ সাঁজৰ কাৰণে হাঁহ বনাই থকা লিটুৱে টেপেক্ কৈ মাত লগালে।

☆ ★ ☆ ★ ☆

One comment

  • Sadananda Bhuyan

    হাঃ হাঃ… বঢ়িয়া ।

    Reply

Leave a Reply

Your email address will not be published.